নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ শ সমর্থকৰে মনোনয়ন বিপিএফ–বিজেপি ইউপিপিএল প্রার্থীৰ

বিটিচি নির্বাচনক লৈ উখল–মাখল বিটিএডি

নিয়মীয়া বার্তা, ১৯ মার্চঃ অহা ৪ এপ্রিলত অনুষ্ঠিত হ’ব লগা বি টি চি নির্বাচনৰ বাবে বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনাও বিভিন্ন ৰাজনৈতিক দলৰ ১৮ গৰাকী প্রার্থীয়ে নিজৰ নিজৰ সমর্থকসকলক লগত লৈ তামুলপুৰ মহকুমাৰ কার্যালয়ত নির্বাচনী বিষয়াৰ ওচৰত মনোনয়ন–পত্র দাখিল কৰে ৷ বুধবাৰে মনোনয়ন পত্র দাখিল কৰে ক্রমে ২৬ নম্বৰ দৰংগাজুলি, ২৭ নং নাগ্রীজুলি, ২৮ নং গয়বাৰী, ২৯ নং  শুক্লাই চেৰফাং আৰু ৩০ নং গোৰেশ্বৰ সমষ্টিত বিজেপিৰ প্রার্থী ক্রমে দেৱেন বড়ো, ধর্মনাৰায়ণ দাস, হেমন্ত ৰাভা, ৰনেন নার্জাৰী আৰু গজেন বড়োৱে ৷ এই পাঁচগৰাকী প্রার্থীক সংগ দিয়ে মন্ত্রী ভবেশ কলিতা আৰু পীয়ূষ হাজৰিকাই ৷ ইউ পি পি এলৰ ২৬ দৰংগাজুলি সমষ্টিৰ প্রার্থী ফণীন নার্জাৰী, ২৭ নং নাগ্রীজুলি সমষ্টিৰ পৰা সুশীল দাস, ৩০ নং গোৰেশ্বৰ সমষ্টিৰ পৰা পবিত্র বড়োৱে মনোনয়ন–পত্র দাখিল কৰে ৷ ২৭ নং নাগ্রীজুলি সমষ্টিত নির্দলীয় প্রার্থী হিচাপে মনোনয়ন–পত্র দাখিল কৰে ৰবীন্দ্রবালা বিশ্বাস, ৰতন ৰয়, গজেন্দ্র দাস আৰু নীলমণি ৰাজবংশীয়ে ৷ ২৬ নং দৰংগাজুলি আৰু ২৭ নং নাগ্রীজুলি পৰিষদীয় সমষ্টিত গণ সুৰক্ষা পার্টীৰ বনমালী ৰাভা আৰু ডেনীয়েল মার্ডীয়ে মনোনয়ন–পত্র দাখিল কৰে ৷ আনহাতে, চিপিআইএম দলৰ পৰা মননোয়ন–পত্র দাখিল কৰে কৰুণাকান্ত ভূঞাই ৷ ২৭ নং নাগ্রীজুলি আৰু ৩০ নম্বৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা কংগ্রেছ দলৰ পৰা জেচমিনা বেগম আৰু ৰমেশ বড়োৱে মনোনয়ন–পত্র দাখিল কৰে ৷ ভোটাৰ পার্টীৰ পৰা দীপালী শৰণীয়া বডোৱে দাখিল কৰে মনোনয়ন–পত্র৷ ইপিনে, আজি বিজেপিৰ পাঁচগৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰাৰ পিছত মন্ত্রী ভবেশ কলিতাই এইবাৰৰ নির্বাচনত বিজেপিয়ে মেজিক সংখ্যা ২১ অর্থাৎ মুঠ ৪০খন আসনৰ ভিতৰত ২১খন আসন লাভ কৰিব বুলি দাবী কৰে ৷

You might also like