নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানাহৰ পাণবাৰী বনাঞ্চলত সহাৱস্থান মানৱ–বন্যপ্রাণীৰ

প্রকাণ্ড বন্যহস্তীক গা খজুৱাই দিয়ে বনকর্মীয়েঃ গঞাৰ কাষলৈ মৰম বিচাৰি আহে হৰিণ

নিয়মীয়া বার্তা, ২ফেব্রুৱাৰীঃ ৰাজ্যত হস্তী–মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে মানাহ ৰাষ্ট্রীয় উদ্যোনত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত বন্ধুত্বসুলভ পৰিৱেশ বিৰাজ কৰিছে ৷ চিৰাঙৰ পাণবাৰী ৰেঞ্জত বনৰীয়া হাতীয়ে বিচাৰি আহে বনকর্মীৰ মৰম ৷ বনাঞ্চলৰ পৰা জন অৰণ্যত প্রৱেশ কৰি হাতীয়ে বনকর্মীৰ মৰম বিচাৰি উপস্থিত হয় বন কার্যালয়ত ৷ ৰাষ্ট্রীয় উদ্যোনখনৰ মাজত থকা পর্যটকৰ বাংলোৰ তলত এজন বনকর্মীয়ে বনৰীয়া এটা প্রকাণ্ড হাতীৰ গা খুজুৱাই আদৰ কৰা দেখা গৈছে ৷ আনহাতে বন্যহস্তীৰ বৃহৎ বৃহৎ জাক আহিবনাঞ্চলখনৰ সুৰক্ষাৰ বাবে থকা বনকর্মীসকলৰ কাষ চাপে৷ বন্যহস্তী আৰু বনকর্মীসকলৰ মাজত বন্ধুত্বপূর্ণ পৰিৱেশ গঢ় লৈ উঠাৰ বাবে নিচেই ওচৰত আহি উপস্থিত হোৱা পৰিলক্ষিত হয় ৷ বনকর্মীৰ পৰা আহাৰ খোৱাৰ পিছতহে বন্যহস্তীৰ জাক উভতি যায় ৷ কেৱল বন্যহস্তীয়েই নহয়, বনাঞ্চলখনৰ হৰিণাকে আদি কৰি বিভিন্ন জীৱ–জন্তুৰ সৈতে স্থানীয় প্রকৃতিপ্রেমী লোকৰ সৈতে আছে মধুৰ সম্পর্ক ৷ এইসকল লোকৰ কাষত আহি বন্য জীৱ–জন্তুৱে একেলগে বিচৰণ কৰি ফুৰা পৰিলক্ষিত হয় ৷ মানাহ ৰাষ্ট্রীয় উদ্যোনৰ পাণবাৰী ৰেঞ্জৰ ঔডুবি, খেৰণী, লাফাচাৰী বীটত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত গঢ় লৈ উঠা বন্ধুত্বপূর্ণ পৰিৱেশে পর্যটকসকলক আকর্ষিত কৰি আহিছে ৷ ৰাজ্যত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি হৈ অহাৰ সময়তে চিৰাঙত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত গঢ় লৈ উঠা বন্ধুত্বপূর্ণ সম্পর্কই এক বিৰল নিদর্শন আগবঢ়াইছে ৷ এই বিৰল দৃশ্য প্রত্যক্ষ কৰাৰ বাবে মানাহ ৰাষ্ট্রীয় উদ্যানৰ পাণবাৰী ৰেঞ্জলৈ অহাৰ বাবে স্থানীয় লোকসকলে আহ্বান জনাইছে ৷

You might also like