সুকন্যা - নিয়মীয়া বাৰ্তা

সুকন্যা : সুকণ্ঠী গায়িকা ড০ মৌচুমী চহৰীয়াৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণ : মামণি শর্মা

ফোন : ৮৪০২৯–১৫০৫৫

আপোনাৰ জন্ম তথা শৈশৱৰ সময়ছোৱাৰ বিষয়ে অলপ জনাবচোন?

মোৰ জন্ম হয় দৰং জিলাৰ ছিপাঝাৰৰ ঘোঁৰাবান্ধাত৷ দেউতা হেমেন চহৰীয়া আৰু মা কনকলতা চহৰীয়া৷ প্রায় চাৰি বছৰ বয়সৰ পৰাহ মই মাৰ অনুপ্রেৰণাত সংগীতৰ পৃথিৱীখনত খোজ দিছিলোঁ৷ লোকসংস্কৃতিৰ কঠীয়াতলীস্বৰূপ ছিপাঝাৰৰ ঘোঁৰাবান্ধাৰ পৰাই আৰম্ভ হৈছিল মোৰ সাংগীতিক যাত্রা৷

সংগীতৰ সমান্তৰালকৈ শিক্ষাগত দিশ চম্ভালি লৈ আগুৱাই যোৱাত আপুনি সম্পূর্ণ সফলতা লাভ কৰিছে৷ দুয়োটা দিশত ভাৰসাম্য বর্তাই যিদৰে আগুৱাই আহিল, ইয়াৰ আঁৰৰ কথা অলপ জনাবনে?

ইয়াৰ বিষয়ে ক’বলৈ হ’লে এই প্রসংগতো মই মাৰ কথাই উল্লেখ কৰিব লাগিব৷ দৰাচলতে সংগীতৰ পৃথিৱীখনত মই খোজ দিয়াৰ অন্তৰালত আছিল মাৰ আন্তৰিক ইচ্ছা যাৰ বাবে মায়ে মোৰ পঢ়া–শুনা আৰু সংগীত চর্চা দুয়োটাতে অধিক গুৰুত্ব আৰোপ কৰিছিল৷ ’৮০ৰ দশকত মোৰ জন্ম৷ সেই সময়ছোৱাত পঢ়া–শুনাত মন নিদি গান–নাচ–অভিনয় কৰি ফুৰা কথাটো ইমান সুলভ নাছিল৷ সাম্প্রতিক সময়ৰ দৰে যেন সহজলভ্য নাছিল অসমীয়া সমাজ ব্যৱস্থা যাৰ বাবে বাবাৰ (আমি দেউতাক বাবা বুলিয়েই কওঁ) ভয় বেছি হৈছিল, গান গাই ফুৰিলে পঢ়া–শুনাত পিছপৰি যাম বুলি৷ এজনী ছোৱালীৰ শিক্ষাৰ সমান্তৰালকৈ সংগীতেই হওক কিম্বা আন দিশতেই হওক আগুৱাই যোৱা ইমান সহজসাধ্যও নাছিল৷ দেউতাই বিচাৰিছিল পঢ়া–শুনা কৰি ভালদৰে আগুৱাই যোৱাটো৷ একমাত্র মায়েহে বিচাৰিছিল পঢ়া–শুনাৰ লগতে গান গাই আগুৱাই যোৱাটো৷ সেয়ে দেউতা ঘৰত নথকা সময়তহে মায়ে মোৰ সংগীত চর্চাত গুৰুত্ব দিছিল৷ দেউতা ঘৰত নথকা সময়তহে মায়ে মোক দাদাৰ লগত গান গাবলৈ পঠিয়াই দিছিল৷ সৰুৰ পৰা মই অলপ গভীৰভাৱে চিন্তা কৰা ছোৱালী আছিলোঁ বাবেই নেকি সময় মিলোৱা কার্যসূচীখনো মাৰ সৈতেই প্রস্তুত কৰি লৈছিলোঁ৷ দুয়োটা দিশ চম্ভালি আগুৱাই যোৱাত অলপ জটিলতা আহি পৰাত মই মাৰ আশ্রয় লৈছিলোঁ৷ সিদ্ধান্ত ল’ব নোৱাৰি পিছলৈ সংগীত সাধনা বন্ধ কৰিম বুলিয়েই একপ্রকাৰ সিদ্ধান্ত লৈছিলোঁ৷ সেই সময়ত মায়ে মোক ২৪ ঘণ্টাৰ অর্থ বৰ ধুনীয়াকৈ বুজাই দিছল৷ মাৰ পৰা এটা কথা বুজি পাইছিলোঁ যে ২৪ ঘণ্টাৰ ভিতৰতেহ মই দুয়োটা দিশ আগুৱাহ নিবই লাগিব৷ ২৪ ঘণ্টাৰ সময়খিনিনো কিদৰে সজাম তাক লৈ মোৰ অহৰহ চিন্তা হৈছিল৷ হঠাৎ এদিনাখন পুৱা শুই উঠিয়েই মাৰ ওচৰলৈ গৈ কৈছিলোঁ– ‘মা মই এটা ফর্মূলা পাইছোঁ…’ এহ পুৱাতেই কি ফর্মূলানো পালা বাৰু? তেতিয়া মই মাক কৈছিলোঁ যে মৌচুমী শিক্ষা সংগীত মানে শিক্ষা আৰু সংগীত যোগ হ’লেহে মৌচুমী সম্পূর্ণ হ’ব… মায়ে খুব হাঁহিছিল আৰু চুমা এটা খাই আশীর্বাদ দি কৈছিল– ‘ঠিক আছে মা তুমি ধুনীয়াকৈ গান গাই যোৱা আৰু পঢ়া–শুনাও কৰা৷’ সেই তেতিয়াৰ পৰাই সময়ক খুব ভয় কৰি চলাৰ লগতে সময়ক যথেষ্ট সন্মান কৰিও চলোঁ৷ সময়ৰ নিচিনা শক্তিশালী আৰু এই পৃথিৱীত একোৱেই নাই৷ সময়ক গুৰুত্ব নিদিলে সময়ে কেতিয়াও গুৰুত্ব নিদিয়ে৷ ল’ৰালিৰ সেই দিনটোৰ পৰাই সময় সচেতনতাৰে কামবোৰ আগুৱাই নিয়াত মই গুৰুত্ব আৰোপ কৰোঁ৷ সময়ক নিজৰ ধৰণে সজাই সময়ৰ কাম সময়ত কৰি যোৱা হ’লোঁ৷ এয়া সম্ভৱ হৈছিল কেৱল মাথোঁ মাৰ বাবেহে৷ এই ছেগতে মালৈ… আচলতে ধন্যবাদ শব্দটো মাৰ বাবে বৰ সৰু হৈ যায় যদিও আন্তৰিক কৃতজ্ঞতা জনাবই লাগিব৷

এসময়ৰ তাৰিণী চৌধুৰী বালিকা বিদ্যালয়, কটন মহাবিদ্যালয়ৰ সফল ছাত্রীগৰাকীয়েই এতিয়া এগৰাকী সফল তথা দায়িত্বশীল সংগীত শিল্পীৰ লগতে শিক্ষা বিভাগৰ দায়িত্বশীল শিক্ষক৷ এই যে সন্তুলিত একাত্মতা এই বিষয়ে অলপ জনাবনেবাৰু?

হয়, সংগীতৰ সমান্তৰালকৈ মই এতিয়া শিক্ষা বিভাগৰ সৈতে জড়িত৷ শিক্ষা বিভাগত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰি ২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কার্য সম্পূর্ণ কৰোঁ৷ দৰাচলতে এইখিনিতে মোৰ কিছু কথা ক’ব লগা আছে৷ এগৰাকী ব্যক্তিৰ জীৱনত সুখ–দুখ, উত্থান–পতন, হাঁহি–কান্দোনৰ সংমিশ্রণ ঘটেই আৰু ঘটি থাকেই৷ জীৱন কেতিয়াও এটা গতিত সুখতেহ নাথাকে… ভাল–বেয়াৰ মিশ্রণ হয়েই৷ সংগ্রামৰ মাজেৰেই সেয়ে নিজকে আগুৱাই নিব লাগিব৷ মোৰ জীৱনতো তেনেকুৱাই হৈছিল৷ বহু কাৰণত মহ কিছু বছৰ অলপ থমকি ৰ’বলগীয়া হৈছিল যদিও সেয়া নেতিবাচকতাত ডুব যাবলৈ দিয়া নাছিলোঁ৷ সম্প্রতি ডাইৰেক্টৰিয়েট অৱ এছ চি আৰ টিত প্রবক্তা ৰূপে থকাৰ উপৰি দীর্ঘ বিৰতিৰ অন্তত ২০২৪ বর্ষৰ পৰা সংগীততো সক্রিয়ভাৱে আন্তৰিকতাৰে কাম কৰি আছোঁ৷

আপোনাৰ বিবাহোত্তৰ জীৱন তথা মাতৃত্বৰ বিষয়ে কিছু কথা ক’বনে?

২০০৮ চনত ভাৰতীয় স্থল সেনাবাহিনীৰ মেজৰ ৰূপজ্যোতি দাসৰ সৈতে মোৰ বৈবাহিক জীৱন আৰম্ভ হয়৷ এগৰাকী পত্নী হিচাপে, মাতৃ হিচাপে মই নিজকে সুখী বুলিয়েহ অনুভৱ কৰোঁ৷ এই সৰু পৃথিৱীখনক লৈয়েই মোৰ অন্তহীন ব্যস্ততা৷ হয়তো পৰিয়ালটোক অত্যধিক সময় দিবলগীয়া হোৱাও এটা সময়ত মই মৌচুমীয়ে শিক্ষা–সংগীতৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল৷ ভাৰতীয় সেনাবাহিনীত কর্মৰত বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা মানেই যেন এটা প্রত্যাহ্বানপূর্ণ জীৱন গ্রহণ কৰা৷ পিছলৈ দুটাকৈ যমজ ল’ৰা সন্তানৰ মাতৃত্ব লাভেও মোক অনন্য অনুভূতি প্রদান কৰে৷ বর্তমান সন্তান দুটা ডাঙৰ হৈ অহাত মুকলি মনেৰে ভালপোৱা কামত মনোনিৱেশ কৰিব পাৰিছোঁ৷ স্বামীৰ কর্মসূত্রে ভাৰতবর্ষৰ বিভিন্ন ঠাহত ঘূৰি–ফুৰি ২০২১ চনৰ পৰা অসমত থিতাপি লওঁ৷ সেয়ে এতিয়া নিজকে সম্পূর্ণৰূপে কর্মক্ষেত্রত উজাৰি দিবলৈ সক্ষম হৈছোঁ৷

এগৰাকী ব্যক্তি হিচাপে নিজস্ব দর্শনৰাজি ফলৱতী কৰাত বৈবাহিক জীৱনৰ বিৰূপ প্রভাৱ পৰিব পাৰে বুলি আপুনি ভাবেনে?

প্রতিটো দিশৰ ভাল–বেয়া, সুখ–দুখেই জীৱনৰ সঁচা ছবি৷ প্রজন্মৰ পিছত প্রজন্মজুৰি জীয়ৰীৰ ৰূপত এগৰাকী ছোৱালী যিদৰে পিতৃ–মাতৃৰ বাবে মৰমৰ বান্ধোনত বান্ধ খাই থাকে, সেই ছোৱালীজনীয়েই আকৌ পিছলৈ বিবাহিত জীৱনত সম্পূর্ণ বিপৰীত জীৱন এটাৰ মুখামুখি হয়৷ জীৱন সলনি হয়েই আৰু এয়াই স্বাভাৱিক কথা যদিও হয়াক আমি কিদৰে গ্রহণ কৰোঁ সেয়াহে মূল কথা৷ আত্মতুষ্টিৰে, আত্মপ্রেমেৰে, যোগাত্মক চিন্তাৰে জীৱনটোক আগবঢ়াই নিয়াহে জীৱনৰ প্রধান উদ্দেশ্য হোৱা প্রয়োজন৷ জীৱনৰ প্রতিটো স্তৰ কিদৰে মুখামুখি হওঁ বা হ’ব পাৰোঁ সেয়াহে আটাইতকৈ ডাঙৰ কথা৷ আন্তৰিকতাৰে গ্রহণ কৰা জীৱনৰ প্রতিটো দিশে সেয়েহে বিবাহিত জীৱনত বিৰূপ প্রভাৱ পেলোৱাৰ প্রশ্নই নুঠে৷

ৰাজহুৱা জীৱন, সামাজিক জীৱন আৰু ব্যক্তিগত জীৱনৰ সীমাৰেখাৰ মান নিৰূপণ আপুনি কিদৰে কৰি ভাল পায়?

এই প্রসংগত ক’বলৈ ভাল পাম যে যথেষ্ট পৰিমাণে মই নিজকে সচেতন আৰু সংযত কৰি ৰাখোঁ যাৰ বাবে মই কেতিয়াও ব্যক্তিগত জীৱনৰ সৈতে ৰাজহুৱা কিম্বা সামাজিক জীৱন সানমিহলি হ’বলৈ নিদিওঁ৷ ৰাজহুৱা জীৱন সদায় ৰাইজৰ মাজত থাকে…

তেওঁলোকৰ দৃষ্টিত মই কি…

মোৰ ভাবমূর্তি কেনেধৰণৰ সেই অনুসৰিহে মই মোৰ দায়িত্ব পালন কৰিব লাগে বুলি অনুভৱ কৰোঁ৷ ঠিক তেনেদৰে সামাজিক জীৱনো ভাবমূর্তিৰ ওপৰত নির্ভৰ কৰিহে আগবাঢ়ে৷ ইয়াৰ বিপৰীতে ব্যক্তিগত জীৱনত এইৰূপে নাথাকি পার্যমানে সময় দিবলৈ চেষ্টা কৰোঁ৷ সানমিহলি নোহোৱাকৈ সমানুপতিকভাৱে জীৱনক আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ৷ পার্যমানে পৰিয়ালক সময় দিবলৈ চেষ্টা কৰোঁ৷ দায়িত্ববোৰ পালন কৰিবলৈ লওঁতে সেয়ে সীমাৰেখা মানি চলিবলগীয়া হয়৷ কিছু কঠিন হৈ পৰে যদিও তিনিওটা স্তৰতেই মই সততাৰে দায়িত্ব পালন কৰি সীমাৰেখাৰ মান নিৰূপণ কৰি জীৱন আগুৱাই নিবলৈ অহৰহ চেষ্টা কৰোঁ৷

আপুনি মৌচুমী চহৰীয়া হোৱাৰ আগেয়ে এগৰাকী জীয়ৰী, পিছলৈ বোৱাৰী, পত্নী হোৱাৰ লগতে এগৰাকী মাতৃও৷ আন্তৰিক সম্পর্কৰ এই বান্ধোন মজবুত কৰাত কেতিয়াবা কষ্টকৰ হয় বুলি ভাবেনে বাৰু?

হয় মিলাবলৈ অলপ কষ্টকৰ হয়, তথাপি মই পার্যমানে সময় মিলাই আগবাঢ়িবলৈ চেষ্টা কৰোঁ যাৰ বাবে আজি পর্যন্ত সময়ৰ আঁচনি বনাই এখন ৰুটিনৰ মাজেৰেহে নিজকে আগবঢ়াবলৈ অহৰহ চেষ্টা কৰোঁ৷ মোৰ ব্যস্ততাৰ বিৰূপ প্রভাৱ যাতে মোৰ সৰু পৃথিৱীখনত নপৰে, তাৰ বাবে কেতিয়াও চেষ্টাৰ ত্রুটি নকৰোঁ৷

সৃষ্টিয়ে সদায় গঢ়ি তোলে… সজাই–পৰাই তোলে৷ নেতিবাচকতাক পৰিহাৰ কৰি সৃষ্টিশীল মনটো ধৰি ৰখাও কেতিয়াবা কষ্টকৰ হৈ পৰে৷ এই সৃষ্টিশীল মনটোক ধৰি ৰাখিবলৈ জীৱনৰ ভিটামিন ৰূপত আপুনি কিহক আগস্থান দিব?

নাৰীৰ জীৱন এক অর্থত প্রত্যাহ্বানস্বৰূপ৷ প্রতিগৰাকী নাৰীয়েই জীৱনত কোনো নহয় কোনো প্রত্যাহ্বানৰ সন্মুখীন হয়েই৷ প্রত্যাহ্বানপূর্ণ এই জীৱনত ভিটামিন ৰূপত বুলিবলৈ দৰাচলতে মই সংগীত সাধনাৰ লগতে ধ্যান–যোগ সাধনা তথা পূজা–অর্চনা, প্রার্থনাক আগস্থান দিওঁ আৰু সময়ত হয়েই জীৱনৰ ভিটামিন হৈ থিয় দিয়ে৷ জীৱনৰ বাবে এখন ঢ়ালস্বৰূপ সংগীত সাধনা কিন্তু আমি শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ লগতে আটাহতকৈ প্রয়োজন হয় নিজকে মানসিকভাৱে সুস্থ কৰি ৰখা৷ শৰীৰটোক সুস্থ কৰি ৰখাৰ লগতে মনটোক সুস্থ কৰি ৰাখিবলৈ বহুতো কাম কৰিবলগীয়া হয়৷ যোগাত্মক চিন্তা–চর্চাৰ পৰা যোগাত্মক চিন্তাসমৃদ্ধ কিতাপ পঢ়ালৈ সকলো সমলেহ এই প্রসংগত ফলদায়ক হৈ উঠে৷ তাৰ উপৰি চিন্তাশক্তিক পার্যমানে গতি দিবলৈ আপ্রাণ চেষ্টা কৰোঁ৷ নেতিবাচকতাৰ পৰা আঁতৰি নিজকে সজীৱ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখোঁ৷

‘সৃষ্টি’ আপোনাৰ মানস সন্তান৷ মই জনাত ‘সৃষ্টি’ অনুষ্ঠানৰ সৈতে আপোনাৰ আছে নিবিড় সম্পর্ক৷ এই বিষয়ে অলপ জনাবচোন?

হয় ‘সৃষ্টি’ মোৰ মানস সন্তান৷ ‘সৃষ্টি’ৰ সৈতে আছে মোৰ গভীৰ সম্পর্ক৷ সংগীত আৰু শিক্ষাৰ পৰা আঁতৰি থকা সময়তেই গতানুগতিক জীৱনটোৰ পৰা আঁতৰি থাকিবলৈ সমাজৰ হকে কিবা এটা কৰাৰ মানসেৰেই ‘সৃষ্টি’ শীর্ষক অনুষ্ঠানটোৰ জন্ম দিওঁ৷ ভাৰতীয় সেনাবাহিনীত স্বামী কর্মৰত হেতুকে সমাজৰ বাবে কিবা অলপ কৰিবলৈ প্রথম অৱস্থাত নিজৰ ৰাহি ধনেৰেই আৰম্ভ কৰিছিলোঁ ‘সৃষ্টি’ৰ এই যাত্রা৷

ড০ মৌচুমী চহৰীয়া হোৱাৰ লগতে আপুনি এগৰাকী সেনা বিষয়াৰ পত্নীও৷ সৈনিক পত্নী ৰূপে আপুনি জনাওক মনৰ অৱস্থা তথা দায়িত্ব আৰু কর্তব্য৷

এগৰাকী সেনা বিষয়াৰ পত্নী হোৱা কথাটো ইমান সহজ নহয়, যিহেতু যথেষ্ট প্রতিকূল পৰিৱেশ–পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ যোগাত্মক চিন্তাৰে চাবলৈ ল’লে ভাৰতীয় সেনাবাহিনীৰ পৰা যথেষ্ট শিকিব পাৰিছোঁ৷ সংঘর্ষজর্জৰ অঞ্চলত থকা সময়ত আমাৰ বিষয়া পত্নীসকলৰ দায়িত্ব প্রতিমুহূর্ততে বহু বেছি বাঢ়ি যায়৷ জম্মুত থকা সময়ছোৱাত যুদ্ধলৈ যোৱাৰ সময়ত ভয় লাগিছিল যদিও ভয় একেবাৰেই দেখুৱাব পৰা নাছিলোঁ৷ সেহ সময়ছোৱাত আমিহে জোৱানবিলাকৰ পত্নীৰ ওচৰত সাহস হৈ থিয় দিব লাগিছিল৷ ভাৰতীয় সেনাবাহিনীৰ আটাহতকৈ ভাল লগা আদর্শহ হ’ল সর্বধর্মৰ সমন্বয়… সর্বধর্মস্থল মাথোঁ হৈ পৰিছে সমন্বয়ৰ তীর্থ৷ ইয়াত নাই কোনো জাতিভেদ৷ হিন্দু, মুছলিম, শিখ, খ্রীষ্টান সকলো ধর্মাৱলম্বী লোকৰেহ আছে সমূহীয়া আধ্যাত্মিক স্থল৷ হিন্দু–মুছলিমৰ সমন্বয়স্থলী অসমভূমিত ডাঙৰ হৈও যেন ভাৰতীয় সেনাবাহিনীত সুকীয়া এক সমন্বয়তীর্থত পদধূলা দি নিজকে ধন্য মানিছোঁ৷ ‘সবকা মালিক এক হে’ৰ আদর্শহহে যেন ভাৰতীয় সেনাবাহিনীত বিজয় নিচান উৰুৱায় যাৰ বাবে ভাৰতীয় সেনাবাহিনীৰ এটা অংশ হ’বলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰোঁ৷

আপুনি বাৰু কণ্ঠ সাধনাৰ পৰা নিজকে নিলগাই গীত সৃষ্টি তথা সুৰ সংযোজনত মনোনিৱেশ কৰিছে নেকি?

হয়, মই গান গোৱাৰ লগতে লিখোঁ, সুৰ কৰোঁ, কম্পোজ কৰোঁ আৰু যথেষ্টখিনি সৃষ্টিশীল কামত নিজকে জড়িত ৰাখি সুখী হৈ থাাকোঁ৷ ড০ ভূপেন হাজৰিকাৰ গীতৰ শুদ্ধ উচ্চাৰণ তথা শুদ্ধ গায়নশৈলী সম্পর্কিত বিভিন্ন বিদ্যায়তনিক অনুষ্ঠানতো নিজকে জড়িত কৰি ৰাখিছোঁ৷

সাহিত্য–সংগীতৰ লগতে দৰাচলতে মানুহৰ জীৱন ধাৰণ প্রণালীতো মোৰ বোধেৰে প্রয়োজন হয় ব্যাকৰণৰ আৰু এই ব্যাকৰণৰ অভাৱতেই সম্ভৱতঃ মানসিকভাৱে অসুখী হয় মানুহ৷ এই বিষয়ে আপোনাৰ মন্তব্য জনাবচোন?

হয়, মানুহৰ জীৱন ধাৰণ প্রণালীত ব্যাকৰণৰ খুবেই প্রয়োজন৷ শৃংখলাবদ্ধ জীৱন এটাৰ বাবে নিয়মানুৱর্তিতা, সময়ানুৱর্তিতা লাগিবই৷ অসমীয়া শিকিবলৈ যিদৰে অ–ফলা, ক–ফলাৰ প্রয়োজন, ঠিক তেনেদৰে সংগীত সাধনা কৰিবলৈও শাস্ত্রীয় সংগীত শিক্ষাৰ প্রয়োজন৷ ব্যাকৰণ অবিহনেহ অসুখী হৈ পৰে মানুহ৷ মানুহ সুখী হ’বলৈ কিন্তু জীৱনত কিছু ব্যাকৰণ মানি চলিবই লাগে৷ তাৰ বাবে সময়ক প্রাধান্য দিব লাগিবই৷ ‘সময়ৰ টিকনি আগফালে উৰে মামা’ৰ লেখীয়াকৈ সময়ৰ হাতে হাত ধৰি আগুৱাবই লাগিব৷ সুশৃংখলিত জীৱন এটা পাবলৈ হ’লে মনটোক সুস্থ ৰাখি নিয়মানুৱর্তিতা–সম মানি চলিবই লাগিব৷ ব্যাকৰণ অবিহনেই অসুখী হৈ পৰে মানুহ৷ তাৰ বাবে মানুহে সুস্থ মন এটাৰ বাবে ধ্যান, পূজা–প্রার্থনাৰে মনটোক প্রশমিত কৰি ৰাখিবহ লাগিব৷ আধ্যাত্মিক পৰিৱেশ এটাৰ মাজেৰে নিজকে ভিতৰৰ পৰাই সুস্থ কৰি ৰাখিব লাগিব৷ তাৰ বাবে মানুহে কিছু নীতি–নিয়মৰ জৰিয়তে নিজকে যুক্ত কৰি ৰাখিব লাগিব৷ অৱশ্যেই ভিন্ন ধর্মাৱলম্বী লোকভেদে হ’ব পাৰে সেই নীতি–নিয়মৰ ভিন্ন ধৰণ৷

আপোনাৰ সংগীত জীৱনৰ গুৰু কোন বাৰু? বিশেষ সেইগৰাকী গুৰুৰ প্রভাৱ আপোনাৰ জীৱনত কিদৰে পৰিছিল আৰু তেওঁৰ সান্নিধ্য আপুনি কিদৰে পাহছিল?

মোৰ সংগীত জীৱনৰ প্রথম গুৰু মোৰ মা আৰু শাস্ত্রীয় সংগীতৰ প্রথম গুৰু হৈছে ছিপাঝাৰত থকা সময়ছোৱাত পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়া, মঙলদৈত থকা সময়ত পাৰুল বাইদেউ, শ্রদ্ধাৰ অমৰেন্দ্র নাৰায়ণদেৱ৷ তেনেদৰে গুৱাহাটীলৈ অহাৰ পিছত শিৱেন বেনার্জী ছাৰ আৰু বৰগীতৰ বাবে নৰেন দাস ছাৰ মোৰ গুৰু হৈ পৰিল৷ সংগীতৰ উচ্চ শিক্ষাৰ বাবেহ পিছলৈ মুম্বাহৰ প্রসিদ্ধ সংগীত শিল্পী সুৰেশ ৱাদেকাৰ, পণ্ডিত পৰেশ জানা, মুকেশ পাৰমাৰদেৱৰ তত্ত্বাৱধানত সংগীতৰ শিক্ষা লৈ মুম্বাহৰ গন্ধর্ৱ বিদ্যালয়ৰ পৰা বিশাৰদ ডিগ্রী গ্রহণ কৰোঁ৷ তাৰ উপৰি মোৰ জীৱনৰ অন্যতম এগৰকী গুৰু হৈছে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা যিগৰাকী ব্যক্তিৰ শিষ্য হ’বলৈ পাই বহু কথাই আয়ত্ত কৰি নিজকে নিজে গৌৰৱান্বিত অনুভৱ কৰোঁ৷ শ্রদ্ধাৰ ড০ ভূপেন হাজৰিকাৰ সৈতে গুৰু–শিষ্যৰ সান্নিধ্যই মোক এটা অনন্য ৰূপত গঢ়ি তুলিলে৷ দায়িত্ববোধৰ প্রতি সজাগ কৰি তোলাৰ লগতে সুকীয়াকৈ গঢ়ি তুলিলে যাৰ বাবে হয়তো মহ অধিক সচেতনতাৰে আগুৱাব পাৰিলোঁ৷

এসময়ত ‘মই মৌচুমী’, ‘তুমি মৌচুমী’, ‘মৰমী মৌচুমী’ আদি কেছেটৰ গানেৰে প্রভূত জনপ্রিয়তা অর্জা মৌচুমী চহৰীয়াই চলচ্চিত্রত কণ্ঠদান কৰিছে নেকি, লগতে জানিব বিচাৰিম আজিৰ ড০ মৌচুমী চহৰীয়াৰ পৰিকল্পনাৰ বিষয়ে৷

হয়, খুব কমসংখ্যক চলচ্চিত্রত মই কণ্ঠদান কৰিছোঁ৷ চলচ্চিত্রত প্রথম মই ‘অগ্নিসাক্ষী’ত জুবিনদাৰ সৈতে কণ্ঠ নিগৰাহছিলোঁ (জীৱনৰ প্রথম বাংলা গীতৰ কেছেটখন জুবিনদাৰ সৈতে কণ্ঠ নিগৰোৱাৰ সুযোগ পাহছিলোঁ)৷ ‘তুমি সোণ আমাৰে মৰমৰ’ ‘মহাদেৱ কেনি গ’ল’ ‘শিৰতে সেন্দূৰ’ আদি গীতত কণ্ঠদান কৰিছিলোঁ৷ ‘জোনদা ইমান গুণ্ডা’, ‘মনে মোৰ কইনা বিচাৰে’ আদিকে ধৰি খুব কমসংখ্যক ছয়–সাতখনমান ছবিত কণ্ঠদান কৰিছোঁ৷ পৰিকল্পনা বুলিবলৈ বহুতেই আছে৷ শিক্ষাৰ লগতে সংগীতৰ ক্ষেত্রখনত কাম কৰা তথা মোৰ মানস সন্তান ‘সৃষ্টি’ক আগুৱাই নিয়াৰ পৰিকল্পনা যুগুতাই থৈছোঁ৷

আপোনাৰ জীৱনত সর্বাধিক প্রভাৱ পৰা ব্যক্তিগৰাকী কোন বাৰু?

জীৱনত সর্বাধিক প্রভাৱ পৰা ব্যক্তিগৰাকী কোন বুলি ক’লে এই প্রসংগতো মাৰ কথাই ক’ম৷ আজিপর্যন্ত তথা সদায়েই মাৰ সৈতে মই একাত্ম হৈ আছোঁ… আকৌ জীৱনৰ শ্রেষ্ঠ বন্বুূগৰাকীও হ’ল মোৰ মা৷ স্বামী তথা ল’ৰা দুজনসহ অকণমানি পৃথিৱীখনো মোৰ বাবে জীৱনত অন্যতম প্রভাৱিত মানুহ৷ প্রয়াত ভিনদেউ পৱন কুমাৰ নাথ আছিল মোৰ জীৱনৰ অন্যতম এগৰাকী অভিভাৱক তথা বন্বুূ৷ তেওঁ আজি আমাৰ মাজত নাই যদিও ভিনদেউৰ শূন্যতা মই অহৰহ অনুভৱ কৰোঁ৷

The post সুকন্যা : সুকণ্ঠী গায়িকা ড০ মৌচুমী চহৰীয়াৰে সাক্ষাৎকাৰ first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : যশস্বী মহিলা বাঁহীবাদক মিনু গগৈৰে সাক্ষাৎকাৰ
সাক্ষাৎ গ্রহণ : নৱ কুমাৰ শর্মা

ফোন : ৯৯৫৪৫–৯০১৩৩

প্রসিদ্ধ বাঁহী শিল্পী হিচাপে আপোনাৰ বিশেষ খ্যাতি–প্রতিষ্ঠা৷ শৈশৱৰ পৰা কিদৰে আগবাঢ়ি আজিৰ অৱস্থাত উপনীত হ’ল? সুদীর্ঘ বর্ণময় জীৱনযাত্রাৰ থূলমূল আভাস দিব নেকি?

