লাইফ ষ্টাইল - নিয়মীয়া বাৰ্তা

অসমীয়াৰ গৌৰৱ মেখেলা-চাদৰ প্ৰদৰ্শনেৰে অসমক জিলিকালে বিশ্ববাসীৰ ওচৰত…
ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : বিশ্বৰ ফেশ্বন ৱৰ্ল্ডৰ অন্যতম স্বৰ্ণপীঠ নিউয়ৰ্ক ফেশ্বন উইকত আকৌ এবাৰ উজলি উঠিল আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত অসমৰ বস্ত্ৰ শিল্প। অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই আকৌ এবাৰ গৌৰৱান্বিত কৰিলে অসম আৰু অসমীয়াক।

১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ আভিজাত্যৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব’ত প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলৰ নতুন নতুন ফেশ্বন— নতুন নতুন বস্ত্ৰ সম্ভাৰ ৷ তাৰ মাজতেই স্বকীয় বৈশিষ্ট্যৰে নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰৰ লগতে মেখেলা-চাদৰ প্ৰদৰ্শনেৰে অসমলৈ পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুপৰিচিত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷

প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই বিশ্বৰ ফেশ্বন জগতৰ সকলোৰে দৃষ্টি নিবদ্ধ থকা প্ৰদৰ্শনথলী নিউয়ৰ্ক ফেশ্বন শ্ব’ত বিশ্বৰ ফেশ্বন জগতৰ বৰ্তমানৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি মেখেলা-চাদৰ আৰু নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰ “কুঁৱলী—The Mist” শীৰ্ষক শিৰোনামেৰে ‘নিউয়ৰ্ক ফেশ্বন উইক – স্প্ৰিং ছামাৰ’ত প্ৰদৰ্শন কৰি দৰ্শকৰ পৰা লাভ কৰে বিপুল সমাদৰ।

এইবাৰৰ নিউয়ৰ্ক ফেশ্বন শ্ব’ৰ মঞ্চসমূহত Coach, Sergio Hudson আৰু Norma Kamaliৰ দৰে বিখ্যাত ডিজাইনাৰৰ শ্ব’ৰ মাজত ফেশ্বনৰ ৰানৱে’ত উজলি উঠিল সংযুক্তা দত্তৰ অসমীয়া শিপাৰ গোন্ধেৰে সমৃদ্ধ ফেশ্বন। Anne Hathaway আৰু Gigi Hadidৰ দৰে আন্তংৰাষ্ট্ৰীয় চেলিব্ৰিটীয়েও ইতিমধ্যে ফেশ্বন শ্ব’ৰ ৰানৱে’ত খোজ দিয়া দেখা গৈছে।

ইয়াৰ মাজতে সংযুক্তা দত্তৰ ফেশ্বন শ্ব’ত অসমীয়া পৰম্পৰাগত তাঁতশালৰ কাপোৰেৰে নতুন নতুন ডিজাইনৰ বস্ত্ৰ আৰু নিজেও অসমীয়া সাজ-পোছাকৰ শিপা তথা পৰম্পৰা মেখেলা-চাদৰ পৰিধান কৰি অসমীয়াৰ গৌৰৱ নিউয়ৰ্কত উজলাই তুলিলে সংযুক্তা দত্তই ৷

ভাৰতীয় সময় মতে দেওবাৰে পুৱা নিউয়ৰ্কত সংযুক্তা দত্তৰ মেখেলা-চাদৰৰ ডিজাইন আৰু পৰম্পৰাক থীম হিচাপে লৈ সাম্প্ৰতিক সময়ৰ সৈতে ফেৰ মাৰি প্ৰস্তুত কৰা বস্ত্ৰ সম্ভাৰ আৰু মেখেলা-চাদৰ প্ৰদৰ্শন কৰা হয় ৷ দৰ্শকৰ শাৰীত আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৌখিন ফেশ্বনপ্ৰেমীসকল।

এনে এক পৰিৱেশত নিউয়ৰ্ক ফেশ্বন শ্ব’ত নেপথ্যত বাজি আছিল ঝুমইৰৰ পৰা আৰম্ভ কৰি গোৱালপাৰীয়া লোকগীতলৈ— এটাৰ পিছত এটা ছন্দোময় অসমীয়া লোকগীত। ৰেম্পত মডেলে খোজ দিছে অসমীয়া তাঁতশালৰ কাপোৰেৰে প্ৰস্তুত সমকালীন বস্ত্ৰ সম্ভাৰ, মেখেলা-চাদৰ পৰিধান কৰি । শেষত মেখেলা-চাদৰেৰে মঞ্চত সবল উপস্থিতি সংযুক্তা দত্তৰ ৷ পৰিধান কৰা নিজৰ বস্ত্ৰত তেওঁ বুটা বাছি লৈছে— “সগৌৰৱে অসমীয়া” বুলি । সঁচা অৰ্থত বিশ্ব দৰবাৰত, ফেশ্বনৰ জগতত অসমীয়াৰ এয়া এক সগৌৰৱ আৰু সবল উপস্থিতি ৷

দেওবাৰৰ নিউয়ৰ্ক ফেশ্বন শ্ব’ৰ পিছত সংযুক্তা দত্তই নিজৰ ব্ৰেণ্ডক অসমীয়া হস্ততাঁত শিল্পৰ পৰম্পৰাক যাতে বিশ্বত এক সমুজ্জ্বল পৰিচয় দিব পাৰে তাৰ বাবে অধিক প্ৰয়াস চলাই যাব বুলি মন্তব্য কৰে। ভৌগোলিক পৰিসীমাৰ বাধাসমূহ অতিক্ৰম কৰি অসমীয়া ৰেচমক আন্তৰ্জাতিক ফেশ্বনৰ জগতত দৃঢ়ভাৱে উপস্থাপন কৰিব বিচাৰে সংযুক্তা দত্তই। অনাগত দিনত তেওঁৰ এই বিশ্বমুখী যাত্ৰাত হস্ততাঁত শিল্পীসকলক কেৱল বোৱনী হিচাপে নহয়, বিশ্ব ফেশ্বন জগতত শিল্পী হিচাপে দাঙি ধৰাৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি ফেশ্বন ডিজাইনাৰগৰাকীয়ে মন্তব্য কৰে ৷

The post অসমীয়াৰ গৌৰৱ মেখেলা-চাদৰ প্ৰদৰ্শনেৰে অসমক জিলিকালে বিশ্ববাসীৰ ওচৰত… first appeared on নিয়মীয়া বাৰ্তা.

