অসমৰ নৃ–গোষ্ঠীয় জনগোটসমূহৰ অন্যতম হ’ল বড়ো, মিচিং, কার্বি, ৰাভা, তিৱা, দেউৰী, ডিমাচা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, কোচ–ৰাজবংশী, টাই আহোম, চুতীয়া, মৰাণ, মটক আদি৷ এই জনগোষ্ঠীসমূহৰ অতীত ইতিহাস, ভাষা, দোৱান, লোক–সাংস্কৃতিক জীৱন আদি সম্পর্কে অনেক গ্রন্থ থাকিলেও তেওঁলোকৰ সামাজিক, ৰাজনৈতিক আৰু ভাষিক উত্তৰণৰ ইতিহাস সম্পর্কীয় আলোচনা বা গৱেষণামূলক গ্রন্থ সুলভ নহয়৷ অ’ত ত’ত কোনোবাই দুই–এটা লেখা লিখিলেও প্রণালীবদ্ধ আৰু শুদ্ধ তথ্যপূর্ণ গ্রন্থ পাবলৈ নাই৷ অসমীয়া ভাষাত ৰচিত তেনে গ্রন্থৰ অভাৱ পূৰণ কৰি আহিছে সাংবাদিক তথা চিন্তাশীল লেখক মুনীন্দ্র দাসে৷ ‘বড়োলেণ্ড আন্দোলন ঃ পটভূমি আৰু গতিধাৰা’, ‘পৃথক ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন’, ‘জনজাতিকৰণৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন’, ‘স্বায়ত্তশাসনৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন’, ‘বড়োৰ উত্তৰণৰ ইতিহাস’ ইত্যাদি গ্রন্থৰে জনজাতীয় আৰু জনগোষ্ঠীয় উত্তৰণ আৰু আন্দোলনৰ ধাৰাৰ ইতিহাস তুলি ধৰাৰ পিছত শেহতীয়াভাৱে মুনীন্দ্র দাসে ৰচনা কৰিছে সুবৃহৎ গ্রন্থ ‘অসমৰ নৃ–গোষ্ঠীয় উত্তৰণৰ ইতিহাস’৷ এই গ্রন্থখনে সামৰি লৈছে অসমৰ বড়ো, মিচিং, দেউৰী, তিৱা, কার্বি, ৰাভা, সোণোৱাল কছাৰী, ডিমাচা, ঠেঙাল কছাৰী, কোচ–ৰাজবংশী, টাই–আহোম, মৰাণ, মটক, চুতীয়া আদিৰ উপৰি চাহ জনগোষ্ঠীৰ উত্তৰণৰ ইতিহাস৷
‘বনলতা’ই ২০২০ চনত প্রকাশ কৰা ‘অসমৰ নৃ–গোষ্ঠীয় উত্তৰণৰ ইতিহাস’ গ্রন্থখন আনুষ্ঠানিক গৱেষণা–কর্ম নহয় যদিও এইখন প্রণালীবদ্ধ গৱেষণাৰ এক উৎকৃষ্ট সমল, সু–প্রণালীবদ্ধভাৱে ৰচনা কৰা এই গ্রন্থখনৰ প্রতিটো অধ্যায় একো একোটা জনগোষ্ঠীৰ বিষয়ে সুকীয়াকৈ সজোৱা হৈছে৷ নৃ–গোষ্ঠীয় পৰিচয়, আগমন আৰু বসতি, ৰাজ্য শাসন, ইতিহাসত স্থান, শাসন ব্যৱস্থাৰ অৱলুপ্তি, আত্মপ্রতিষ্ঠাৰ সংগ্রাম, নৱজাগৰণ, ৰাজনৈতি, ভাষিক আৰু সাংস্কৃতিক উত্থান, স্বায়ত্তশাসনৰ দাবী, পৃথক ৰাজ্যৰ আন্দোলন, আন্দোলনৰ সমাপ্তি, চুক্তি, সশস্ত্র সংগ্রাম ইত্যাদি অধ্যায়ত সুকীয়া সুকীয়াকৈ জনগোষ্ঠীসমূহৰ ইতিহাস বর্ণনা কৰা গ্রন্থখনত গৱেষণামূলক তথ্য–সূত্র, চৰকাৰী নথি–পত্র, জনগোষ্ঠীয় সংগঠনসমূহৰ কার্য–বিৱৰণী বহী আৰু ক্ষেত্রভিত্তিক তথা অভিমতভিত্তিক যুগুতোৱা তথ্যসমূহ অতি সূক্ষ্মভাৱে, পর্যবেক্ষণ কৰি শুদ্ধভাৱে লিপিবদ্ধ কৰিছে৷ লেখকে প্রণয়ন কৰা এই গ্রন্থখন সন্দর্ভত অসমৰ বিভিন্ন জনগোষ্ঠীৰ গৱেষক, সমাজ–নেতা, শিক্ষাবিদ, ছাত্র–যুৱনেতা, মহিলা নেত্রী আৰু কেইবাগৰাকী প্রসিদ্ধ লেখক–সাহিত্যিকৰো সহায় লোৱা বুলি উল্লেখ কৰিছে৷