হয়, বাঁহীৰ জৰিয়তেই মোৰ বিশেষ পৰিচিতি৷ শৈশৱতে হাতত লোৱা বাঁহীৰ জৰিয়তে মই আগবাঢ়ি আজিৰ অৱস্থালৈ আহিছোঁ৷ ঠিক আছে, মই কথাখিনি একেবাৰে শৈশৱৰ পৰা আৰম্ভ কৰোঁ৷ মোৰ জন্মস্থান সৰুপেটা৷ মোৰ দেউতা প্রয়াত সৰুমইনা গগৈ৷ দেউতা তেতিয়া কেন্দ্রীয় চৰকাৰৰ পোষ্টেল এণ্ড টেলিকম বিভাগৰ এগৰাকী বিষয়া হিচাপে গুৱাহাটীৰ পৰা সৰুপেটালৈ বদলি হৈছিল৷ সৰুপেটাত থকা অৱস্থাতেই মোৰ মা বৰপেটাৰ প্রয়াত ভাৰতী গগৈৰ সৈতে দেউতাৰ বিবাহ হৈছিল৷ সৰুপেটাতেই মোৰ জন্ম হৈছিল৷ তাৰ কিছুদিন পিছত দেউতা বদলি হয় বঙাইগাঁৱলৈ৷ তেতিয়া মোৰ বয়স ৫ বছৰমান হৈছিল৷ ক’বলৈ বেয়া লাগিছে যে বঙাইগাঁৱত চাকৰি কৰি থকা অৱস্থাতেই দেউতাৰ অকাল বিয়োগ হয়৷ দেউতাৰ মৃত্যুৰ পিছত মাই গুৱাহাটীৰ পাণবজাৰত থকা টেলিফোন এক্সচেঞ্জত চাকৰি লাভ কৰিছিল৷ তেতিয়া আমি মাৰ সৈতে শিলপুখুৰীত থাকিবলৈ লৈছিলোঁ৷ ভৰলুমুখৰ প্রাথমিক বিদ্যালয়ত মই গ্রহণ কৰিছিলোঁ প্রাথমিক শিক্ষা৷ পিছত পাণবজাৰ ছোৱালী হাইস্কুলত মাধ্যমিক শিক্ষা গ্রহণ কৰিছিলোঁ৷ তাৰ পৰাই মই মেট্রিক পৰীক্ষা পাছ কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত তেতিয়াৰ কটন মহাবিদ্যালয়ত মই পঢ়িছিলোঁ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত৷ তাৰ পৰা উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পিছত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিলোঁ৷ ইয়াৰ পিছত মই লক্ষ্ণৌৰ ভাটখাণ্ডেৰ সংগীত বিদ্যাপীঠ ডীন ইউনিভার্ছিটীৰ পৰা বাঁহী বিষয়ত বাদ্যনিপুণ অর্থাৎ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিলোঁ৷ তাৰ পৰা বাঁহীত বাদ্যনিপুণত উত্তীর্ণ মই আছিলোঁ প্রথম মহিলা শিক্ষার্থী৷ অৱশ্যে মই সৰুৰে পৰাই বাঁহী হাতত লৈছিলোঁ৷ বাঁহী শিকিছিলোঁ আৰু বজাইছিলোঁ৷ ১৯৭৭ চন মানত মই ওড়িশাৰ কটকত অনুষ্ঠিত হিন্দুস্থানী শাস্ত্রীয় সংগীত শিতানৰ বাঁহীত সর্বভাৰতীয় প্রতিযোগিতাত মই অংশগ্রহণ কৰিছিলোঁ৷ তেতিয়া মোৰ বয়স ১০ বছৰ মান হৈছিল৷ সেই একে সময়তে মই আকাশবাণী গুৱাহাটী কেন্দ্রত ‘অডিচন পৰীক্ষা’ত উত্তীর্ণ হৈ ‘চেমনীয়াৰ চ’ৰা’ত বাঁহী বজাইছিলোঁ৷ তাত প্রায় এবছৰ নিয়মিত বাঁহী পৰিৱেশন কৰিছিলোঁ৷ ইয়াৰ কিছুদিন পিছত ‘যুৱবাণী’ত অডিচন দি উত্তীর্ণ হৈ পুনৰ বাঁহী বজাইছিলোঁ আকাশবাণী গুৱাহাটীৰ ‘যুৱবাণী’ অনুষ্ঠানত৷ আচলতে সেই সময়ত মোৰ বয়স নোহোৱা সত্ত্বেও ‘যুৱবাণী’ত কণ্ঠ পৰীক্ষা দিয়াই মোক তাত বাঁহীবাদনৰ সুযোগ দিয়া হৈছিল৷ কাৰণ সেই সময়ত শাস্ত্রীয় সংগীতৰ বাঁহী বজোৱা লোক নাছিল৷ গতিকে বয়স নোহোৱা সত্ত্বেও মোক তাত বাঁহীবাদন কৰিবলৈ দিয়া হৈছিল৷ পৰৱর্তী পর্যায়ত মই বিভিন্ন শাস্ত্রীয় সংগীত সন্মিলনত বাঁহীবাদন কৰিছিলোঁ৷ ১৯৭৯ চনত ‘সদৌ অসম শাস্ত্রীয় সংগীত সন্মিলন’ অনুষ্ঠিত হৈছিল গুৱাহাটীৰ ৰবীন্দ্র ভৱনত৷ এই সন্মিলনত মই বাঁহী বজাইছিলোঁ৷ এই সন্মিলনত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত প্রতিযোগিতাত বাঁহীবাদনত মই প্রথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ প্রথম স্থান দখল কৰা বাবে সন্মিলনৰ মূল অনুষ্ঠানত মই এককভাৱে বাঁহী বজোৱাৰ সুযোগ লাভ কৰিছিলোঁ৷ এই সংগীত সন্মিলনত প্রখ্যাত বেহেলাবাদক ভি জি যোগৰ লগতে পাৰবীন চুলতানা, দিলচাদ খান আদিৰ দৰে যশস্বী সংগীতজ্ঞই অংশগ্রহণ কৰিছিল৷ সেইসকল বিশিষ্ট সংগীতজ্ঞৰ মই সান্নিধ্য লাভ কৰি বহু উপকৃত হৈছিলোঁ৷ পৰৱর্তী পর্যায়ত মই দেশৰ ভিন্ন প্রান্তত বাঁহীবাদন কৰি যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছিলোঁ৷ ইয়াৰ উপৰি মই ১৯৮৫ চনত ভাৰতীয় শাস্ত্রীয় সংগীতৰ জীৱন্ত কিংবদন্তি, বাঁহীৰ ভগৱান, ‘পদ্মবিভূষণ’ পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াৰ শিষ্যত্ব গ্রহণ কৰিছিলোঁ৷ ইতিমধ্যে এম এ পাছ কৰাৰ পিছতেই ১৯৯৩ চনত মই অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ অধীনস্থ ৰাজ্যিক সংগীত মহাবিদ্যালয়ত অসমীয়াৰ প্রবক্তা হিচাপে যোগদান কৰিছিলোঁ৷ কিন্তু প্রথম অৱস্থাত মোৰ পদটো নিয়মীয়া হোৱা নাছিল যাৰ বাবে মই যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ তথাপি মই মোৰ দায়িত্ব পালন কৰি গৈছিলোঁ৷ অৱশেষত ২০০১ বর্ষত মোৰ চাকৰি নিয়মীয়া হৈছিল৷ পিছত ২০২৫ বর্ষত মই চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰোঁ৷ এতিয়া মই বাঁহীৰ চর্চা অব্যাহত ৰাখিছোঁ৷

বাঁহীটো আপুনি কিদৰে আঁকোৱালি ল’লে?

তেতিয়া আমি গুৱাহাটীৰ শিলপুখুৰীত থাকোঁ৷ দেউতাৰ অকাল মৃত্যুৰ পিছত গুৱাহাটীৰ ‘টেলিফোন এক্সচেঞ্জ’ত মাই চাকৰি লাভ কৰিছিল৷ তেতিয়া মাৰ সৈতে আমি শিলপুখুৰীত থাকিবলৈ লৈছিলোঁ৷ তেতিয়া মই একেবাৰে সৰু৷ বয়স ৬ বছৰমান হ’ব৷ সেই সময়ত শিলপুখুৰীৰ আমি থকা ঘৰটোৰ কাষতে আছিল যশস্বী বাঁহীবাদক প্রভাত শর্মা, অনাতাঁৰ শিল্পী জয়হৰি দাস আৰু প্রভাত শর্মাৰ ভাতৃ তথা শিল্পী মুৰাৰি শর্মা৷ তিনিওগৰাকী একেলগে থাকিছিল৷ ইফালে প্রভাত শর্মাৰ লগত মোৰ মাৰ পূর্বৰে চিনাকি৷ সেই সূত্রে তিনিওগৰাকীৰ মাজে মাজে আমাৰ ঘৰলৈ অহা–যোৱা কৰি আছিল৷ তেতিয়া মই তেনেই কণমানি৷ প্রভাত শর্মাই মোক কোলাত লৈ মোৰ হাতৰ আঙুলিকেইটা লিৰিকি–বিদাৰি এবাৰ কৈছিল, ‘তোক মই বাঁহী শিকাম দেই৷ আমাৰ ইয়াত বাঁহী বজোৱা ছোৱালী নাই৷ মাদ্রাজ (আজিকালি চেন্নাই)তহে দুজনী বাই–ভনী আছে৷ এই কথাখিনি মোৰ মায়েও শুনিছিল৷ পিছত এদিন প্রসংগক্রমে মোৰ মাই প্রভাত শর্মাই কোৱা কথাখিনি শিল্পী জয়হৰি দাসক কৈছিল৷ তেতিয়া জয়হৰি দাসে লগে লগে ক’লে, ‘মিনুক ময়েই বাঁহী শিকাম৷’ শিল্পী জয়হৰি দাস ১৮টা বাদ্যত সিদ্ধহস্ত আছিল৷ তদুপৰি তেওঁ দিল্লীৰ ভোলানাথ প্রসন্না আৰু কলকাতাৰ গৌৰ গোস্বামীৰ পৰা হিন্দুস্থানী শাস্ত্রীয় সংগীতৰ ধাৰাত বাঁহীৰ শিক্ষা গ্রহণ কৰিবলৈ সক্ষম হৈছিল৷ লগতে অসমৰ লোকসংগীতৰ এগৰাকী অপ্রতিদ্বন্দ্বী শিল্পী আছিল তেওঁ৷ যি হওক, এদিন মায়ে মোৰ বাবে বাঁহী কিনি আনি মোৰ হাতত তুলি দিছিল৷ তেতিয়া মই তেনেই কণমানি৷ প্রথম স্কুললৈ গৈছোঁ মাত্র৷ প্রথম শ্রেণীত নামভর্তি কৰিছিলোঁ৷ মাই সেই বাঁহীটো পাণবজাৰত অৱস্থিত একমাত্র বাদ্যযন্ত্রৰ প্রতিষ্ঠান ‘সংগীতা’ৰ পৰা কিনি আনিছিল৷ ইয়াৰ পিছতেই মোৰ বাঁহীবাদন শিক্ষাৰ আৰম্ভ হয়৷ প্রভাত শর্মাৰ কথা অনুসৰি জয়হৰি দাসৰ পৰা প্রথম বাঁহীবাদনৰ শিক্ষা গ্রহণ কৰিছিলোঁ৷ প্রথমদিনা মোৰ মাৰ মাতৃ অর্থাৎ আইতা কিৰণ মুদৈয়ে শৰাই আগবঢ়াই পৰম শ্রদ্ধেয় জয়হৰি দাসৰ ওচৰত বাঁহীবাদনৰ শিক্ষা গ্রহণৰ শুভাৰম্ভ কৰিছিল৷ যি সময়ত মোৰ মায়ে প্রথম বাঁহীটো কিনি মোৰ হাতত দিছিল, তেতিয়া কিন্তু মোৰ একোৱেই জ্ঞান নাছিল বাঁহী সন্দর্ভত৷ মাত্র ফুঁৱাব লাগে মই ফুঁৱাই থাকোঁ৷ পিছত লাহে লাহে ডাঙৰ হোৱাৰ পিছৰ পৰাহে বাঁহীটোৰ প্রতি মই এটা আকর্ষণ অনুভৱ কৰিছিলোঁ৷ অৱশ্যে আমাৰ মা বৰপেটাৰ সুন্দৰীদিয়া সত্রৰ৷ সেয়ে আমাৰ ঘৰখনত এক সুন্দৰ সত্রীয়া পৰিৱেশ আছিল৷ গতিকে স্বাভাৱিকভাৱেই নাম–কীর্তন, ভাগৱত পাঠ আদি প্রায়ে চলি থাকে৷ ‘কৃষ্ণ’ সম্পর্কত আমাৰ ঘৰত খুব স্বাভাৱিকভাৱেই চর্চা হৈ থাকে৷ এইবোৰে মোৰ মনক যথেষ্ট প্রভাৱিত কৰিছিল৷ ঘৰখনৰ তেনে এক আধ্যাত্মিক পৰিৱেশত শৈশৱ অতিবাহিত কৰি ডাঙৰ হোৱাৰ পিছত মই নিজেই বুজি পালোঁ যে কৃষ্ণৰ হাতত বাঁহী থাকে৷ ভগৱান শ্রীকৃষ্ণই জগতৰ ঈশ্বৰ হৈ যদি বাঁহী বজাইছে, গতিকে এই বাঁহীটোৰ কিমান মহত্ত্ব থাকিব সেই অনুভৱ মোৰ অন্তৰত আহিছিল৷ সেই অনুভৱে মোক বাঁহী চর্চাৰ আধ্যাত্মিক দিশলৈ লৈ গৈছে৷ মোৰ ঘৰ যিহেতু বৰপেটাৰ সুন্দৰীদিয়া সত্রত, সেয়ে ঘৰখনত সত্রীয়া পৰিৱেশ পাইছোঁ৷ বাঁহীবাদনৰ ক্ষেত্রত গভীৰ অনুপ্রেৰণাও পাইছোঁ মাৰ পৰা৷

দেশৰ ভিন্ন স্থানৰ লগতে বিদেশতো আপুনি বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰি সমাদৃত হৈছে৷ সেই অভিজ্ঞতাৰ বিষয়ে জনাব নেকি?

হয়, মই দেশৰ প্রায় আটাইকেইখন ৰাজ্যৰ উপৰি বিদেশতো বাঁহীবাদন পৰিৱেশন কৰি বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ মই প্রথম ৰাষ্ট্রীয় পর্যায়ত বাঁহী বজাইছিলোঁ ওড়িশাৰ কটকত৷ হিন্দুস্থানী শাস্ত্রীয় সংগীতত বাঁহীত সর্বভাৰতীয় পর্যায়ত অনুষ্ঠিত ৰাষ্ট্রীয় সংগীত সন্মিলনত মই বাঁহী পৰিৱেশন কৰিছিলোঁ৷ সেয়া ১৯৭৭ চন মানৰ কথা৷ তেতিয়া মোৰ বয়স ১০ বছৰ মানহে আছিল৷ ইয়াৰ পিছৰে পৰা মই দিল্লী, চেন্নাই, মুম্বাই, কলকাতা, কেৰালা, মহীশূৰ, কুল্লু–মানালি (হিমাচল প্রদেশ), গুজৰাটৰ ভুজ, পুৰী, পাটনা আদিকে ধৰি দেশৰ প্রায় আটাইকেইখন ৰাজ্যতে ভালেমান অনুষ্ঠানত মই বাঁহী বজাইছিলোঁ৷ ইয়াৰে কিছুসংখ্যকত মই অকলে বাঁহীৰ অনুষ্ঠান কৰিছিলোঁ৷ বিপৰীতে আন কিছুসংখ্যক অনুষ্ঠানত মই গুৰুজী পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াৰ সৈতে বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰাৰ সৌভাগ্য হৈছিল৷ ইয়াৰ উপৰি মই বিদেশতো বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰিছোঁ৷ ২০১২ চনত মই প্রথম বিদেশত বাঁহীৰ অনুষ্ঠানত অংশগ্রহণ কৰিছিলোঁ৷ লণ্ডনৰ নেহৰু চেণ্টাৰত বাঁহীবাদনৰ অনুষ্ঠান কৰিছিলোঁ৷ লণ্ডনৰ পিছতে বার্মিংহাম আৰু ডুবাইতো বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰিছোঁ৷ বিদেশৰ আটাইকেইখন অনুষ্ঠানতে মই এককভাৱে বাঁহী বজাইছিলোঁ৷ দেশে–বিদেশে কৰা অনুষ্ঠানসমূহৰ জৰিয়তে মই যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হৈছোঁ৷ ২০০৪ চনত মই গোলাঘাটত বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ৷ ‘এমেচাৰ থিয়েটাৰ’ৰ ফালৰ পৰা আয়োজন কৰা হৈছিল এক অনুষ্ঠান য’ত কেৱল মোৰ বাঁহীৰ অনুষ্ঠানৰহে ব্যৱস্থা কৰা হৈছিল৷ তাত মই অকলে প্রায় দুঘণ্টা বাঁহী বজাইছিলোঁ যিটো হলত অনুষ্ঠান হৈছিল তাত ভর্তি দর্শক৷ আনকি থিয় হৈ বহু দর্শকে মোৰ শাস্ত্রীয় সংগীতৰ বাঁহীবাদন উপভোগ কৰিছিল৷ আৰু এটা গুৰুত্বপূর্ণ কথা যে তাত অনুষ্ঠান আৰম্ভ হোৱাৰ ঠিক আগে আগে উদ্যোক্তাসকলৰ পৰা ঘোষণা কৰি দিয়া হৈছিল যে অনুষ্ঠান চলি থকা সময়ত শিল্পীগৰাকীৰ ফটো যাতে কোনোকে নোতোলে৷ কাৰণ শাস্ত্রীয় সংগীতৰ দৰে গাম্ভীর্যপূর্ণ এই অনুষ্ঠান পৰিৱেশন কৰি থকা সময়ত মুকলিভাৱে সকলোৱে ফটো সংগ্রহ কৰি থাকিলে শিল্পীগৰাকীৰ অনুষ্ঠানত ব্যাঘাত হ’ব পাৰে৷ সেয়ে উদ্যোক্তাসকলে এনে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছিল৷ মোৰ নিজৰ অসমৰে সদাশয় দর্শক–ৰাইজে মোৰ প্রতি দেখুওৱা এনে অকুণ্ঠ সহযোগে মোক যথেষ্ট উৎসাহিত কৰিছে৷ সেই কথা মোৰ বাবে আজিও স্মৰণীয় হৈ আছে৷ দিল্লীতো এবাৰ অনুষ্ঠান কৰাৰ পিছত তাত উপস্থিত থকা বহু বিদেশী লোকৰ লগতে আমাৰ দেশৰো ভালেসংখ্যক সাংবাদিক, বিশিষ্ট লোকে মোৰ সাক্ষাৎকাৰ গ্রহণ কৰিছিল৷ ইয়াৰ বাবে মই মনত উৎসাহ পাইছিলোঁ৷ আকৌ বার্মিংহামত অনুষ্ঠানত কৰোঁতে তাত বেছিভাগ ইংৰাজ লোক উপস্থিত আছিল৷ তেওঁলোকেও মোৰ বাঁহীবাদন মনোযোগেৰে শুনি থকা প্রত্যক্ষ কৰি মই পুলকিত হৈ পৰিছিলোঁ৷ দেশে–বিদেশে অনুষ্ঠান পৰিৱেশন কৰি লব্ধ অভিজ্ঞতাসমূহে মোক কর্মক্ষেত্রত শক্তিশালী ৰূপত প্রতিষ্ঠাও কৰিছে৷ ইয়ে মোক অধিক অগ্রগামী, কর্মক্ষম কৰি তুলিছে৷ সেই মধুৰ অভিজ্ঞতাৰ স্মৃতি ৰোমন্থন কৰি মোৰ নিজৰেই বহুত ভাল লাগে৷

প্রখ্যাত বাঁহীবাদক হৰিপ্রসাদ চৌৰাচিয়া আপোনাৰ ‘গুৰুজী’৷ এইগৰাকী যশস্বী সংগীতজ্ঞৰ সান্নিধ্য আৰু ব্যক্তিত্ব সম্পর্কত আপোনাৰ বক্তব্য?

আকাশবাণী গুৱাহাটীত মই বাঁহীৰ নিয়মীয়া শিল্পী হিচাপে স্বীকৃত হৈছিলোঁ৷ সেই সূত্রে আকাশবাণী গুৱাহাটী কেন্দ্রৰ আন এগৰাকী শিল্পী জয়হৰি দাসে মোক কেন্দ্রৰ ‘আর্কাইভ’ত থকা হৰিপ্রসাদ চৌৰাচিয়াৰ বাঁহীবাদনৰ ৰেকর্ড শুনাইছিল৷ জয়হৰি দাস আমাৰ প্রতিবেশী৷ লগতে তেওঁ মোক বাঁহী শিকাইছিল প্রথমবাৰৰ বাবে৷ সেইবাবে মোক উৎসাহিত কৰিবলৈ তেওঁ মোক যশস্বী বাঁহীবাদক পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াৰ বাঁহীবাদন শুনাইছিল৷ তেতিয়া সেই বাঁহীবাদন শুনাৰ পিছৰে পৰা মনতে ঠিক কৰিছিলোঁ যে এইগৰাকী সংগীতজ্ঞৰ ওচৰতে মই বাঁহীবাদন শিকিম৷ এবাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ অধীনত বাঁহী শিকিবৰ বাবে ‘নেচনেল স্কলাৰশ্বিপ’ৰ খবৰ পালোঁ৷ তাত আবেদন জনাবলৈ হ’লে গুৰু বা কোনো সংশ্লিষ্ট শৈক্ষিক প্রতিষ্ঠানৰ দৰকাৰ৷ কিন্তু সেই সময়ত সেয়া মোৰ নাছিল যাৰ বাবে আবেদনৰ ক্ষেত্রত আহি পৰিল প্রতিবন্ধকতা৷ পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়া মুম্বাইত থাকে৷ তেওঁক গুৰু হিচাপে ল’ব পাৰিলে মোৰ সকলো মনোবাঞ্ছা পূৰণ হ’ব৷ সেয়ে তেওঁৰ লগত যোগাযোগ কৰিবলৈ মই প্রথমে মাৰ সহায় ল’লোঁ৷ মা তেতিয়া ‘গুৱাহাটী টেলিফোন এক্সচেঞ্জ’ত কর্মৰত৷ মাই গুৱাহাটীৰ পৰা মুম্বাই টেলিফোন এক্সচেঞ্জৰ সৈতে যোগাযোগ কৰি পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়ালৈ টেলিগ্রাম মেছেজ দিছিল৷ মই তেওঁৰ ওচৰত বাঁহী শিকিম বুলি মেছেজ দিছিলোঁ৷ তেওঁ মোক‘WelCome’ বুলি প্রত্যুত্তৰ দিছিল৷ সেয়া ১৯৮৩ চন মানৰ কথা৷ ইয়াৰ পিছত ১৯৮৫ চনৰ নৱেম্বৰ মাহত সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা গুৱাহাটীৰ জজ ফিল্ডত এখন শাস্ত্রীয় সংগীত সন্মিলনৰ আয়োজন কৰিছিল৷ তাত ১৯৮৫ চনৰ ২৫ নৱেম্বৰৰ নিশা সন্মিলনৰ গ্রীনৰূমত মই যশস্বী সংগীত শিল্পীগৰাকীক সাক্ষাৎ কৰিছিলোঁ৷ আৰু তাত মই পঠিওৱা টেলিগ্রামৰ কপিটো দেখুৱালোঁ৷ তেওঁ সঁহাৰি জনালে৷ মই লগত বাঁহী আনিছোঁনে সুধিছিল৷ কিন্তু সিদিনা বাঁহী লৈ যোৱা নাছিলোঁ৷ তেওঁ বাঁহীটো আনিবলৈ ক’লে৷ আনকি তেওঁ নিজে তেতিয়াৰ সাংস্কৃতিক সঞ্চালক গিৰিজাপ্রসাদ দাসক মোৰ বাঁহীটো অনাৰ ব্যৱস্থা কৰি দিবলৈ ক’লে৷ অৱশেষত তেওঁ এগৰাকী কর্মচাৰীৰ হতুৱাই আমাৰ ঘৰৰ পৰা বাঁহী লৈ আনিলে৷ গুৰুত্বপূর্ণ কথাটো হ’ল প্রথম দেখাৰ দিনাই তেওঁ সিদিনাই তেওঁৰ সৈতে মঞ্চত মোক বাঁহীবাদন কৰিবলৈ সুযোগ দিলে৷ মই তেওঁৰ লগত একেলগে মঞ্চত বাঁহী বজালোঁ৷ আমাৰ এই অনুষ্ঠানত তবলা বজাইছিল প্রখ্যাত তবলাবাদক শ্যামল বসুৱে৷ অনুষ্ঠানৰ সামৰণিত তবলাবাদক শ্যামল বসুৱে মোক সুধিছিল, ‘য়ে বাটচী কিসসে শিক্ষায়া?’ তেওঁৰ ওচৰতে থকা দেশে–বিদেশে সমাদৃত পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াই ক’লে, ‘মেৰা শিষ্য’৷ আৰু তেতিয়াৰ পৰাই মই তেওঁৰ শিষ্য হৈ পৰিলোঁ৷ অত্যন্ত আশ্চর্যজনকভাৱে মই তেওঁৰ শিষ্যত্ব লাভ কৰিলোঁ৷ মোৰ বাবে এয়া সৌভাগ্য৷ আৰু তেতিয়াৰ পৰা তেওঁৰ মোৰ ‘গুৰুজী’৷ গভীৰ ব্যক্তিত্বসম্পন্ন লোক তেওঁ৷ ভগৱানৰ দৰে অনুভৱ হয়৷ গুৰুৰ দৰেই লাগে৷ তেওঁ খোৱা–লোৱাৰ পৰা আমাৰ সকলো খা–খবৰ লয়৷ এগৰাকী পিতৃৰ দৰে আমাক মৰম কৰে৷ কথা–বতৰাত অত্যন্ত ভাল৷ উচ্চ খাপৰ বহল মনৰ গৰাকী গুৰুজী৷ পূর্বজন্মত হয়তো কিবা ভাল কাম কৰিছিলোঁ, যাৰ বাবে গুৰুজীৰ সান্নিধ্য পাবলৈ সক্ষম হৈছোঁ৷ এয়া মোৰ পৰম সৌভাগ্য৷

বাঁহী বজাবলৈ অসমৰ নৱপ্রজন্মৰ আগ্রহ কেনে?

আগ্রহ নিশ্চয় আছে৷ এনেয়ে বাঁহী বজোৱা লোক বহু আছে৷ কিন্তু শাস্ত্রীয় সংগীতত বাঁহীৰ চর্চা কৰিবলৈ অলপ কম ইচ্ছা৷ কাৰণ শাস্ত্রীয় সংগীতত বাঁহী বজাবলৈ যথেষ্ট ধৈর্য লাগিব৷ কিন্তু আজিৰ প্রজন্মৰ বহুতৰে ধৈর্যৰ অভাৱ পৰিলক্ষিত হয়৷ যি কাৰণত শাস্ত্রীয় সংগীতত বাঁহী পৰিৱেশন কৰা লোক–শিক্ষার্থীৰ সংখ্যা সীমিত বুলি মই ভাবোঁ৷ শুদ্ধকৈ বিশ্লেষণ কৰিলে অন্য আৰু ভালেমান কাৰক নিশ্চয় ওলাব৷

বাঁহী বজোৱাত সুনিপুণ হ’বলৈ মূলতঃ কি বিশেষ গুণৰ দৰকাৰ?

প্রথম কথা ধৈর্য থাকিব লাগিব৷ দ্বিতীয়তে, শাস্ত্রীয় সংগীতৰ প্রতি সম্পূর্ণ সমর্পিত হ’ব লাগিব৷ সংগীতৰ প্রতি গভীৰ–আন্তৰিক আনুগত্যশীল হ’ব লাগিব৷ দৰাচলতে এনেবোৰ বিশেষ গুণে বাঁহীবাদনৰ ক্ষেত্রত সুনিপুণ হোৱাৰ ক্ষেত্রত অৰিহণা যোগায়৷

ৰাজহুৱা অনুষ্ঠান আদিত সাধাৰণতে বাঁহীবাদন খুব কম পৰিমাণে দেখা যায়৷ কি কাৰণ বুলি আপুনি ভাবে?

আচলতে, বাঁহীটো দেখাত বহুত সহজ যেন অনুমান হয়৷ কিন্তু সংগীত চর্চাৰ ক্ষেত্রত ই কঠিন৷ সেয়ে বাদ্যবিধ আয়ত্ত কৰি সুনিপুণ হোৱাটো সহজলভ্য নহয়৷ গতিকে ৰাজহুৱা অনুষ্ঠানত এনে গভীৰ বাদ্যৰ অনুষ্ঠান যথেষ্ট সীমিত বুলিয়ে মই ভাবোঁ৷

The post সুকন্যা : যশস্বী মহিলা বাঁহীবাদক মিনু গগৈৰে সাক্ষাৎকাৰ first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : গুৱাহাটীত চিটীবাছৰ একমাত্র চালক পাপৰি ৰয় ৰাভাৰে সাক্ষাৎকাৰ
সাক্ষাৎ গ্রহণ : নৱ কুমাৰ শর্মা

ফোন : ৯৯৫৪৫–৯০১৩৩

গুৱাহাটী মহানগৰীত অসম ৰাজ্যিক পৰিবহণ নিগম চমুকৈ এএছটিচিৰ চিটীবাছ চালক হিচাপে আপুনি একমাত্র মহিলা যাৰ বাবে এতিয়া আপোনাৰ এক সুকীয়া চিনাকি গঢ়ি উঠিছে৷ আৰম্ভণিৰে পৰা কিদৰে আগবঢ়ি আপুনি উক্ত সেৱাত ব্রতী হ’ল?