মানুহৰ প্ৰজনন তৰলত Microplastics আৱিষ্কাৰ বিজ্ঞানীৰ
Microplastics : মানৱ স্বাস্থ্যৰ বাবে মাইক্র’প্লাষ্টিকছ হৈছে এক গুৰুতৰ বিপদ, যিয়ে কেৱল পৰিৱেশ বা জলবায়ুক ক্ষতিগ্ৰস্ত কৰা নাই, বৰঞ্চ মানৱৰ শৰীৰতো বিপজ্জনকভাৱে প্ৰৱেশ কৰিছে। বৰ্তমান এই ক্ষুদ্ৰ প্লাষ্টিক কণাসমূহ বতাহত, পানীত আৰু আমি খোৱা আহাৰতো বিস্তৃত ৰূপত উপস্থিত।

সৰ্বশেষ এক গৱেষণাই এই বিপদক অধিক গম্ভীৰ কৰি তোলে— বিজ্ঞানীসকলে মানৱ প্ৰজনন তৰল (semen আৰু আন প্ৰজনন সংক্রান্ত দ্ৰৱ্য)ত Microplasticsৰ উপস্থিতি নিশ্চিত কৰিছে, যি মানৱ জাতিৰ প্ৰজনন স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে।

ইউৰোপীয় প্ৰজনন আৰু ভ্ৰূণবিদ্যা সমাজ (ESHRE)-ৰ বিজ্ঞানীসকলে এই শিহৰণকাৰী সত্য উন্মোচন কৰিছে, য’ত তেওঁলোকে দৰ্শাইছে যে এই ক্ষতিকাৰক কণাসমূহ এতিয়া মানুহৰ জীৱন্ত কোষ আৰু টিছুত প্ৰৱেশ কৰিছে।

মাইক্র’প্লাষ্টিকছ কি?

মাইক্র’প্লাষ্টিকছ হৈছে ৫ মিলিমিটাৰৰ কম আকাৰৰ প্লাষ্টিক কণা। এইসকল কণা বা তাত্ক্ষণিকভাৱে সৰু সৰু ৰূপত তৈয়াৰ কৰা হয়, বা ডাঙৰ প্লাষ্টিক বস্তুৰ ক্ষয়ৰ ফলত গঠন হয়। ই বহুলভাৱে পৃথিৱীৰ সকলো প্ৰাকৃতিক সম্পদত বিয়পি পৰিছে।

প্ৰজননত সম্ভাৱ্য প্ৰভাৱ

এই আৱিষ্কাৰে নতুনকৈ এক গুৰুতৰ আশংকা উত্থাপন কৰিছে— Microplasticsৰ দ্বাৰা মানৱ প্ৰজনন ক্ষমতা আৰু গৰ্ভধাৰণত প্ৰভাৱ পৰিব পাৰে। গৱেষণাসমূহে আগতেও পশুসকলৰ ওপৰত এই কণাৰ ক্ষতিকাৰক প্ৰভাৱ পৰীক্ষা কৰি দেখুৱাইছিল, কিন্তু এতিয়া মানুহৰ শৰীৰতে ইয়াৰ উপস্থিতি সম্পূৰ্ণ নতুন ৰকমৰ দুশ্চিন্তা সৃষ্টি কৰিছে।

বিজ্ঞানীসকলে ইয়াৰ দীর্ঘম্যাদী প্ৰভাৱ বুজিবলৈ আৰু অধিক পৰ্যবেক্ষণ আৰু গৱেষণাৰ প্ৰয়োজনীয়তা দাঙি ধৰিছে।

এই খবৰে পুনৰ এজন সচেতন নাগৰিক হিচাপে আমাৰ ওপৰত দায়িত্ব আৰোপ কৰে — প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, পৰিৱেশ বান্ধৱ সামগ্ৰী ব্যৱহাৰ কৰা, আৰু চৰকাৰী পৰ্যায়ত কঠোৰ নিয়ম প্ৰয়োগৰ দাবী জনোৱাৰ সময় আহি পৰিছে।

মানৱ প্ৰজনন ক্ষমতা যেন আগন্তুক প্ৰজন্মৰ ক্ষেত্ৰত চিৰস্থায়ী ক্ষতিৰ সন্মুখীন নহয়, সেইবাবে বৰ্তমানেই পদক্ষেপ লোৱা উচিত।

Niyomiya Barta Desk, Date of Published, 4 July, 2025

The post মানুহৰ প্ৰজনন তৰলত Microplastics আৱিষ্কাৰ বিজ্ঞানীৰ first appeared on নিয়মীয়া বাৰ্তা.

বিজ্ঞানৰ চমৎকাৰ, ১২,৫০০ বছৰ পূর্বে বিলুপ্ত প্রাণীৰ পুনৰ জীৱন, জেনেটিক ইঞ্জিনীয়াৰিঙেৰে জন্ম দিলে ডায়াৰ উল্ফ
📌 ৰমুলাছ–ৰেমুছ নামৰ দুই ডায়াৰ উল্ফকলৈ বিশ্বজুৰি বিজ্ঞানী মহলত চাঞ্চল্য

