নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনাঃ কঁহুৱাৰ মাজত উদ্ধাৰ ৬৭ টা গৰু

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ধুবুৰীৰ এম কো ৰোড আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গৰু জব্দ কৰা হয় । বাইলাৰ চৰৰ পৰা ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ৬৭ টা গৰু । গৰুকেইটা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ বাবে ৰখা হৈছিল । সোমবাৰে নিশা গো সৰবৰাহকাৰীসকলে বাইলাৰ চৰ নামৰ চৰাঞ্চল এটাৰ নিৰ্জন অঞ্চলত কঁহুৱা বনৰ মাজত বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে গৰু গোপনে আনি জমা কৰা তথ্য লাভ কৰে আৰক্ষীয়ে । এই তথ্যৰ ভিত্তিত ধুবুৰীৰ এম কো ৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এইচ আহমেদ আৰু উপ-পৰিদৰ্শক চাণক্য দাসৰ নেতৃত্বত আৰক্ষীয়ে ৬৭ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে অন্ধকাৰৰ সুযোগ লৈ সৰবৰাহকাৰীসকলে আৰক্ষীৰ বেহু ফালি পলাই যাবলৈ সক্ষম হয় । মঙলবাৰে পুৱা নাওৰে ধুবুৰীলৈ আনি চহৰখনৰ পাৰ্শ্বৱৰ্তী কেইবাটাও খোৱাৰত গৰুবোৰ ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।

You might also like