আচলতে প্রথম অৱস্থাত মই ব্যৱসায়হে কৰিছিলোঁ৷ সেয়া ২০১১ চন মানৰ কথা৷ তেতিয়া আমাৰ ঘৰত ব্যাপক আর্থিক দীনতা৷ টকা–পইচাৰ অভাৱ দূৰ কৰিবলৈ মই ব্যৱসায় আৰম্ভ কৰিছিলোঁ৷ মোৰ ঘৰ হ’ল বকোৰ ওচৰৰ শিঙৰিৰ বৰগাঁও–বাকৰাপাৰাত্৷ আমাৰ ঘৰৰ ওচৰে–পাঁজৰে মই সেই সময়ত তামোল–পাণৰ দোকান দিছিলোঁ৷ মোৰ ভণ্টি আছিল গুৱাহাটীৰ মালিগাঁৱত৷ এবাৰ ভণ্টিৰ ঘৰলৈ আহিছিলোঁ৷ তেতিয়া বজাৰত দেখিছিলোঁ তৰকাৰীপাতিৰ দাম বহু বেছি৷ গাঁৱত যিহেতু তৰকাৰীৰ দাম কম, সেয়ে কম দামত গাঁৱত তৰকাৰী কিনি, গুৱাহাটীত বিক্রী কৰি নতুন ব্যৱসায় কৰিবলৈ মন মেলিলোঁ অর্থাৎ ২০১২ চন মানত মই জিকা–ভোল, লেছেৰা আদিকে ধৰি তৰি–তৰকাৰীৰ ব্যৱসায় আৰম্ভ কৰিলোঁ গুৱাহাটীত৷ এই ব্যৱসায় কৰি সেই সময়ত মই যথেষ্ট লাভৱান হৈছিলোঁ৷ লাভৰ টকাৰে গাঁৱৰ পৰা বুজন পৰিমাণৰ তৰকাৰী গুৱাহাটীলৈ সুচলভাৱে সৰবৰাহ কৰিব পৰাকৈ এখন গাড়ী ক্রয় কৰাৰ সিদ্ধান্ত ল’লোঁ৷ ভবামতেই কাম কৰিলোঁ অর্থাৎ গাড়ী এখন কিনিলোঁ৷ ‘ছোটা হাতী’ বুলি সর্বসাধাৰণৰ মাজত পৰিচিত মাল টনা গাড়ী এখন কিনিছিলোঁ৷ প্রায় ৬ লাখ টকীয়া গাড়ীখন ডেৰ লাখ টকা বেংকত জমা দি কিস্তি হিচাপত টকা আদায় দিয়াৰ চর্ত সাপেক্ষে গাড়ীখন কিনিছিলোঁ৷ কিন্তু গাড়ীখন মই চলাব নাজানো৷ চালক এজন ৰাখিলোঁ৷ গাড়ীখনেৰে তৰকাৰীৰ ব্যৱসায় ভালদৰেই চলিছিল৷ কিন্তু ইয়াৰ কিছুদিন পিছত সন্মুখলৈ আহিছিল এক সমস্যা অর্থাৎ গাড়ীখনৰ চালকজনে মাজে মাজে মোক অসুবিধা দিবলৈ আৰম্ভ কৰিছিল৷ মানে প্রয়োজনৰ সময়ত তেওঁ নাহিছিল৷ ফলত মই অসুবিধাত পৰিবলগীয়া হৈছিল৷ মই নিজেই ভাবিবলৈ ধৰিলোঁ যে এই চালকক ৰাখিলে মই গাড়ীৰ কিস্তিও দিব নোৱাৰিম আৰু জিৰ’ হৈ পৰিম৷ সেয়ে মই গাড়ী চলাবলৈ শিকিম বুলি সিদ্ধান্ত ল’লোঁ৷ ইতিমধ্যেই আগতে গাড়ীখনেৰে অহা–যোৱা কৰোঁতে কাষত বহি চলোৱাৰ কায়দা–কিটিপখিনি মই প্রাথমিকভাৱে আহৰণ কৰি লৈছিলোৱেই৷ অৱশেষত ২০১৪ চনৰ কোনোবা এটা দিনত মই গাড়ীখন অকলে লৈ বাহিৰলৈ ওলালোঁ৷ ঘৰৰ কাষতে এখন মুকলি পথাৰ আছে৷ তাত অকলে অকলে চলাবলৈ আৰম্ভ কৰিলোঁ৷ এনেদৰে কাৰো সহায় নোলোৱাকৈ বহু সময় গাড়ীখন চলালোঁ৷ গাড়ীখন এনেদৰে চলাই থকা দেখিলে আমাৰ কাষৰে আন এজন চালকে৷ তেওঁ আগবাঢ়ি আহিল মোৰ কাষলৈ৷ তেতিয়া তেওঁক লগত লৈ মোৰ ভুলখিনি তেওঁৰ সহায়ত শুদ্ধ কৰিলোঁ৷ কামৰূপ (মহানগৰ)ৰ পূর্বৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ জৰিয়তে মই মেঘালী দাস নামৰ এগৰাকী উদ্যোগী মহিলাক লগ পাইছিলোঁ৷ গুৱাহাটীৰ ছয়মাইলত থকা তেওঁৰ ‘মেঘনা ট্রেভেল্ছ’ৰ সৌজন্যত মই বিনামূলীয়াকৈ গাড়ীচালনাৰ আনুষ্ঠানিক শিক্ষা ল’লোঁ আৰু লগতে লাভ কৰিলোঁ গাড়ী চালনাৰ অনুজ্ঞাপত্র৷ তাত আমি একেলগে ১৩গৰাকী মহিলাই গাড়ী চলোৱাৰ প্রশিক্ষণ লৈছিলোঁ৷ ইয়াৰ পিছৰে পৰা মই ছুইফ্ট ডিজায়াৰ আদিৰ দৰে সৰু গাড়ী বৰঝাৰ বিমানবন্দৰৰ পৰা গুৱাহাটীৰ অঞ্চলে অঞ্চলে চলাবলৈ আৰম্ভ কৰিছিলোঁ৷ এনেদৰে ২০১৮ চন মানলৈ মই গাড়ী চলাই পিছত এই কাম সাময়িকভাৱে বাদ দিছিলোঁ৷ পিছত এএছটিচিৰ নতুন ইলেক্ট্রিকেল চিটীবাছৰ চালকৰ বাবে ‘মেঘালী ট্রেভেল্ছ’ৰ মেঘালী দাসে প্রশিক্ষণ সম্পূর্ণ কৰা ১৩গৰাকী মহিলা চালকক নিযুক্তি দিবলৈ এএছটিচিক অনুৰোধ কৰিছিল৷ তেতিয়া কর্তৃপক্ষৰ ফালৰ পৰা ইমান মূল্যৱান গাড়ী মহিলা চালকৰ হাতত তুলি দিবলৈ সাহস নকৰিলে৷ কিন্তু কিছুদিন পিছত এএছটিচিৰ পৰা মেঘালী দাসলৈ ফোন আহিছিল আৰু ১৩গৰাকী চালককে পুৰুষৰ সৈতে সমানে সমানে ‘ইণ্টাৰভিউ’ দিবলৈ ক’লে৷ সেই সূত্রে পুৰুষৰ সৈতে মই সমানে সমানে সাক্ষাৎকাৰ দিলোঁ৷ সাক্ষাৎকাৰত বহু পুৰুষক পিছ পেলাই মই উত্তীর্ণ হৈছিলোঁ৷ অৱশেষত চলিত বর্ষৰে যোৱা ফেব্রুৱাৰী মাহৰ পৰা কামত নিযুক্ত হৈ কর্তব্য পালন কৰি আছোঁ৷

চালক হিচাপে নিযুক্তি লাভ কৰা সেই সাক্ষাৎকাৰ সম্পর্কে অলপ ক’ব নেকি?

সাক্ষাৎকাৰৰ পূর্বে তিনি দিন আমাক প্রশিক্ষণ দিয়া হৈছিল৷ অনলাইনত হৈছিল এই প্রশিক্ষণ৷ প্রথম দিনাই মোৰ‘Heavy P.S.B Driving Lisence’খন চাইছিল কর্তৃপক্ষই৷ তাৰ পিছত তিনি দিন চলিছিল প্রশিক্ষণ৷ প্রশিক্ষণৰ অন্তত চতুর্থ দিনা হৈছিল সাক্ষাৎকাৰ৷ গুৱাহাটীৰ ৰূপনগৰৰ এএছটিচি বাছ আস্থানত হৈছিল সাক্ষাৎকাৰ৷ সেই সময়ত ইলেক্ট্রিক বাছখন খিৰিকীৰে মূৰ নুলিওৱাকৈ কেৱল আইনাত চাই গাড়ীখন ‘আগুওৱা–পিছুওৱা’ কৰিব দিছিল৷ এনেদৰে গাড়ীচালনাৰ কেইবাটাও জটিল পদক্ষেপৰ মুখামুখি হ’বলগীয়া হৈছিল৷ এই সকলোখিনিয়েই মই সহজতেই পাৰ কৰিবলৈ সক্ষম হৈছিলোঁ৷ পিছত মোক সাক্ষাৎকাৰ লোৱা এগৰাকী জ্যেষ্ঠ বিষয়াই কৈছিল, ‘তুমি ইমান মূল্যৱান এই গাড়ীখন সঁচাকৈ ভালকৈ চলাব পাৰিবানে?’ এই কথাটো তেওঁ মোক বাৰম্বাৰ সোঁৱৰাই দি সুধি আছিল৷ প্রতিবাৰেই হয় মই পাৰিম বুলি দৃঢ়ভাৱে কৈছিলোঁ৷ অৱশেষত সেই দায়িত্বভাৰ মই লাভ কৰিলোঁ৷

আপুনি এতিয়ালৈকে কি কি গাড়ী চলাইছে?

সকলো ধৰণৰ ট্রাক, ডাম্পাৰ, বাছ, ছুইফ্ট ডিজায়াৰ, ৱেগনাৰ, ট্রেক্টৰ আদি প্রায় সকলো প্রকাৰৰ চাৰিচকীয়া বাহনৰ লগতে বুলেটকে ধৰি সকলো দুচকীয়া বাহন চলাই পাইছোঁ৷ অৱশ্যে মাটি কটা এক্সকেভেটৰ মই এতিয়ালৈ চলাই পোৱা নাই৷ বাকী প্রায়খিনি বাহনেই মই চলাব পাৰোঁ৷

গাড়ী চলাওঁতে বহুতে অযথা ‘হর্ন’ বজাই পৰিৱেশ বিনষ্ট কৰা দেখা যায়৷ এইক্ষেত্রত আপোনাৰ মতামত?

হয়, এইটো এটা দৰকাৰী কথা৷ বিশেষকৈ জনস্বাস্থ্যৰ লগত জড়িত ই এক গুৰুত্বপূর্ণ বিষয়৷ বহুতে বিষয়টোক কার্যতঃ অৱজ্ঞা কৰা দেখা যায়৷ অপ্রয়োজনীয়ভাৱে মই প্রায়ে হর্ন বা গাড়ীৰ শিঙা নবজাওঁ৷ অৱশ্যে মই যিহেতু ডাঙৰ গাড়ী চলাওঁ, গতিকে পথচাৰীসকলে সাধাৰণতে পথৰ পৰা কাষলৈ গৈ পথ মুকলি কৰি দিয়েই৷ ইয়াৰ মাজতে বাহন চালনাৰ সময়ত যথাসম্ভৱ কমকৈ হর্ন বজাই শব্দ প্রদূষণ নিয়ন্ত্রণৰ প্রচেষ্টা চলাই আহিছোঁ৷ কাৰণ অযথাভাৱে বজোৱা গাড়ীৰ শিঙাৰ শব্দই পৰিৱেশ বিনষ্ট কৰে৷ শব্দ প্রদূষণৰ ফলত মানুহৰ স্নায়ৱিক তথা আনুষংগিক নানা ৰোগৰো সম্ভাৱনা থকাৰ কথা মই জানো৷ সেয়ে এইক্ষেত্রত মই যথেষ্ট সজাগ৷ মই অন্য সংশ্লিষ্ট সকলো পক্ষকে অযথা হর্ন বজাই পৰিৱেশ বিনষ্ট নকৰিবলৈ আহ্বান জনালোঁ৷ বিষয়টোক লৈ সংশ্লিষ্ট কর্তৃপক্ষই সকলোৰে মাজত জনসজাগতা বৃদ্ধি কৰিবলৈ কিছু কার্যকৰী ব্যৱস্থা গ্রহণ কৰা উচিত বুলি মই ভাবোঁ৷

গাড়ী চালনাৰ ক্ষেত্রত মহিলা হিচাপে কিবা প্রত্যাহ্বান?

প্রায় সকলো কামতেই কম–বেছি বাধা–বিপত্তি, সমস্যা, প্রত্যাহ্বান থাকেই৷ গতিকে গাড়ী চলোৱাৰ ক্ষেত্রতো নিশ্চয় ব্যতিক্রম নহ’ব৷ দৰাচলতে প্রথম অৱস্থাত মই অলপ বেছি অসুবিধা পাইছিলোঁ৷ কাৰণ আমি গাঁৱৰ ভিতৰুৱা এক সাধাৰণ এলেকাৰ পৰা ওলাই আহিছোঁ৷ গতিকে বাহিৰৰ নগৰীয়া পৰিৱেশত গাড়ী এখনৰ সৈতে তৎক্ষণাৎ মিলি যোৱা স্বাভাৱিকভাৱেই কিছু কঠিন৷ কিন্তু তাৰ মাজতে আগবাঢ়ি থাকিলোঁ৷ এতিয়া অৱশ্যে তেনে কোনো বিশেষ সমস্যা, আহুকাল বা প্রত্যাহ্বান নাই৷ এতিয়া মোটামুটিভাৱে ঠিকেই চলি আছোঁ৷

এখন ডাঙৰ আকাৰৰ গাড়ীৰ সৈতে জীৱন–জীৱিকা চলাই থাকি মাজে–সময়ে পোৱা জিৰণি বা অৱসৰৰ সময়ত আপুনি কি কাম কৰি ভাল পায়?

জিৰণি বা অৱসৰৰ সময়ত মই গান শুনো৷ মোৰ এটা ইউটিউব চেনেল আছে৷ তাত মাজে মাজে ভিডি’ বনাই আপলোড কৰোঁ৷ ইয়াৰ জৰিয়তে সদাশয় লোকৰ পৰা মই যথেষ্ট সঁহাৰি লাভ কৰিছোঁ৷ ইয়াৰ উপৰি অৱসৰকালীন সময়ত মোৰ আন এটা প্রিয় চখ হ’ল ভাগৱত পাঠ শুনা৷ মই অত্যন্ত ভাল পাওঁ ভূপেন বণিয়াৰ ভাগৱত পাঠ শুনি৷ সময় পালেই মই ভাগৱত পাঠ শুনো৷ পুৱা–গধূলি প্রার্থনা শুনাটো মোৰ এক প্রাত্যহিক অভ্যাস৷ ৰামায়ণ–মহাভাৰত আদিও শুনো৷ আকৌ নামতী দলৰ সৈতে মই মাজে মাজে তাল বজাওঁ৷ এনেবোৰ কামৰ মাজেৰেই অতিবাহিত হয় মোৰ জিৰণিৰ সময়৷

মহানগৰীত প্রথম দিনা চিটীবাছ চালনাৰ প্রথম অভিজ্ঞতাৰ স্মৃতি ৰোমন্থন কৰিব নেকি?

গুৱাহাটীত মই আনুষ্ঠানিকভাৱে প্রথম চিটীবাছ চলাইছিলোঁ চলিত বর্ষৰ ১৫ ফেব্রুৱাৰীত৷ এএছটিচিৰ অধীনৰ সেই বাছখন আছিল পিএম ই–বাছ৷ সেইখন এখন মূল্যৱান–ত্যাধুনিক ইলেক্ট্রিক বাছ৷ প্রথমে ৰূপনগৰৰ এএছটিচিৰ বাছ আস্থানৰ পৰা পল্টনবজাৰলৈ বাছখন লৈ গৈছিলোঁ৷ তাৰ পৰা খানাপাৰালৈ গৈছিলোঁ৷ প্রথম দিনটো চিটীবাছ আনুষ্ঠানিকভাৱে চলোৱাৰ অভিজ্ঞতা যথেষ্ট আশাব্যঞ্জক বুলিয়েই ক’ব লাগিব অর্থাৎ সিদিনা মোৰ যথেষ্ট ভাল লাগিছিল৷ ব্যাপক উৎসাহ অনুভৱ কৰিছিলোঁ৷

আমি কামনা নকৰোঁ, তথাপি গাড়ী চলাওঁতে কেতিয়াবা কিবা বিপদ বা প্রতিকূলতাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছিল নেকি?

হয়, গাড়ী চলাওঁতে এবাৰ দুর্ঘটনা সংঘটিত হৈছিল৷ অৱশ্যে সেয়া গাড়ী শিকাৰ একেবাৰে প্রাৰম্ভিক অৱস্থাৰ সময়ৰ কথা৷ মই আগতেই উল্লেখ কৰিছিলোঁ যে মই প্রথম দিনা অকলেই গাড়ী শিকিবলৈ গাড়ীখন লৈ গৈছিলোঁ৷ আমাৰ ঘৰৰ ওচৰৰ পথাৰত গাড়ীখন চলাইছিলোঁ৷ সেই সময়ত স্বইচ্ছাই অহা আন এজন চালকে মোক কিছু দিহা–পৰামর্শ দিছিল৷ সেই মতে গাড়ী চলাই মই একপ্রকাৰ পার্গত হৈ পৰিছিলোঁ৷ এনেদৰে চলাই তিনি দিন অতিক্রম কৰিলে৷ শিকাৰ চতুর্থ দিনাৰ কথা৷ সিদিনা মই বজাৰৰ সা–সামগ্রী লৈ লগৰ কেইগৰাকীমান সহযোগীৰ সৈতে গুৱাহাটীলৈ গাড়ীখন লৈ ওলাইছিলোঁ৷ গাড়ী মই চলাইছিলোঁ৷ আগনিশা মোৰ অলপ টোপনি ক্ষতি হৈছিল৷ ইফালে একেবাৰে কাহিলি পুৱাতেই বজাৰলৈ বুলি যাবলগীয়া হৈছিল৷ এনেদৰে গৈ থাকোঁতে পুৱতি নিশা মোক টোপনিৰ আৱেশে বিপদগ্রস্ত কৰিলে৷ গাড়ীখন ভৰলুত দুর্ঘটনাত পতিত হৈছিল৷ গাড়ীখন এনেদৰে বাগৰি পৰে যে তাৰ পৰা বজাৰৰ সামগ্রীসহ আমি মানুহখিনিও ওলাই পৰিছিলোঁ৷ অৱশ্যে সৌভাগ্যবশতঃ আমাৰ বিশেষ ক্ষয়–ক্ষতি হোৱা নাছিল৷ সেই দুর্ঘটনাটোৰ পিছত ভগৱানৰ কৃপাত এতিয়ালৈকে আন কোনো ঘটনা সংঘটিত হোৱা নাই৷ এই দুর্ঘটনাৰ পিছত মই গাড়ীখন চলাবলৈ ভালদৰে শিকিবলৈ সিদ্ধান্ত লৈছিলোঁ৷ সেইমর্মে মই গুৱাহাটীৰে ‘মেঘনা ট্রেভেল্ছ’ত গাড়ী চালনাৰ শিক্ষা গ্রহণ কৰি পৰৱর্তী পর্যায়ত অনুজ্ঞাপত্রও গ্রহণ কৰিছিলোঁ৷

এগৰাকী দক্ষ চালক হ’বলৈ কি বিশেষ গুণৰ অধিকাৰী হোৱাৰ দৰকাৰ বুলি আপুনি ভাবে?

প্রথম কথাই হ’ল মনত অফুৰন্ত সাহস থাকিব লাগিব৷ সাহসী হ’লেহে যান–বাহন চলোৱাৰ ক্ষেত্রত বিশেষভাৱে সফলতা আহে৷ তদুপৰি গাড়ী চলাওঁতে একদম অন্যমনস্ক হ’ব নালাগে৷ মনোযাগীভাৱে গাড়ী চলোৱা উচিত৷ শৰীৰৰ ক্ষেত্রত হাত আৰু ভৰি সঠিক হ’ব লাগে৷ গাড়ী চলোৱাৰ ক্ষেত্রত হাত–ভৰিৰ প্রয়োগ অত্যন্ত গুৰুত্বপূর্ণ৷ ইয়াৰ উপৰি চকুৰ ‘পাৱাৰ’ মানসম্পন্ন হোৱা উচিত৷ এজন চালক উল্লিখিত ধৰণে শাৰীৰিক–মানসিকভা সুস্থ থকা প্রয়োজনীয়৷ কাৰণ চালকজনৰ কর্মদক্ষতাৰ ওপৰতে নিজৰ লগতে গাড়ীত থকা সকলো যাত্রীৰে জীৱন আৰু সুৰক্ষা জড়িত হৈ থাকে৷ সেয়ে চালকসকল গুণগত হোৱা অত্যন্ত জৰুৰী৷

বাণিজ্যিক অথবা সাধাৰণ অনুজ্ঞাপত্রধাৰী একাংশ চালকৰ মাজত সুবিধা পালেই যান–বাহন আইন উলংঘা কৰাৰ এক প্রৱণতা পৰিলক্ষিত হয়৷ বিশ্বৰ বহু উন্নত ৰাষ্ট্রত সকলোৱে স্বতঃস্ফূর্তভাৱে যান–বাহন আইন মানি চলে৷ আপোনাৰ অভিমত?

যান–বাহন আইন সদায় মানি চলিবলৈ আমাক ইতিমধ্যে প্রশিক্ষণৰ সময়তে কৈ দিয়া হৈছে৷ আমি এই আইন মানি চলোঁ৷ আচলতে এই বিধি আমি প্রত্যেকে স্বতঃস্ফূর্তভাৱে মানি চলা উচিত৷ ইয়াক মানি চলিবলৈ বাধ্য কৰাবই নালাগে৷ বিদেশত সকলোৱে নিজে নিজে আইন–কানুন অনুসৰণ কৰে যাৰ বাবে তাৰ পৰিবহণ ব্যৱস্থা অত্যন্ত সুশৃংখলিত লগতে সুৰক্ষিত৷ কিন্তু আমাৰ ইয়াত একাংশই নিজৰ সুবিধা অনুসৰি প্রায়ে যান–বাহন আইন উলংঘা কৰে৷ ফলত সমগ্র পৰিবহণ ব্যৱস্থাতেই ইয়াৰ বিৰূপ প্রভাৱ পৰে৷ আইন–কানুন মানি চলিলে সকলো শৃংখলিত হৈ থাকে৷ দুর্ঘটনা আদিৰ সম্ভাৱনাও কমি থাকে৷ এইখিনিতে কওঁ যে আমি চালনা কৰা পিএম ই চিটীবাছসমূহক যান–বাহন আইন সঠিকভাৱে মানি চলিবলৈ ইতিমধ্যে কঠোৰ নির্দেশনা দিয়া আছে৷ আনকি বাছ আস্থানৰ বাহিৰে আন স্থানত যাতে গাড়ী নৰখায় তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট ক্ষেত্রসমূহত বিশেষ মানুহ ৰখাই থোৱা আছে৷ সেই বিশেষ লোকসকলে সেয়া নিৰীক্ষণ কৰি থাকে৷ তদুপৰি আমি চলোৱা প্রতিখন গাড়ীতেই সংলগ্ণ আছে সাতটাকৈ কেমেৰা৷ বিশেষ কাৰিকৰী প্রযুক্তিগত ব্যৱস্থাৰ জৰিয়তে মুখ্য কার্যালয়ৰ পৰা সকলো নিৰীক্ষণত ৰাখে অর্থাৎ কেমেৰাৰ জৰিয়তে মুখ্য কার্যালয়ে প্রতিখন গাড়ীকেই কার্যতঃ নিৰীক্ষণত ৰাখে৷ ফলত গাড়ীত বেআইনী কাম কৰাটো সহজসাধ্য নহয়৷ আইনসমূহ সঠিকভাৱে পালন কৰিবলৈ সময়ে সময়ে পদক্ষেপ লৈ অহা হৈছে৷ লাহে লাহে সকলোৰে মাজত এই লৈ নিশ্চিতভাৱে সজাগতা জাগিব বুলি মই আশাবাদী৷ কাৰণ আইনসমূহ কার্যকৰী হ’লে সকলোৰেই মংগল৷ এই কথাটো সকলোৰে হূদয়ংগম হ’লে আগলৈ আৰু আইন ভংগ কৰাৰ প্রৱণতা নিশ্চিতভাৱেই কমিব৷ এইক্ষেত্রত মই প্রবল আশাবাদী৷

শেহতীয়াভাৱে পথ দুর্ঘটনাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আপোনাৰ প্রতিক্রিয়া?

হয়, পূর্বৰ তুলনাত পথত যান–বাহনৰ দুর্ঘটনাৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ ফলত আমি বহু লোকক অকালতে হেৰুৱাবলগীয়া হৈছোঁ৷ কিছু লোক পংগু হ’বলগীয়াও হয়৷ এয়া আমাৰ সকলোৰে বাবে দুর্ভাগ্যজনক৷ এইক্ষেত্রত চালক, যাত্রী আৰু সর্বসাধাৰণ সকলোৰে মাজত ব্যাপক সজাগতাৰ আৱশ্যক বুলি মই ভাবোঁ৷ বহু সময়ত একাংশই জধে–মধে গাড়ী চলায়৷ এনে হ’ব নালাগে৷ সুস্থ মনেৰে আৰু শৃংখলিতভাৱে যান–বাহন চলালে যান–বাহনৰ দুর্ঘটনা কমিব বুলি মই ভাবোঁ৷ তদুপৰি যান–বাহন আইন সকলোৱে মানি চলাটো নিশ্চিত হোৱা দৰকাৰ৷ ই বাধ্যতামূলক হ’ব লাগে৷

আপুনি যেতিয়া গাড়ী চলাই কর্তব্য পালন কৰি থাকে, সেই সময়ত আপুনি কি কথাৰ প্রতি বিশেষ লক্ষ্য ৰাখে?

গাড়ী চলোৱা সময়ত ‘তন–মন’ সুস্থিৰ অৱস্থাত ৰাখিবলৈ যত্ন কৰোঁ৷ গাড়ীত উঠা প্রতিগৰাকী যাত্রীৰ জীৱন যিহেতু বাহনখনৰ সঠিক যাত্রাৰ ওপৰত নির্ভৰশীল, সেয়ে এইক্ষেত্রত মই যথেষ্ট সজাগ হৈ থাকোঁ৷ লগতে প্রতিগৰাকী যাত্রীক যাতে আৰামেৰে গন্তব্যস্থানলৈ লৈ যাব পাৰোঁ তাৰ বাবে জধে–মধে ব্রেক মাৰি, হর্ন বজাই শান্তি আৰু তেওঁলোকৰ সুচল যাত্রা বিঘ্ণিত কৰিব নিবিচাৰোঁ৷

ইলেক্ট্রিক বাহনৰ তুলনাত আন গাড়ী চালনাৰ কিবা প্রভেদ?

মই ইলেক্ট্রিক আৰু আন গাড়ী চলাইছোঁ৷ এইক্ষেত্রত তুলনামূলকভাৱে ইলেক্ট্রিক গাড়ীসমূহ চলোৱাটো বেছি সুবিধাজনক৷ এই বাহন চলোৱাৰ ক্ষেত্রত এখন ভৰি আৰু দুখন হাত ব্যৱহাৰ হয়৷ আন গাড়ীত কিন্তু দুখন ভৰি, দুখন হাতৰ প্রয়োগ হয়৷ আমি চলোৱা ইলেক্ট্রিক বাহনসমূহ বেছ সুবিধাজনক আৰু আৰামদায়ক৷

বাহন চালনাৰ সমান্তৰালভাৱে আন কি কাম কৰিছিল?

বাহন চলোৱাৰ সমান্তৰালভাৱে মই বিশেষকৈ ঘোঁৰা চলাইছিলোঁ৷ আমাৰ ঘৰত দুটা ঘোঁৰা আছিল৷ এটাৰ নাম ‘পক্ষীৰাজ’ আনটো ‘দীপালী’৷ দেউতা গোবিন্দ ৰয়ে ঘোঁৰা দুটাৰ তত্ত্বাৱধান কৰিছিল৷ এদিন মই ঘোঁৰাৰ পিঠিত বহিছিলোঁ৷ এনে অৱস্থাত মোৰ দাদা জগন্নাথ ৰয়ে ঘোঁৰাটোৰ পিছৰ ভৰিখনত কোবাই দিছিল৷ তেতিয়া ঘোঁৰাটোৱে মোক পিঠিত লৈ দৌৰ মাৰে৷ সিদিনা মোক কিছু দূৰলৈ লৈ গৈছিল৷ সিদিনাৰ পৰাই সাহস পাই মই ঘোঁৰা চলোৱা আৰম্ভ কৰিলোঁ৷ ঘোঁৰা চলাই ভাল লগা হ’ল৷ সেই সময়ত মই অষ্টম শ্রেণীত পঢ়িছিলোঁ৷ ঘোঁৰাত উঠি মই বকো, শিঙৰি, বাকৰাপাৰা আদি অঞ্চলত ঘূৰি ফুৰিছিলোঁ৷ বিশেষকৈ বজাৰসমূহলৈ গৈছিলোঁ৷ পিছত দেউতাই ঘোঁৰা দুটা ২০১৩ চনত বিক্রী কৰি দিছিল৷ ইয়াৰ লগতে মই গাহৰি পালন কৰোঁ৷ তাঁতশালত কাপোৰ ব’ব জানো৷

The post সুকন্যা : গুৱাহাটীত চিটীবাছৰ একমাত্র চালক পাপৰি ৰয় ৰাভাৰে সাক্ষাৎকাৰ first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : হাজোৰ উদ্যমী লতিকা ডেকাৰ সফলতাৰ যাত্রা
সাক্ষাৎ গ্রহণঃ শৌভিক সোম

ফোনঃ ৮৬৩৮৬–৯২৯১৯

কামৰূপ জিলাৰ হাজোৰ কুলহাটীৰ লতিকা ডেকাই মাশ্বৰূম খেতি তথা উৎপাদনেৰে আর্থিক স্বাচ্ছন্দ্যৰে স্বনিয়োজন প্রশস্ত কৰাৰ লগতে মহিলা সবলীকৰণৰো অনুকৰণীয় চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে৷ হাজোৰ নিকটৱর্তী ৰামদিয়াৰ মধ্যবিত্ত পৰিয়ালত জন্মগ্রহণ কৰা লতিকাৰ সৰুৰে পৰাই বহু সপোন আছিল৷ কিন্তু জীৱন সংগ্রামৰ চাকনৈয়াত যিবোৰ সপোন লতিকাই দেখিছিল সেইবোৰ হেৰাই গৈছিল৷ কাৰণ চাৰিগৰাকী ভনীৰ পৰিয়ালটো গাড়ীচালক পিতৃৰ সৈতে সৰুতে মাতৃ বিয়োগৰ পিছত বহু সংগ্রামৰ মাজেদি ডাঙৰ–দীঘল হ’বলগীয়া হৈছিল৷ হাজোৰ কুলহাটীৰ উজ্জ্বল দাসৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত পৰিয়ালৰ উপৰি ছোৱালী দুজনীক প্রাধান্য দিয়াৰ উপৰি কিবা এটা কৃষিভিত্তিক উৎপাদনমুখী কাম আৰম্ভ কৰাৰ মনস্থ কৰে৷ সেই সময়তে তেওঁ মাশ্বৰূম খেতিৰ বিষয়ে চিন্তা–চর্চা আৰম্ভ কৰে৷ যিহেতু তেওঁৰ শহুৰেক কৃষি বিভাগত কর্মৰত আছিল, শহুৰেকৰ জৰিয়তে কৃষি বিভাগৰ বিভিন্ন বিষয়াৰ সাক্ষাতত মাশ্বৰূম খেতিৰ বিষয়ে পৰামর্শ দিয়াত তেওঁৰ মনত ইচ্ছা বৃদ্ধি পায় আৰু তেওঁলোকৰ পৰামর্শ তথা সেই সময়ত কৃষি বিভাগৰ বিষয়া বিপুল দাসৰ অনুপ্রেৰণা আৰু পৰামর্শ মতে লতিকাই মাশ্বৰূম খেতি আৰম্ভ কৰিলে৷ লগতে এই খেতিৰ প্রশিক্ষণো ল’লে৷ তেনে প্রেক্ষাপটত ঘৰতে হাজো অঞ্চলত পোনপ্রথমবাৰৰ বাবে ২০২২ চনত আৰম্ভ কৰে মাশ্বৰূম খেতি৷ প্রথমে সৰুকৈ আৰম্ভ কৰাৰ লগতে লাহে লাহে যথেষ্ট সফল হ’ব ধৰিলে৷ প্রতিবছৰে লাভাংশৰ ধন বিনিয়োগ আৰু পৰিয়ালৰ সহযোগত সম্প্রসাৰণ কৰিলে মাশ্বৰূমৰ উৎপাদন৷ লতিকাৰ উৎপাদিত মাশ্বৰূমৰ সমগ্র অসমতে বিপণন হয়৷ ক্রেতাৰ চাহিদা অতি আশাপ্রদ৷ লতিকা দিনটোৰ অধিকাংশ সময় মাশ্বৰূম উৎপাদনত ব্যস্ত থাকি নিজাকৈ বিপণন কৰে৷ পৰৱর্তী সময়ত তেওঁ অসমৰ বিভিন্ন স্থানত বিভিন্ন সময়ত প্রশিক্ষার্থীক প্রশিক্ষণো প্রদান কৰি আহিছে মাশ্বৰূম খেতি সম্পর্কত৷ ইয়াতো লতিকা সফল৷ লাহে লাহে এটাৰ পৰা বর্তমান দুটালৈ মাশ্বৰূম খেতিৰ ইউনিট বৃদ্ধি কৰিছে৷ লতিকা আজি সমগ্র হাজো অঞ্চলটোৰ বাবে প্রেৰণাৰ উৎস হিচাপে থিয় দিছে৷ অৱশ্যে স্বামী উজ্জ্বল দাসেও যৎপৰোনাস্তি সহযোগিতা আগবঢ়ায় লতিকাক৷ স্বামী আৰু দুই সন্তানেৰে লতিকাৰ এটা সুখী পৰিয়াল৷ বর্তমানৰ সময়ছোৱাত লতিকা নিশ্চিতভাৱে গ্রামীণ তথা আধুনিক মহিলাৰ বাবে এটা অনুপ্রেৰণাৰ নাম৷

বর্তমান আপুনি মাশ্বৰূমৰ কি ধৰণৰ কাম কৰি আছে আৰু আপোনাৰ এই উৎপাদনৰ বিষয়ে কিছু আভাস দিয়ক?

