নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ আজিৰ দিনটো

মেষ : মনত উৎসাহ পাব৷ যোগাযোগত মন কৰিলে অনুকূলতা দেখা যায়৷ বন্ধু–বান্ধৱৰ পৰা কোনো সূত্রৰ সম্ভেদ পাব পাৰে৷ দৃঢ়তাৰে ব্যক্তিগত কামত আগুৱাব পাৰিব৷ দাম্পত্যত শুভ৷ বগা শুভ ৰং, ৮ শুভ সংখ্যা ৷

বৃষ : মনটো গধুৰ গধুৰ লাগিব৷ চৰকাৰী কর্মচাৰীসকলৰ দুই–এটা কষ্টদায়ক কাৰণ হ’ব পাৰে৷ খৰচ–পাতিকে ধৰি ঘৰুৱাতো নিজে সক্রিয় ভূমিকা লোৱাটো দৰকাৰ হ’ব৷ ২ শুভ সংখ্যা, ৰঙা শুভ ৰং ৷

মিথুন : পূর্বদিনৰ তুলনাত আজি উন্নত৷ ঘৰুৱাতো বিশেষ বেয়া নহ’ব৷ নিজ কর্ম চিন্তাৰ উন্নতি, যোগাযোগত উৎসাহ পাব৷ দূৰ যাত্রাতো সুফল দেখিব৷ দাম্পত্যত উদ্বেগ কিছু থাকিব৷ নীলা শুভ ৰং, ৩ শুভ সংখ্যা ৷

কর্কট : শাৰীৰিক দিশত নজৰ দিব লাগিব৷ দুই–এটা সমস্যাৰ মাজত পৰিব পাৰে৷ বন্ধু–বান্ধৱৰ লগত মন খুলি আলাপ কৰাটো কঠিন হ’ব৷ আর্থিকত মধ্যম৷ দাম্পত্যত মজলীয়া৷ বগা শুভ ৰং, ৪ শুভ সংখ্যা ৷

সিংহ : কর্মস্থানত কোনোৰ উদাসীন৷ জিৰণিৰ সুযোগ পালে আজি লোৱাৰ দৰকাৰ৷ বাকী পৰিৱেশ প্রায় অনুকূল৷ দাম্পত্যতো বেয়া নাযাব৷ সন্তানৰ চিন্তা, নিজৰ ভৱিষ্যতক লৈ সাময়িক উৎকণ্ঠা৷ শৰীৰ মধ্যম৷ ৰঙা শুভ ৰং, ১ শুভ সংখ্যা ৷

কন্যা : আজি দিনটোত ঘৰুৱা কথাত মন ভালেই থাকিব৷ ব্যস্ততাৰ মূল্য কিছু পৰিমাণে লাভ কৰিব৷ গুৰুত্বপূর্ণ কামত এলাহ নকৰাই ভাল৷ বিদ্যাত মজলীয়া ফল৷ খৰচ বৃদ্ধি৷ সেউজীয়া শুভ ৰং, ৬ শুভ সংখ্যা ৷

তুলা : কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ কিন্তু দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই৷ নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব৷ বগা শুভ ৰং, ৬ শুভ সংখ্যা ৷

বৃশ্চিক : অলপ সতর্ক হৈ চলক৷ নতুন কাম–কাজৰ আৰম্ভণি আদিত আহুকাল থাকিব৷ বন্ধু–বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব৷ শৰীৰৰ দুর্বলতা থাকিব৷ বিদ্যাত মধ্যম৷ দাম্পত্যত বিশেষ জটিলতা নাই৷ ৰঙা শুভ ৰং, ৯ শুভ সংখ্যা ৷

ধনু : আজি কিছু ফৰকাল৷ বিদ্যার্থীৰ বাবেও বেয়া নহ’ব৷ মুঠতে আজি পৰিৱেশ অনুকূলেই দেখা যায়৷ তথাপি আপোন কোনো লোকৰ সৈতে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব৷ প্রেমত শুভ৷ হালধীয়া শুভ ৰং, ৩ শুভ সংখ্যা ৷

মকৰ : কিছু পৰিমাণে মনটো ফৰকাল থাকিব৷ কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্রশংসা পাব৷ কিছু ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক৷ ক’লা শুভ ৰং, ৮ শুভ সংখ্যা ৷

কুম্ভ : সাৱধানেৰে কামত আগুৱাওক৷ শৰীৰৰ প্রতি একেবাৰে অবজ্ঞা নকৰিব৷ অনাৱশ্যক উৎকণ্ঠাৰ কাৰক৷ দাম্পত্যত নিজৰ আৱেগ–নুভূতিক ৰুক্ষ কৰি নুতুলিব৷ সন্তানৰ ভালেই৷ পঢ়া–শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব৷ নীলা শুভ ৰং, ৪ শুভ সংখ্যা ৷

মীন : সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব৷ পৰিৱর্তনীয় মনোভাবে ভ্রমণৰ উদ্যোগী হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ পঢ়া–শুনাত বেয়া নহ’ব৷ প্রেম–প্রীতিত ভালেই দেখা যায়৷ বগা শুভ ৰং, ১ শুভ সংখ্যা ৷

You might also like