ৰাছিয়াই ইউক্রেইনত আগ্রাসন চলোৱাৰ পিছৰে পৰা বিশ্বজুৰি বিভিন্ন সামগ্রীৰ মূল্যবৃদ্ধি ঘটিছে৷ বিশেষকৈ খাদ্য শস্যৰ অভাৱনীয় মূল্যবৃদ্ধি ঘটিছে বিগত ডেৰ বছৰ ধৰি৷ কাৰণ ইউক্রেইন আৰু ৰাছিয়াই বিশ্বজুৰি ঘেঁহু তথা অন্যান্য খাদ্যশস্য ৰপ্তানি কৰে৷ যুদ্ধৰ ফলত এই ৰপ্তানিত আহি পৰিছে প্রত্যাহ্বান৷ ইয়াৰ উপৰি কৃষ্ণ সাগৰীয় ইউক্রেইনী বন্দৰসমূহত ৰাছিয়াই সঘনে ক্ষেপণাস্ত্রৰে আক্রমণ চলোৱাৰ ফলত খাদ্যশস্যৰ সৰবৰাহ ব্যাহত হৈ পৰিছে৷ এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত চলা যুদ্ধক লৈ উদ্বেগ প্রকাশ কৰি আহিছে আন্তর্জাতিক সংস্থাসমূহে৷ দুয়োখন দেশৰ মাজৰ যুদ্ধ দীর্ঘস্থায়ী হোৱা মানেই পৃথিৱীজুৰি খাদ্য সংকট সৃষ্টি হ’ব বুলি সতর্কবাণী কৰি আহিছে বিশেষজ্ঞসকলে৷ ইয়াৰ মাজতে ভাৰত–ৰাছিয়াৰ এটা সিদ্ধান্তই আশংকা অধিক ঘনীভূত কৰিছে৷ দেশৰ বজাৰত চাউলৰ ঊর্ধ্বমুখী দামৰ বাবে ভাৰতে বিদেশলৈ ন’ন বাচমতি চাউল ৰপ্তানিৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ভাৰতৰ এই নিষেধাজ্ঞাৰ ফলত আমেৰিকাৰ দৰে সমৃদ্ধিশালী দেশতো সৃষ্টি হৈছে আশংকা৷ ভাৰত হৈছে এছিয়াৰ অন্যতম বৃহৎ চাউল ৰপ্তানিকাৰী দেশ৷ ভাৰতৰ চাউলৰ ওপৰত নির্ভৰ কৰিবলগীয়া হয় বিশ্বৰ কেইবাখনো দেশে৷ গতিকে ভাৰতৰ এনে সিদ্ধান্তই কেইবাখনো দেশত ভয়াৱহ খাদ্য সংকট সৃষ্টি কৰিব বুলি আশংকা ব্যক্ত কৰিছে আন্তর্জাতিক মুদ্রানিধি (আইএমএফ)–এ৷ আন্তর্জাতিক বিত্তীয় সংস্থাটোৱে ভাৰতৰ এনে সিদ্ধান্তৰ ফলত বিশ্বজুৰি ভয়াৱহ মুদ্রাস্ফীতি ঘটিব বুলি সতর্কবাণী কৰিছে৷ অকল সেয়াই নহয়, বহু দেশক ভাৰতৰ এনে সিদ্ধান্তই দুর্ভিক্ষৰ মাজলৈ ঠেলি দিব বুলিও আশংকা ব্যক্ত কৰা হৈছে৷ আন্তর্জাতিক মুদ্রানিধিয়ে শীঘ্রে ভাৰতক চাউলৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে যদিও নতুন দিল্লী প্রশাসনে এই সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে৷ ভাৰতৰ এনে কঠোৰ সিদ্ধান্তৰ পিছতে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনেও বিদেশলৈ চাউল ৰপ্তানিৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ৰাছিয়াৰ চাউলৰ ওপৰত মধ্যপ্রাচ্যৰ কেইবাখনো দেশৰ লগতে আফ্রিকাৰ বহু দেশে নির্ভৰ কৰিবলগীয়া হয়৷ ৰুছ ৰাষ্ট্রপতিগৰাকীৰ সিদ্ধান্তয়ো আশংকা কঢ়িয়াই আনিছে বিশ্বৰ বহু দেশলৈ৷