বর্তমান মই মাশ্বৰূম খেতিৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ পৰাৰ লগতে সামাজিক মাধ্যমতো যুক্ত হৈ পৰাত ৰাইজৰ পৰা যথেষ্ট মৰম, ভালপোৱা পোৱাত মাছৰুম খেতিকে সমল হিচাপে লৈ আগবাঢ়ি গৈছোঁ আৰু এই খেতিৰ লগতে প্রশিক্ষণ প্রদান কৰা আৰম্ভ কৰিলোঁ৷ ইতিমধ্যে মই ‘এঞ্জেলছ ফ্রেচ মাশ্বৰূম’ ফার্মৰ জৰিয়তে চাৰিটা গোটত প্রায় ২০০গৰাকীক প্রশিক্ষণ প্রদান কৰিছোঁ আৰু মাশ্বৰূমৰ উপকাৰিতা আৰু ঔষধি গুণাগুণ ইমানেই বেছি যে ইমান সুন্দৰ খাদ্য আমি ঘৰতে উৎপাদন কৰি বজাৰত মাছ–মাংসৰ বিকল্প চাহিদা পূৰ কৰিব পাৰি৷ লগতে আৰু কিদৰে মাশ্বৰূমৰ গুণাগুণ মাছ আৰু মাংসতকৈ যথেষ্ট বেছি সেই বিষয়ে ৰাইজক জাগ্রত কৰাটোৱে মোৰ প্রধান উদ্দেশ্য৷

আপুনি হঠাৎ কিয় এই ব্যৱসায় কৰিবলৈ আগবাঢ়িলে বা কোনে এইক্ষেত্রত দিহা দিলে বা অনুপেৰণা যোগালে?

এই সন্দর্ভত ক’ম যে যি সময়ত মই কিবা কাম এটা বিচাৰি আছিলোঁ, সেই সময়ত পোনপ্রথমে মোক কৃষি বিষয়া বিপুল দাসে এইক্ষেত্রত দিহা বা সাহস দিছিল৷ কিয়নো সেই সময়ছোৱাত মই বিভিন্ন ব্যৱসায়ত মন মেলিছিলোঁ৷ কিন্তু এই ব্যৱসায়ৰ প্রতি মোৰ ভাল লগা কাৰণটো হ’ল মাশ্বৰূম দেখিবলৈ ইমান ধুনীয়া আৰু নিজ হাতেৰে উৎপাদন কৰিব পাৰিলে আৰু ভাল লগা বিষয় হ’ব৷ লগতে মাশ্বৰূম ইমানেই গুণসম্পন্ন যে বিদেশৰ উন্নত দেশ যেনে জাপান, চীনতো ইয়াৰ ইমান প্রচাৰ আৰু লগতে আমাৰ ৰাজ্যত জলবায়ুৰ সৈতে মিলি যোৱা এবিধ খাদ্য৷ কিন্তু আমাৰ কৃষক মাশ্বৰূম খেতি কৰিবলৈ আগবাঢ়ি নাহে৷ লগতে মোৰ মনলৈ আহিল যে এই অঞ্চলটোত এই খেতি কোনেও কৰা নাই৷ সেইবাবে মই এই খেতিৰ প্রতি আগ্রহী হ’লোঁ আৰু মনোনিৱেশ কৰিবলৈ আগবাঢ়িলোঁ৷

আপুনি মাশ্বৰূম খেতিৰ লগতে ফুলৰ খেতিৰ সৈতে জড়িত এই বিষয়ে কিছু জনাব?

এই সন্দর্ভত এটা কথা ক’বলৈ বিচাৰোঁ যে ফুলৰ খেতি বুলিয়েই নহয় আমাৰ পৰিয়ালটো সম্পূর্ণভাৱে খেতিৰ লগত জড়িত৷ যিহেতু আমাৰ হাজো অঞ্চলটো এটা খেতিপ্রধান অঞ্চল আৰু তাৰবাবে সকলোৱে কিবা নহয় কিবা খেতিৰ সৈতে জড়িত, সেইবাবে আমিও খেতিৰ লগত জড়িত যেনে ধান খেতি, সৰিয়হ খেতি, পাচলি খেতিৰ লগতে বতৰৰ সকলো খেতিয়েই কৰোঁ আৰু যিহেতু মই সৰুৰে পৰাই খেতি–পথাৰ ভাল পাওঁ, সেইবাবে মই মোৰ শহুৰ দেউতাই আৰম্ভ কৰা ফুলৰ খেতিত যিমানখিনি সম্ভৱ সহায় কৰোঁ৷

বর্তমান আপুনি মুখ্যতঃ মাশ্বৰূমৰ উপৰি অন্য কি কি কামৰ সৈতে জড়িত?

বর্তমান মই মাশ্বৰূম খেতিৰ উপৰি যিহেতু সামাজিকভাৱে কিছু কামত জড়িত, সেইবাবে আত্মসহায়ক গোটৰ উপৰি কম্পিউটাৰ প্রতিষ্ঠানৰ শিক্ষাৰ সৈতে জড়িত হৈ আছোঁ৷ কিয়নো আমাৰ দুটা কম্পিউটাৰ প্রতিষ্ঠান আছে৷ মই সময়ে সময়ে গৈ ক্লাছ ল’ব নোৱাৰিলেও শিক্ষার্থীক পৰামর্শ প্রদান কৰোঁ৷

বিপণন ক’ত কৰে? কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি?

বিপণনৰ ক্ষেত্রত আৰম্ভণিতে প্রচাৰৰ অভাৱত অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ৷ কিন্তু যেতিয়া মই সামাজিক মাধ্যমৰ সৈতে জড়িত হ’লোঁ, তেতিয়াৰ পৰাই বিপণন ক্ষেত্রত যথেষ্ট সহায় হ’ল আৰু অসুবিধা নোহোৱা হ’ল৷ বর্তমান প্রয়োজনতকৈ যথেষ্ট উৎপাদন কৰিব লগা হৈছে৷ কাৰণ পূর্বতকৈ চাহিদা অধিক বৃদ্ধি পাইছে৷

ভৱিষ্যতে কি পৰিকল্পনা? লগতে অন্য ক্ষেত্রৰ সৈতে জড়িত হোৱাৰ কথা চিন্তা কৰিছেনে?

নিশ্চয়৷ যিহেতু মোৰ পৰিচয় মাশ্বৰূম খেতিৰ পৰা ৰাইজে মোক চিনি পালে, সেইবাবে মই ভৱিষ্যতে মাশ্বৰূমক কিদৰে অন্য খাদ্য প্রণালিত ব্যৱহাৰ কৰিব পাৰি, সেই লৈ বহুলভাৱে কাম কৰাৰ মোৰ ইচ্ছা এটা আছে আৰু মাশ্বৰূমক কিদৰে আন খাদ্যত ব্যৱহাৰ কৰি নতুন নতুন খাদ্য তৈয়াৰ কৰিব পাৰি তাৰ ওপৰত কাম কৰিম বুলি থিৰাং কৰিছোঁ৷ এককথাত ক’বলৈ গ’লে মাশ্বৰূমক কিদৰে ঘৰে ঘৰে দৈনিক খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব পাৰি তাৰ ওপৰত কাম কৰাৰ কথা মই চিন্তা কৰি আছোঁ৷

আপোনাৰ সফলতাই স্থানীয় মহিলাসকলক এনে কামৰ প্রতি আকর্ষিত কৰিছে নেকি? তেওঁলোকে এই সম্পর্কত আপোনাৰ ওচৰলৈ জানিবৰ বাবে আহেনে?

নিশ্চয় মোৰ ওচৰত যথেষ্ট মহিলা আহি পৰামর্শ গ্রহণ কৰে, লগতে প্রশিক্ষণো লৈছে৷ কাৰণ মই কেতিয়াও ভবা নাছিলোঁ যে প্রশিক্ষণ দিম৷ মই একমাত্র সামাজিক মাধ্যমতে কেৱল প্রচাৰ চলাইছিলোঁ৷ কিন্তু ৰাইজৰ মাশ্বৰূম খেতিৰ প্রতি আকর্ষণ তথা সঁহাৰি দেখা পাই মই প্রশিক্ষণ দিবলৈ আৰম্ভ কৰিলোঁ৷ মোৰ উদ্দেশ্য এটাই যে শিকক আৰু কৰক৷ লগতে ৰাইজ অৱগত হওক৷ মোৰ এটাই উদ্দেশ্য যে মাশ্বৰূম খেতি সন্দর্ভত সহজ কৰি দিয়া, যাতে ৰাইজৰ মনত এটাই ভাব হয় যে এই খেতি কঠিন নহয়, অতি সহজতে কৰিব পৰা এটি খেতি৷ ফলত ইতিমধ্যে মই দিয়া চাৰিটা প্রশিক্ষণত ৰাইজৰ সঁহাৰি যথেষ্ট দেখা গৈছে আৰু মাশ্বৰূম খেতিৰ প্রতি আকর্ষিত হৈ পৰিছে৷ লগতে মই যিদৰে স্বাৱলম্বী হৈছোঁ আন দহজনৰ সপোন বাস্তৱ ৰূপ দিয়াটো মোৰ প্রধান উদ্দেশ্য৷

অসমত এনে ব্যৱসায়ৰ সুযোগ আৰু সম্ভাৱনীয়তা সন্দর্ভত আপোনাৰ মন্তব্য?

দৈনন্দিন খাদ্য তালিকাত আমি যেতিয়া মাছ–মাংসৰ বিকল্প তথা অন্যান্য খাদ্য যিবোৰ আমি অত্যধিক দামত বর্তমান ক্রয় কৰি গ্রহণ কৰি আহিছোঁ এই সময়ছোৱাত যেতিয়া দৈনিক খাদ্য তালিকাত ঘৰে ঘৰে মাশ্বৰূম আহিব বা খোৱা আৰম্ভ কৰিব বা চাহিদা বৃদ্ধি পাব তেতিয়া মাশ্বৰূমৰ উৎপাদন বৃদ্ধি পাব লাগিব৷ এইক্ষেত্রত আমাৰ কৃষকৰ এই ব্যৱসায়ৰ প্রতি এটা বাট মুকলি হ’ব৷ যদিহে প্রত্যেকে এই মাশ্বৰূম বিচাৰে আৰু স্বাৱলম্বী হোৱাৰ এটা সুৱর্ণ সুযোগ আছে আৰু বহুতেও হৈছে৷ সম্ভাৱনীয়তাৰ ক্ষেত্রত ইয়াৰ যথেষ্ট ধনাত্মক দিশো আছে৷

এই ব্যৱসায় আৰম্ভ কৰাৰ আগতে কেনেদৰে আগবাঢ়িব লাগে, কোনবোৰ কথাত গুৰুত্ব দিব লাগে, কিমান মাটি হ’লে ভাল হয় আদি কথাবোৰ আপোনাৰ অভিজ্ঞতাৰ পৰা কওকচোন?

প্রথমতে এই ব্যৱসায়টো কিমান পৰিসৰত কৰিম সেয়া আমাৰ নিজৰ ওপৰত৷ প্রথমতে আমি কম পৰিসৰত ব্যৱসায় কৰিবলৈ হ’লে মাটিৰ বেছি প্রয়োজন নহয়৷ এটা সৰু কোঠালিতে মাশ্বৰূমৰ খেতি আৰম্ভ কৰিব পাৰি৷ যিহেতু এই খেতি ঘৰৰ ভিতৰত কৰা খেতি হয় আৰু প্রথমতে এই খেতি কৰিবলৈ হ’লে ভাল প্রশিক্ষণ ল’ব লাগিব৷ কাৰণ প্রশিক্ষণ অবিহনে এই খেতি কৰাটো সুবিধাজনক নহয়৷ কিয়নো মাশ্বৰূম খেতি এটা সম্পূর্ণ বিষয় হয়৷ কিয়নো যদি মাশ্বৰূমক ব্যৱসায়ভিত্তিক আমি ল’বলৈ বিচাৰোঁ তেনেহ’লে প্রশিক্ষণ অতি জৰুৰী৷ প্রশিক্ষণ লৈ আগবাঢ়িলে এই খেতিত সফল হোৱাৰ সম্ভাৱনা অধিক থাকে৷

আপুনি মাশ্বৰূম বিক্রী কৰেনে? বিক্রীৰ আগতে কিবা কৰণীয় থাকেনে? দৈনিক কিমান হাৰভেষ্ট (ছিঙা) কৰে?

হয় মই বিক্রী কৰোঁ৷ কিন্তু বিক্রীৰ আগতে একো কৰণীয় নাথাকে৷ পেকেটিং কৰিব লাগে৷ পেকেটিঙো কি ধৰণে কৰিব সেয়া সম্পূর্ণ নিজৰ ওপৰত আৰু হাৰভেষ্টৰ ক্ষেত্রত যেতিয়া পৰিপক্ব হয় তেতিয়া হাৰভেষ্ট কৰোঁ৷ দৈনিক ১০–১৫ কেজি হাৰভেষ্ট কৰা হয়৷

আপোনাৰ উপার্জনে ঘৰখনক কেনেকৈ সহায় কৰিছে? উপার্জিত ধন আপুনি ক’ত খৰচ কৰে?

মাশ্বৰূম খেতিৰ উপার্জনত মই বহুতো সকাহ পাইছোঁ আৰু এইটো এটা নতুন ব্যৱসায়৷ এই ব্যৱসায়ৰ উপার্জনেৰে দৈনন্দিন খৰচ তথা ঘৰৰ বা মোৰ লাগতিয়াল বস্তুৰ ক্ষেত্রত পৰিপূর্ণ কৰিবলৈ সুবিধা হৈছে৷

এই মাশ্বৰূম কোন কোন স্থানলৈ যায়? অসমৰ বাহিৰত ব্যৱসায় কৰে নেকি?

অসমৰ বাহিৰলৈ এতিয়ালৈকে প্রেৰণ কৰা হোৱা নাই৷ কাৰণ ফ্রেচ মাশ্বৰূম অসমৰ বাহিৰলৈ প্রেৰণ কৰাটো অলপ অসুবিধা আছে আৰু যিহেতু ড্রাই মাশ্বৰূম উৎপাদন আমি কৰা নাই৷ কাৰণ আমাৰ ফ্রেচ মাশ্বৰূমৰ চাহিদা অত্যধিক৷ সেইবাবে আমি ড্রাই মাশ্বৰূম প্রস্তুত কৰিব পৰা নাই৷ ব্যৱসায়ৰ দিশত ক’বলৈ গ’লে আমি নামনি অসমৰ প্রায়ভাগ জিলাৰ উপৰি গুৱাহাটী মহানগৰীলৈও প্রেৰণ কৰিছোঁ৷ লগতে উজনি অসমৰ কিছু কিছু অঞ্চললৈ মাশ্বৰূম পঠিয়াবলৈ সক্ষম হৈছোঁ৷ ফ্রেচ মাশ্বৰূম পঠিওৱা পৰিবহণৰ দিশতো কিছু অসুবিধা থকাত আমি সক্ষম হ’ব পৰা নাই৷

মাশ্বৰূমৰ ব্যৱসায় হাজোৰ বাহিৰত কৰাৰ কিবা পৰিকল্পনা আছে নেকি?

এইক্ষেত্রত সুবিধা পালে হাজোৰ বাহিৰতো কৰাৰ চেষ্টা কৰিম৷ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত যিমানগৰাকী প্রশিক্ষার্থীয়ে প্রশিক্ষণ গ্রহণ কৰিছে মোৰ পৰা তেওঁলোকৰ জৰিয়তেও এই ব্যৱসায় প্রসাৰ কৰাত সহায় কৰি আহিছোঁ ৰাজ্যৰ বিভিন্ন জিলাত৷

আপুনি এই পর্যন্ত কিমানগৰাকীক প্রশিক্ষণ বা স্বাৱলম্বিতাৰ পথ দেখুৱাইছে? আপোনাৰ ইয়াত কোন কোন অঞ্চল বা ঠাইৰ পৰা প্রশিক্ষণ গ্রহণ কৰিবলৈ মানুহ আহিছে?

এই পর্যন্ত মুঠ চাৰিটা গোটত ২০০গৰাকীক প্রশিক্ষণ দিয়া হৈছে আৰু প্রশিক্ষণ গ্রহণ কৰি মাশ্বৰূম উৎপাদনেৰে স্বাৱলম্বিতাৰ পথ দেখিবলৈ সক্ষম হৈছে৷ মোৰ ইয়াত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা পুৰুষ–মহিলা আহি প্রশিক্ষণ গ্রহণ কৰিছে৷

আপোনাৰ দৈনিক কিমান উৎপাদন হয় আৰু মাহিলি কিমান উপার্জন হয়?

দৈনিক ১০–১৫ কেজি উৎপাদন হয় আৰু মাহিলি ৬০ হাজাৰ উপার্জন হয়৷

আপুনি মাশ্বৰূম খেতিত কোনো এনজি’ বা চৰকাৰৰ পৰা সহায় পাইছে নেকি?

আৰম্ভণিতে কোনো ধৰণৰ সহায় পোৱা নাই যদিও শেহতীয়াকৈ চৰকাৰৰ পৰা ‘আত্মনির্ভৰ অসম’ আঁচনিৰ পৰা সহায় লাভ কৰিছোঁ আৰু মাশ্বৰূম খেতিৰ নামত চৰকাৰৰ পৰা উক্ত আঁচনিৰ ধন লাভ কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

আপুনি যেতিয়া মনস্থ কৰিলে তেতিয়া কোনো সংস্থা বা কাৰোবাক লগ পাইছিল নেকি যিয়ে এই ব্যৱসায় কৰিবলৈ পৰামর্শ দিছিল?

যেতিয়া মই পোনপ্রথমে অসম উদ্যানশস্য বিভাগত প্রশিক্ষণ ল’লোঁ সেই সময়ত মোক দিয়া প্রশিক্ষকৰ পৰা প্রথম উদগনি পালোঁ৷ তেওঁ মোক বাট দেখুৱালে৷ তেওঁৰ পৰামর্শ মতে মাশ্বৰূম খেতি কৰাৰ চিন্তা–চর্চা কৰিলোঁ আৰু এই প্রশিক্ষণতে মাশ্বৰূমৰ খেতি কৰা বিভিন্নজনক লগ পাই সু–পৰামর্শ লাভ কৰিলোঁ৷

বর্তমান সময়ছোৱা সামাজিক মাধ্যমৰ যুগ আৰু আপোনাৰ সামাজিক মাধ্যমত জনপ্রিয়তা খুবেই বেছি৷ লগতে আপোনাৰ ভিউৱার্ছ–ফলোৱাৰ যথেষ্ট৷ গতিকে এই সন্দর্ভত কি ক’ব? কাৰণ আপুনি সামাজিক মাধ্যমৰ দ্বাৰাই মাশ্বৰূমৰ খেতি তথা ব্যৱসায়ৰ প্রথম প্রচাৰ আৰু সঁহাৰি বহুখিনি লাভ কৰিছিল?

নিশ্চয়, আজিকালি সামাজিক মাধ্যমৰ যুগ৷ প্রত্যেকটো ক্ষেত্র বা ব্যৱসায় সামাজিক মাধ্যমৰ ওপৰতে ভৰসা কৰা হয়৷ যিহেতু আমাৰ মাশ্বৰূমৰ ফার্মখন হাজোত কৰাৰ পূর্বে কোনো ধৰণৰ মাশ্বৰূম ফার্ম নাছিল, যেতিয়া এই ফার্মখন হ’ল তেতিয়াও মানুহে জনা নাছিল৷ তাৰবাবে বিপণন–ব্যৱসায়িক দিশত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু তেতিয়াই মই সামাজিক মাধ্যমৰ জৰিয়তে মাশ্বৰূম ফার্মৰ বিষয়ে ৰাইজক জনোৱাৰ চেষ্টা কৰিছিলোঁ আৰু মোৰ ফার্মখন প্রত্যক্ষ কৰাৰ পিছত মই ভাবোঁ ৰাইজে মাশ্বৰূমৰ ফার্ম প্রত্যক্ষ কৰা নাছিল বা জ্ঞাত নাছিল৷ তাৰ পিছত মাশ্বৰূমৰ বিষয়ে ৰাইজৰ যিটো জিজ্ঞাসা বা মাশ্বৰূম বস্তুটো কি এই খেতিৰ বিষয়ে জানিব পাৰিলে আৰু সামাজিক মাধ্যমতো যথেষ্টখিনি সঁহাৰি দিলে৷

মাশ্বৰূম উৎপাদনৰ বিষয়ে কিছু জনাব নেকি?

মাশ্বৰূম উৎপাদনৰ ক্ষেত্রত প্রথমতে যিটো চিলিণ্ডাৰ তৈয়াৰ কৰা হয় সেইটো মই খেৰেৰে কৰোঁ আৰু উতলোৱা পদ্ধতিৰে কৰোঁ৷ মই সম্পূর্ণ জৈৱিক পদ্ধতি আৰু বিজ্ঞানসন্মতভাৱে কৰি আছোঁ৷ এই পদ্ধতিৰে কৰি যেতিয়া খেৰখিনি পানীত উতলাই চিলিণ্ডাৰৰ বেগ তৈয়াৰ কৰি তাত মাশ্বৰূমৰ বীজ ব্যৱহাৰ কৰি সেই চিলিণ্ডাৰৰ বেগ ওলমোৱাৰ পিছত ২৮ দিনৰ ভিতৰত উৎপাদন আৰম্ভ হয়৷ লগতে যিবোৰ চিলিণ্ডাৰৰ পৰা এমাহৰ ভিতৰত উৎপাদন হয় সেই চিলিণ্ডাৰৰ পৰা তিনি মাহলৈ মাশ্বৰূমৰ উৎপাদন হৈ থাকে আৰু এটা চিলিণ্ডাৰৰ পৰা এজন মাশ্বৰূম খেতিয়কে তিনিমাহত তিনি কেজিলৈকে মাশ্বৰূম লাভ কৰে৷ ক’বলৈ গ’লে মাহেকত ১ কেজিকৈ এটা চিলিণ্ডাৰৰ পৰা মাশ্বৰূম উৎপাদন হয়৷ ইয়াৰ তিনিমাহ পিছত এটা চিলিণ্ডাৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত উৎপাদন হ্রাস পাবলৈ ধৰে আৰু সলনি কৰিব লগা হয়৷ পিছত অৱশিষ্ট ৰৈ যোৱা মাশ্বৰূমৰ চিলিণ্ডাৰ উন্নত মানৰ সাৰলৈ ৰূপান্তৰিত হয়৷

শেহতীয়াকৈ আপুনি অসমৰ নিবনুৱাসকলৰ উদ্দেশ্যে কি আবেদন কৰিব বিচাৰে?

বর্তমান আমাৰ বাবে কামৰ অভাৱ নাই৷ আমাৰ চুকে–কোণে সকলোতে কাম আছে৷ মাত্র বিচাৰি ল’ব লাগিব আৰু কামটো পছন্দ মতে কৰিব লাগে৷ নিজৰ ইচ্ছাৰ বিপৰীতে গৈ কোনো কাম কৰিব নালাগে আৰু বর্তমান সকলোৱে চাকৰিমুখী৷ কিন্তু চাকৰিটো প্রধান লক্ষ্য কৰি ল’ব নালাগে৷ কাৰণ চাকৰি কৰিলে গোটেই জীৱনটো চাকৰি কৰি থাকিব লাগে৷ কিন্তু ব্যৱসায় কৰিলে আমি নতুন নতুন চিন্তাৰে ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰোঁ আৰু মাশ্বৰূমৰ ব্যৱসায়টো ইমানেই ধুনীয়া ব্যৱসায় যিটো এটা নতুন ধৰণৰ ব্যৱসায়৷ য’ত মাশ্বৰূমৰ উপকাৰিতা ইমানেই বেছি যে মাশ্বৰূমৰ খেতিৰ লগত আমি সদায় জড়িত হৈ থাকিব পাৰিম৷ যিহেতু মাশ্বৰূমৰ খাদ্যবিধ বহুলভাৱে প্রচাৰ লাভ কৰিছে, লগতে আমাৰ যুৱপ্রজন্ময়ো মাশ্বৰূম খেতি বুলিয়েই নহয়, যদিহে কৃষিকর্মৰ লগত জড়িত হৈ থাকিব পাৰে তেনেহ’লে সু–স্বাস্থ্যৱান হৈ থাকিব পাৰিব৷ আমাৰ ৰাজ্যখন খেতিপ্রধান ৰাজ্য বুলি ক’লে ভুল নহ’ব৷ সেইবাবে খেতিপ্রধান ৰাজ্যখনত মাশ্বৰূমৰ খেতি কৰি মই যিদৰে স্বাৱলম্বী হৈছোঁ সেইদৰে উঠি অহা প্রজন্ময়ো মাশ্বৰূমৰ খেতিৰে উপার্জনৰ বাট মুকলি হ’ব৷

The post সুকন্যা : হাজোৰ উদ্যমী লতিকা ডেকাৰ সফলতাৰ যাত্রা first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : গোৱাত ৰেষ্টুৰেণ্ট স্থাপনেৰে স্বাৱলম্বী গোলাঘাটৰ ছায়াশ্রী কৌশিক
সাক্ষাৎগ্রহণ : নৱ কুমাৰ শর্মা

ফোন : ৯৯৫৪৫–৯০১৩৩

অসমৰ পৰা সুদূৰ গোৱাত আপুনি এতিয়া এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ী৷ জীৱনৰ আৰম্ভণিৰে পৰা আগবাঢ়ি এগৰাকী সফল ব্যৱসায়ী হোৱাৰ দীঘলীয়া জয়যাত্রা সম্পর্কত বিৱৰি ক’ব নেকি?

