নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেনিয়েল তপ্নৰ হত্যাকাণ্ডই লাভান্বিত কৰিলে ৰিপুণ বৰাক

তেজপুৰত সাংসদ পল্লৱলোচন দাসৰ বিস্ফোৰক মন্তব্য

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ডেনিয়েল তপ্ন হত্যাকাণ্ডই লাভান্বিত কৰিলে কংগ্রেছ নেতা ৰিপুণ বৰাক৷ ডেনিয়েল তপ্ন জীয়াই থাকিলে ৰিপুণ বৰা সাংসদ বা বিধায়ক হ’ব নোৱাৰিলেহেঁতেন৷ –এই বিস্ফোৰক মন্তব্য তেজপুৰৰ সাংসদ পল্লৱলোচন দাসৰ৷ আইনৰ দৃষ্টিত ৰিপুণ বৰা দোষী নে নির্দোষী সেই কথা আইনে বিচাৰ কৰিব৷ কিন্তু চাহ জনগোষ্ঠীয় ৰাইজে ৰিপুণ বৰাকে দোষী বুলি ভাবে৷ –এই মন্তব্য সাংসদ পল্লৱলোচন দাসৰ৷ ডল্লেখ্য যে গহপুৰৰ চাহ জনগোষ্ঠীয় নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ ডঠিছিল বর্তমান অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে৷ এই ঘটনাৰ প্রসংগতে আনকি ৰিপুণ বৰাই তিহাৰ জে’লৰ ভাত খাবলগীয়াও হৈছিল৷ পৰৱতী সময়ত গোচৰটো সন্দর্ভত একপ্রকাৰ ক্লীনশ্বীট দিয়া হৈছিল ৰিপুণ বৰাক৷ কিন্তু ছয় বছৰ পাছত গুৱাহাটী ডচ্চ ন্যায়ালয়ত গোচৰটোৰ পুনৰ শুনানি মুকলি কৰা হয়৷ ইয়াৰ পাছতেই প্রতিক্রিয়া ব্যক্ত কৰে সাংসদ পল্লৱলোচন দাসে৷ ইফালে, তেজপুৰৰ প্রাক্তন বিজেপি সাংসদ ৰামপ্রসাদ শর্মাই কংগ্রেছত যোগদান কৰা সন্দর্ভত পল্লৱলোচন দাসে তেওঁক শুভেচছা জনাই কয়– ব্যক্তিগত সিদ্ধান্ত অনুসৰি শর্মাই কংগ্রেছত যোগদান কৰিছে, তাত ক’বলগীয়া নাই, তেওঁ বিজেপিৰ এগৰাকী ভাল কার্যকর্তা আছিল৷ তেওঁ বিজেপি এৰি যোৱাটো আমাৰ কাম্য নাছিল যদিও শুভেচছা জনাইছোঁ৷ প্রাক্তন সাংসদ আৰ পি শর্মাই কংগ্রেছত থাকিলেও আৰ এছ এছৰ আদর্শ ত্যাগ নকৰে বুলি কোৱা কথাৰ প্রসংগত বর্তমানৰ সাংসদ পল্লৱলোচন দাসে কয় যে তেওঁ এতিয়া কংগ্রেছৰ লোকসকলক আৰ এছ এছৰ আদর্শৰে অনুপ্রাণিত কৰক৷

You might also like