নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ ফেব্রুৱাৰী, ফাগুন মাহৰ ১৫ তাৰিখ

মেষঃ কর্ম আৰু ইচ্ছাশক্তিৰ গতি বৃদ্ধি পাব৷ শত্রুৰ পৰাক্রম কমিব৷ ভ্রমণৰ ফলত আনন্দ৷ নিবনুৱাৰ কর্মসংস্থাপনৰ কিছু আশা আছে৷ বিদ্যাত ভালেই দেখা যায়৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷

বৃষঃ কর্মক্ষেত্রত কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ মানসিক দিশত জেদ আগ্রহ হ’ব৷ বিদ্যাত চেষ্টাৰ সুফল পাব৷ ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

মিথুনঃ অস্থিৰতা পাৰিলে বর্জন কৰক৷ শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি৷ অৱশ্যে দুই এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব৷ ঘৰুৱা চিন্তা থাকিব৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮৷

কর্কটঃ কর্মক্ষেত্রত উৎসাহ লাভ৷ কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে৷ কর্মস্থানত যোগ্যতা থাকিব৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃতও হ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷

সিংহঃ উৎসাহপূর্ণ সংবাদ৷ মুকলি পৰিৱেশ৷ ঘৰুৱাতো ভালেই৷ সন্তান–সন্ততিৰ লগত মিলি ভাল পাব৷ কর্মস্থানত বাধা কম৷ আর্থিকত নতুন সুযোগৰ আশা৷ বন্ধুৰ পৰা সুখ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৯৷

কন্যাঃ মজলীয়া ফল৷ বাঞ্ছিত কর্মত কিছু অগ্রগতি৷ ভাই–ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা৷ বাকী বিষয়ত ভালেই৷ দূৰ ভ্রমণ ৰাখক৷ সুসংবাদ লাভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷

তুলাঃ শাৰীৰিক কিছু উন্নত৷ যোগ্য ব্যক্তিৰ মান–সন্মান প্রাপ্তিৰ মৃদু আভাষ৷ ৰাজহুৱা কামতো তদ্রুপ৷ কর্মক্ষেত্রত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

বৃশ্চিকঃ পঢ়াত মধ্যম ফল পাব৷ কর্মস্থানত ভালেই দেখা যায়৷ স্ব–জ্ঞানক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব৷ পাৰিবাৰিক সমস্যাত বিব্রত হ’ব পাৰে৷ আর্থিকত ব্যয়৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৮৷

ধনুঃ ব্যৱসায়িক ক্ষেত্রত আপোনাৰ দক্ষতা থাকিব৷ আত্মীয়ৰ বাবে কিছু দুর্ভাবনা থাকিব৷ বাকী দিশ মোটামুটি ভালেই দেখা যায়৷ ব্যৱসায়ীৰ উন্নতিৰ আশা আছে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

মকৰঃ পূর্ব দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ৷ কোনো কর্মৰ ফল স্বৰূপে মনত শান্তি আহিব৷ মানসিক অযথা চিন্তাক নিয়ন্ত্রণ কৰক৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷

কুম্ভঃ বন্ধু–বর্গৰ উৎসাহ পাব৷ বুদ্ধিজীৱীৰ তথা সংস্কৃতিপ্রেমীৰ অনুকূল৷ বিদ্যাত বেয়া নহ’ব৷ কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে৷ দাম্পত্যত বুজা–পৰাৰ অভাৱ৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৭৷

মীনঃ সন্তানৰ বাবে সুখ৷ ঘৰুৱা কাম–কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে৷ ধন প্রাপ্তিৰ আশা৷ অযথা চিন্তা পৰিহাৰ কৰক৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷

You might also like