হয়, এই সম্পর্কত ক’বলৈ হ’লে মই একেবাৰে শৈশৱলৈ উভতি যাব লাগিব৷ মোৰ জন্ম গোলাঘাটৰ বৰুৱাবামুণ গাঁৱৰ কোৰালগুৰিত৷ স্থানীয় ১নং কোৰালগুৰি প্রাথমিক বিদ্যালয়ত মই গ্রহণ কৰিছিলোঁ প্রাথমিক শিক্ষা৷ সেয়া ২০০১ চন মানৰ কথা৷ পৰৱর্তী সময়ত কোৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ ইয়াৰ পিছত দেৰগাঁৱৰ উদয়ন একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক (কলা)ৰ চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ দেৰগাঁৱৰে কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজীক প্রধান বিষয় হিচাপে লৈ স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ এনেদৰে পঢ়া–শুনা কৰি গৈ অৱশেষত মই ‘এভিয়েচন এণ্ড হোটেল মেনেজমেণ্ট’ বিষয়ত শিক্ষা গ্রহণ কৰিবলৈ মন মেলিলোঁ৷ যাৰ বাবে মই গুৱাহাটীলৈ গ’লোঁ৷ তাত খ্রীষ্টানবস্তিত থকা ‘জেট উইংছ ইনষ্টিটিউট অৱ এভিয়েচন এণ্ড হোটেল মেনেজমেণ্ট’ত এবছৰীয়া পাঠ্যক্রমত নামভর্তি কৰিলোঁ৷ পাঠ্যক্রম সম্পূর্ণ হ’ল৷ ইয়াৰ পিছতে ২০১৮ চন মানত ‘কেম্পাছ ইণ্টাৰভিউ’ হৈছিল উক্ত প্রতিষ্ঠানটোত৷ সৌভাগ্যৰ কথা যে সেই সাক্ষাৎকাৰৰ ভিত্তিতে ৰাজস্থানৰ জয়শালমেৰাত থকা বিশ্বমানৰ হোটেল ‘মেৰিয়াট হোটেল’ত মোৰ নিযুক্তি হয়৷ ‘ফ্রণ্ট অফিচ এছ’চিয়েট’ হিচাপে বিখ্যাত আন্তঃৰাষ্ট্রীয় হোটেলখনত নিযুক্তি লাভ কৰিলোঁ৷ হোটেলখনত মই এবছৰমান কাম কৰিলোঁ৷ কিন্তু তাত কাম কৰি থকা সময়ত মই নিজকে স্বাৱলম্বী হিচাপে কাম কৰিবলৈ মনত ইচ্ছা জাগিছিল৷ এইক্ষেত্রত নিজকে সম্পূর্ণ সাজু কৰিবলৈ সেই চাকৰি ত্যাগ কৰি গোলাঘাটৰ ঘৰলৈ উভতি আহিলোঁ৷ ঘৰলৈ উভতি এটা ‘ট্রেভেল এজেঞ্চী’ৰ হৈ নিজকে নিযুক্ত কৰি মনে মনে অন্য ধৰণে প্রতিষ্ঠা লাভ কৰিবলৈ জল্পনা–কল্পনা কৰি থাকিলোঁ৷ এনে সময়তে ‘গোৱা আন্তঃৰাষ্ট্রীয় বিমান প্রাধিকৰণ’ত এটা পৰীক্ষা দিলোঁ আৰু সেই অনুসৰি মই তাত নিযুক্তি লাভ কৰিলোঁ৷ সেয়া ২০২০ চনৰ কথা৷ ‘গোৱা আন্তঃৰাষ্ট্রীয় বিমান প্রাধিকাৰী’ত মই এগৰাকী কর্মচাৰী হিচাপে সেৱা আগবঢ়ালোঁ৷ গোৱাত থকা সেই সময়ছোৱাত তাত থকা হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায়ে মোক বাৰুকৈয়ে আকৃষ্ট কৰিবলৈ ধৰিলে৷ এনেয়েও মই স্বাৱলম্বী হিচাপে কাম কৰিবলৈ মন মেলি আছিলোঁৱেই৷ সেই অৱস্থাত এই ব্যৱসায় প্রত্যক্ষ কৰি মই নিজকে ব্যৱসায়টোৰ সৈতে যুক্ত হ’বলৈ ইচ্ছা কৰিলোঁ৷ সেয়ে বিমান প্রাধিকাৰীৰ চাকৰিৰ সমান্তৰালকৈ তাৰ হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰাৰ বাবে ব্যৱসায়ৰ আভ্যন্তৰীণ বিষয়সমূহ অতি সূক্ষ্মভাৱে অধ্যয়ন কৰিবলৈ ধৰিছিলোঁ৷ বিমান প্রাধিকৰণত প্রায় ৮ মাহ কাম কৰাৰ অন্তত সেই চাকৰিও বাদ দিলোঁ৷ এইবাৰ মই গোৱাত ৰেষ্টুৰেণ্ট খুলিবলৈ সিদ্ধান্ত ল’লোঁ৷ কিন্তু ৰেষ্টুৰেণ্টখন মই নিজে খোলাৰ পূর্বে এই ব্যৱসায়ত অধিক সফল অর্জনৰ বাবে প্রথমে মই তাৰ ‘ট্রীপ’ নামৰ ৰেষ্টুৰেণ্টখনত মেনেজাৰ হিচাপে চাকৰি গ্রহণ কৰোঁ৷ নিজে মনে বিচৰা হিচাপে ৰেষ্টুৰেণ্টখনত কাম কৰি মোৰ যথেষ্ট ভাল লাগিল৷ তাত নিযুক্ত হোৱাৰ পিছৰে পৰা দায়িত্বৰ সমান্তৰালকৈ মোৰ নিজৰ ‘সপোনৰ ৰেষ্টুৰেণ্ট’ খোলাৰ বাবে অর্থ, স্থান আদিৰ বাবে মনে মনে পৰিকল্পনা কৰিলোঁ৷ সেই মতে ২০২১ চনৰ নৱেম্বৰত গোৱাৰ ‘মর্জিম বীচ্চ’ত মোৰ ৰেষ্টুৰেণ্টৰ শুভ আৰম্ভণি কৰিলোঁ৷ আজি এই ব্যৱসায়ৰ জৰিয়তে মই সুপ্রতিষ্ঠিত৷ এনেদৰে শৈশৱৰ পৰা আগবাঢ়ি আজি গোৱাত ৰেষ্টুৰেণ্টৰ জৰিয়তে প্রতিষ্ঠা লাভ কৰিলোঁ৷ এইক্ষেত্রত মই ভগৱান, পিতৃ–মাতৃ আৰু অন্য বহু সদাশয় লোকৰ প্রত্যক্ষ, পৰোক্ষ সহযোগৰ বাবেহে মই এনেদৰে অগ্রসৰ হ’ব পাৰিছোঁ৷

গোৱাত আপোনাৰ প্রতিষ্ঠিত ৰেষ্টুৰেণ্টখনৰ নাম, উপলব্ধ খাদ্যসম্ভাৰ, বিপণন, গ্রাহক, লাভালাভ আদি সম্পর্কত অলপ ক’ব নেকি?

‘কেফে হাংগ্রী হিপিজ’ হ’ল গোৱাত স্থাপিত মোৰ সপোনৰ ৰেষ্টুৰেণ্টখনৰ নাম৷ গোৱাৰ মার্জিম বীচ্চত ইয়াৰ অৱস্থিতি৷ ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা এই ৰেষ্টুৰেণ্টখনৰ শুভাৰম্ভ হৈছিল৷ প্রথম অৱস্থাত মাত্র ৫খন টেবুল আৰু ৪গৰাকী কর্মচাৰীৰ সহযোগত ৰেষ্টুৰেণ্টখন আৰম্ভ কৰা হৈছিল৷ চালুকীয়া অৱস্থাৰ পৰা সংগ্রাম কৰি বিগত ৫ বছৰে ৰেষ্টুৰেণ্টখনক লৈয়েই মই আগবাঢ়ি থাকিলোঁ৷ কঠোৰ পৰিশ্রম, ধৈর্যসহকাৰে আগবাঢ়ি আজি ভাল অৱস্থাত উপনীত হোৱা বুলিয়েই ক’ব পৰা হৈছোঁ৷ ব্যৱসায়িক সফলতাৰ বাবেই আজি ১০০গৰাকী লোকে ৰেষ্টুৰেণ্টখনত একেলগে খাদ্য গ্রহণ কৰিব পৰা অৱস্থাত উপনীত হৈছোঁ৷ ‘মাল্টিকুইজিং মেনু’ উপলব্ধ এই ৰেষ্টুৰেণ্টখনত এতিয়া ১৬গৰাকী কর্মচাৰীয়ে কাম কৰি আছে৷ নেপাল, কর্ণাটক আৰু গোৱাৰ এইসকল কর্মচাৰী৷ ইয়াৰ পূর্বে ৩গৰাকী অসমৰ যুৱক–যুৱতীয়ে ইয়াত কাম কৰিছিল যদিও এতিয়া তেওঁলোক নাই৷ উপার্জন বুলিলে নৱেম্বৰৰ পৰা ফেব্রুৱাৰী মাহৰ ভিতৰত দৈনিক ৭০ৰ পৰা ৮০ হাজাৰ টকা আয় হয় ৰেষ্টুৰেণ্টখনৰ জৰিয়তে৷ আনহাতে বাকী সময়ছোৱাত উপার্জন কিছু হ্রাস পায়৷ এই সময়ত দৈনিক গড় হিচাপে ৪০ৰ পৰা ৫০ হাজাৰ টকা আয় হয়৷ ইয়াৰ উপৰি জুনৰ পৰা আগষ্টলৈ এই তিনি মাহত সাগৰৰ তীৰত পর্যটকৰ সমাগম বহু কমি যায়৷ সেয়ে এই সময়ছোৱাত ৰেষ্টুৰেণ্টখন বন্ধ ৰখা হয়৷ সচৰাচৰ বন্ধৰ তিনিমাহ মই গোলাঘাটৰ ঘৰলৈ যাওঁ৷ তাত পৰিয়ালৰ সকলোৰে লগত একেলগে সময় অতিবাহিত কৰোঁ৷ এইখনিতে অতিৰিক্তভাৱে ক’ব বিচাৰো যে যোৱা বছৰৰ পৰা মই গোৱাত ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ সমান্তৰালভাৱে ‘হীপিজ ডেকৰ’ নামৰ এটা ‘ইভেণ্ট মেনেজমেণ্ট’ চলাই আছোঁ৷ ইয়াৰ জৰিয়তে আৰব সাগৰৰ তীৰত ‘স্পেচিয়েল কেণ্ডেল লাইট ডীনাৰ’, জন্মদিন, বিবাহবার্ষিকী আদিৰ লগতে ‘প্রাইভেট বোট ৰাইড’ আদিৰ সুবিধা কৰি দিয়া হয়৷ ইয়াৰ জৰিয়তেও মই শেহতীয়াকৈ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ৷

আপোনাৰ ৰেষ্টুৰেণ্টখনলৈ আগমন ঘটা গ্রাহকসকল সম্পর্কে আপোনাৰ মতামত?

আমাৰ ৰেষ্টুৰেণ্টলৈ নিতৌ আগমন ঘটে যথেষ্ট গ্রাহকৰ৷ বিদেশী লোকৰ সংখ্যাই সর্বাধিক৷ তদুপৰি আমাৰ ৰেষ্টুৰেণ্টখনলৈ নিতৌ যিমান গ্রাহক আহে তাৰ ভিতৰত প্রায় ৮০ শতাংশ ৰাছিয়াৰ লোক, অর্থাৎ ৰাছিয়ান লোক সর্বাধিক৷ ৰাছিয়াৰ বহুসংখ্যক লোক চার্টার্ড বিমানেৰে পোনে পোনে গোৱালৈ আহে৷ ৰাছিয়া আৰু গোৱাৰ মাজত পূর্বৰে পৰাই এক সু–সম্পর্ক আছে৷ যাৰ বাবে আগ্রহেৰে ৰাছিয়ান লোকসকল সাধাৰণতে গোৱালৈ আহে৷ গোৱাত উপস্থিত হৈ মার্জিম বীচ্চলৈ আহে৷ সেয়ে মার্জিম বীচ্চক ‘মিনি ৰাছিয়া’ বুলি কয়৷ যিহেতু ৰাছিয়ান লোক বহু আহে, সেয়ে তাৰ বহু লোক আমাৰ ৰেষ্টুৰেণ্টলৈও আহে৷ এনেদৰে দীর্ঘকালজুৰি নিয়মিতভাৱে অহা–যোৱা কৰি থকা বাবে বহু ৰাছিয়ান লোক আমাৰ পৰিয়ালৰ দৰে হৈ পৰিছে৷ আনকি তেনে হোৱা বাবে আমাৰ ‘ৱেটাৰ’সকলেও এতিয়া ‘ৰাছিয়ান’ ভাষাত কথা ক’ব পৰা হৈছে৷ ময়ো অলপ–চৰপ ৰাছিয়ান ভাষাত কথা ক’ব পৰা হৈছোঁ৷ ইয়াৰ উপৰি ফিনলেণ্ড, কাজাকিস্তান, ইউক্রেইন আদিৰ লগতে বেংগালুৰু, পুনে, মুম্বাই, দিল্লী আদিকে ধৰি ভাৰতৰো বিভিন্ন ৰাজ্যৰ লোক আমাৰ ৰেষ্টুৰেণ্টলৈ আহে৷ অসমৰ পৰা লোক আহিলে মোৰ সঁচাকৈ অন্তৰত বহুত ভাল লাগে৷ উৎসাহ–প্রেৰণা পাওঁ৷ এবাৰ ফেচবুকৰ জৰিয়তে মোৰ গোৱাৰ ৰেষ্টুৰেণ্টখনক লৈ এটা ভিডি’ দিছিলোঁ৷ তেতিয়াৰ পৰা অসমৰ পৰা বহু লোক ৰেষ্টুৰেণ্টখনলৈ আহে৷ অসমৰ লোকসকলৰ এই আগ্রহে মোক যথেষ্ট উৎসাহী কৰি তুলিছে৷ অভিনেতা ৰবি শর্মাৰ ‘ৰঘুপতি’ চিনেমাখনৰ ‘তুমি আৰু মই…’ শীর্ষক বিখ্যাত গানটোৰ শ্বুটিং আমাৰ ৰেষ্টুৰেণ্টখনত কৰা হৈছিল৷ ৰাজনীতি, উদ্যোগ, ব্যৱসায়, সাংস্কৃতিক আদি ক্ষেত্রৰ বহু খ্যাতিমান লোক এই ৰেষ্টুৰেণ্টখনলৈ আহিছে৷ মোৰ বাবে এয়া সৌভাগ্য বুলিয়েই ভাবিছোঁ৷

আপোনাৰ ৰেষ্টুৰেণ্টখনত থকা খাদ্যসম্ভাৰৰ বিষয়ে ক’ব নেকি? বিশেষ খাদ্য কিবা আছে নেকি?

আমাৰ ৰেষ্টুৰেণ্টখনত প্রধানকৈ ইণ্ডিয়ান, ৰাছিয়ান, চাইনিজ, কণ্টিনেণ্টেল, থাই আদি নানা তৰহৰ খাদ্যৰ প্রকৰণ আছে৷ গোৱাৰ আহাৰো উপলব্ধ ৰেষ্টুৰেণ্টখনত৷ উল্লিখিত প্রতিবিধ খাদ্যৰে গ্রাহক আছে৷ ইয়াৰ উপৰি আমাৰ ৰেষ্টুৰেণ্টখনৰ বিশেষ খাদ্য হ’ল– ‘ফ্রেচ ছী ফুড’৷ সাগৰৰ বিভিন্ন মাছৰ এই খাদ্যৰ বাবে ৰেষ্টুৰেণ্টখনৰ যথেষ্ট খ্যাতি আছে৷ ইয়াত কিংফিছ, পম্পফ্রেট, ৰকফিছ, ৰেড স্নেপাৰ, প্রঞ্চ, ক্রেব, লবষ্টাৰ আদি বিবিধ সাগৰীয় মাছৰ বিশেষ খাদ্যসম্ভাৰ ইয়াত উপলব্ধ৷

গোৱাত ব্যৱসায় কৰাৰ ক্ষেত্রত এগৰাকী মহিলা হিচাপে কিবা বিশেষ অসুবিধা, প্রত্যাহ্বান পাইছিল নেকি?

হয়, প্রথম অৱস্থাত অলপ সমস্যা হৈছিল৷ কিছু প্রত্যাহ্বান আহিছিল৷ বিশেষকৈ ব্যৱসায় আৰম্ভণি কৰাৰ ক্ষেত্রত প্রয়োজন হোৱা অনুজ্ঞাপত্রৰ নানা নথি–পত্র সংগ্রহ কৰাৰ ক্ষেত্রত মই অসমৰ পৰা যোৱা বাবে অগ্রাধিকাৰ পোৱা নাছিলোঁ, যাৰ বাবে মই কিছু বাধা–বিপত্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ তথাপি তাৰ মাজেৰেই আগবাঢ়ি সকলোখিনি কামেই কৰিব পাৰিছিলোঁ৷ ইয়াৰ ভাষা বিভিন্নতাৰ বাবেও অলপ সমস্যাত পৰিছিলোঁ৷ তাত কোংকনি আৰু ইংৰাজী ভাষা চলে৷ হিন্দী ভাষা চলে যদিও কম৷ কোংকনি ভাষা নজনা বাবে প্রথমে কিছু অসুবিধা পাইছিলোঁ৷ আনহাতে মহিলা হিচাপে ৰেষ্টুৰেণ্টখনৰ সৈতে যুক্ত প্রত্যক্ষ–পৰোক্ষ বহু কর্মচাৰীৰ ‘ষ্টাফ মেনেজমেণ্ট’ৰ ক্ষেত্রত অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ৷ পিছতে লাহে লাহে ভাষাসমূহ শিকিলোঁ৷ কামৰ ক্ষেত্রত নিজকে ‘আপগ্রেড’ কৰিলোঁ৷

ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ ক্ষেত্রত সফল হ’বলৈ কিবা বিশেষ গুণ–অর্হতাৰ প্রয়োজন আছে নেকি?

ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ ক্ষেত্রত সফল হ’বলৈ নিজে এগৰাকী ভাল পৰিপক্ব ‘ছেফ’ হোৱাৰ প্রয়োজনীয়তা থকা দৰকাৰ৷ নিজে শুদ্ধ–ভালকৈ ৰান্ধিব জনাৰ গুণ থাকিলে এই ব্যৱসায়টোক সফলতাৰ দিশত আগবঢ়াই নিবলৈ উজু হৈ পৰে৷ অর্থাৎ সহজ ভাষাত ক’বলৈ হ’লে ভালকৈ ৰান্ধিব পৰা হ’লেহে ব্যৱসায়টোত অধিক সফলতা লাভ কৰিব পাৰি বুলি মই নিজে অনুভৱ কৰোঁ৷ তদুপৰি ৰেষ্টুৰেণ্ট এখন খুলি বেলেগৰ হাতত পৰিচালনাৰ ভাৰ সঁপি দিলেও সঠিক নহয়৷ মানে নিজে এই ব্যৱসায়টোত প্রত্যক্ষভাৱে লাগি থাকিব লাগিব৷ ব্যৱসায়টোত সময় দিব লাগিব৷ ৰেষ্টুৰেণ্টত অকল খাদ্য ভালকৈ দিলেও নহ’ব৷ তাত গ্রাহকে‘Hospitality’ অর্থাৎ ‘আতিথ্য’ বিচাৰে৷ ভাল আতিথ্য প্রদান কৰিব নোৱাৰিলে এই ব্যৱসায়ত সফলতা লাভ কৰা কঠিন৷ ক’ব পাৰি যে গ্রাহকক আতিথ্য প্রদান কৰিব পৰাটো ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ সফলতাৰ অন্যতম গুৰুত্বপূর্ণ চাবিকাঠী৷ আতিথ্য দিবলৈ হ’লে কেৱল কর্মচাৰীৰ ওপৰত সম্পূর্ণ নির্ভৰশীল হ’লে কিন্তু কেতিয়াবা ঠগ খাবলগীয়া হ’ব পাৰে৷ সেয়ে এই ব্যৱসায়ত নিজে সময় দি লাগি থাকিব পাৰিলেহে অধিক সফলতা অহাৰ সম্ভাৱনা থাকে৷

গোৱাত অন্য কিমান অসমীয়াই বিভিন্ন ক্ষেত্রত কাম কৰি আছে?

মই যেতিয়া প্রথম গোৱালৈ আহিছিলোঁ, তেতিয়া অসমীয়া মানুহৰ সংখ্যা যথেষ্ট সীমিত আছিল৷ কিন্তু পৰৱর্তী সময়ত লাহে লাহে বহু অসমীয়া লোক গোৱালৈ আহে আৰু বহুতে ব্যৱসায়িক কাম–কাজৰ সৈতে জড়িত হ’বলৈ ধৰে৷ ‘আছাম এছ’চিয়েচন অৱ গোৱা’ নামৰ এটা সংগঠন আছে৷ ইয়াত থকা অসমীয়া লোকৰ দ্বাৰা এই সংগঠনটো গঠন কৰা হৈছে৷ এই সংগঠনটোৰ ময়ো এগৰাকী সদস্যা৷ বর্তমান ৭০গৰাকীমান সদস্য আছে সংগঠনটোত৷ এই সংগঠনটোত থকা সদস্য–সদস্যাসকল্ ব্যক্তিগতভাৱে মোক যথেষ্ট উৎসাহ–উদ্দীপনা, সহযোগ কৰি আহিছে, যাৰ পৰা মই যথেষ্ট অনুপ্রেৰণা লাভ কৰি আহিছোঁ৷ এই সংগঠনটোৰ ছত্রছায়াত জন্মভূমিৰ পৰা বহু নিলগত থাকিও সকলো একত্রে সংগঠিত হৈ থাকিবলৈ সুযোগ লাভ কৰিছোঁ৷ সময়ে সময়ে একত্রিত হৈ মনৰ ভাব আদান–প্রদান কৰোঁ৷ গোৱাত শেহতীয়াকৈ বহু অসমীয়া নানা ব্যৱসায় তথা অন্য বিভিন্ন ধৰণেৰে প্রতিষ্ঠিত হৈছে৷ ইলোৰা গোস্বামী, অন্তৰা মহন্ত, অভিনন্দন দাস, প্রণৱ নাথ, মনোজ হাজৰিকা, পিয়াক্ষি আদিকে ধৰি বহুকেইগৰাকী অসমীয়া আজি গোৱাত প্রতিষ্ঠিত৷ এয়া নিশ্চিতভাৱে আমাৰ সকলোৰে বাবে অত্যন্ত ভাল লগা কথা৷

আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পর্কত কিবা ক’ব নেকি?

মই শেহতীয়াকৈ নতুনকৈ আৰম্ভ কৰা ‘ইভেণ্ট মেনেজমেণ্ট’ৰ পৰিসৰ বহল কৰাৰ বাবে এক পৰিকল্পনা আছে৷ কিয়নো ইয়াৰ জৰিয়তে সংশ্লিষ্ট পক্ষৰ পৰা যথোচিত সঁহাৰি লাভ কৰিছোঁ৷ এইক্ষেত্রত বিষয়টোক গুৰুত্ব দি আগবঢ়াই নিলে অধিক সফলতা লাভ কৰিব পাৰিম বুলি আশা কৰিছোঁ৷ ইয়াৰ উপৰি ভৱিষ্যতে থকাৰ সা–সুবিধা কৰি হোটেল স্থাপন কৰাৰ বাবেও পৰিকল্পনা কৰি আছোঁ৷

গোৱাৰ সামগ্রিক পৰিৱেশ সম্পর্কত আপোনাৰ বক্তব্য?

গোৱাত বাৰ আদি আছে৷ মদৰো ব্যাপক প্রচলন৷ তৎসত্ত্বেও ইয়াত কিন্তু মহিলাসকল সম্পূর্ণ সুৰক্ষিত৷ ইয়াত মহিলাসকলৰ পিন্ধন–উৰণৰ ক্ষেত্রতো তেনে কোনো বাধ্যবাধকতা নাই৷ তথাপি এনে অৱস্থাতো মহিলা ইয়াত অপদস্থ হোৱা দেখা নাযায়৷ বিশেষকৈ আমাৰ ৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে বিষয়টো অলপ আচহুৱা লাগিব পাৰে বিগত কেইবাবছৰ ধৰি মই গোৱাত আছোঁ৷ নিশাৰ ভাগত মই অকলশৰে চলা–ফুৰা কৰি আহিছোঁ৷ কিন্তু কোনো অপ্রীতিকৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হোৱা নাই৷ গোৱাত মহিলাসকল খুব বেছি সুৰক্ষিত৷ ইয়াৰ লোকসকল বেছ ভদ্র৷

The post সুকন্যা : গোৱাত ৰেষ্টুৰেণ্ট স্থাপনেৰে স্বাৱলম্বী গোলাঘাটৰ ছায়াশ্রী কৌশিক first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : দলগাঁৱৰ উদ্যমী মহিলা বনানী গোস্বামী
সাক্ষাৎ গ্রহণঃ ড০ ধ্রুৱজ্যোতি শর্মা

ফোনঃ ৯৮৫৪৯–৪৪৭০০

ওদালগুৰি জিলাৰ দলগাঁও কৌপাটিৰ শিক্ষিতা বোৱাৰী বনানী গোস্বামী মহিলা সবলীকৰণৰ এক যোগ্য নামান্তৰ। ২০১২ চনত জীৱনৰ মাত্ৰ একুৰি বসন্ত গৰকা মঙ্গলদৈ চহৰৰ যুৱতী গৰাকী পৰিয়ালে ঠিক কৰা মৰ্মে বিবাহ পাশত আৱদ্ধ হৈছিল ব্যৱসায়ী যুৱক চম্পক কুমাৰ শৰ্মাৰ লগত।

প্ৰথমছোৱা সকলো ঠিকেই আছিল যদিও ক্ৰমাৎ পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা।এনেকৈ এদিন অভাৱনীয় পৰিস্থিতিত ৰাতিটোৰ ভিতৰতে সকলো সপোন মষিমূৰ হৈ ধূলিসাৎ হৈ পৰে পৰিয়ালটো।একো উৱা-দিহ নাপাই বনানীয়ে চৌদিশে দেখে কেৱল ঘন অন্ধকাৰ। স্বামীও মানসিকভাবে ভাৰাক্ৰান্ত। বনানীও ছমাহৰ অন্তঃসত্বা।

তথাপিও ভাগি নপৰি স্বামীক মানসিকভাবে শক্তিশালী কৰি নিজে আগভাগ লৈ উৎপাদনমুখী কাম-কাজ কৰাৰ সিদ্ধান্ত ল’লে বনানীয়ে।সকলো খবৰ বাতৰি লৈ মীন পালনৰ পৰা নুন্যতম মূলধনী বিনিয়োগৰ বিনিময়ত তুলনামূলকভাৱে কম কষ্টৰে অধিক লাভবান হোৱাৰ থল আছে বুলি জানিব পাৰি সাক্ষাৎ কৰিলে মীন প্ৰদৰ্শক তথা সাংস্কৃতিক কৰ্মী সুভাষ চহৰীয়াক।

ক্ষেত্ৰ বিষয়াজনে তদানীন্তন জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰৰ লগত পৰিচয় কৰাই দিয়ে বনানীক। খাটনিয়াৰে সুযোগৰ সদব্যৱহাৰ কৰি বিভাগীয় “নীল বিপ্লৱ” আচনিৰ জৰিয়তে আঢ়ৈ বিঘা জলকালিৰ মীন পাম এখন নিৰ্মাণ তথা মীন পালন ৰূপায়ণৰ অনুমোদন দিয়ে বনানীক।পিতাকৰ পৰা কিছু ধন আনি হিতাধিকাৰীৰ অংশখিনি সন্তোষজনক বাবে জোৰা মাৰি বিভাগীয় সহযোগিতাত আৰম্ভ কৰে মীন পামখন।

মীন পালনৰ তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞানখিনিও প্ৰদান কৰে মীন বিভাগে।প্ৰথম প্ৰয়াসতে বনানী সফল।তাৰ পাছত বনানীয়ে আৰু পাছলৈ উভটি চাব লগা হোৱা নাই।সংযোজন কৰে পুখুৰীৰ পাৰত সমন্বিত দৃষ্টিভংগীৰে উদ্যান শস্য। পৰবৰ্তী সময়ত ২০২০ চনত প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদা যোজনা আচনিৰ জৰিয়তে বনানীয়ে পুনৰ চাৰে তিনি বিঘাৰ পাম নিৰ্মাণ কৰি সম্প্ৰসাৰিত কৰে মীন পাম।বাসগৃহৰ সমীপতো আধা বিঘা পুখুৰীত সূচনা কৰে সংমিশ্ৰিত মীন পাম।

কঁকাল ভাগি পৰা পৰিয়ালটো লাহে লাহে পুনৰ থন ধৰি উঠিব ললে।এই যাত্ৰাক আৰু অধিক সবল কৰাৰ মানসেৰে ২০১৯ চনত বনানীয়ে ‘কেইক প্ৰস্তুত’ ৰ পাঠ্যক্ৰম সফলতাৰে সাং কৰে।ঘৰতে আৰম্ভ কৰে ক্ষুদ্ৰ উদ্যোগটি।কম সময়তে জনপ্ৰিয় হৈ পৰিল বনানীৰ হৰেক কিচিমৰ ‘কেইক’।দূৰ-দূৰণিৰ পৰা অৰ্ডাৰ পায় বনানীয়ে।মাহত গঢ়ে ৭০-১০০টা বিভিন্ন তৰহৰ কেইক যোগান ধৰে বনানীয়ে। ‘কেইক’ প্ৰস্তুত উদ্যোগটো প্ৰতিষ্ঠিত হোৱাৰ পাছত বনানীয়ে আৰম্ভ কৰে বিভিন্ন ধৰণৰ আছাৰ প্ৰস্তুত।

স্মৰ্তব্য যে বনানীৰ মাক দিপালী গোস্বামীৰো আছাৰ প্ৰস্তুতৰ ক্ষেত্ৰত এক সুকীয়া নাম আছে।বনানীয়ে কম পৰিসৰত আছাৰ বনাইছিল যদিও পোনতে ব্যৱসায়িক দৃষ্টিকোণৰে কথাটো চিন্তা কৰা নাছিল।বনানীৰ আছাৰৰ জুতি লোৱাৰ সুযোগ পোৱা ওচৰ-চুবুৰীয়া আৰু পৰিয়াল সজ্জনে এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টিভংগীৰে আগবাঢ়িব পৰামৰ্শ দিয়ে।

ফলশ্ৰুতিত বজাৰত “উৰ্বিজা পাকঘৰ” নামেৰে বনানীৰ আছাৰে ভূমুকি মাৰিলে। যাৱতীয় অনুমতি, অনুজ্ঞাপত্ৰ, গুণগত মানৰ নিশ্চিতকৰণ প্ৰমাণ পত্ৰ আদিৰ আনুষ্ঠানিকতা সাং কৰি বনানীৰ অব্যাহত থাকিল অনিৰ্বাণ যাত্ৰা।কম সময়তে ক্ৰেতাই আদৰি ল’লে “উৰ্বিজা পাকঘৰ”।বিশেষকৈ বনানীৰ নেমু,ভূত জলকীয়া,বগৰী,জলফাই,আম আদিৰ মিঠা আৰু টেঙা দুয়োবিধ আছাৰেই বজাৰত বিশেষ জনপ্ৰিয়।

আচাৰ প্ৰস্তুতৰ ক্ষেত্ৰত গুণগত কেঁচামাল সংগ্ৰহ, বিশুদ্ধ মছলা যোগাৰ,খাটী সৰিয়হ তেল আহৰণ আদিৰ প্ৰতি বনানী সদা সচেতন। বিভিন্ন ঠাইৰ গ্ৰাম্য মহিলাৰ জৰিয়তে যোগাৰ কৰে কেচা মাল,মছলাখিনি স্বাস্থ্যসন্মত বাবে নিজে প্ৰস্তুত কৰি লয়,মিঠাতেলো নিৰ্দিষ্ট কেন্দ্ৰৰ পৰাহে সংগ্ৰহ কৰে।মীন পালনক মুখ্য হিচাবে গ্ৰহণ কৰা বনানীয়ে ‘কেইক প্ৰস্তুত ‘ আৰু ‘আছাৰ প্ৰস্তুত ‘ ৰ পৰাও সন্তোষজনক ভাবে লাভান্বিত হৈছে।

এদিন অমানিশাৰ কাল ধুমুহাই বিপৰ্য্যস্ত কৰা পৰিয়ালটি আজি অঞ্চলটিৰ এটা প্ৰতিষ্ঠিত পৰিয়াল।স্বামী আৰু দুটি সন্তানৰে এটি সুখী পৰিয়াল। অৱশ্যে বনানীৰ প্ৰতিটো কামতে স্বামী চম্পক কুমাৰ শৰ্মাৰ সহযোগিতা অনস্বীকাৰ্য। বনানীৰ সফলতাৰ পৌণিক ক্ৰিয়াৰ সুবাসে অঞ্চলটিৰ বহু মহিলাক এনে ধৰণৰ উৎপাদনমুখী কাম-কাজলৈ আকৰ্ষিত কৰাটো শুভলক্ষণ।

বনানীৰ যাৱতীয় সহযোগিতাত তেওঁলোকেও এনেবোৰ কামত জড়িত হৈ অৰ্থনৈতিকভাবে লাভান্বিত হোৱাৰ লগতে মহিলা সবলীকৰণৰ অবিৰত যাত্ৰাক উজ্জীৱিত কৰিছে।বনানী গোস্বামীয়ে প্ৰমাণ কৰি দিছে যে গ্ৰাম্য মহিলাৰ সুপ্ত প্ৰতিভা আৰু সমলখিনিৰ সফল ব্যৱহাৰে ৰাজ্যৰ আৰ্থ-সামাজিক পৰিমন্ডলক এক ইতিবাচক ৰূপান্তৰৰে উদ্ভাসিত কৰিব পাৰে-

আপুনি মঙ্গলদৈ চহৰৰ ছোৱালী। পৰবৰ্ত্তী সময়ত হ’ল দলগাঁও কৌপাটিৰ বোৱাৰী। বিয়াৰ পাছত আপুনি অৰ্থনৈতিক উপাৰ্জনৰ কথা চিন্তা কৰিলে। আজি আপুনি সুপ্ৰতিষ্ঠিত। কিহৰ তাড়নাই আপোনাক অৰ্থনৈতিক উপাৰ্জনৰ কথাটো ভাবিবলৈ বাধ্য কৰালে অকণমান কওকছোন?