📌 টেক্সাছস্থিত কলোছেল বায়’ছায়েঞ্চৰ এই সাফল্য

📌 প্রাচীন ডিএনএ ব্যৱহাৰ কৰি জন্ম দিছে এই দুই প্রাণীক

নিউজ ডেস্ক, ৯ এপ্রিলঃ বিজ্ঞান আৰু বিজ্ঞানীৰ চমৎকাৰ৷ ১২,৫০০ বছৰ পূর্বে পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা প্রাণীৰ পুনৰ জীৱন৷ জেনেটিক ইঞ্জিনীয়াৰিঙেৰে ১২,৫০০ বছৰ পূর্বে পৃথিৱীৰ পৰা হেৰাই যোৱা ডায়াৰ উল্ফ জন্ম দিলে বিজ্ঞানীয়ে৷ ৰমুলাছ আৰু ৰেমুছ নামৰ দুই ডায়াৰ উল্ফক লৈ বিশ্বজুৰি বিজ্ঞানীৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্রায় ছমহীয়া এই দুই প্রাণীৰ উচ্চতা ৪ ফুট আৰু ওজন ৩৬ কিলোগ্রামতকৈ অধিক৷ টেক্সাছস্থিত কলোছেল বায়’ছায়েঞ্চ নামৰ কোম্পানী এটাই প্রাচীন ডিএনএ ব্যৱহাৰ কৰি ডায়াৰ উল্ফৰ পোৱালি জন্ম দি সফলতা লাভ কৰিছে৷ বিজ্ঞানীয়ে প্রকাশ কৰা মতে, ডায়াৰ উলফ্ৰ নিকট সম্পর্কীয় প্রাণীৰ ডিএনএ ব্যৱহাৰ কৰি এই পোৱালি দুটাৰ জন্ম দিয়া হৈছে৷ এসময়ত দক্ষিণ আমেৰিকাত বিচৰণ কৰি থকা এই প্রাণীবিধ ১২,৫০০ বছৰ পূর্বে বিলুপ্তি ঘটিছিল৷ কলোছেলৰ সহঃ প্রতিষ্ঠাতা জর্জ ছার্চে প্রকাশ কৰা মতে, বিজ্ঞানীসকলৰ এই সফলতাই বিশ্বত প্রাণীৰ পুনৰ জীৱনৰ ধাৰণাটিক নতুনকৈ গতি দিব৷ হার্ভার্ড বিশ্ববিদ্যালয় আৰু মাছাছুছেট ইনষ্টিটিউট অৱ টেকনল’জী জেনেটিকছৰ অধ্যাপক তথা কলোছেলৰ অন্যতম প্রতিষ্ঠাতা জর্জ ছার্চে টাইম মেগাজিনত এই সন্দর্ভত বিতং ব্যাখ্যা আৰম্ভ কৰে৷ জন্মৰ কিছুদিনলৈ পোৱালি দুটাক আন নিকট সম্পর্কীয় প্রাণীৰ দ্বাৰা খাদ্য সেৱন কৰোৱা হৈছিল যদিও পাছলৈ কলোছেলৰ গৱেষকৰ দলে বটলেৰে খাদ্য সেৱন কৰোৱায়৷ বর্তমান দুয়োটা পোৱালিয়েই সুস্থাস্থ্যৱান হৈ আছে৷ তাৎপর্যপূর্ণ যে বর্তমান পৃথিৱীত বর্তি থকা উল্ফ প্রজাতিতকৈ পোৱালি দুটাৰ আচৰণ পৃথক৷ সম্প্রতি এই পোৱালি দুটাক ৰাজহুৱাভাৱে প্রদর্শন কৰা হোৱা নাই৷ ৰমুলাছ আৰু ৰেমুছক মানৱৰ পৰা আঁতৰাই ৰখা হৈছে৷ আনকি জন্মৰ পৰা যিজন লোকে এই পোৱালি পালন কৰিছে, সেই ব্যক্তিজনকো এটা দূৰত্বত ৰখা হৈছে৷ কলোছেলৰ আন এক প্রতিষ্ঠাতা বেন লেমে প্রকাশ কৰা মতে, পোৱালি দুটা জন্ম দিবলৈ বিজ্ঞানীৰ দলটোৱে ১৩ হাজাৰ বছৰ পুৰণি দাঁত আৰু ৭২ হাজাৰ পুৰণি লাওখোলাৰ ডিএনএ ব্যৱহাৰ কৰিছে৷ পোৱালি দুটাক দুই হাজাৰ একৰ ভূমিৰ এক অজ্ঞাত স্থানত লালন–পালন কৰি থকা হৈছে৷ ১০ ফুট উচ্চতাৰ কাঁইটীয়া তাঁৰৰ বেৰৰ মাজত নিৰাপদে ৰখা পোৱালি দুটাক নিৰীক্ষণ কৰিবলৈ নিৰাপত্তা বাহিনীৰ লগতে ড্রোন আৰু কেমেৰা সংলগ্ণ কৰা হৈছে৷ সংবাদ মাধ্যমত দুটা পোৱালি বুলি প্রচাৰ হৈছে যদিও মুঠ তিনিটা পোৱালি জন্ম দিয়া হৈছে৷ এই পোৱালিকেইটাৰ প্রথম দুটা মতা ২০২৪ চনৰ ১ অক্টোবৰত আৰু আনটো মাইকী ২০২৫ চনৰ ৩০ জানুৱাৰীত জন্মলাভ কৰিছে৷ স্মর্তব্য যে টেছলাৰ মুৰব্বী ধনকুবেৰ এলন মাস্কে সামজিক মাধ্যমযোগে এই পোৱালিৰ প্রচাৰ কৰি উৎসাহিত হৈছে৷

The post বিজ্ঞানৰ চমৎকাৰ, ১২,৫০০ বছৰ পূর্বে বিলুপ্ত প্রাণীৰ পুনৰ জীৱন, জেনেটিক ইঞ্জিনীয়াৰিঙেৰে জন্ম দিলে ডায়াৰ উল্ফ first appeared on নিয়মীয়া বাৰ্তা.