বিশ্বৰ চাউল ৰপ্তানিকাৰী দুখন বৃহৎ দেশৰ এই সিদ্ধান্তই প্রত্যক্ষভাৱে বিভিন্ন দেশত চাউলৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত অৰিহণা যোগাইছে৷ ইফালে চাউলৰ তীব্র নাটনিয়ে দেখা দিছে বহু দেশত৷ বিষয়টোক লৈ উদ্বিগ্ণ আইএমএফৰ লগতে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘও৷ দুয়োখন দেশৰ সিদ্ধান্তৰ ফলত ইতিমধ্যে ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হোৱা দেশসমূহৰ পৰিস্থিতি অধিক জটিল হৈ পৰিব বুলি আশংকা কৰা হৈছে৷ চাউল ৰপ্তানিৰ ক্ষেত্রত দুয়োখন দেশৰ নিষেধাজ্ঞা দীঘলীয়া হ’লে পৃথিৱীত ভয়াৱহ সংকট সৃষ্টি হ’ব৷ কিন্তু দুয়োখন দেশে আভ্যন্তৰীণ সংকটৰ মোকাবিলা কৰিবলৈ এনে সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে৷ ইতিমধ্যে আমেৰিকাৰ বজাৰত ভাৰতৰ সিদ্ধান্তৰ লগে লগে চাউল ক্রয়ৰ বাবে হেতাওপৰা লগাইছে গ্রাহকসকলে৷ ইতিমধ্যে সেই সংবাদে আন্তর্জাতিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ লগে লগে মার্কিন প্রশাসনে ভাৰতক চাউল ৰপ্তানিৰ ক্ষেত্রত আৰোপ কৰা নিষেধাজ্ঞা উঠাই ল’বলৈ অনুৰোধ জনাইছে যদিও আমেৰিকাৰ অনুৰোধকো ভাৰতে গুৰুত্ব দিয়া নাই৷ মূল বিষয়টো হৈছে ভাৰতত এইবাৰ খাদ্য শস্যৰ উৎপাদন পূর্বৰ তুলনাত হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ কাৰণ মধ্য ভাৰতৰ বিভিন্ন ৰাজ্যত এইবাৰ বৃষ্টিপাত তুলনামূলকভাৱে কম৷ গতিকে প্রতিকূল বতৰে প্রভাৱ পেলাইছে কৃষিক্ষেত্রত৷ ইয়াৰ উপৰি প্রশান্ত মহাসাগৰত লেটিন আমেৰিকাৰ উষ্ণ বায়ুস্রোত ‘এল নিনো’ৰ প্রভাৱত ভাৰতসহ এছিয়াৰ বিভিন্ন দেশত বৃষ্টিপাতৰ হাৰ কম হ’ব বুলি বিশেষজ্ঞসকলে ঘোষণা কৰিছে৷ এনে কাৰণতো ভাৰতে অভ্যন্তৰত খাদ্য সংকটৰ মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্রস্তুতি চলাবলগীয়া হৈছে৷ গতিকে চাউল ৰপ্তানিৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰাৰ বিকল্প পথ বিচাৰি পোৱা নাই ভাৰতে৷ ইফালে যুদ্ধৰ পৰিস্থিতিয়ে ৰাছিয়াৰ অভ্যন্তৰতো সৃষ্টি কৰিছে সংকট৷ গতিকে আভ্যন্তৰীণ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাছিয়ায়ো চাউল ৰপ্তানিৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইয়াৰ ফলত সমগ্র বিশ্বতে সৃষ্টি হৈছে এক অবাঞ্ছিত পৰিস্থিতি৷