নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰৱর্তী ছমাহলৈ অসমক অশান্তজর্জৰ অঞ্চল ঘোষণা

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ পৰৱর্তী ছমহাৰ বাবে অসমক পুনৰ অশান্তজর্জৰ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে৷ সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ৰ অধীনত ৰাজ্য চৰকাৰে মঙলবাৰে এই ঘোষণা কৰে৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যখনৰ কেইবাটাও সশস্ত্র উগ্রপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি আহিছে যদিও নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে এই সদ্ধান্ত গ্রহণ কৰে৷

You might also like