ডেৰ মাহত ১০বাৰ ঊৰ্ধ্বমুখী সোণৰ দাম, আৰু বাঢ়িব মূল্য
ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য। যোৱা ৪০ দিনত ১০ বাৰ এনেকুৱা হৈছিল, যেতিয়া সোণে নিজৰ পুৰণি সৰ্বকালৰ উচ্চ অভিলেখ ভংগ কৰিছিল। আজিৰ কথা ক’বলৈ গ’লে সোমবাৰে ফ্যুচাৰ ট্ৰেডিঙত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য অভিলেখ সৃষ্টি কৰিলে ৮৫,৬৮০ টকা। মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ত এপ্ৰিল মাহত যোগানৰ বাবে চুক্তিৰ মূল্য প্ৰাৰম্ভিক ব্যৱসায়ত অভিলেখ সৃষ্টি কৰি প্ৰতি ১০ গ্ৰামত ৮৫,৬৮০ টকা হয়। দ্য মিণ্টৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ আৰম্ভণিতে সোণৰ মূল্য প্ৰচুৰভাৱে বাঢ়ে। চলিত বৰ্ষত এতিয়ালৈকে সোণৰ সৰ্বোচ্চ ১০টা নতুন সৰ্বোচ্চ স্তৰ ৰেকৰ্ড কৰা হৈছে আৰু ইয়াৰ মূল্য প্ৰতি আউন্সত ২৮৮৬ ডলাৰ হৈছেগৈ। ভাৰতীয় বজাৰতো সোণৰ মূল্য নতুন উচ্চতাত উপনীত হৈছে, প্ৰতি ১০ গ্ৰামত ৮৫,৬৮০ টকা, যিটোৱে চলিত বৰ্ষৰ এতিয়ালৈকে ১১ শতাংশতকৈ অধিক বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে সোণৰ দামৰ এই বৃদ্ধি আৰু অধিক হ’ব পাৰে আৰু ইয়াৰ মূল্য প্ৰতি আউন্সত ৩ হাজাৰ ডলাৰ হোৱাৰ সম্ভাৱনা আছে। এই উত্থানৰ আঁৰত বহুতো ডাঙৰ কাৰণ আছে, ইয়াৰ মূল কাৰণ হ’ল বজাৰৰ অস্থিৰতা, মুদ্ৰাস্ফীতিৰ ভয়, বাণিজ্য যুদ্ধ আৰু কেন্দ্ৰীয় বেংকৰ গধুৰ ক্ৰয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য নীতি আৰু অৰ্থনৈতিক সিদ্ধান্তৰ বাবে বজাৰৰ অস্থিৰতা বৃদ্ধি পাইছে। ট্ৰাম্পৰ বাণিজ্য নীতি আৰু সম্ভাৱ্য মুদ্ৰাস্ফীতি সোণৰ মূল্য বৃদ্ধিৰ বাবে ইতিবাচক বুলি প্ৰমাণিত হৈছে। দৰাচলতে ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত তেওঁৰ অৰ্থনৈতিক নীতিয়ে সোণৰ দাম আৰু অধিক বৃদ্ধি কৰাত সহায় কৰিছে। তেওঁ কৰ্পৰেট কৰ কৰ্তনৰ প্ৰস্তাৱ দিছে, যাৰ ফলত আমেৰিকাৰ ঋণ বৃদ্ধি পাব পাৰে আৰু সম্ভৱতঃ মুদ্ৰাস্ফীতিৰ ইন্ধন যোগাব পাৰে। ইয়াৰ উপৰিও তেওঁ চীন আৰু অন্যান্য দেশৰ ওপৰত গধুৰ শুল্ক (আমদানি শুল্ক) আৰোপ কৰাৰ হুংকাৰ দিছে, যাৰ ফলত বিশ্বৰ বজাৰত অনিশ্চয়তা বৃদ্ধি পাইছে। ট্ৰাম্পে ফেডাৰেল আয়কৰ আঁতৰাই পুৰণি কৰ গাঁথনি পুনৰ প্ৰৱৰ্তনৰ কথা কৈছে। যদি এনেকুৱা হয় তেন্তে সোণৰ দাম আৰু বৃদ্ধি পাব পাৰে। ট্ৰাম্পে বাণিজ্যিক শুল্ক বৃদ্ধিৰ ভাবুকিৰ বাবে নিউয়ৰ্কৰ ব্যৱসায়ীসকলে লণ্ডনৰ পৰা সোণ (অৰ্থাৎ প্ৰকৃত সোণ) ভৌতিকভাৱে ডেলিভাৰী কৰাৰ দাবী জনাইছে। ২০২৫ চনৰ জানুৱাৰী মাহলৈকে নিউয়ৰ্কৰ কমেক্স এক্সচেঞ্জলৈ ৩৯৩ টন সোণ আমদানি কৰা হয়, যাৰ ফলত তাত থকা ষ্টক ৮২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। ইয়াৰ বাহিৰেও সোণ ক্ৰয়ৰ ক্ষেত্ৰত আগৰণুৱা ভাৰত আৰু এছিয়াৰ দেশৰ কেন্দ্ৰীয় বেংক। বিশ্ব সোণ পৰিষদৰ তথ্য অনুসৰি ২০২৪ চনত বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহে একেৰাহে তৃতীয় বছৰৰ বাবে ১০০০ টনৰো অধিক সোণ ক্ৰয় কৰিছিল। ভাৰতে ২০২৪ চনত ৭৩ টন সোণ ক্ৰয় কৰি দেশৰ মুঠ সোণৰ মজুত ৮৭৬ টনলৈ বৃদ্ধি কৰে। ইয়াৰ উপৰিওচীনে যোৱা তিনি বছৰত ৩৩১ টন সোণ ক্ৰয় কৰি মুঠ মজুত ২,২৭৯ টনলৈ বৃদ্ধি পাইছে।

The post ডেৰ মাহত ১০বাৰ ঊৰ্ধ্বমুখী সোণৰ দাম, আৰু বাঢ়িব মূল্য first appeared on নিয়মীয়া বাৰ্তা.