আপুনি ঠিকেই কৈছে মই চহৰৰ আৱহাৱাত ডাঙৰ হোৱা ছোৱালী যদিও মোৰ মা-দেউতাই সকলো পৰিৱেশতে মিলিব পৰাকৈ ডাঙৰ-দীঘল কৰিছিল আৰু মা-দেউতাৰ পছন্দ মতে মাত্ৰ ২০ বছৰ বয়সতে ২০১২ চনৰ জানুৱাৰী মাহত বিয়া হও। কিন্তু বিয়াৰ ছমাহ মান পিছৰ পৰাই এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। মোৰ স্বামীৰ যি ব্যৱসায় আছিল সেই সকলো ক্ৰমাৎ ধুলিসাৎ হৈ গ’ল আৰু এটা দিনৰ ভিতৰতে সচাঁ কথা কবলৈ গলে অত্যন্ত আৰ্থিক দৈন্যতাত ভূগিলোঁ। পথৰ ভিক্ষাৰী হৈ গ’লো যিহেতু সেই সময়ত মই অন্তসত্বা ও আছিলো। সেইবাবে মই কপালক ধিয়াই নাথাকি অকল আমাৰ লগতে আহিব লগা জনৰ কথা ভাৱি নাথাকি আগবাঢ়িব চেষ্টা কৰিলো আৰু এই সময়ত মহিলা গৰাকীৰ যথেষ্ট গুৰুত্ব আছে কাৰণ মই তেখেতক উত্সাহ দিব লাগিব লগতে উদগনি দিব লাগিব আৰু মানসিক ভাৱে সমৃদ্ধ কৰিব লাগিব। সেই সকলোবোৰ চিন্তা কৰি মই ভাবিলো যে কিবা এটা উপাৰ্জন মুখী কাম কৰিব লাগিব আৰু উপাৰ্জন মূখী কামটো এনেদৰে কৰিম যাতে মোৰ উপাৰ্জন মূখী কামটোৰ জৰিয়তে আমাৰ পৰিয়ালটো খুব সুন্দৰকৈ চলিব পাৰোঁ আৰু আমাৰ পৰৱৰ্তী সতি সন্ততিকো ভালকৈ গড় দিব পাৰোঁ আৰু সেই সকলো খিনি কথা চিন্তা কৰি মই ভাবিলো যে আমি কিবা এটা উপাৰ্জন মূখী কাম কৰিম এই ধৰণেই মোৰ মনত এই কথা-বতৰা বোৰ আহিল। আৰু আপোনাক মই জনাই থও যে সেই সময়ত মোৰ বয়স মাত্ৰ ২০ বছৰ।

প্ৰথম কেনেদৰে আৰম্ভ কৰিলে?

মই কি কৰিম এই কথাটো কেইদিনমান আমি দুয়োৱে চিন্তা কৰিলো, যিহেতু ৬ বিঘা এওঁলোকৰ মাটি আছে য’ত খেতিও ভালদৰে নহয় সেইবাবে মই মীনপালনৰ কথা চিন্তা কৰিলোঁ। মীনপালন অতি লাভ জনক। আমি যিহেতু দলগাঁও অঞ্চলত থাকো আমি দেখো আমাৰ এই অঞ্চলত খাৰুপেটীয়া-বেছিমাৰী এইবোৰ ঠাইত বহুত মানুহে মীনপালন কৰি স্ব-নিয়োজিত হৈছে, আৰু মই বহুতৰ মূখত শুনিলো মীনপালনৰ জৰিয়তে কম কষ্টতে বেছি লাভৱান হ’ব পাৰি। মূলধনৰ বিনিয়োগ কম। এই সকলোবোৰ কথা চিন্তা কৰি মই মীন বিভাগৰ বিষয়া শ্ৰীযুত সুভাষ চহৰীয়া ছাৰক লগ কৰিলোঁ মই তেওঁক মোৰ সকলোবোৰ কথা কলো তেওঁ শুনিলে আৰু মোক নিৰাশ নকৰি সেই সময়ৰ মীন উন্নয়ন বিষয়া শ্ৰীযুত বিপুল খাটনীয়াৰ ছাৰক লগ কৰাই দিলে আৰু তেওঁলোকে মোক “নীল বিপ্লৱ” আঁচনি দিলে আৰু মই (২.৫) বিঘা পুখুৰী খান্দি মীনপালন আৰম্ভ কৰোঁ আৰু কেনেকৈ মীনপালন কৰিব লাগিব আৰু কেনেকৈ আগবাঢ়িব লাগিব এই গোটেই কথা-বতৰাবোৰ মোক শিকাই দিলে। আপোনাক জনাব পাই ভাল পাম যে সেই (২.৫) বিঘাৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰে যিটো লাভ তাৰ কিছু অংশ পুখুৰী আকৌ সম্প্ৰসাৰণ কৰাত বিনিয়োগ কৰো এনেকৈ পাম প্ৰায় বঢ়াই (৬.৫) বিঘা আৰু লগতে ঘৰত এটা () বিঘাত সংমিশ্ৰিত মীনপালন কৰি আছো। মীনপালনৰ বিষয়ে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যথেষ্ঠ শিকিছো আৰু ইয়াৰ পৰাই যথেষ্ঠ উপাৰ্জন হয় আৰু মই ইয়াত বহুত সুখী আৰু এইখিনিতে ২০২০ চনত মই “প্ৰধানমন্ত্ৰী মত্স্য সম্প্ৰদা” যোগানৰ জৰিয়তে (২.৫) বিঘা পুখুৰী এটাত সংমিশ্ৰিত মীনপালনো কৰি আছোঁ।

কোনে অনুপ্ৰেৰণা যোগাইছিল?

চাওঁক অনুপ্ৰৰণা বুলি ক’বলৈ গ’লে প্ৰথমতে মোৰ স্বামী শ্ৰীযুত চম্পক কুমাৰ শৰ্মাৰ নাম ক’ব লাগিব। যেতিয়া মই দেখিলো যে তেওঁ মানসিক ভাবে ভাগি পৰিছে তেওঁৰ সকলো ব্যৱসায় ধুলিসাৎ হৈ গ’ল। এইদৰে আমি দুয়ো লগ হৈ উপাৰ্জন মূখী কামবোৰ কৰিবলৈ ললো তেওঁ মোক অনুপ্ৰেৰণা যোগাইছিল যে তুমি কৰা মই তোমাৰ লগত আছোঁ। তাৰ পিছত যেতিয়া মই মীনপালনৰ কথা চিন্তা কৰিলোঁ আৰু জিলা মীন উন্নয়ন বিষয়া শ্ৰীযুত বিপুল চহৰীয়াক লগ কৰিলো তেওঁলোকে মোক ক’লে যে আপুনি কৰক তোওঁলোককো মোৰ সকলোবোৰ কথা ক’লো কোনো ধৰণৰ লুক ধাক কৰা নাছিলোঁ। সেইবাবে তেওঁলোকে ক’লে আপুনি কৰক আমি আছো। তেওঁলোকেও সেই মতে মোক আঁচনি দিলে এইধৰণে আগবাঢ়ি আহি আজিৰ অৱস্থাত আছো।

পৰবৰ্তী সময়ত উত্পাদনমূখী কাম-কাজখিনি কেনেকৈ সম্প্ৰসাৰণ কৰলে অকনমান জনাবনে?

হয় মই মীনপালনৰ লগে লগে চিন্তা কৰিলো যে ঘৰতে থাকি আৰু কিছু উত্পাদনমূখী কাম কৰিব পাৰো। মই ভাৱিলো যে আমাৰ এই অঞ্চলত ‘কেক’ বনোৱা কোনো ধৰণৰ প্ৰতিষ্ঠান নাই কিন্তু কেকৰ চাহিদা যথেষ্ঠ আছে দলগাওঁ, বেছিমাৰী, ওৰাং, শিলবৰী আদিত, বিভিন্ন উত্সৱ পাৰ্বনত, বিভিন্ন অনুষ্ঠানত কেকৰ চাহিদাটো যথেষ্ঠ আছে। তেওঁলোকে মঙ্গলদৈ বা ঢেকীয়াজুলী আদিৰপৰা কেক আনিব লাগে গতিকে মই এই কেক বনোৱা কামটো পেছাগত ভাৱে ২০১৯ চনত শিকি ললো আৰু তেতিয়াপৰা মই কেক বনোৱা কামটো কৰি আছোঁ আৰু এই কামটোৱে আৰ্থিকভাৱে লাবাম্ৱিত হোৱাত যথেষ্ঠ সহায় কৰিছে। তাৰ পাছত সৰুৰে পৰা আচাৰ বনোৱা এটা ৰাপ আছিল আৰু মই মোৰ মা দিপালী গোস্বামীৰ পৰা আচাৰ বনাবলৈ শিকিছিলোঁ। মোৰ আচাৰ খাই ওচৰ-চুবুৰীয়াই কয় ব্যৱসায় ভিত্তিত কৰিবলৈ কৈ থাকে তাৰ পাছত মই পেছাগত ভাৱে কৰিবৰ বাবে যিবোৰ “Health & Family Welfare Depertment”-ৰ পৰা “Fssai Licence” বনাই ললোঁ আৰু ঘৰতে এটা আচাৰ বনোৱা উদ্যোগ স্থাপন কৰিলো। আৰু এই উদ্যোগটোৰ নাম দিলো উৰ্বিজা পাকঘৰ বৰ্তমান এই কামবোৰ মোৰ ভালদৰে চলি আছে।

বৰ্তমান মুখ্যতঃ কি কি কাম কৰে?

বৰ্তমান মোৰ মীন পালন প্ৰধান আৰু মূখ্য তাৰ পাছতে মই কেক প্ৰস্তুত কৰো মাহত মই ৭০ টাৰ পৰা ১০০ টাৰ ভিতৰত মই কেক বিপনন কৰোঁ আৰু কেকৰ চাহিদা দিনে দিনে বৃদ্ধি পাইছে, সেইটো এটা মোৰ উপাৰ্জন তাৰ পাছত মই বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰোঁ। আৰু সেইবোৰ বিভিন্ন ঠাইলৈ যায় এই উদ্যোগটো মোৰ সম্প্ৰসাৰণ হৈছে আৰু এই তিনিটাই মূখ্যত প্ৰধান কাম।

আপোনাৰ কেক প্ৰস্তুত উদ্যোগৰ আৰু আছাৰ প্ৰস্তুত উদ্যোগ আদিৰ অকণমান আভাস দিয়কচোন?

হয় কেক প্ৰস্তুত উদ্যোগটো এটা আকৰ্ষণীয় উদ্যোগ মই বিভিন্ন ধৰণৰ কেক বনাওঁ ভেনিলা কেক, ৰচমলাই কেক, বাবী কেক, চকলেট কেক আৰু লগতে বিভিন্ন ধৰণৰ ফ্লেভাৰৰ কেক বনাওঁ। বিভিন্ন উপলক্ষে জন্মদিন, বিবাহবাৰ্ষিকী, অন্নপ্ৰসন্ন আদিত কেক মই বনাওঁ আৰু গ্ৰাহকে যেনেদৰে বিচাৰে তেনেধৰণে দিবলৈ চেষ্টা কৰোঁ। আছাৰৰ ক্ষেত্ৰত মই ভোট জলকীয়া, জলফাই, কাজিনেমু, বাঁহগছ, বগৰী, ঔটেঙা আৰু বিভিন্ন আছাৰ প্ৰস্তুত কৰোঁ। ইয়াৰ বাবে মোক প্ৰয়োজন হোৱা কেচাঁ সামগ্ৰীবোৰ কিছু মোৰ মানুহৰ জৰিয়তে মই উন্নত মানৰ কেচাঁ সামগ্ৰী সংগ্ৰহ কৰোঁ আৰু এইবোৰ মই সু্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে আৰু উদ্যোগ বিভাগৰ যি অনুমতি লব লাগে Fssai Licence লৈ এই সকলো খিনি কাম আগবঢ়াই লৈ গৈ আছোয

জনসাধাৰণৰ সঁহাৰি বা ক্ৰেতাৰ চাহিদা কেনে?

মই ভগৱানক কৃতজ্ঞতা জনাম এই দুয়োটা ক্ষেত্ৰতে চাহিদাই কওক বা জনসাধাৰণৰ সহাৰিয়েই কওক যথেষ্ঠ আশাপদ। মোৰ কেক সমগ্ৰ দলগাঁও, কৌপাতী আৰু ওদালগুৰি জিলাৰ কিছু ঠাইত জনপ্ৰিয় হৈ বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ আহে তেওঁলোক মোক অৰ্ডাৰ দিয়ে আৰু সেইমতে তেওঁলোকক মই কেক যোগান ধৰোঁ। আছাৰৰ ক্ষেত্ৰত যদিও, মোৰ বৰ বেছি দিন হোৱা নাই এই উদ্যোগটো ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰা যদিও ক্ৰেতাৰ যিটো চাহিদা সেইধৰণে মই যোৱা বছৰ যোগান ধৰিব পৰা নাই সেইবাবে মই ভাৱে জনসাধাৰণৰ মাজত ‘উৰ্বিজা পাকঘৰ’ আছাৰৰ যথেষ্ঠ চাহিদা আছে।

এনে জনপ্ৰিয়তাৰ মূল কাৰণ কি বুলি ভাৱে?

হয় মই ক্ৰেতাৰ মতামত লৈছো। প্ৰতি ক্ৰেতাৰ  সৈতে মোৰ বন্ধুত্ব সুলভ সম্পৰ্ক থাকে। ক্ৰেতা সকলে কয় যে মোৰ গুণগত মানটোৰ ওপৰত মই যথেষ্ট গুৰুত্ব দিও মই কোনো কাৰণতে গুণগত মানত আপাচ নকৰোঁ আৰু মোৰ সামগ্ৰীখিনি যিখিনি কেচাঁ বস্তু কেকৰ ক্ষেত্ৰতে কওক বা আছাৰৰ ক্ষেত্ৰতে কওক মই যথেষ্ট সচেতন যেনেকে আজি কেক বনাওতে যিখিনি সামগ্ৰী লাগে মই নিজে সেইখিনি যোগাৰ কৰি চাফ-চিকুন ভাৱে মই নিজে চায় লওঁ গুণগত মানৰ হয় নে নহয় ঠিক তেনেকে আচাৰ বনোৱাৰ ক্ষেত্ৰত যিখিনি কেচাঁ সামগ্ৰী লাগে কিছু বিশেষ মানুহ নিয়োগ কৰা থাকে মই তেওঁলোকক আগতীয়াকৈ ধন দি থওঁ তেওঁলোকে মোক ভাল ভাল কেচাঁ সামগ্ৰীবোৰ যোগান ধৰি দিয়ে। ইয়াত প্ৰয়োজনীয় মছলাবোৰ মই নিজে ঘৰত প্ৰস্তুত কৰোঁ। মিঠাতেল মই উন্নত মানৰ ব্যৱহাৰ কৰোঁ। এই গোটেই বস্তুখিনি যথেষ্ট স্বাস্থ্য সন্মত আৰু গুণগত মানৰ আৰু মোক ক্ৰেতাই কৈছে যে সেই কাৰণে তেওঁলোকে মোৰ সামগ্ৰীবোৰ যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে।

সামগ্ৰীৰ স্বাস্থ্যসন্মত আৰু গুণগত মানৰ প্ৰতি আপুনি কিমান সচেষ্ট? কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে?

হয় মই এই দুয়োটা বস্তুৰ প্ৰতি সচেতন কাৰণ মানুহে খোৱা বস্তু। কাৰণ মই যিখিনি ব্যৱসায়িক ভিত্তিত কৰো বা ক্ৰেতাক দিও তাতো মই চিন্তা কৰোঁ যে মই ঘৰত খোৱাৰ দৰে যোগান ধৰিব পাৰোঁ, মই ইতিমধ্যে আপোনাক কৈছোৱে যে কেক প্ৰস্তুত কৰোঁতে তাৰ কাৰণে যিখিনি উপকৰণ লাগে ময়দা, চেনী, কণি এই সকলোবোৰ মই চাই চিতি লওঁ যাতে তাতে কোনোধৰণৰ স্বাস্থ্যসন্মত ব্যতিৰেকে কাম নহয় ঠিক তেনেকে আচাৰ প্ৰস্তুতৰ ক্ষেত্ৰতো কেচাঁ সামগ্ৰীসমূহ ধুই স্বাস্থ্যসন্মত ভাৱে প্ৰস্তুত কৰো আৰু বাকী বস্তুসকলো স্বাস্থ্যসন্মত ভাৱে তৈয়াৰ কৰোঁ। আৰু মই ভাৱো যে এই কাৰণে মই তৈয়াৰ কৰা সামগ্ৰীৰ জনপ্ৰিয়তা আছে।

মীনপালন সম্পৰ্কে আৰু ইয়াৰ লাভালাভৰ বিষয়ে অকনমান কওকচোন?

মীনপালন হৈছে অতি লাভজনক মাছ খেতিত যথেষ্ঠ লাভৱান হ’ব পাৰি বছৰত মই যথেষ্ঠখিনি মাছ বজাৰলৈ উলিয়াই দিওঁ আৰু এই কামটোত মই যথেষ্ট আনন্দ পাও আৰু লগতে পুখুৰী পাৰত অলপ মালভোগ কলৰ খেতিও কৰিছো। তাৰ পৰাও মোৰ এটা উপাৰ্জন আহে। গতিকে মীনপালনৰ জৰিয়তে লাভৱান হোৱাৰ যথেষ্ঠ সুযোগ থাকে আৰু মই ইয়াৰ সুযোগ গ্ৰহণ কৰিছো।

গ্ৰাম্য পটভূমিত সকলো কাম-কাজ চম্ভালি এই আটাইকেইটা দিশ চম্ভালিবলৈ অসুবিধা নহয়নে?

চাওক ইচ্ছা কৰিলে মই গ্ৰাম্য মহিলা গতিকে ঘৰত লৰা-ছোৱালীৰ দায়িত্ব লোৱাৰ পৰা আদি কৰি গ্ৰাম্য পটভূমিত যিখিনি কাম থাকে সকলো খিনি কাম কৰিব লগা হয় মই কৰো কিন্তু তাৰ মাজতো মই গোটেই সময়খিনি মই এনেকে মিলাই লওঁ যে এই গোটেই কেইটা কাম চম্ভালিব অসুবিধা নহয় অৱশ্যে মই এটা কথা ক’ব লাগিব যে এই ক্ষেত্ৰত মোৰ স্বামীয়ে প্ৰতিটো ক্ষেত্ৰতে সহায় কৰে আৰু যেতিয়া দৰকাৰ হয় আমি মজুৰি হিচাপে আন মহিলাকো নিয়োগ কৰো। গতিকে যদি সদইচ্ছা থাকে আৰু সময় ব্যৱস্থাপনা সঠিক ৰূপত কৰিব পাৰি তেতিয়া হ’লে এইখিনি চম্ভালিবলৈ কোনো অসুবিধা নহয়।

আপোনাৰ সফলতাই স্থানীয় আন মহিলাকো এনে ধৰণৰ কাম-কাজ কৰিবলৈ আকৰ্ষিত কৰিছেনে? তেওঁলোকে আপোনাৰ কাম চাবলৈ বা দিহা-পৰামৰ্শ বিচাৰি আহেনে?

আহে তেওঁলোকে যথেষ্ট আকৰ্ষণ কৰিছে। তেওঁলোক মোৰ ওচৰলৈ আহে মই আচাৰ কেনেদৰে বনাইছো জানিবলৈ আহে আৰু মীনপালনৰ ক্ষেত্ৰতো জানিবলৈ বিচাৰে। মই আপোনাক জনাব পাই ভালপাম যে বহুত মহিলাই তেওঁলোক ঘৰতো মই দিয়া (Cake backing Class) কৰি নতুনকৈ স্বাৱলম্বী হ’বলৈ শিকিছে লগতে মীনপালনৰ জৰিয়তেও স্বাৱলম্বী হৈছে। তেওঁলোকে বিচৰা মতে মই তেওঁলোকক মই যাৱতীয় দিহা পৰামৰ্শবোৰ দিওঁ আৰু বহুতে যি ব্যৱহাৰিক যি জ্ঞান মোৰ উদ্যোগ বা মোৰ মাছ খেতি পামৰ পৰাই আহৰণ কৰে। গতিকে মোৰ এই কাম-কাজখিনিয়ে স্থানীয় বহুতো মহিলাক আকৰ্ষিত কৰিছে।

আপোনাৰ উদাহৰণৰ পেক্ষাপটৰ পৰা মহিলা সৱলীকৰণ প্ৰসংগত গ্ৰাম্য মহিলা সকলক কি পৰামৰ্শ দিব?

হয় আমাৰ মহিলাসকল আচলতে বহুতো সম্পদ আছে, সামৰ্থ আছে, আমি ইচ্ছা কৰিলে মহিলা সৱলীকৰণ অৰ্থাৎ মহিলাসকল আৰ্থিকভাৱে সৱল হ’ব পাৰোঁ। মই যেতিয়া ২০ বছৰ বয়সত বিয়া হৈ আহিছিলো আৰু মই চহৰত ডাঙৰ-দীঘল হোৱা ছোৱালী আছিলো মই কেতিয়াও ভবা নাছিলো যে এনেকে মই উপাৰ্জন কৰি এটা পৰিয়াল পোহপাল দিয়াৰ লগতে অতি অৰ্থনৈতিক স্বচ্ছান্দে ভাৱে মোৰ ল’ৰা-ছোৱালী দুটাক শিক্ষা-দিক্ষা গ্ৰহণ আৰু লগতে সমগ্ৰ অঞ্চলটোত মই এটা ভালকে কাম কৰি যাবলৈ পাৰিম কিন্তু এতিয়া মই দেখিলো যে ইচ্ছা কৰিলে যদি আমি খুব অন্তঃকৰণেৰে বা প্ৰণালীবদ্ধ ভাৱে আগবাঢ়ো, নিষ্ঠা সততা আৰু একাগ্ৰতাৰে আগবাঢ়ো তেনেহ’লে এই কামখিনি আমাৰ মহিলাসকলৰ বাবে অকণমানো টান কাম নহয়। মই সকলো গ্ৰাম্য মহিলাক অনুৰোধ কৰিম তেওঁলোকে যেন ওলাই আহে আৰু এই ধৰণৰ যিবোৰ উপাৰ্জন মূখী কাম কৰক উপাৰ্জন মূখী কামবোৰ সকলোৰে বেলেগ-বেলেগ হ’ব পাৰে কিন্তু মহিলা সকলে উপাৰ্জন মূখী কাম কৰিব পাৰে আৰু তেওঁলোক আৰ্থিকভাৱে টনকিয়াল হ’লে মহিলা সৱলীকৰণ প্ৰশস্ত্য হ’ব এয়ে মোৰ সমূহ অসমবাসী মহিলালৈ পৰামৰ্শ বুলি নকও এয়া মোৰ অনুভৱ বুলি কৱ বিচাৰিছো। পৰামৰ্শ দিয়াৰ ধৃষ্টতা মোৰ নাই কিন্তু এয়া মোৰ অনুভৱ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা।

The post সুকন্যা : দলগাঁৱৰ উদ্যমী মহিলা বনানী গোস্বামী first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : আন্তর্জাতিক খ্যাতিসম্পন্ন এথলীট ৰিম্পী বুঢ়াগোহাঁইৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ

ফোন ঃ ৮৬৩৮৪–১৪৯৫৪

আপুনি ৰাষ্ট্রীয় সন্মান ‘অটল ত্রিৰংগা বঁটা, ২০২৫’ৰে সন্মানিত হৈছে৷ এই সম্পর্কে আপোনাৰ অনুভৱৰ বিষয়ে জনাব নেকি?

প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত প্রতিবছৰে দেশৰ বিভিন্ন ৰাজ্যৰ প্রতিভাৱান খেলুৱৈৰ লগতে বিভিন্ন ক্ষেত্রত অৱদান আগবঢ়োৱা যুৱক–যুৱতীসকলক্ অটল ত্রিৰংগা বঁটা প্রদান কৰি ৰাষ্ট্রীয়ভাৱে স্বীকৃতি প্রদান কৰা হয়৷ এইবাৰ এই সন্মানজনক বঁটা মোৰ লগতে ক্রিকেটাৰ উমা চেত্রী আৰু চিমু দাসলৈ আগবঢ়াইছে৷ ২৬ ডিচেম্বৰত আমি নতুন দিল্লীত এই সন্মান গ্রহণ কৰিছোঁ৷ এই বঁটাটিয়ে মোৰ দায়িত্ব বৃদ্ধি কৰিছে আৰু পৰৱর্তী সময়ত মই ক্রীড়াক্ষেত্রখনত অধিক মনোযোগেৰে আৰু পৰিশ্রমেৰে আগবাঢ়ি যোৱাত ই মোক অনুপ্রাণিত কৰিব৷ আমি কেৱল বঁটা বা সন্মানৰ বাবে নেখেলোঁ যদিও এনে স্বীকৃতিয়ে আমাক সদায় উন্নত প্রদর্শন দাঙি ধৰাৰ বাবে উৎসাহিত কৰে৷

শিৱসাগৰ জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আন্তর্জাতিক মঞ্চলৈ আগবাঢ়ি আহিবলৈ সক্ষম হৈছে৷ এয়া কিদৰে সম্ভৱ হৈছে?

অর্জুন ভোগেশ্বৰ বৰুৱাই কাটি থৈ যোৱা বাটেৰে শিৱসাগৰ জিলাৰ পৰা অসংখ্য ক্রীড়াবিদে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় মঞ্চত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ এইখন জিলাৰে বকতাৰ পুনিবিল গোহাঁইগাঁৱত মোৰ জন্ম৷ দেউতা ভৰত বুঢ়াগোহাঁয়ে শিক্ষকতা কৰিছিল যদিও চাকৰিটো নিয়মীয়া হোৱাৰ কিছুদিন পিছতে তেওঁ অৱসৰ গ্রহণ কৰে৷ মা নিকুঞ্জ বুঢ়াগোহাঁয়ে এথলেটিকছ খেলিছিল৷ মায়ে এতিয়াও মাষ্টার্ছ এথলেটিকছত খেলে৷ মাৰ পৰাই মই সৰুৰে পৰা খেলিবলৈ অনুপ্রেৰণা লাভ কৰিছিলো৷ তদুপৰি আমাৰ অঞ্চলটোত ক্রীড়াৰ এক সুন্দৰ পৰিৱেশ আছে৷ এই অঞ্চলৰ পৰা ইতিমধ্যে বহু খেলুৱৈয়ে ৰাষ্ট্রীয় পর্যায়ত সুনাম অর্জন কৰিছে৷ তদুপৰি আমাৰ পৰিয়ালৰ প্রতিগৰাকী সদস্যই মোক খেলিবলৈ উৎসাহিত কৰিছে আৰু তেওঁলোকে মোক যৎপৰোনাস্তি সহায় আগবঢ়াইছে, যাৰ বাবে মই দৰিদ্রতাকো নেওচি আজি কিছু পৰিমাণে হ’লেও সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷

আপুনি নিশ্চয় সৰুৰে পৰা এগৰাকী ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈ হিচাপে নিজকে গঢ়ি তোলাৰ সপোন দেখিছিল৷ আপুনি কিদৰে ক্রীড়াংগনৰ সৈতে জড়িত হৈ পৰিল?

মই সৰুৰে পৰা এগৰাকী ক্রীড়াবিদ ৰূপে নিজকে গঢ়ি তোলাৰ সপোন দেখিছিলো৷ বিশেষকৈ মাৰ পৰা এইক্ষেত্রত অনুপ্রেৰণা লাভ কৰিছিলো৷ মা আছিল এগৰাকী সুদক্ষ এথলীট৷ তেওঁ ৰাষ্ট্রীয় প্রতিযোগিতাত খেলাৰ সুযোগ পাইছিল যদিও ধনৰ অভাৱত খেলিবলৈ যাব নোৱাৰিলে৷ মাৰ সেই আধৰুৱা সপোন বাস্তৱায়িত কৰাৰ বাবে মই সংকল্প লৈছিলো৷ সৰুৰে পৰা মই স্কুলত অনুষ্ঠিত ক্রীড়া প্রতিযোগিতাৰ সকলো ইভেণ্টত যোগদান কৰিছিলো আৰু পুৰস্কৃত হৈছিলো৷ সপ্তম শ্রেণীত পঢ়ি থকা সময়ৰ পৰা মই দুবছৰমান হেণ্ডবল খেলিছিলো৷ ২০১৪ চনত মই এথলেটিকছৰ প্রতি আকর্ষিত হ’লোঁ আৰু দৌৰৰ লগতে লং জাম্পৰ অনুশীলন আৰম্ভ কৰিলোঁ৷ কম দিনৰ ভিতৰতে মই লং জাম্পত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিলো৷ সেই বছৰেই মই দুলীয়াজানত আয়োজিত জুনিয়ৰ ৰাজ্যিক এথলেটিকছ প্রতিযোগিতাত শিৱসাগৰ জিলা দলক প্রতিনিধিত্ব কৰি লং জাম্পত স্বর্ণপদক লাভ কৰিছিলো৷ এইখন প্রতিযোগিতাত দেখুওৱা সফলতাৰ জৰিয়তে মই ২০১৪ চনত ঝাৰখণ্ডত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্রীয় এথলেটিকছ মীটত মই অসম দলক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিলো৷ অৱশ্যে ৰাষ্ট্রীয় প্রতিযোগিতাত সফলতা অর্জনৰ বাবে মই দুবছৰমান অতিক্রম কৰিবলগীয়া হৈছিল৷ ২০১৭ চনত ঝাৰখণ্ডত আয়োজিত ৰাষ্ট্রীয় এথলেটিকছ চেম্পিয়নশ্বিপত স্বর্ণ জয় কৰাৰ পিছৰ বছৰতো মই সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ’লোঁ৷ ২০১৮ চনত বিহাৰত অনুষ্ঠিত ৰাষ্ট্রীয় প্রতিযোগিতাখনত মই ৬.৪২ মিটাৰ জঁপিয়াই স্বর্ণপদক দখল কৰাৰ লগতে নতুন মীট ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছিলো৷

আপুনি প্রথমতে হেণ্ডবলৰ জৰিয়তে ক্রীড়া জগতত পদার্পণ কৰিছিল৷ কিন্তু এথলীট হিচাপে আপুনি প্রতিষ্ঠা লাভ কৰিলে৷ এয়া কিদৰে সম্ভৱ হ’ল?