গ্রন্থখনৰ সবাতোকৈ উল্লেখযোগ্য বিষয় হ’ল জনগোষ্ঠীসমূহৰ স্বায়ত্তশাসন বা জনজাতিকৰণ সংগ্রাম সম্পর্কীয় অধ্যায়সমূহ৷ কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে চুক্তি সম্পাদনাৰ মাজেৰে বড়ো, মিচিং, কার্বি, ৰাভা, ডিমাচা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা আদি জনজাতীয় জনগোষ্ঠীসমূহে উত্তৰণৰ যি ধাৰা এটাৰ সৃষ্টি কৰিছে সেইখিনিৰ চৰকাৰী তথ্য সুলভ৷ কিন্তু জনজাতিকৰণৰ প্রতিশ্রুতি প্রদান কৰা আহোম, চুতীয়া, মৰাণ, মটক, কোচ–ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ আন্দোলন সম্পর্কে একেথুপতে পোৱা সম্ভৱ নহয়৷ তদুপৰি এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণ আৰু উন্নয়নৰ সংগ্রাম অব্যাহত আছে৷ সেয়ে এই ছটা জনগোষ্ঠীৰ উত্তৰণৰ ইতিহাস লিখিবলৈ যাওঁতে লেখকে যথেষ্ট কষ্ট কৰিব লগা হৈছে৷ কোনো ধৰণৰ গৱেষণা–বৃত্তি, জনগোষ্ঠীসমূহৰ পৰা পাব লগা আর্থিক সহায় বা জনজাতীয় গৱেষণা প্রতিষ্ঠানসমূহৰ পৰা পাব লগা পৃষ্ঠপোষকতা নোহোৱাকৈয়ে মুনীন্দ্র দাসে সাংবাদিকতাৰ দৰে বৃত্তিত থাকি গ্রন্থখন প্রণয়ন কৰিবলৈ যাওঁতে যি কষ্ট কৰিব লগা হৈছে সেয়া গ্রন্থখন পঢ়িলেহে উপলব্ধি কৰিব পাৰে৷
গ্রন্থখনত অসমৰ অন্যতম বৈশিষ্ট্যপূর্ণ জনজাতীয় জনগোষ্ঠীয় শৰণীয়া কছাৰী, মেচ কছাৰী আদিৰ উল্লেখ নাই৷ ইয়াৰ অন্যতম কাৰণ হয়তো শৰণীয়া কছাৰীসকলক সুকীয়া জনজাতিৰূপে স্বীকৃতি নিদি বড়ো–কছাৰীৰ অন্তর্ভুক্ত কৰি নৃ–তাত্ত্বিক পৰিচয়ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ঐতিহ্য সম্পর্কেও আলোচনা কৰা হৈছে৷ প্রতিটো জনগোষ্ঠীৰ আলোচনা কৰিবলৈ যাওঁতে অধ্যায়সমূহত পৰিশিষ্টৰূপে বিভিন্ন চুক্তি, বিবৃতি, প্রতিবেদন, দাবীপত্র আদি তুলি দি এক গুৰুত্বপূর্ণ কাম কৰিছে৷
পদার্থ বিজ্ঞানৰ ছাত্র হৈ সাংবাদিকতাক বৃত্তি হিচাপে লোৱা মুনীন্দ্র দাসে অসমৰ পোন্ধৰটা জনগোষ্ঠীৰ সংগ্রাম আৰু উত্তৰণৰ ইতিহাস পোহৰলৈ আনি এক জাতীয় দায়িত্ব পালন কৰিছে৷ ভৱিষ্যতৰ গৱেষক আৰু অনুসন্ধিৎসুসকলৰ বাবে এই গ্রন্থখন হ’ব মাইলৰ খুঁটি স্বৰূপ৷