বজাৰত ধুমুহা সৃষ্টি কৰাৰ লক্ষ্যৰে আহি আছে #Oppo_Find_N5
অ’প’ই ঘোষণা কৰিছে তেওঁলোকৰ নতুন ফল্ডেবল স্মাৰ্টফোন Find N5ৰ মুকলিৰ তাৰিখ। এই ফোনটো ২০ ফেব্ৰুৱাৰীত মুকলি কৰা হ’ব। বিশেষ কথাটো হ’ল ই কেৱল চীনতে সীমাবদ্ধ নাথাকিব, বৰঞ্চ বিশ্বজুৰি মুকলি কৰা হ’ব। এই অনুষ্ঠান ছিংগাপুৰত অনুষ্ঠিত হ’ব। মুকলি কৰাৰ পূৰ্বেও কোম্পানীটোৱে এই ফোনটোৰ আভাস শ্বেয়াৰ কৰি দাবী কৰিছে যে ই এতিয়ালৈকে হোৱা আটাইতকৈ পাতল ভাঁজ কৰিব পৰা স্মাৰ্টফোন হ’ব। অ’প’ ফাইণ্ড এন৫ক বিশ্বব্যাপী লঞ্চৰ অংশ বুলি জনাইছে যদিও অ’প’ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত ইয়াৰ কোনো উল্লেখ নাই। ইয়াৰ পৰা বুজা যায় যে এই ফোনটো চীনৰ বাহিৰে আন বহু দেশত লঞ্চ হ’ব, কিন্তু ভাৰতত ইয়াৰ লঞ্চৰ সম্ভাৱনা কম। অৱশ্যে ই ভাৰতত ৱানপ্লাছ অ’পেন ২ৰ ৰূপত টোকৰ মাৰিব পাৰে। বিগত ট্ৰেণ্ড অনুসৰি অ’প’ৰ ফল্ডেবল ফোনসমূহ ভাৰতৰ বজাৰত ৱানপ্লাছ ব্ৰেণ্ডিঙৰ সৈতে মুকলি কৰা হৈছে। খবৰ অনুসৰি ২০২৫ চনৰ দ্বিতীয়াৰ্ধত ভাৰতত মুকলি কৰিব OnePlus Open 2। অ’প’ৰ মুখ্য প্ৰডাক্ট অফিচাৰ পিট লাউৱে দাবী কৰিছে যে ফাইণ্ড এন৫ৰ ক্ৰীজ প্ৰায় অদৃশ্য হ’ব, যিটো এটা ভাঁজ কৰিব পৰা ফোনটোৰ বাবে এক ডাঙৰ কৃতিত্ব। ছবিখনৰ মতে এই ক্ৰীজটো আগৰ তুলনাত বহু কম দেখা যাব। ৱানপ্লাছ অ’পেন ২, যিটো সম্ভৱতঃ ফাইণ্ড এন৫ৰ ৰিব্ৰেণ্ডেড সংস্কৰণ হ’ব, ই একে ডিজাইন অনুসৰণ কৰিব। পূৰ্বৰ OnePlus Open তো কম দৃশ্যমান ক্ৰীজ আছিল, আৰু এতিয়া Oppo এ ইয়াক আৰু ভাল কৰিবলৈ চেষ্টা কৰিছে। শেহতীয়াকৈ ভাইৰেল হোৱা এখন ফটোত চেমচাং গেলেক্সি জেড ফল্ড ৬ৰ কাষত ফাইণ্ড এন৫ দেখা গৈছে, যাৰ ফলত ইয়াৰ ক্ৰীজ আৰু কম লক্ষ্যণীয় হৈ পৰিছে। Find N5 ৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ’ব ইয়াৰ অতি চিকন ডিজাইন। অ’প’ই দাবী কৰিছে যে এইটোৱেই হ’ব বিশ্বৰ আটাইতকৈ পাতল ভাঁজ কৰিব পৰা ফোন। ফোনটোত থাকিব বৃত্তাকাৰ কেমেৰা মডিউল, যিটো Oppo Find X8 Pro আৰু OnePlus Open ত দেখা গৈছে। কেমেৰা চিষ্টেমত হেছলব্লেড ব্ৰেণ্ডিং থাকিব আৰু ইয়াত পেৰিস্কোপ টেলিফ’টো লেন্সো থাকিব পাৰে। মাইক্ৰ’ফোন আৰু স্পীকাৰৰ স্থান সলনি কৰা হৈছে, যাৰ ফলত অডিঅ’ মান উন্নত হ’ব বুলি আশা কৰা হৈছে। ফোনটোত টাইটানিয়াম ফ্ৰেম দিয়া হ’ব, যাৰ ফলত ফোনটো লঘু আৰু শক্তিশালী হ’ব। Find N5 (OnePlus Open 2) ত থাকিব Snapdragon 8 Elite চিপছেট, যিয়ে শক্তিশালী পৰিৱেশন প্ৰদান কৰিব। ইয়াত ৬,০০০mAh ৰ বৃহৎ বেটাৰী থাকিব আৰু ই চেটেলাইট যোগাযোগ সমৰ্থন কৰিব। প্ৰথমবাৰৰ বাবে বেতাঁৰ চাৰ্জিং বৈশিষ্ট্যও যোগ কৰিব পাৰি, যিটো ৱানপ্লাছ অ’পেনত নাছিল। এই ফোনটো ক’লা, বগা আৰু অন্যান্য ৰঙত উপলব্ধ হ’ব পাৰে। Oppo Find N5 ৰ পৰা বহু আশা কৰা হৈছে, আৰু যদি ভাৰতলৈ OnePlus Open 2 হিচাপে আহে তেন্তে ই বজাৰত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।

The post বজাৰত ধুমুহা সৃষ্টি কৰাৰ লক্ষ্যৰে আহি আছে #Oppo_Find_N5 first appeared on নিয়মীয়া বাৰ্তা.

