নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যৰ উন্নতি ঘটিছে অসুস্থ বদৰুদ্দিন আজমলৰ 

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ হঠাতে অসুস্থ হৈ পৰা এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল বৰ্তমান হোজাইৰ হাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসালয়ৰ ২০২ নং কোঠাত থকা আজমলৰ চিকিৎসাৰ তদাৰক কৰি আছে প্ৰাক্তন বিধায়ক তথা চিকিৎসক ডাঃ আদিত্য লাংথাচাই । উল্লেখ্য যে তীব্ৰ জ্বৰ আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাত দেওবাৰে নিশা চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছিল সাংসদগৰাকীক । ইপিনে পূৰ্বৰ তুলনাত আজমলৰ স্বাস্থ্য কিছু উন্নত বুলি জনাইছে ডাঃ লাংথাচাই । অৱশ্যে সম্পূৰ্ণ সুস্থ নোহোৱালৈকে আৰু কেইদিনমান আজমল চিকিৎসালয়তে থাকিব লাগিব বুলিও তেওঁ প্ৰকাশ কৰে ।

You might also like