নাজিৰাৰ পানীবিল অঞ্চলত এখন একাডেমী আছে৷ সেই একাডেমীখনত মই এথলেটিকছৰ প্রশিক্ষণ আৰম্ভ কৰিছিলো৷ তাত প্রশিক্ষণ প্রদান কৰিছিল প্রাঞ্জল বৰুৱা আৰু গোপাল গগৈ ছাৰে৷ তেওঁলোকৰ প্রশিক্ষণৰ জৰিয়তে মই কম দিনৰ ভিতৰতে লং জাম্প, ট্রিপল জাম্প আৰু দৌৰত দক্ষতা দেখুৱাবলৈ সক্ষম হৈছিলো৷ ইয়াৰ পিছতে মই বিভিন্ন প্রতিযোগিতাত শিৱসাগৰ জিলাক প্রতিনিধিত্ব কৰি পদক অর্জন কৰিবলৈ সক্ষম হৈছোঁ৷ আনকি একাডেমীখনত প্রশিক্ষণ গ্রহণ কৰিয়েই মই জুনিয়ৰ ৰাষ্ট্রীয় প্রতিযোগিতাত লং জাম্পত অভিলেখ গঢ়িছিলো৷ সেই একাডেমীখনৰ প্রশিক্ষক আৰু কর্মকর্তাসকলৰ প্রতি মই সদায় কৃতজ্ঞ হৈ থাকিম৷

প্রতিগৰাকী ৰাষ্ট্রীয় খেলুৱৈৰ ব্যক্তিগত প্রশিক্ষক থাকে৷ এইক্ষেত্রত আপুনি ব্যতিক্রম৷ আপোনাক কোনে খেলিবলৈ অনুপ্রাণিত কৰিছিল?

নাজিৰাৰ পানীবিলত থকা এথলেটিকছ একাডেমীত প্রাঞ্জল ছাৰ আৰু গোপাল ছাৰৰ অধীনত প্রশিক্ষণ গ্রহণ কৰি জুনিয়ৰ পর্যায়ত সফলতা লাভ কৰাৰ পিছত মই আছাম ৰাইফলছত চাকৰি পাইছিলো৷ কিন্তু মই চাকৰি কৰা প্রতিষ্ঠানটোত লং জাম্প অথবা দৌৰৰ কোনো বিশেষজ্ঞ প্রশিক্ষক নাই৷ সেইক্ষেত্রত মোক বিশেষভাৱে সহায় কৰিছিল এগৰাকী প্রাক্তন এথলীট তথা অসম আৰক্ষীত চাকৰি কৰা বুদ্ধ হাজৰিকাই৷ তেওঁ ফোনতে খেলৰ বিভিন্ন কলা–কৌশলৰ লগতে ডায়েট আদিৰ পৰামর্শ দিছিল৷ তেওঁ দিয়া সূচী আৰু কলা–কৌশলবোৰ হূদয়ংগম কৰি মই মোৰ কর্মস্থলী ক’হিমাত অনুশীলন কৰিছিলো৷ সেই অনুশীলনৰ ভিডি’বোৰ মই তেওঁলৈ পঠিয়াই দিছিলো আৰু তেওঁ ভুল–ত্রুটিবোৰ দেখুৱাই দিছিল৷ এনেদৰে মই আগুৱাই গৈছিলো৷ অৱশ্যে বিশ্ব পুলিচ মীটত অংশগ্রহণ কৰাৰ তিনি মাহমান পূর্বে মই বিভাগৰ পৰা ছুটী লৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত নিপন দাসৰ অধীনত প্রশিক্ষণ গ্রহণ কৰিছিলো৷ এতিয়া পুনৰ মই সৰুসজাইতে অনুশীলন কৰি আছোঁ৷

আপুনি ৰাষ্ট্রীয় প্রতিযোগিতাত প্রদর্শন কৰা সাফল্যৰ বাবে অসম ৰাইফলছত চাকৰি পাবলৈ সক্ষম হৈছে৷ কর্মসংস্থান লাভ কৰাৰ বাবে আপোনাৰ খেলাৰ ক্ষেত্রত সুবিধা হৈছেনে?

আচলতে মই আর্থিক দৈন্যৰ বাবেহে চাকৰি কৰিবলৈ বাধ্য হৈছোঁ৷ সেইবাবে চাকৰিত যোগদান কৰি মই একেবাৰে সন্তুষ্ট নহয়৷ যিটো সময়ত মই খেলত অধিক মনোনিৱেশ কৰিব লাগিছিল, সেই সময়তে অনুশীলনৰ পৰা আঁতৰি থাকি চাকৰি কৰিবলগীয়া হৈছে৷ ২০১৯ চনত মই অসম ৰাইফলছত যোগদান কৰিছিলো৷ ফলত প্রশিক্ষণৰ নামত আৰু কর্তব্যৰ খাতিৰত দুবছৰতকৈও অধিক সময় মই খেলৰ পৰা প্রায় আঁতৰি থাকিবলগীয়া হৈছে৷ অসম ৰাইফলছত নিজৰ কর্তব্য সমাপন কৰাৰ পিছৰ সময়খিনি মই কঠোৰ অনুশীলন কৰিবলগীয়া হৈছে৷ কাৰণ আমাৰ বিভাগটোৱে অনুশীলনৰ বাবে বিশেষ সুবিধা নিদিয়ে৷ সেইবাবে কর্তব্য সমাপন কৰিহে অনুশীলন কৰিবলগীয়া হয়৷ তদুপৰি তাত মোৰ ইভেণ্টৰ কোনো বিশেষজ্ঞ প্রশিক্ষক নাই৷ অসম চৰকাৰৰ অধীনস্থ কোনো বিভাগত চাকৰি পোৱা হ’লে মই অনুশীলনত অধিক সময় দিব পাৰিলোঁহেঁতেন৷ আনকি বিভাগীয় নীতি–নিয়মৰ বাবে মই অসমৰ হৈ ৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছোঁ৷ উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণৰ বাবে মই নির্বাচিত হৈছিলো যদিও বিভাগীয় অনুমতি নোপোৱাৰ বাবে মই খেলিবলৈ যাবলৈ নাপালোঁ৷ লং জাম্পত মই বাছনি প্রতিযোগিতাত যিমান দূৰ জঁপিয়াইছিলো, তাতকৈ কম জঁপিওৱা অন্য ৰাজ্যৰ খেলুৱৈয়ে ৰাষ্ট্রীয় ক্রীড়াত পদক জয় কৰিছিল৷ নিশ্চিতভাৱে ৰাষ্ট্রীয় ক্রীড়াত মোৰ জৰিয়তে অসমে অন্ততঃ এটা পদক পালেহেঁতেন৷

আর্থিক দৈন্যৰ বাবেহে চাকৰি কৰিবলগীয়া হোৱা বুলি আপুনি মন্তব্য কৰিছে৷ আপুনি এইক্ষেত্রত কিদৰে আর্থিক অনাটনৰ সন্মুখীন হৈছিল?

মই আগতেও কৈছোঁ যে দেউতাই স্কুলত কাম কৰিছিল যদিও স্কুলখন ভেঞ্চাৰ আছিল৷ স্কুল চৰকাৰীকৰণ হয় মানে দেউতাই অৱসৰ পাবৰে হৈছিল৷ ফলত মই তীব্র আর্থিক অনাটনৰ মাজেৰে খেলিছিলো৷ আমাৰ দুজনী বাইদেউ আৰু ভাইটিৰ লগতে মোৰ পঢ়া–শুনা তথা খেলৰ খৰচ যোগান ধৰা দেউতাৰ পক্ষে সম্ভৱ নাছিল৷ মোৰ খেলৰ খৰচ আৰু ঘৰখনৰ খৰচ উলিয়াবলৈ দেউতা–মায়ে আনৰ ঘৰত হাজিৰা কাম কৰিবলগীয়া হৈছিল৷ সৰু বাইদেৱে মোক কিছু পৰিমাণে সহায় কৰিছিল যদিও সেয়া পর্যাপ্ত নাছিল৷ ধনৰ অভাৱত মই এগৰাকী প্রশিক্ষক ল’ব পৰা নাছিলো৷ অথচ আমাৰ সৈতে ৰাষ্ট্রীয় পর্যায়ত খেলা অন্য ৰাজ্যৰ খেলুৱৈসকলৰ নিজা নিজা প্রশিক্ষক আৰু ফিজি’ আছে৷ প্রতিযোগিতাৰ সময়ত প্রশিক্ষকসকল সদায় তেওঁলোকৰ ওচৰতে থাকে৷ অথচ মই প্রশিক্ষক অবিহনে অন্য ৰাজ্যৰ বহু আগশাৰীৰ খেলুৱৈতকৈ উন্নত প্রদর্শন আগবঢ়াবলৈ সক্ষম হৈছোঁ৷ অৱশ্যে বাহিৰৰ ৰাজ্যৰ খেলুৱৈসকলে প্রায়েই মোৰ এনে অৱস্থাৰ বাবে দুখ প্রকাশ কৰে৷ তেওঁলোকে কয় যে মোৰ ব্যক্তিগত প্রশিক্ষক আৰু ফিজি’ থাকিলে মই হেনো এতিয়া দেশৰ শীর্ষস্থানৰ লং জাম্পাৰ হ’লোঁহেঁতেন৷ মা–দেউতাহঁতক সকাহ দিবলৈকে মোৰ কেৰিয়াৰৰ গুৰুত্বপূর্ণ সময়ত অনিচ্ছা সত্ত্বেও অসম ৰাইফলছত চাকৰি কৰিবলৈ বাধ্য হ’লোঁ৷

বিভিন্ন সমস্যাৰ মাজেদি আপুনি বিশ্ব পুলিচ মীটত তিনিটাকৈ স্বর্ণপদক অর্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে৷ এয়া কিদৰে সম্ভৱ হ’ল?

ভাৰতীয় দলৰ জার্ছী পৰিধান কৰি আন্তর্জাতিক প্রতিযোগিতাত অংশগ্রহণ কৰাৰ সপোন মোৰ বহুদিনীয়া৷ বিশ্ব পুলিচ মীটৰ জৰিয়তে মোৰ সেই সপোন পূৰ নহ’ল৷ প্রতিযোগিতাখন অনুষ্ঠিত হৈছিল আমেৰিকাৰ আলাবামাত৷ ২০২৪ চনৰ নৱেম্বৰত নতুন দিল্লীত আয়োজিত সর্বভাৰতীয় পুলিচ মীটত দাঙি ধৰা সাফল্যৰ বাবে মই বিশ্ব পুলিচ মীটত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিছিলো৷ দিল্লীৰ প্রতিযোগিতাখনত মই ৬.৩৪ মিটাৰ জঁপিয়াইছিলো৷ অৱশ্যে বিশ্ব মীটত প্রতিদ্বন্দ্বিতা যথেষ্ট কঠিন আছিল৷ প্রতিযোগিতাখনত আমেৰিকা, অষ্ট্রেলিয়াকে ধৰি বিশ্বৰ ৭২খন শক্তিশালী দেশে অংশ লৈছিল৷ তাতে আকৌ মোৰ কোনো উন্নত প্রশিক্ষণৰ ব্যৱস্থা নাছিল৷ কিন্তু মই জীৱনৰ প্রথমখন আন্তর্জাতিক প্রতিযোগিতাত অংশগ্রহণৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিব বিচাৰিছিলো৷ সেইবাবে মই চাকৰিৰ পৰা ছুটী লৈ কিছুদিন সৰুসজাই ষ্টেডিয়ামত কঠোৰ অনুশীলন কৰিছিলো৷ সেই সময়খিনিত মই দিন–ৰাতি একাকাৰ কৰি দিছিলো৷ নিপন দাসৰ অধীনত প্রশিক্ষণ গ্রহণ কৰাৰ উপৰি বুদ্ধ হাজৰিকাৰ সৈতেও মোৰ ফোনযোগে যোগাযোগ অব্যাহত আছিল৷ কঠিন অনুশীলনৰ সুফল মই আমেৰিকাৰ প্রতিযোগিতাখনত পাবলৈ সক্ষম হৈছোঁ৷ অৱশ্যে কিছুদিন আগৰ পৰা প্রতিযোগিতাস্থলীত উপস্থিত হ’ব পাৰিলে নিজকে অধিক খাপ খুৱাই ল’ব পাৰিলোঁহেঁতেন৷ তথাপি প্রতিযোগিতাখনত মই যথাসর্বস্ব উজাৰি দিছিলো আৰু তিনিটা ইভেণ্টত স্বর্ণপদক লাভ কৰিছিলো৷ মই লং জাম্পৰ উপৰি ট্রিপল জাম্প আৰু ১০০ মিটাৰ ৰীলেত স্বর্ণপদক আঁজুৰি আনিছিলো৷ মই লং জাম্পত মুখ্যতঃ অংশগ্রহণ কৰি আহিছোঁ যদিও অসমৰ হৈ এতিয়াও দৌৰত অংশগ্রহণ কৰি আছোঁ৷ বিশ্ব পুলিচ মীটলৈ যোৱাৰ পূর্বে পাটিয়ালাত অনুষ্ঠিত বাছনি শিবিৰত মোক ১০০ মিটাৰ ৰীলেৰ বাবেও ভাৰতীয় দললৈ নির্বাচিত কৰা হৈছিল৷ এনেদৰেই মই বিশ্ব প্রতিযোগিতাখনত বিভিন্ন বাধা নেওচি সফল হ’বলৈ সক্ষম হ’লোঁ৷

আপুনি উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াত অসমক প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছিল৷ কিন্তু প্রতিযোগিতাখনত খেলিবলৈ নগ’ল৷ ৰাষ্ট্রীয় ক্রীড়াত আপোনাৰ পদক জয়ৰ সুযোগ কিমান আছিল?

ৰাষ্ট্রীয় ক্রীড়াত মই অসমক প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছিলো৷ কিন্তু অসম ৰাইফলছৰ ফালৰ পৰা মোক এৰি নিদিয়া বাবে ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণ কৰাৰ বাবে যাব নোৱাৰিলোঁ৷ অথচ খেলিবলৈ গ’লে মোৰ পদক নিশ্চিত আছিল৷ কিয়নো ২০১৮ আৰু ২০২৪ চনত মই লং জাম্পত যিমান দূৰ জঁপিয়াইছিলো, তাতকৈ বহুত কম দূৰত্ব জঁপিয়াই বিগত ৰাষ্ট্রীয় ক্রীড়াত অন্য ৰাজ্যৰ খেলুৱৈয়ে পদক অর্জন কৰিছে৷ এনে সুযোগ জীৱনত সদায় নাহে৷ সেইবাবে মোৰ আক্ষেপ সদায় থাকিব৷ কিন্তু পৰৱর্তী সময়ত মই ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণ কৰি ৰাজ্যবাসীক পদক উপহাৰ দিবলৈ সক্ষম হ’ম বুলি আশা কৰিছোঁ৷

নতুন বছৰটোত আপোনাৰ লক্ষ্য কি? অসম তথা দেশৰ হৈ খেলাৰ বাবে কিদৰে প্রস্তুতি চলাম বুলি ভাবিছে?

অহা বছৰ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হোৱাৰ কথা৷ এই দুখন বৃহৎ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰাৰ লক্ষ্যৰে মই প্রস্তুতি আৰম্ভ কৰিছোঁ৷ ইতিমধ্যে মই কঠোৰ অনুশীলন আৰু প্রস্তুতি চলাবলৈ কেইমাহমানৰ বাবে বিভাগীয় কর্তৃপক্ষক ছুটী বিচাৰি আবেদন বিচাৰিছোঁ৷ আবেদন মঞ্জুৰ হ’লে মই সৰুসজাই ষ্টেডিয়ামত শীঘ্রে নিপন দাসৰ তত্ত্বাৱধানত অনুশীলন আৰম্ভ কৰিম৷ প্রতিযোগিতা দুখনত যোগ্যতা অর্জন আৰু পৰৱর্তী সময়ত পদক অর্জনৰ বাবে কঠোৰ পৰিশ্রম কৰিবলৈ মই সাজু হৈছোঁ৷

এগৰাকী ব্যক্তিগত প্রশিক্ষক আৰু অসম চৰকাৰৰ অধীনত এটা চাকৰিৰ আপোনাক অতিশয় প্রয়োজন৷ ইয়াৰ বাবে আপুনি চৰকাৰ তথা ক্রীড়া বিভাগক কি আবেদন জনাব?

মই সদায় অসম আৰু দেশৰ হৈ খেলিব বিচাৰোঁ৷ কিন্তু আছাম ৰাইফলছত চাকৰি কৰাৰ বাবে মোৰ এই ইচ্ছা বাধাগ্রস্ত হৈছে৷ অসমৰ হৈ খেলাৰ বাবে নির্বাচিত হোৱা সত্ত্বেও মই কেইবাখনো প্রতিযোগিতাত নিজ ৰাজ্যৰ হৈ খেলিব নোৱাৰিলোঁ৷ চাকৰিটো মোৰ কেৰিয়াৰ অব্যাহত ৰখাৰ বাবে আৰু ঘৰখনৰ বাবে অধিক প্রয়োজন যদিও বহুক্ষেত্রত ই বোজা হৈ পৰিছে৷ অসম তথা দেশক পদক দিব পৰাকৈ মোৰ প্রদর্শন উন্নত৷ কিন্তু খেলিবলৈ সুযোগ দিয়া নাই বিভাগীয় কর্তৃপক্ষই৷ সেইবাবে মই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্য চৰকাৰৰ ক্রীড়া বিভাগক অনুৰোধ জনাওঁ যাতে অসম চৰকাৰৰ অধীনত কোনো এটা বিভাগত চাকৰি দিয়ক৷ মোক অসমতে এটা চাকৰি দিয়ক, মই দেশক পদক দিম৷ তদুপৰি মোক এগৰাকী ব্যক্তিগত প্রশিক্ষক–ফিজি’ৰ ব্যৱস্থা কৰি দিবলৈও চৰকাৰক অনুৰোধ জনাইছোঁ৷ বিশেষকৈ বিশ্ব পুলিচ মীটত অংশগ্রহণৰ পিছত মই এগৰাকী ব্যক্তিগত প্রশিক্ষকৰ প্রয়োজন অনুভৱ কৰিছোঁ৷ আশা কৰোঁ, মোৰ অনুৰোধৰ প্রতি চৰকাৰে গুৰুত্ব প্রদান কৰিব৷ অন্যথা মই খেলুৱৈ জীৱনত হয়তো আশা কৰা ধৰণে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম নহ’ম৷

The post সুকন্যা : আন্তর্জাতিক খ্যাতিসম্পন্ন এথলীট ৰিম্পী বুঢ়াগোহাঁইৰে সাক্ষাৎকাৰ first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : নলবাৰীৰ ডলীৰাণী হালৈ দাসৰ সাফল্য
উৎপল কুমাৰ কলিতা

‘সপোন যদি ডাঙৰ হয়, আৰম্ভণি সৰুকৈ কৰি হ’লেও এদিন সপোন পূৰণ কৰিব পাৰি৷’ –এই মন্তব্য ডলীৰাণী হালৈ দাসৰ৷ সম্প্রতি ৰাজ্যৰ এগৰাকী কৃষি উদ্যোগী হিচাপে প্রতিষ্ঠিত ডলীৰাণীয়ে শূন্যৰ পৰা আৰম্ভ কৰি আজি নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগতে আন বহুতকে দিছে জীৱিকাৰ সন্ধান৷

নলবাৰী চহৰৰ পৰা পাঁচ কিলোমিটাৰ পশ্চিমে ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিকাষৰীয়া গাঁও বানেকুছি৷ এই বানেকুছিৰ দিপুল হালৈৰ পত্নী ডলীৰাণী হালৈ দাস৷ সৰুৰে পৰা ডলীৰাণীৰ আছিল এটা স্বাৱলম্বী মন৷ নিজে কিবা এটা কৰি দেখুওৱাৰ বাবে আছিল সপোন৷ অৱশ্যে দুই সন্তানৰ জন্মৰ পাছত প্রতিপালনত লাগি থকাৰ বাবে তেওঁৰ স্বাৱলম্বিতাৰ সপোন স্তব্ধ হৈ পৰিছিল৷ অৱশ্যে তাৰ মাজতে এম্ব্রইডেৰী, চিলাই আদিৰ কাম কৰিছিল৷

তেওঁৰ স্বামী দিপুল হালৈ আছিল ক্ষুদ্র ব্যৱসায়ী৷ কিন্তু উপার্জন কম হোৱা বাবে পৰিয়াল চলোৱাত অসুবিধা হৈছিল৷ সন্তান দুটি কিছু ডাঙৰ হোৱাৰ পাছত ডলীৰাণীয়েও নিজাকৈ কিবা এটা উপার্জনশীল কাম কৰি স্বামীক সহায় কৰিবলৈ মন মেলিছিল৷ কিন্তু কৰিব কি? এনেতে এদিন বাতৰিকাকতত মাশ্বৰূম খেতিৰ বিষয়ে লেখা এটা পঢ়ি বিষয়টোৰ প্রতি আগ্রহী হ’ল৷

বিভিন্ন ঠাইত বিচাৰ–খোঁচাৰ কৰি তেওঁ মাশ্বৰূমৰ খেতিৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিলে৷ দুই–এজন মাশ্বৰূম খেতিৰ কামত জড়িত লোককো লগ কৰিলে৷ এনেকৈ এদিন দহ হাজাৰ টকা ধাৰলৈ লৈ তেওঁ ২০১৬ চনত মাশ্বৰূমৰ খেতি আৰম্ভ কৰিলে৷ নিজৰ ঘৰতে সৰু পলিথিনৰ ঘৰ এটা সাজি কমকৈ তাতে মাশ্বৰূম উৎপাদন কৰিবলৈ ল’লে৷ তেওঁ এনেদৰে লাহে লাহে আগবাঢ়িল৷ মাশ্বৰূম উৎপাদনত জড়িত হোৱাৰ পাছত তেওঁ দেখা পালে এই কাম যথেষ্ট লাভজনক৷

সেয়ে তেওঁ মাশ্বৰূম খেতি অধিক আগবঢ়াই নিবলৈ চিন্তা কৰি এই সংক্রান্তত নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্রৰ লগত যোগাযোগ কৰিলে৷ কৃষি বিজ্ঞান কেন্দ্রৰ পৰা তেওঁ যথেষ্ট সঁহাৰি লাভ কৰিলে৷ তেনে সময়তে তেওঁ অসম চৰকাৰৰ মাশ্বৰূম সঞ্চালকালয় আৰু গৱেষণা কেন্দ্রৰ অধীনত হিমাচল প্রদেশত প্রশিক্ষণ গ্রহণ কৰি অধিক দৃঢ়তাৰে কামত লাগি যায়৷ এদিন আশীটা চিলিণ্ডাৰেৰে কাম আৰম্ভ কৰা ডলীৰাণীৰ মাশ্বৰূম উৎপাদন গৃহত আঠ শতাধিক চিলিণ্ডাৰত মাশ্বৰূম উৎপাদনলৈ আগবাঢ়িল৷

পৰৱর্তী কালত তেওঁৰ উৎপাদন মাহত ৬ কুইণ্টলপর্যপ্ত হ’বলৈ ধৰিলে৷ ক’ৰোনা মহামাৰীৰ সময়ত বীজ যোগানৰ সমস্যাৰ বাবে এবছৰমান কিছু আয় কমিলেও বর্তমান তেওঁ ইয়াক এক উদ্যোগলৈ তুলি ধৰিবলৈ সক্ষম হৈছে৷ কেঁচা আৰু শুকান দুই ধৰণৰ মাশ্বৰূম তেওঁ বজাৰত বিক্রী কৰি আছে৷ গৃহ জিলা নলবাৰীৰ লগতে গুৱাহাটী, কামৰূপ, বৰপেটা, বঙাইগাঁও, বাক্সা, দৰং আদি জিলালৈ তেওঁৰ মাশ্বৰূম নিয়মিত পঠিয়াই থকা হয়৷ ডলীৰাণীৰ মাশ্বৰূমে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু চুবুৰীয়া ৰাষ্ট্র নেপাল আৰু ভূটানৰো বজাৰ দখল কৰিব পাৰিছে৷

ডলীৰাণীয়ে এই সফলতাৰ মাজত ২০২১ চনত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনত মাশ্বৰূমৰ মূল্য সংযোজনৰ এক প্রশিক্ষণৰ সুযোগ পায়৷ এই প্রশিক্ষণত মাশ্বৰূমৰ পেকেজিং, বজাৰ ব্যৱস্থাপনা, বাণিজ্যিক প্রয়োগ আদি দিশত প্রশিক্ষণ দিয়া হয়৷ প্রশিক্ষণৰ সময়ত তেওঁ মাশ্বৰূম ব্যৱহাৰ কৰি বেকাৰী সামগ্রী প্রস্তুত কৰা উদ্যোগ পৰিদর্শনৰো সুযোগ পায়৷ প্রশিক্ষণৰ পাছতে তেওঁ পঞ্চাশ হাজাৰ টকাৰ ঋণ লৈ সম্পূর্ণ ঔদ্যোগিক চিন্তাৰে নিজৰ মাশ্বৰূম উৎপাদনক এক ব্রেণ্ডৰ ৰূপত তুলি ধৰে৷

তেওঁ স্থাপন কৰা ‘আৰিয়ান মাশ্বৰূম ফার্ম এণ্ড ফুড প্রচেছিং চেণ্টাৰ’–এ ইতিমধ্যে যাৱতীয় খাদ্য প্রস্তুতৰ অনুজ্ঞাপত্রও লাভ কৰে৷ তেওঁৰ উদ্যোগত মাশ্বৰূমৰ পৰা বিভিন্ন খাদ্য প্রস্তুত কৰা হয়৷ ডলীৰাণীয়ে প্রকাশ কৰা মতে তেওঁ মাশ্বৰূমৰ বিস্কুট, কেক, কুকিজ, আচাৰ, ভুজিয়া, প্র’টিন পাউডাৰ, দৈ, মুৰাক্কা আদি ২৬বিধ খাদ্যসামগ্রী প্রস্তুত কৰে৷ তেওঁ এইবোৰৰ ভাল বজাৰ লাভ কৰা বুলিও জনায়৷ অকল উৎপাদনেই নহয়, ডলীৰাণীয়ে সম্প্রতি এগৰাকী প্রশিক্ষক হিচাপেও কর্মৰত৷ কৃষি বিজ্ঞান কেন্দ্র, মাশ্বৰূম সঞ্চালকালয় আৰু গৱেষণা কেন্দ্র আদি চৰকাৰী বিভাগ, বেচৰকাৰী সংস্থা আদিৰ আহ্বানত সহস্রাধিক পুৰুষ–মহিলাক মাশ্বৰূম কৃষি আৰু মাশ্বৰূমৰ মূল্য সংযোজনৰ বিষয়ে প্রশিক্ষণ প্রদান কৰিছে৷

ইয়াৰে বহুতে নিজস্বভাৱে উৎপাদন আৰম্ভ কৰি স্বাৱলম্বীও হৈছে৷ বর্তমান ডলীৰাণীৰ মাহিলি উপার্জন লক্ষাধিক টকা৷ স্বামীৰ লগতে দুই সন্তানো তেওঁৰ উদ্যোগত জড়িত হৈ পৰিছে৷ তেওঁৰ উদ্যোগত আঠজনকৈ পুৰুষ–মহিলাক কর্মচাৰী হিচাপে নিযুক্তি দি জীৱিকাৰ সন্ধান দিছে৷ অৱশ্যে তেওঁৰ সপোন ইমানতে শেষ হোৱা নাই৷ তেওঁ কয়, ‘মাশ্বৰূমৰ অসমত মানসম্পন্ন বীজৰ অভাৱ৷ ভাল বীজ নহ’লে উৎপাদন ভাল নহয়৷ অসমলৈ ৯৫ শতাংশ মাশ্বৰূমৰ বীজ আহে পশ্চিমবংগৰ পৰা৷ আমি সেইটো নোহোৱা কৰি অসমতে ভাল বীজ পাব পৰা ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছোঁ৷’

মাশ্বৰূমৰ ব্যৱসায়িক সম্ভাৱনা সম্পর্কে তেওঁ প্রকাশ কৰা মতে ‘অতি কম মূলধনেৰে কৰিব পৰা অধিক লাভজনক কৃষি হ’ল মাশ্বৰূমৰ খেতি৷ ইয়াৰ বাবে সাধাৰণ ঘৰ এটা হ’লেই হ’ল, অধিক মাটিৰ প্রয়োজন নাই৷ পলিথিনৰ চালি দি বাঁহেৰে নির্মাণ কৰা ঘৰতে এই কাম কৰিব পাৰি৷ মাশ্বৰূমৰ খেতিৰ মূল হ’ল চিলিণ্ডাৰসমূহ৷ এই চিলিণ্ডাৰ নির্মাণ কৰাৰ বাবে ধানখেৰো গাঁওবোৰত সুলভ৷ প্রথমতে অলপ কষ্ট হয় যদিও পাছত বহি থাকিয়ে ফল পায়৷

২৫–৩০ দিনত বীজ সিঁচাৰ পৰা বিৰতিত মাশ্বৰূমবোৰ ফুটি ওলায় আৰু এটা চিলিণ্ডাৰৰ পৰা তিনিমাহলৈ উৎপাদন পাব পাৰি৷ এটা চিলিণ্ডাৰত ৫০ টকা খৰচ কৰি দহগুণ অর্থাৎ ৫০০ টকা লাভ পাব পাৰি৷ প্রথম অৱস্থাত বজাৰ দখলত অলপ কষ্ট হয় যদিও পাছত সহজ হয়৷ এতিয়াও অসমত মাশ্বৰূমৰ চাহিদা অনুপাতে উৎপাদন কম৷ আনহাতে খাদ্য প্রস্তুত ক্ষেত্রখনত মাশ্বৰূমৰ ব্যৱহাৰ বঢ়াৰ লগে লগে ইয়াৰ চাহিদাও অধিক বাঢ়িব ধৰিছে৷’ তেওঁ এই লাভজনক ক্ষেত্রখনত উপযুক্ত প্রশিক্ষণ লৈ কাম কৰিব ওলাই আহিবলৈ নিবনুৱা যুৱক–যুৱতী আৰু গৃহিণীসকলক আহ্বান জনায়৷

ফোনঃ ৯৩৯৪৯–২২৫২৭

The post সুকন্যা : নলবাৰীৰ ডলীৰাণী হালৈ দাসৰ সাফল্য first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য্য পাহাৰ
জ্যোতিষ নাথ