ভাৰতীয় বংশোদ্ভৱ জগদীপ সিঙৰ এদিনৰ বানচ ৪৮ কোটি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ জগদীপ সিং, কোৱাণ্টাম স্কেপৰ প্রতিষ্ঠাতা তথা প্রাক্তন চিই’৷ জগদীপ সিঙৰ মাহিলি কিম্বা বার্ষিক দৰমহা কিমান সিঙৰ এদিনৰ দৰমহা কিমান তেওঁৰ দৰমহা শুনিলে স্বাভাৱিকতে সাধাৰণ নাগৰিকেই নহয়, অভিজ্ঞ ব্যক্তিয়েও বিশ্বাস কৰিবলৈ টান পাব৷ ভাৰতীয় বংশোদ্ভৱ জগদীপ সিঙৰ বার্ষিক দৰমহা শুনিলে আশ্চর্য লাগে৷ বিশ্বৰ সর্বাধিক দৰমহা পোৱা ব্যক্তি জগদীপ সিং৷ কোৱাণ্টাম স্কেপৰ প্রতিষ্ঠাতা জগদীপ সিঙে প্রতিদিনে দৰমহা পায় ৪৮ কোটি টকা৷ তেওঁৰ বার্ষিক দৰমহা ১৭,৫০০ কোটি টকা৷ বিশ্বৰ সর্বাধিক দৰমহা লাভ কৰা জগদীপ সিঙৰ সফলতাৰ এক কাহিনী আছে৷ মেধাৱী শৈক্ষিক কেৰিয়াৰ আৰু দূৰদৃষ্টিসম্পন্ন উদ্যমী জগদীপ সিং৷ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্সত স্নাতক ডিগ্রী লাভ কৰা জগদীপ সিঙে ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ পৰা এমবিএ সম্পূর্ণ কৰি জগদীপ সিঙে এইচপি আৰু ছান মাইক্র’ছিষ্টেমত কর্মজীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছতেই তেওঁ কেইবাটাও ষ্টার্টআপৰ উদ্ভাৱন কৰে৷ ইয়াৰে ভিতৰত ১৯৯২ চনত এয়াৰছফ্ট অন্যতম৷ ২০১০ চনত জগদীপ সিঙে কোৱাণ্টাম স্কেপ স্থাপন কৰে আৰু এই কোম্পানীটোৱে এডভাঞ্চ বেটাৰী টেকন’লজী উদ্ভাৱন কৰে৷ ইলেক্ট্রিক বাহনৰ বাবে অত্যাধুনিক প্রযুক্তিৰ বেটাৰীৰ প্রখ্যাত কোম্পানী কোৱাণ্টাম স্কেপ৷ এই কোম্পানীটোৱে দ্রুতগতিত উন্নতি কৰি কোম্পানীটোৰ সম্পত্তিৰ মূল্য ২.৩ বিলিয়ন মার্কিন ডলাৰ গঢ়ে৷ চিই’ হিচাপে কার্যনির্বাহ কৰি জগদীপ সিঙে কোম্পানীটোক বিশ্বৰ শীর্ষ স্থানীয় কোম্পানী হিচাপে প্রতিষ্ঠা কৰাৰ পিছত ২০২৪ চনৰ ফেব্রুৱাৰীত সিঙে অৱসৰ গ্রহণ কৰে৷ চিই’ৰ পৰা অৱসৰ গ্রহণ কৰে যদিও সিঙে কোৱাণ্টাম স্কেপৰ ব’ডত জড়িত হৈ আছে৷ অত্যাধুনিক বেটাৰী প্রযুক্তিৰ প্রখ্যাত কোম্পানী হৈছে কোৱাণ্টাম স্কেপ৷ আমেৰিকা যুক্তৰাষ্ট্রস্থিত এই কোম্পানীটোত বেটাৰী বৈদ্যুতিক বাহনৰ বাবে উৎপাদন কৰা হয়৷ উন্নত প্রযুক্তিৰ বেটাৰীৰে শক্তিখণ্ডত বৈপ্লৱিক পৰিৱর্তন অনা কোম্পানীটোৰ প্রতিষ্ঠাতা জগদীপ সিং এতিয়া বিশ্বৰ সর্বাধিক দৰমহা পোৱা ব্যক্তি৷

The post ভাৰতীয় বংশোদ্ভৱ জগদীপ সিঙৰ এদিনৰ বানচ ৪৮ কোটি first appeared on নিয়মীয়া বাৰ্তা.

ছাৰা তেণ্ডুলকাৰক শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালক হিচাপে নিযুক্তি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ শচীন তেণ্ডুলকাৰৰ জীয়াৰী ছাৰা তেণ্ডুলকাৰ প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। লণ্ডনৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰিছে ছাৰাই। এই সন্দৰ্ভত বহু আগতেই শচীনেও ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। এতিয়া ছাৰাই এটা গুৰুত্বপূৰ্ণ দায়িত্ব পাইছে। তেওঁক শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছে। শচীনে নিজেই এই তথ্য ছচিয়েল মিডিয়াৰ জৰিয়তে দিছে। ছাৰাই পঢ়া-শুনা সম্পূৰ্ণ কৰি এই পদটো পাইছে। লণ্ডনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছে ছাৰাই। ক্লিনিকেল আৰু পাব্লিক হেল্থ নিউট্ৰিচনত ডিগ্ৰী লাভ কৰিছে। এইটো পুষ্টি আৰু খাদ্য বিজ্ঞানৰ সৈতে জড়িত বিষয়। ইয়াত পুষ্টিৰ সন্দৰ্ভত অধ্যয়ন প্ৰদান কৰা হয়। ছাৰাই লণ্ডনৰ ইউনিভাৰ্চিটি কলেজৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰিছে। এতিয়া ছাৰাক শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছে। শচীনে নিজেই এই তথ্য অনুৰাগীক দিছিল। শচীনে X হেণ্ডেলত লিখিছে, “মোৰ কন্যা ছাৰা তেণ্ডুলকাৰে ‘শচীন টেণ্ডুলকাৰ ফাউণ্ডেচন’ত পৰিচালক হিচাপে যোগদান কৰাৰ কথা জনাবলৈ পাই মই অতি সুখী হৈছো।” উল্লেখ্য যে ছাৰাই বহু আগতেই শচীন তেণ্ডুলকাৰ ফাউণ্ডেচনত কাম কৰিবলৈ আৰম্ভ কৰিছিল। নৱেম্বৰ মাহত ৰাজস্থানৰ উদয়পুৰলৈ গৈছিল। তেওঁ ইয়াৰ গ্ৰাম্য অঞ্চল ভ্ৰমণ কৰিছিল। ছাৰা চৰকাৰী বিদ্যালয়তো গৈছিল। এই ভ্ৰমণৰ ছবি তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ছাৰাৰ লগত আছিল মাতৃ অঞ্জলি তেণ্ডুলকাৰ।

The post ছাৰা তেণ্ডুলকাৰক শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালক হিচাপে নিযুক্তি first appeared on নিয়মীয়া বাৰ্তা.

