নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাক ন্যায় দিবলৈ আহি আছে আছুৰ ৰাজনৈতিক দল

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত স্থান পালে বিকল্প ৰাজনৈতিক দলে । বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত থকা আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত স্থান পালে বিকল্প ৰাজনৈতিক দলৰ প্ৰসংগই । কাইলৈ অনুষ্ঠিত হ’ব লগা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত বিকল্প ৰাজনৈতিক দল ঘোষণা হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে ।

উল্লেখ্য যে, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পাচতেই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে, ৰাইজে সময়ে সময়ে কৈ আহিছিল এই বিকল্প ৰাজনৈতিক দলৰ কথা । অনাগত দিনত এই বিষয়ে ৩০ জনগোষ্ঠীয় সংগঠন, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিল্পী সমাজৰ সৈতে আলোচনা কৰি ৰাইজে উত্থাপন কৰা বিষয়টো হয়তো সাকাৰ ৰূপ পাব পাৰে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ বহুদিনৰ পৰা উকমুকাই থকা বিকল্প ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপন কৰি কয় যে বিজেপি , কংগ্ৰেছ , অগপ সকলোৱে অসম আৰু অসমীয়াক চূড়ান্তভাৱে বিশ্বাসঘাটকতা কৰিলে । কাৰ্যনিৰ্বাহকে দিয়া মতামত ভিত্তিতে আগন্তুক দিনত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে জনতাৰ যি আশা সেই আশা শক্তিশালী ৰূপত প্ৰতিফলন হ’ব লাগে বুলিও উল্লেখ কৰে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । জনতা যি বিচাৰে সেয়া হৈ উঠে গতিকে জনতাক ন্যায় দিব বাবে আমি প্ৰস্তুত বুলি কয় আছু নেতগৰাকীয়ে ।

You might also like