ব্ৰহ্মপুত্ৰ উপত্যকাৰ  দক্ষিণ পাৰৰ গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান। মুলতঃ শ্ৰী সূৰ্য্য পাহাৰৰ পূৱ অংশত অৱস্থিত বিভিন্ন প্ৰত্নতাত্ত্বিক সমলেৰে পৰিপূৰ্ণ শ্রীসূৰ্য পাহাৰ সনাতন হিন্দু ধৰ্মৰ অন্যতম দেৱত্বৰ স্থান। ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্য্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে। শ্ৰীসূৰ্য্যপাহাৰত থকা ভগ্নাৱশেষ বোৰে আমাক মূলত তিনিটা প্ৰধান ধৰ্ম- সনাতন তথা বৈদিক ধৰ্ম, বৌদ্ধ, আৰু জৈন ধৰ্মৰ বিষয়ে সমল যোগায়।

শ্ৰীসূৰ্য পাহাৰত বিভিন্ন প্ৰান্তত এই তিনিটা ধৰ্মৰ ভগ্নাৱশেষ পূৰ্ব খ্ৰীষ্টাব্দৰ পৰা দেখিবলৈ পোৱা যায় বুলি বিভিন্ন জনে মত পোষণ কৰি আহিছে। শ্ৰীসূৰ্য পাহাৰত ৯৯৯৯৯ টা বিভিন্ন আকৃতিৰ শিৱলিঙ্গ বিদ্যামান বুলি প্ৰৱাদ আছে সেয়েহে শ্ৰীসূৰ্য্য পাহাৰক ভাৰতৰ পশ্চিমাঞ্চলৰ ইলোৰাৰ(প্ৰৱাদ মতে ইলোৰাত এক লাখ শিৱলিঙ্গ আছে) লগত তুলনা কৰা হয়।

গোৱালপাৰা জিলাৰ গোৱালপাৰা চহৰৰ পৰা মাটিয়া সংযোগী পথেৰে ১২ কিলোমিটাৰ আৰু গুৱাহাটী দিশৰ পৰা আহিলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুধনৈ- মাটিয়া – গোৱালপাৰা চহৰ সংযোগী পথৰে ১৩২ কিলোমিটাৰ দুৰত্বত মৰনৈ ডুৱাপাৰৰ সমীপত শ্রী সূৰ্য পাহাৰ অৱস্থিত।

ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য্যপাহাৰৰ পাদদেশ আৰু ইয়াৰ আশে-পাশে ব্ৰাহ্মণ্য ধৰ্মৰ বহুতো শিলত খোদিত ভাস্কৰ্য্য দেখিবলৈ পোৱা যায়| ইয়াৰ উল্লেখযোগ্য ভাস্কৰ্য্য বোৰ হ’ল শিৱ-বিষ্ণুৰ মূৰ্ত্তি, দ্বাদশভূজা বিষ্ণুৰ মূৰ্ত্তি, গণেশ, হৰি-হৰ, শিলত খোদিত শিৱলিংগ, বিষ্ণুপদ, শিলত কটা গুহা ইত্যাদি| সৌন্দৰ্য্য আৰু নিৰ্মাণশৈলীৰ ফালৰ পৰা লক্ষ্য কৰিলে ইয়াক খ্ৰীষ্টাব্দ নৱম শতিকাৰ বুলি অনুমাণ কৰিব পাৰি সাহিত্যগত তথ্যই সমৰ্থন কৰে যে পুৰণি অসমত অন্য দেৱ-দেৱীৰ পূজা হৈছিল।

শ্ৰীসূৰ্য পাহাৰৰ ওচৰে পাজৰে এটা সমৃদ্ধ সভ্যতা প্ৰতিষ্ঠিত আছিল। কিছু সংখ্যক পণ্ডিতৰ মতে বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেন চাংৰ বিৱৰণত শ্ৰী সূৰ্য পাহাৰ কুমাৰ ভাস্কৰ বৰ্ম্মন(৬০০-৬৫০) ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ বা প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰাচীন ভূমি আছিল। শ্ৰী সূৰ্য পাহাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী সূৰ্য পাহাৰক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ বা প্ৰশাসনৰ কেন্দ্ৰ আছিল।

শ্ৰী সূৰ্য নামৰ পৰা এই স্থানত সূৰ্য্য বা সূৰ্য্য ভগৱানৰ উপাসনা হৈছিল সেয়া প্ৰমানিত কৰে। প্ৰাচীন অসম বা প্ৰাগজ্যোতিষপুৰৰ দুখন ঠাইতহে জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আৰু  সূৰ্য্য সমন্বিতে নৱগ্ৰহ পূজাৰ প্ৰচলন আছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। এটা নৱগ্ৰহ মন্দিৰ আৰু আনখন শ্ৰীসূৰ্যগিৰি বা সূৰ্যপাহাৰ। গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্যপাহাৰ সূৰ্য্য দেৱ-দেৱীৰ মূৰ্ত্তিৰে সমৃদ্ধ এখন স্থান| সূৰ্য্য পূজাৰ লগত জড়িত হোৱাৰ কাৰণে এই ঠাইখনৰ নাম শ্ৰী সূৰ্য্যপাহাৰ হোৱা বুলি প্ৰবাদ আছে।

বৈদিক সাহিত্য ৰাজিৰ কোনো গ্ৰন্থতেই বৰ্তমানলৈ শ্ৰী সূৰ্য পীঠস্থানৰ বিষয়ে কোনো তথ্য পোৱা নাযায় যদিও পৌৰাণিক সাহিত্য ৰাজি, যেনে- মাৰ্কণ্ডেয় পুৰাণ আৰু কালিকা পুৰাণৰ বৰ্ণনা অনুসৰি শ্ৰী সূৰ্য পাহাৰৰ সৈতে সাদৃশ্য থকা পীঠস্থানৰ বৰ্ণনা পোৱা যায়। কালিকা পুৰাণৰ ৭৯ নং অধ্যায় ‘তীৰ্থ প্ৰসঙ্গ’ ৰ বহু শ্লোকৰ মাজত শ্ৰীসূৰ্য পীঠস্থানৰ লগত সাদৃশ্য থকা বৰ্ণনা পোৱা যায়। তাৰোপৰি ‘যোগিনী তন্ত্ৰম’ৰ উত্তৰ খণ্ডমৰ ১ম পটলত বৰ্ণিত তীৰ্থ, নদী আৰু পৰ্বতৰ বৰ্ণনাতো শ্ৰীসূৰ্য পাহাৰৰ সৈতে সাদৃশ্য থকা পীঠৰ বৰ্ণনা পোৱা যায়।

ইয়াৰ এটা শিলাখণ্ডত ঘুৰণীয়া আকৃতিৰ ভাস্কৰ্য্য আছে| যাৰ কেন্দ্ৰস্থলত থকা ভাস্কৰ্য্যটো প্ৰজাপতি বুলি চিহ্নিত কৰা হৈছে যাক বাৰতা পদুমৰ পাহিৰে আবৃত কৰি ৰখা আছে| প্ৰতিটো পদুমৰ পাহিত এটাকৈ আদিত্যৰ মূৰ্ত্তি আছে| সেইবোৰ যথাক্ৰমে ধাত্ৰী, মিত্ৰ, আৰ্যমান, ৰুদ্ৰ, বৰুণ, সূৰ্য্য, ভাগ, বিৱসণ, পুষণ, সাবিত্ৰী, তৱস্ত্ৰী আৰু বিষ্ণু| এইটোৱেই প্ৰমাণ কৰে যে শ্ৰী সূৰ্য্য পাহাৰ সূৰ্য্য পূজাৰ লগত জড়িত আছিল।

প্ৰাচীন কামৰূপৰ বুৰঞ্জীত বৌদ্ধধৰ্মৰ বিষয়ে বিশেষ উল্লেখ নাই যদিও সূৰ্য্যপাহাৰত  পোৱা বৌদ্ধধৰ্মৰ শিলত কটা স্তুপবোৰে ইয়াত বৌদ্ধধৰ্মৰ চৰ্চা হৈছিল বুলি জানিব পৰা গৈছে ইয়াত থকা বৌদ্ধধৰ্মৰ স্তুপবোৰ বিভিন্ন জোখৰ আৰু এইবোৰ অৰ্ধগোলাকৃতি সদৃশ স্তুপবোৰৰ আকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বৌদ্ধধৰ্মৰ হীনযান শাখাৰ বুলি অনুমান কৰিব পাৰি আৰু ইয়াক খ্ৰীষ্টপূৰ্ব যুগৰ বুলি ঠাৱৰ কৰা হৈছে।

চুবুৰীয়া ৰাজ্য বিহাৰ আৰু পশ্চিমবংগত পিছৰ পৰ্যায়ত বৌদ্ধধৰ্মৰ মহাযান আৰু বজ্ৰযান শাখালৈ উন্নীত হোৱাৰ দৰে শ্ৰীসূৰ্য্যপাহাৰতো পিচৰ পৰ্যায়ত মহাযান শাখালৈ উন্নতি হয়। জৈন ধৰ্মৰ শিলালিপি আৰু ভাস্কৰ্য্যৰ নিৰ্মাণশৈলীয়ে ইয়াক খ্ৰীষ্টাব্দ নৱম শতিকাৰ লগত যুক্ত কৰে। ইয়াতে এটা ডাঙৰ গ্ৰেণাইট শিলৰ নামনি অংশত জৈন ধৰ্মৰ দুটা মূৰ্ত্তি খোদিত আছে| মূৰ্ত্তি দুটা থিয় অৱস্থাত ধ্যানমগ্ন হৈ আছে আৰু ইয়াৰ হাত দুখন এক বিশেষ ভংগিমাত আঠুৰ তললৈকে ওলমি আছে| অন্য এটা মূৰ্ত্তি পাহাৰৰ ওপৰত আছে আৰু ইয়াক আদিনাথ বুলি জনা যায়।

পাহাৰৰ পাদদেশত চলোৱা খনন কাৰ্য্যত দুটা মন্দিৰৰ চৌহদৰ লগতে বহুতো পৌৰাণিক সম্পদ উদ্ধাৰ হৈছে যাৰ সময়সীমা খ্ৰীষ্টাব্দ ৬শ শতিকাৰ পৰা ১২শ শতিকাৰ বুলি অনুমাণ কৰা হৈছে| ইয়াত উদ্ধাৰ হোৱা এটা মন্দিৰৰ চৌহদ ইটাৰে সজোৱা আৰু ই উত্তৰা-দক্ষিণাকৈ অৱস্থিত| খনন কাৰ্যত উদ্ধাৰ হোৱা আনটো মন্দিৰৰ চৌহদ শ্ৰীসূৰ্য্যপাহাৰত থকা পুৰণি পুখুৰীৰ ওচৰত| এই ঠাইৰ উল্লেখযোগ্য আৱিস্কাৰৰ ভিতৰত মহিষাসুৰমৰ্দিনীৰ মূৰ্ত্তি, গনেশ আৰু কিছু সংখ্যক শিলৰ ভাস্কৰ্য্য।

এই ঠাইৰ খনন কাৰ্য্যত এটা সৰু পানীৰ কুণ্ড উদ্ধাৰ কৰা হৈছে। ই গণেশ কুণ্ড নামেৰে সৰ্বজনবিদিত। ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগে খনন কাৰ্যত উদ্ধাৰ হোৱা বহুতো পৌৰাণিক সম্পদ শ্ৰীসূৰ্য্যপাহাৰত থকা সংগ্ৰহালয়ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। প্ৰদৰ্শিত হোৱা ভাস্কৰ্য্য বোৰৰ ভিতৰত উল্লেখযোগ্য ভাস্কৰ্য্য বোৰ হ’ল- মহিষাসুৰমৰ্দিনী, গজসিংহ, বিদ্যাধৰ, কীৰ্তিমুখ, পোৰা মাটিৰ বুদ্ধদেৱৰ মূৰ্ত্তি, মানুহ, জন্তু কীৰ্তিমুখ, আমলা, সিংহৰ মুখ আদিয়ে প্ৰধান।

প্ৰকাশযোগ্য যে এই পাহাৰত এটা কম একলক্ষ সৰু ডাঙৰ শিৱলিঙ্গ শিলত কটা থকা বুলি জনশ্ৰুতি আছে। ইয়াৰ উপৰি এটা দ্বাদশভূজা প্ৰকাণ্ড মূৰ্ত্তি শিলত খোদিত আছে। সেয়েহে দ্বাদশ ভূজা মূৰ্তিটোকেই দশভূজা বুলি ধাৰণা কৰি এই পাহাৰ খনন আন এটি নাম দশভূজা দেৱস্থান ৰুপে জনাজাত।

প্ৰতি বছৰে ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য্য পাহাৰৰ বিভিন্ন ভাস্কৰ্য নিজ চকুৰে পৰিদৰ্শন কৰাৰ বাবে দেশ বিদেশৰ বিভিন্ন ধৰ্মালম্বী পৰ্যটকে ভিৰ কৰে । পাহাৰ খনৰ চৌদিশে সিচঁৰিত হৈ থকা ঐতিহাসিক সমল সমুহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰ খনৰ পাদদেশত নিৰ্দিষ্ট দুৰত্বত বনভোজ খোৱাৰ বাবে দেৱত্বৰ পৰিচালনা সমিতিয়ে অনুমতি প্ৰদান কৰাৰ লগতে প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীৰ সকলৰ সুবিধাৰ্থে ঐতিহ্যমণ্ডিত সমলসমুহৰ বিষয়ত বিস্তৃত ভাবে বুজাই দিবলৈ পৰিচালনা সমিতিৰ লগতে পুৰোহিত নিয়োজিত কৰা হৈছে। তেওঁলোকে পাহাৰখনৰ বিভিন্ন প্ৰান্তত থকা ভাস্কৰ্য সম্পৰ্কত বিস্তৃতভাৱে বুজাই দিয়ে। দেৱত্বৰ শ্রী সূৰ্য পাহাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি পৱিত্ৰ মাঘি পূৰ্ণিমাৰ লগত সংগতি ৰাখি মহা যজ্ঞ, পূজা মেলা মহোৎসৱৰো আয়োজন কৰা হয়।

The post সুকন্যা : গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য্য পাহাৰ first appeared on নিয়মীয়া বাৰ্তা.

সুকন্যা : বৰদৈবাম বিলমুখ পক্ষী উদ্যান
ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

বৰ্তমানৰ যোগটোৱেই হৈছে মানুহৰ জনসংখ্যা বৃদ্ধিৰ যোগ৷ মানুহৰ এই জনসংখ্যা বৃদ্ধিয়ে আমাৰ চৌপাশৰ পৰিবেশৰ ওপৰত হেঁচাৰ স্‌ষ্টি কৰি আহিছে ৷ এই হেঁচাৰ পৰা বন্যপ্ৰাণীক সুৰক্ষা দিবৰ বাবে সমগ্ৰ বিশ্বৰ চৰকাৰ/প্ৰশাসন/বা গৱৰ্ণই প্‌থিবীৰ কিছু কিছু অংশ বা অঞ্চল বন্য প্ৰাণী যেনে পশু-পক্ষীৰ বাবে সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখিছে ৷ ঠিক তেনেদৰেই আমাৰ অসমখনতো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, পক্ষী উদ্যান আদি ৰূপত কিছুমান ঠাই বা অঞ্চল সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখিছে “বন্য প্ৰাণী আইন ১৯৭২“ৰ জৰিয়তে ৷ আৰু সেই আইন অনুসৰি ১৯৯৬ চনৰ ৩ জুলাই তাৰিখে অসম চৰকাৰৰ ৰাজ্যপালে অৰ্ডাজ বাই গৱৰ্ণৰ শিৰোনামাৰে গেজেট অধিসূচনা যোগে বৰদৈবাম বিলমুখ পক্ষী উদ্যান ঘোষণাৰ নটিফিকেচন জাৰি কৰাত সেই তাৰিখৰ পৰাই  বৰদৈবাম বিলমুখ জলাশয়টো বৰদৈবাম বিলমুখ পক্ষী উদ্যান নামেৰে অসমৰ দ্বিতীয় খন পক্ষী উদ্যান হিচাপে স্বীকৃতি লাভ কৰে প্ৰাথমিক জাননীৰ জৰিয়তে ৷

বন্যপ্ৰাণী আইন ১৯৭২ (সংশোধনী ১৯৯১)ৰ অনুচ্ছেদ ১৮(১) মতে অসম চৰকাৰৰ বন বিভাগৰ জাননী নং এফ আৰ ডব্লিউ / ১৫/৯৬/৩ মতে ৰাজ্যৰ অভয়াৰণ্যৰ তালিকাৰ ১২ নম্বৰত নাম অন্তভূক্ত কৰি জাননীক্‌ত কৰা আৰু ৰাজ্যৰ দ্বিতীয়খন পক্ষী উদ্যান হিচাপে পৰিচয় লাভ কৰা বৰদৈবাম বিলমুখ পক্ষী উদ্যানখন ১৯৫০ চনৰ বৰ ভুমিকম্পৰ ফলত প্ৰাক্‌তিগত ভাৱেই সৃষ্টি হয় ৷ এসময়ৰ সোণৰ চেকুৰাৰে ভৰি থকা সোৱণশিৰি নদীয়ে ১৯৫০ চনৰ বৰ ভুমিকম্পৰ ফলত গতি সলোৱাত প্ৰাকৃতিগত ভাবে প্ৰায় ১১২৪.৭৮ হেক্টৰ মাটিকালিৰে এটা বৃহৎ জলাশয়ৰ স্‌ষ্টি হয় আৰু এই জলাশয়টোত বিভিন্ন প্ৰজাতিৰ মাছ কাছৰ লগতে বছৰৰ বিভিন্ন ঋতুত নানা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰে ৷

১৯৮৯ চনত লখিমপুৰ জিলাৰ দ্বিতীয়টো ঢকুৱাখনা মহকুমাত প্ৰথমগৰাকী মহকুমাধিপতি হিচাপে যোগদান কৰা মহকুমাধিপতি তথা “বৰদৈবাম বিলমুখ পক্ষী উদ্যান“ৰ অন্যতম জনক, দক্ষিণ এছিয়াৰ প্ৰথম শাৰীৰ প্ৰক্‌তিবিদ আৰু বৰ্তমান উত্তৰ পূৱ ভাৰতৰ এটা সংগঠন বাইন ফাউণ্ডেশ্বন  ফৰ নেছাৰৰ মুখ্য প্ৰশাসক ড° আনোৱাৰ চৌধুৰী (এ চি এছ, পি এইছ ডি)ৰ প্ৰচেষ্টাত ১৯৯৩ চনত গঠিত  “মেগামিক্স প্ৰকৃতি সংঘ“ ঢকুৱাখনা আৰু ঢকুৱাখনা অসম বিজ্ঞান সমিতিৰ সহযোগত (প্ৰস্তাৱিত) অসমৰ দ্বিতীয়খন পক্ষী উদ্যান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা বৰদৈবাম বিলমুখ পক্ষী উদ্যানখন আজিও ৰাজনৈতিক মেৰপাকত আবদ্ধ ৷

অসমৰ বৃহত্বৰ পক্ষী উদ্যান দীপৰ বিলৰ পিছতে স্থান লাভ কৰিবলৈ সক্ষম হোৱা দ্বিতীয়খন প্ৰস্তাবিত পক্ষী উদ্যান “ বৰদৈবাম বিলমুখ পক্ষী উদ্যান“ খন ঢকুৱাখনা সমজিলাৰ ৪০ শতাংশ আৰু ধেমাজিৰ জিলাৰ ৬০ শতাংশ  জলাহ ভুমিৰে আগুৰি আছে ফলত দুখন জিলাৰ সীমামূৰীয়া এলেকাত অৱস্থিত হেতুকে পুৰ্ণাংগ পক্ষী উদ্যান হিচাপে আজিও স্বীকৃতি পোৱা নাই ৷ এই ক্ষেত্ৰত এসময়ৰ ঢকুৱাখনা বিধানসভাৰ সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ আৰু ধেমাজি বিধানসভাৰ সমষ্টিৰ বিধায়ক সুমিত্ৰা পাতিৰকেই প্ৰকৃতিপ্ৰেমীসকলে জগৰীয়া কৰিব বিছাৰে ৷ যাৰ ফলত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰশাসনিক দায়িত্বত থকা লখিমপুৰ ধেমাজী জিলা আৰু ঢকুৱাখনা সমজিলাৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত স্বীকৃতিপ্ৰাপ্ত বৰদৈবাম বিলমুখ পক্ষী উদ্যান বৰ্তমান অস্তিত্ব সংকটত ৷

ভাৰতবৰ্ষৰ সমুদ্ৰ প্‌ষ্ঠৰ পৰা প্ৰায় ৫০—৫৫ মিটাৰ উচ্চতাত অৱস্থিত এসময়ৰ সোৱণশিৰি নদীখনে নিজৰ গতিপথ সলনি কৰাত স্‌ষ্টি হোৱা জলাশয় আৰু বৰ্তমানৰ পক্ষী উদ্যানখন  লখিমপুৰ চহৰৰ পৰা প্ৰায় ৫০ / ৫৫ কিলোমিটাৰ, ধেমাজিৰ পৰা প্ৰায় ৩০/ ৩৫ আৰু ঢকুৱাখনাৰ পৰা প্ৰায় ২৮/৩০ আৰু ঘিলামৰাৰ পৰা প্ৰায় ১০/১২ কিলোমিটাৰ দুৰত্বত অৱস্থিত আৰু প্ৰক্‌তিপ্ৰেমী আৰু পৰ্যটকসকলৰ বাবে অতিকে মনোৰম ঠাই হিচাপে বিবেচিত বৰদৈবাম বিলমুখ পক্ষী উদ্যানত এতিয়া চোৰাং চিকাৰী আৰু বেদখলকাৰীৰ দপদপনি বুলিও সততে অভিযোগ পোৱা যায় ৷

প্ৰধানকৈ ঘাহঁনি আৰু উদ্ভিদেৰে ভৰপুৰ পক্ষী উদ্যানখনত শিমলু, চতিয়না, চোম, শিমলু, জৰী, ঔটেঙা আদি গছ গছনিৰ লগতে ভেট, মেটেকা, কলমৌ, পুণী, শিঙৰী, এৰালি, উলু, ইকৰা, নল, খাগৰি, কহুঁৱা, লকচা আদি ঘাহ বন পোৱা যায় ৷ এই অঞ্চলটোত আদ্ৰ উপ মৌচুমী বায়ু অনুভুত হোৱাত বছৰি গড়ে ২০০০ মিমি বা তাতোতকৈ অধিক বৰষুণ হয়৷ ফলত সেমেকা জলবায়ু মণ্ডলত অৱস্থিত উদ্যানখনত সৰ্বনিম্ন প্ৰায় ৭ ডিগ্ৰী ছেলচিয়াছৰ পৰা সৰ্বোচ্চ ৩০/৩২ ডিগ্ৰী ছেলচিয়াছলৈ তাপমাত্ৰা বৃদ্ধি পায় ৷

যাতায়াতৰ ক্ষেত্ৰত লখিমপুৰ সদৰৰ পৰা গোগামুখ ঘিলামৰা স্থল পথেৰে বৰদৈবাম লৈ, ধেমাজিৰ পৰা বুটিকোৰ নৰোৱাথান ঘিলামৰা হৈ গোগামুখ পথেৰে বৰদৈ বাম লৈ, মাছখোৱা বাটমাৰী ঘিলামৰা হৈ বৰদৈবাম লৈ, ঢকুৱাখনাৰ পৰা ঘিলামৰা হৈ গোগামুখ পথেৰে বৰদৈবামলৈ আৰু বাসুদেৱ থান বেবেজীয়াৰ পৰা পাতিৰচুক সৰিয়নি হৈ বৰদৈবাম পক্ষী উদ্যানলৈ সুচল স্থল পথেৰে যাব পাৰি য’ত ভ্ৰমণকাৰী সকলৰ বাবে থকা মেলাৰ ব্যৱস্থা আছে৷ তদুপৰি বৰদৈবাম পক্ষী উদ্যানখনৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দুৰত্ব গোগামুখত এটা পৰ্যটন গৃহ, প্ৰায় ১২ কিলোমিটাৰ দুৰত্বৰ ঘিলামৰাত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা, ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘৰ অতিৰ্থি কক্ষ আদিত থাকিও দুৰ দুৰণিবটীয়া লোক বা পৰ্যটক আৰু প্ৰকৃতিবিদসকলে বৰদৈবাম পক্ষী উদ্যানত বিচৰণ কৰিব পাৰে ৷

জলপৃষ্ঠৰ গভীৰতা দিশৰ পৰা চাবলৈ গলে বৰদৈবাম বিলমুখ পক্ষী উদ্যানখনৰ গভীৰতা ঠাই বিশেষে পৃথক আৰু জলাশয়টোৰ গভীৰতা এটা ৫ কোণীয়া তৰাৰ আকৃতি ৷ এই তৰাৰ ১ম আৰু ৩য় বাহুতো সামৰি আছে সু গভীৰ কেন্দ্ৰীয় অংশটো৷ বিল খনৰ ভিতৰে বাহিৰে আৰু আশেপাশে ৯-১০ প্ৰকাৰৰ প্ৰাক্‌তিক বাসস্থান যেনে মুকলি গভীৰ জলভাগ, মুকলি তৰাং জলভাগ, মেটেকাময় জলভাগ, দলনি, নলখাগৰিৰ ওপঙা দোপ, জোপোহাময় অৰণ্য, নলনি হাবি৷ ঘাহঁনি, বৃক্ষময় অৰন্য, চাহ বাগান, ক্‌ষি ক্ষেত্ৰ আৰু মানুহৰ বাসস্থান আদি ৷

বৰদৈবাম পক্ষী উদ্যানত মেচেকা, সুগৰি পহু, কেটেলা পহু, উদ আদি বন্যপ্ৰাণীৰ লগতে মাছৰোকা, হাড়গিলা, পানী কাউৰী, বৰ শৰালি, তিল কপৌ, ডাউক, দলমৰা, বৰটোকোলা, কলী মুৰী হাঁহ, বৰ মুগী হাঁহ,পানে ডাউক, দলপুঙা, ৰামপাৰ, শৰালি, বৰণ কলি,দৈ কলা, বৰটোকোলা, শামুকভঙা, চাৰি প্ৰকাৰৰ বগলী, দুই প্ৰকাৰৰ আজান, কলী ঘোণ, ৱাক, ইটাগুৰীয়া কনামচুৰি, বাঢ়ৈটোকা,কাম চৰাই, দলপোঙা, ভুৰুং বতা, পানে ডাউক, বালিমাহী, শিৱ হাঁহ, পাতি হাঁহ, মুগী হাঁহ, দীঘল নেজী হাঁহ, চাকৈচকোৱা আদিকে ধৰি বিবিধ দেশী-বিদেশী পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায় ৷

পক্ষীকূলৰ বাহিৰেও বিভিন্ন প্ৰজাতিৰ মাছ কাছ সাপ বেং আদি জলজ আৰু উভয়চৰ প্ৰাণী আৰু জলজ উদ্ভিদৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দীপৰ বিলৰ পিছতে অন্যতম সংৰক্ষিত প্ৰস্তাবিত বৰদৈবাম বিলমুখ পক্ষী উদ্যান খন প্ৰশাসনিক নিৰিক্ষণৰ অভাৱত অস্তিত্ব সংকটত পৰাৰ উপৰিও পক্ষী নিৰিক্ষণৰ বাবে DRDA নিৰ্মাণ কৰা অতিৰ্থি গ্‌হ আৰু পক্ষী নিৰিক্ষণৰ টাৱাৰসমুহো জহিখহি গৈছে৷ এই ক্ষেত্ৰত লখিমপুৰ, ঢকুৱাখনা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত উদ্যানখন সুৰক্ষাৰ বাবে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাই দৃঢ় পদক্ষেপ গ্ৰহণ নকৰিলে ৰাজ্যখনৰ দ্বিতীয়খন সৰ্ববৃহৎ পক্ষী উদ্যান প্ৰস্তাবিত ভাবেই নিঃশেষ হবলৈ বেছি দিন নাই ৷

এইখিনিতে নিশ্চিতভাবে এটা কথা উল্লেখ কৰিব পাৰি যে যিহেতু ঢকুৱাখনাৰ ৪০ শতাংশ আৰু ধেমাজিৰ ৬০ শতাংশ মাটিৰ জলাহ ভুমিৰে আগুৰি থকা বৰদৈবাম বিলমুখ নামৰ জলাশয়টো পক্ষী উদ্যান হিচাপে স্বীকৃতি লাভ কৰা সময়লৈকে ধেমাজি জিলাৰ মীন বিভাগৰ অধিনত আছিল আৰু এই জলাশয়টোৰ পৰা ধেমাজিৰ মীন বিভাগে বছৰি প্ৰায় ১ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছিল ৷ তদুপৰি ঢকুৱাখনাৰ মহকুমাধিপতি আৰু ঢকুৱাখনাৰ বিজ্ঞান সমিতি আৰু মেগামিক্স প্ৰক্‌তি সংঘৰ প্ৰস্তাৱ মৰ্মে লখিমপুৰ জিলাৰ বন বিভাগে জনোৱা দাবী আৰু ১৯৯৩ চনৰ পৰা মেগামিক্স প্ৰক্‌তি সংঘ ঢকুৱাখনাই চলোৱা তিনি তৰপীয়া পক্ষী নিৰিক্ষণৰ সমীক্ষাত পোৱা তথ্যৰ ভিত্তিত বৰদৈবাম বিলমুখ পক্ষী উদ্যানে প্ৰস্তাবিত ভাৱে স্বীকৃতি লাভ কৰে যদিও ১৯৯৮ চনত লখিমপুৰ জিলাৰ DC পৰমেশ দত্ত আৰু ধেমাজিৰ জিলাৰ DC মাতাহাৰি আলি বৰভুঞাৰ উপস্থিতিত লখিমপুৰ জিলাৰ বন বিভাগৰ আহ্বানত দুয়োখন জিলাৰ প্ৰক্‌তিপ্ৰেমী সংগঠন সমুহৰ বিষয়ববীয়া, স্বানীয় এলেকাৰ গাওঁবুঢ়া সকলক লৈ অনুস্থিত হিয়েৰিংত ঢকুৱাখনাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ আৰু ধেমাজিৰ বিধায়িকা সুমিত্ৰা পাতিৰ উপস্থিত নথকাত পক্ষী উদ্যানথনে পুৰ্ণতা লাভ কৰাৰ পৰা আজিও বঞ্চিত হৈয়েই থাকিল৷ এই ক্ষেত্ৰত বিগত ২৯ বছৰে কেৱল প্ৰস্তাবিত ভাবেই স্বীকৃতি প্ৰাপ্ত আৰু সংৰক্ষিত পক্ষী উদ্যানখনক চুড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে. ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ড° ৰণোজ পেগু আৰু লখিমপুৰ লোক সভা সমষ্টিৰ সংসদ প্ৰদান বৰুৱাই কিবা পদক্ষেপ গ্ৰহণ কৰিব নে? নে প্ৰস্তাবিতভাবেই বৰদৈবাম বিলমুখ পক্ষী উদ্যান এদিন কালৰ বুকুত হেৰাই যাব সেয়াই এতিয়া লক্ষণীয় বিষয় হিচাপেই পৰিগণিত হব ৷

The post সুকন্যা : বৰদৈবাম বিলমুখ পক্ষী উদ্যান first appeared on নিয়মীয়া বাৰ্তা.