১০০ কোটি ফ’ল’ৱার্ছ : বিশ্বৰ প্রথম ব্যক্তি হিচাপে নজিৰ ৰ’নাল্ডোৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ছেপ্টেম্বৰঃ বিশ্বৰ অন্যতম সফল ফুটবল খেলুৱৈ ক্রিষ্টিয়ানো ৰ’নাল্ডো খেলপথাৰৰ লগতে বাহিৰতো অভিলেখ ভংগ কৰাৰ বাবে জনাজাত৷ পর্তুগালৰ ফুটবল তাৰকাগৰাকীয়ে পুনৰ এবাৰ ৰচিলে ইতিহাস৷ সকলো প্রকাৰৰ সামাজিক মাধ্যমৰ প্লেটফর্মত ১ বিলিয়ন ফ’লৱার্ছ লাভ কৰা বিশ্বৰ প্রথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে ৰ’নাল্ডো৷ ৰ’নাল্ডো হৈছে ইনষ্টাগ্রামত আটাইতকৈ বেছি ফ’লৱার্ছ থকা ব্যক্তি৷ ৰ’নাল্ডোৰ ইনষ্টাগ্রামত আছে ৬৩৯ মিলিয়নতকৈও অধিক ফ’লৱার্ছ৷ ফেচবুকত আজিৰ তাৰিখত ৰ’নাল্ডোৰ ১৭০ মিলিয়নতকৈও অধিক ফ’লৱার্ছ আছে৷ আনহাতে, অন্যতম সামাজিক মাধ্যম এক্সত ৰ’নাল্ডোৰ ১১৩ নিযুতৰো অধিক ফ’লৱার্ছ আছে৷ৰ’নাল্ডোৱে শেহতীয়াকৈ মুকলি কৰিছিল এটা ইড টিউব চেনেল, যাৰ নাম ‘ইউআৰ ক্রিষ্টিয়ানো’৷ চেনেলটোৱে মুকলিৰ এসপ্তাহৰ ভিতৰত লাভ কৰে ৫০ মিলিয়ন গ্রাহক৷ ইড টিউবত এক মিলিয়ন গ্রাহকৰ সংখ্যা স্পর্শ কৰিবলৈ তেওঁক প্রয়োজন হৈছিল মাত্র ৯০ মিনিট সময়৷ জনপ্রিয় ফুটবল তাৰকাগৰাকীয়ে এই খবৰ ঘোষণা কৰি সামাজিক মাধ্যম এক্সত লিখিছিল এনেদৰে, ‘আমি ইতিহাস সৃষ্টি কৰিছো– এক বিলিয়ন অনুসৰণকাৰী এইটো কেৱল এটা সংখ্যা নহয় – ই আমাৰ খেল আৰু তাৰ বাহিৰৰ প্রতি থকা আবেগ, আবেগ আৰু মৰমৰ এক প্রমাণ’৷ ‘মাদেইৰাৰ ৰাজপথৰ পৰা পৃথিৱীৰ সর্ববৃহৎ পর্যায়লৈকে, মই সদায় মোৰ পৰিয়াল আৰু আপোনালোকৰ হৈ খেলি আহিছো৷ এতিয়া আমাৰ ওচৰত এক বিলিয়ন লোক একেলগে থিয় হৈ আছে৷ আপোনালোক সকলো উত্থান–পতনৰ মাজেৰে প্রতিটো পদক্ষেপতে মোৰ সৈতে আছে৷ এই যাত্রাটো আমাৰ যাত্রা আৰু আমি একেলগে দেখুৱাইছো যে, আমি কি লাভ কৰিব পাৰো, তাৰ কোনো সীমা নাই’৷ ৰ’নাল্ডোৱে এই পোষ্টটোত তেওঁৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছে৷ ‘মোৰ ওপৰত বিশ্বাস কৰাৰ বাবে, আপোনালোকৰ সমর্থনৰ বাবে আৰু মোৰ জীৱনৰ অংশ হোৱাৰ বাবে আপোনালোকক ধন্যবাদ৷ সর্বশ্রেষ্ঠটো এতিয়াও আহিবলৈ বাকী আছে’৷ সামাজিক মাধ্যমৰ ৰেকর্ডৰ উপৰিও ৰ’নাল্ডোৱে আন এটা বৃহৎ অভিলেখ গঢ়ি তুলিছে৷ সেয়া হৈছে, কেইদিনমান পূর্বে তেওঁ কেৰিয়াৰৰ ৯০০ টা গ’ল প্রদানকাৰী প্রথমগৰাকী ফুটবলাৰত পৰিণত হৈছিল৷

The post ১০০ কোটি ফ’ল’ৱার্ছ : বিশ্বৰ প্রথম ব্যক্তি হিচাপে নজিৰ ৰ’নাল্ডোৰ first appeared on নিয়মীয়া বাৰ্তা.

