নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বস্ত্ৰনগৰীত মন্দিৰত চোৰৰ লুট-পাত

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছিত পুনৰ মন্দিৰত চোৰৰ শেনচকু । সোমবাৰে নিশা বালক গোপাল সত্ৰত থকা কৃষ্ণ মন্দিৰত চোৰে চলালে লুট-পাত । চোৰে মন্দিৰৰ দুৱাৰৰ কেইবাটাও তলা ভাঙি মন্দিৰটোত থকা আ-অলংকাৰ লুট কৰি নিয়ে ।

বাৰে বাৰে শুৱালকুছিৰ মন্দিৰ সত্ৰ আদিত চোৰে লুট-পাত চলোৱা কাৰ্যই এতিয়া আতংকিত কৰি তুলিছে সাধাৰণ ৰাইজক । একমাত্ৰ শুৱালকুছি আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই মন্দিৰ-সত্ৰসমূহ সুৰক্ষিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, সোমবাৰে নিশাই চাৰিটাকৈ মন্দিৰত চোৰে চলালে লুট-পাত । কৈৱৰ্ত পাৰা কৃষ্ণ মন্দিৰ , কেওঁটপাৰাৰ গোপাল কৃষ্ণ সত্ৰ, বংশী গোপাল মন্দিৰ আৰু ৰাজঘটৰ ভলেবম মন্দিৰত চোৰে চলালে লুট-পাত ।

You might also like