নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানে দিব নালাগে মেট্রিক পৰীক্ষাৰ মাচুল

নিম্ন আয়ৰ অভিভাৱকলৈ সকাহ

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ বছৰি দুই লাখ টকাৰ তলৰ উপার্জনকাৰী অভিভাৱকৰ সন্তানে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্রাছা পৰীক্ষাৰ মাচুল আদায় দিব নালাগে৷ শেহতীয়াকৈ অসম মাধ্যমিক শিক্ষা পৰিষদে এক নির্দেশযোগে এই ঘোষণা কৰিছে৷ এই সুবিধা লাভ কৰিবলৈ শিক্ষার্থীসকলে উপযুক্ত নথি–পত্র বিদ্যালয়ৰ প্রধান শিক্ষকক জমা দিব লাগিব৷ উল্লেখ্য যে অনলাইনযোগে যোৱা ২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্র–পত্র পূৰণৰ প্রক্রিয়া ২৩ নৱেম্বৰত অন্ত পৰিব৷ সৱিশেষ তথ্য www.sebaonline.org এই ৱেবছাইটৰ জৰিয়তে শিক্ষার্থী আৰু অভিভাৱকে জানিব পাৰিব৷ অসম মাধ্যমিক শিক্ষা পৰিষদে ২০২১ বর্ষৰ পৰীক্ষার্থীসকলৰ বাবে ৬৫০ টকা পৰীক্ষা মাচুল, ৩০০ টকা কেন্দ্র মাচুল, ১৫০ টকা প্রেক্টিকেল পৰীক্ষাৰ মাচুল আৰু ৮০০ টকা বার্ষিক মাচুল ধার্য কৰিছে৷

You might also like