নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামাতৰ মুৰব্বীসকলক ৰাজ্য চৰকাৰৰ শেষ সকীয়নি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ নিজামুদ্দিন মাৰ্কাজলৈ কিমান লোক গৈছিল তাৰ সঠিক তালিকাখন চৰকাৰক দিয়ক। জামাতৰ মুৰব্বীসকললৈ আহ্বান হিমন্ত বিশ্ৱ শৰ্মাৰ। তেওঁলোকে যিধৰণে সহযোগিতা কৰিব লাগিছিল সেইধৰণে সহযোগিতা কৰা নাই। এগৰাকী আক্ৰান্তৰ বাবে ১১১টা ছেম্পল ল’বলগীয়া হৈছে। ফলত সমগ্ৰ ৰাজ্যখনেই ছানি ধৰিছে। গতিকে সঠিক তথ্য দি চৰকাৰক সহায় কৰিবলৈ সংবাদমেলৰ যোগেদি আহ্বান জনালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like