শাৰীৰিক সম্পৰ্কই কৰে ৰোগ হ্ৰাস, কিদৰে… তেন্তে জানি লওক
আপোনাৰ মেজাজ উন্নত কৰাৰ লগতে মানসিক চাপ কম কৰিব বিচাৰেনে? লগতে যদি আপুনি কেঞ্চাৰ, হৃদৰোগ আৰু অন্যান্য ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ দৰে বহু ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে এই খবৰটোৱে আপোনাক সহায় কৰিব পাৰে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে শাৰীৰিক সম্পৰ্কই স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা সমাধান কৰিব পাৰে। শাৰীৰিক সম্পৰ্কৰ জৰিয়তে হৃদযন্ত্ৰৰ স্বাস্থ্য অতি ভালে থাকে। আমেৰিকান জাৰ্নেল অৱ কাৰ্ডিঅ’লজিত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি যিসকল পুৰুষে সপ্তাহত কমেও দুবাৰকৈ নিজৰ সংগীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, তেওঁলোকৰ ষ্ট্ৰোক আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়। যিসকলে মাহত এবাৰ এই কাম কৰে তেওঁলোকৰ ষ্ট্ৰোক আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। শাৰীৰিক সম্পৰ্ক কৰা মহিলাসকলে মাহেকীয়াৰ সময়ত বিষ আৰু ক্ৰেম্পৰ পৰা সকাহ পায়। শেহতীয়াকৈ Womanider নামৰ এটা কোম্পানীয়ে এটা গৱেষণা চলাইছে, য’ত ৩১ শতাংশ মহিলাই কয় যে শাৰীৰিক সম্পৰ্কৰ দ্বাৰা বিষৰ পৰা সকাহ পোৱা যায়। শাৰীৰিক সম্পৰ্ক অব্যাহত ৰাখিলে শৰীৰত এণ্ড’ৰ্ফিন নামৰ হৰম’ন এটা প্ৰসাৰিত হয়। যাৰ বাবে ই কৰ্টিছল আৰু এড্ৰিনেলিনৰ দৰে মানসিক চাপৰ হৰম’নো হ্ৰাস কৰে। ইয়াৰ উপৰি কিছুমান হৰম’ন আছে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ৰাতি শাৰীৰিক সম্পৰ্ক কৰিলে চিষ্টোলিক হৰম’নে বি পিৰ মাত্ৰা হ্ৰাস কৰে। যাৰ বাবে শৰীৰটো ভালে থাকিব। এই বিশেষ ধৰণৰ গৱেষণা প্ৰায় ৩২ হাজাৰ পুৰুষৰ ওপৰত কৰা হৈছিল, য’ত দেখা গৈছে যে এই পুৰুষসকলে মাহত ২১ বাৰতকৈ অধিক বীর্যপাত কৰে, তেওঁলোকৰ মাজত প্ৰষ্টেট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ২০ শতাংশ বৃদ্ধি পায়। শাৰীৰিক সম্পৰ্ক শৰীৰৰ বাবে একপ্ৰকাৰৰ ব্যায়াম। ইয়াৰ দ্বাৰা আপুনি সতেজ অনুভৱ কৰে। ইয়াৰ কাৰণে শৰীৰত অক্সিট’চিন, প্ৰ’লেক্টিন আৰু এণ্ড’ৰ্ফিন নামৰ হৰম’নৰ মাত্ৰা বৃদ্ধি পায়। যাৰ বাবে আপুনি ভাল টোপনি মাৰিব পাৰিব আৰু শৰীৰটো অতি শিথিল হৈ থাকিব। শাৰীৰিক সম্পৰ্কৰ বাবে হৃদস্পন্দন বৃদ্ধি পায়। ইয়াৰ বাবে মুখৰ জিলিকনি বাঢ়ি যায়। ইয়াৰ ফলত আপোনাৰ ৰক্তবাহী নলীবোৰ প্ৰসাৰিত হয় আৰু মুখৰ ৰং উন্নত হৈ গোলাপী হৈ পৰে।

The post শাৰীৰিক সম্পৰ্কই কৰে ৰোগ হ্ৰাস, কিদৰে… তেন্তে জানি লওক first appeared on নিয়মীয়া বাৰ্তা.

ক্যাঁৰ ৰেড কাৰ্পেটত চাদৰ-মেখেলা পৰিধানেৰে খোজ আইমী বৰুৱাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে’ : মমিতা শৰ্মাই প্ৰস্তুত কৰি উলিওৱা গোজ বটা আৰু গামখাৰুৰ দৰে প্ৰাচীন অসমীয়া ডিজাইনেৰে সু-সজ্জিত মুগা ৰেচম মেখেলা চাদৰ পিন্ধি ক্যাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই। মুগা ৰেচমক এক বিলাসিতা হিচাপে গণ্য কৰা আহোম ৰাজবংশৰ সময়ৰ পৰাই সু-পৰিচিত অসমৰ এক প্ৰাচীন শৈলী, গোজ বটা ডিজাইন হৈছে মূলতঃ বৈশিষ্ট্যপূৰ্ণ ফুল আৰু জ্যামিতিক আকৃতিৰ জটিল সংমিশ্ৰণ। যুগমীয়া এই সৃষ্টিশীলতাৰ প্ৰতি মানুহৰ আকৰ্ষণ আজিও কমা নাই। এই ডিজাইন অসমৰ চহকী সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতীক। আনহাতে, গামখাৰু হৈছে জীপাল অসমীয়া সংস্কৃতিৰ বুকুত গভীৰভাৱে শিপাই থকা সমৃদ্ধি আৰু সুৰক্ষাৰ পৰম্পৰাগত প্ৰতীক। ডিজাইনাৰে পাঁচবিধ ভিন্ন সূতা আৰু ৰং ব্যৱহাৰৰ জৰিয়তে এড়ী, কপাহ আৰু গুণা সূতাৰ মিশ্ৰণেৰে জটিল আৰ্হি তৈয়াৰ কৰি মুগা ৰেচমী মেখেলা চাদৰত ঐতিহ্যপূৰ্ণ গোজ বটা ডিজাইন আৰু গাম খাৰু শিল্পক নিপুণভাৱে সংযুক্ত কৰিছে। এই সৃজনশীলতাই অসমৰ হস্ততাঁত উদ্যোগৰ শিল্পকলা আৰু কাৰুকাৰ্য্যক উজলাই তুলিছে।

The post ক্যাঁৰ ৰেড কাৰ্পেটত চাদৰ-মেখেলা পৰিধানেৰে খোজ আইমী বৰুৱাৰ first appeared on নিয়মীয়া বাৰ্তা.