নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা গছপুলিৰ মূল্য ৪ লাখ টকা !

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ এটা গছপুলিৰ মূল্য কিমান হ’ব পাৰে ? আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে । কিন্তু এইখন অসমতে এটা গছপুলিৰ মূল্য হৈছে ৪ লাখ টকা । শুনি আচৰিত নহ’ব, আচৰিত যেন লাগিলেও বিশ্বনাথ জিলাৰ চত্ৰং গাঁও পঞ্চায়তৰ বাবেই এতিয়া এটা সাধাৰণ গছপুলিৰ মূল্য হৈছে প্ৰায় ৪ লাখ টকা । চত্ৰং গাঁও পঞ্চায়তে এম জি এনৰেগাৰ অধীনত অঞ্চলটোৰ উত্তৰ চত্ৰং প্ৰাথমিক বিদ্যালয় প্ৰাংগনত গছপুলি ৰোপণৰ বাবে খৰচ কৰিছিল ৩,৯২,০৮৫ টকা । এই বৃহৎ পুঁজিৰে অৱশ্যে ৩৮৬ টা গছপুলি ৰোপণ কৰিব লাগিছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া পঞ্চায়তখনে নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । লগতে ৩৮৬ টা গছপুলিৰ পৰিৱৰ্তে মাত্ৰ ৬০/৭০ টা গছপুলি ৰোপণ কৰিয়ে দায়িত্ব সামৰে চত্ৰং গাঁও পঞ্চায়তে ।

উল্লেখ্য যে, প্ৰায় ৪ লাখ টকাৰ ব্যয়ৰে আৰম্ভ কৰা এই অভিলাষী আঁচনিখনৰ ধন লাভ কৰাৰ পাচতো কিন্তু গছপুলি ৰোপণ নকৰা আৰু প্ৰতিপালন নকৰাৰ বাবে কেৱল এটা গছপুলিহে বাচি আছে । এই লৈ এতিয়া বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্য়মৰ আগত ক্ষোভ প্ৰকাশ কৰাৰ লগতে পঞ্চায়তৰ এনে কাৰ্যত হতবাক হৈছে । বৃহৎ পুঁজিৰ বিনিময়ত ৰোপণ হোৱা গছপুলিৰ মাত্ৰ এটা পুলিহে জীৱিত অৱস্থাত থকাত এতিয়া সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

You might also like