নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেব–‘কা’ বিৰোধী আন্দোলনত নিহতক সাহিত্য সভাৰ শ্বহীদ মর্যাদা

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদ ওদালগুৰিৰ মাজুলী চাহ বাগিচাৰ শ্রমিক পৰিয়ালৰ সন্তান ঈশ্বৰ নায়কৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে অসম সাহিত্য সভাই ৷ অসম সাহিত্য সভাৰ এটা ৫জনীয়া সঁজাতী দলে বৃহস্পতিবাৰে আবেলি প্রয়াত ঈশ্বৰ নায়কৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জনাই ঈশ্বৰ নায়কৰ আত্মাৰ সদ্গতি কামনা কৰে ৷ সঁজাতী দলটোত আছিল চাহ জনগোষ্ঠী আদিবাসী ভাষা সাহিত্য–সংস্কৃতি বিকাশ উপ–সমিতিৰ কার্যকৰী সভাপতি সঞ্জয় কুমাৰ তাঁতী, আহ্বায়ক ৰাজেন ৰোহি দাস, সদস্য দৌলত ৰাজোৱাৰ, বিন্দুগুৰি শাখা সাহিত্য সভাৰ সম্পাদক কুশল কুমাৰ বৰা আৰু অসম সাহিত্য সভাৰ প্রজাতীয় মৈত্রী বন্ধন উপ–সমিতিৰ কার্যকৰী সভাপতি যাদৱ চন্দ্র শর্মা ৷

ঈশ্বৰ নায়কৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পাছতে সঁজাতী দলটোৱে সন্ধিয়া প্রায় ৫.৩০ বজাত সাংবাদিকৰ আগত ঈশ্বৰ নায়কৰ লগতে ‘কা’বিৰোধী আন্দোলনত নিহত আটাইকেইগৰাকীকে শ্বহীদ ঘোষণা কৰে ৷ দলটোৰ হৈ সঞ্জয় কুমাৰ তাঁতী আৰু যাদৱ চন্দ্র শর্মাই ‘কা’ বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত নিহত হোৱা ঘটনাক হত্যাকাণ্ড বুলি অভিহিত কৰি উক্ত কার্যৰ ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে ক্ষতিগ্রস্ত পৰিয়ালকেইটাক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ৷

ঈশ্বৰ নায়ক এজন চাহ শ্রমিক পৰিয়ালৰ সদস্য আৰু পৰিয়ালৰ ভৰণ–পোষনৰ বাবেই গুৱাহাটীত কর্মৰত আছিল বুলি উল্লেখ কৰি ‘কা’বিৰোধী আন্দোলনত অংশ লৈ মৃত্যু হোৱা যুৱকজনৰ পৰিয়ালটোক সম্পূর্ণ ভৰণ–পোষণৰ ব্যৱস্থা কৰিব লাগে বুলি সভাৰ তৰফৰ পৰা চৰকাৰলৈ দাবী জনায় ৷ আনহাতে, ঈশ্বৰ নায়ক গুলীবিদ্ধ হোৱা স্থানত চৰকাৰক আৰু মাজুলী চাহবাগিচাৰ মূল প্রৱেশদ্বাৰত বাগান কর্তৃপক্ষক একোটাকৈ শ্বহীদ স্তম্ভ নির্মাণ কৰিবলৈ আহ্বান জনায় ৷ ইপিনে মাজুলী চাহ বাগিচাৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজে ‘কা’বিৰোধী আন্দোলনৰ প্রতি সমর্থন জনোৱাৰ লগতে ‘কা’ বাতিল হ’ব লাগে বুলিও সঁজাতী দলটোৰ আগত প্রকাশ কৰা বুলি সাংবাদিকৰ ওচৰত দলটোৱে প্রকাশ কৰে ৷

You might also like