প্ৰযুক্তি - নিয়মীয়া বাৰ্তা

Flying Kremlin : ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিমান নিৰাপত্তা-সুৰক্ষা ব্যৱস্থা কিমান শক্তিশালী
Flying Kremlin : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিমান কেৱল এখন সাধাৰণ বিমান নহয়, ইয়াক ‘ফ্লাইং ক্ৰেমলিন’ বুলি অভিহিত কৰা হয়। ইলিউচিন আইএল-৯৬-৩০০পিইউ মডেলৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই বিমান ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দৰে শীৰ্ষ নেতৃত্বৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে। নিৰাপত্তাৰ কাৰণে পুটিনে কোনখন বিমানত যাত্ৰা কৰি আছে, সেই তথ্য কেতিয়াও ৰাজহুৱা কৰা নহয়। তেওঁৰ হাতত এই মডেলৰ মুঠ চাৰিখন বিমান আছে।

বিগত ৩৭ বছৰ ধৰি ৰাছিয়াৰ শীৰ্ষ নেতৃত্বই এই বিমান ব্যৱহাৰ কৰি আহিছে। ইয়াৰ মূল্য প্ৰায় ৭১৫ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৬২৭৫ কোটি টকা) বুলি ধাৰণা কৰা হয়। আমেৰিকাৰ ‘এয়াৰ ফৰ্চ ৱান’ৰ দৰে এই বিমানক এখন মবাইল কমাণ্ড চেণ্টাৰ আৰু বিলাসবহুল প্ৰাসাদৰ ৰূপ দিয়া হৈছে।

এই বিমানখনৰ আভ্যন্তৰীণ সজ্জা কোনো ৰাজপ্ৰাসাদতকৈ কম নহয়। ইয়াত চামৰাৰ ফাৰ্নিচাৰ, ৱালনাট কাঠৰ পেনেল আৰু সোণৰ কাৰুকাৰ্যৰে সজ্জিত আচবাব ব্যৱহাৰ কৰা হৈছে। বিমানখনত আছে ব্যক্তিগত কাৰ্যালয়, সম্মিলন কক্ষ, অতিথি লাউঞ্জ, বিশ্ৰাম কক্ষ, মিনি জীম, ডাইনিং হল, বাৰ, শ্বাৱাৰ আৰু চিকিৎসা কক্ষ। এই বিমান কেৱল যাত্ৰাৰ বাবে নহয়, ই আকাশত উৰণত ৰাষ্ট্ৰপতি ভৱনৰ দৰে।

পুটিনৰ ফ্লাইং ক্ৰেমলিন সকলো ধৰণৰ আকাশী আৰু স্থলভিত্তিক বিপদৰ পৰা সুৰক্ষিত। ইয়াৰ বাহিৰৰ অংশত বিশেষ প্ৰলেপ আছে, যাৰ ফলত ৰাডাৰে ইয়াক ধৰা পেলাব নোৱাৰে। ইয়াৰ উপৰি বিমানখনত এণ্টি-এয়াৰক্ৰাফ্ট মিছাইল ডিফেন্স ছিষ্টেম আছে, যিয়ে যিকোনো মিছাইল আক্ৰমণ নিষ্ক্ৰিয় কৰিব পাৰে। যাত্ৰাৰ সময়ত এই বিমানৰ চাৰিওফালে ৰাছিয়াৰ যুঁজাৰু বিমানৰ সুৰক্ষা ব্যৱস্থা থাকে, যাতে যিকোনো বিপদৰ মোকাবিলা কৰিব পৰা যায়।

ইলিউচিন আইএল-৯৬-৩০০পিইউত চাৰিটা শক্তিশালী ইঞ্জিন সংযোজিত হৈছে, যিয়ে ইয়াক দীঘলীয়া যাত্ৰাৰ বাবে সক্ষম কৰে। ইয়াৰ সৰ্বোচ্চ গতি ঘণ্টাত ৯০০ কিলোমিটাৰ। ইয়াৰ ইন্ধনৰ ধাৰণ ক্ষমতা ১.৫ লাখ লিটাৰ, ফলত এই বিমানে ১৩,৫০০ কিলোমিটাৰ ননষ্টপ উৰণ কৰিব পাৰে। ইয়াত উচ্চমানৰ নেভিগেশ্যন আৰু উপগ্ৰহ ব্যৱস্থাৰ লগতে আধুনিক প্ৰযুক্তিৰে সজ্জিত গ্লাছ ককপিট আছে। এই কাৰণে ইয়াক ৰাছিয়াৰ ‘এয়াৰ ফৰ্চ ৱান’ বুলিও কোৱা হয়।

Niyomiya Barta Desk, 18 August, 2025

The post Flying Kremlin : ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিমান নিৰাপত্তা-সুৰক্ষা ব্যৱস্থা কিমান শক্তিশালী first appeared on নিয়মীয়া বাৰ্তা.

এলাৰ্ট : এতিয়াৰে পৰা ইউটিউব চেনেল খোলাত কঠোৰ বাধ্যবাধকতা চৰকাৰৰ
অষ্ট্ৰেলিয়া চৰকাৰে শিশু সুৰক্ষাৰ স্বাৰ্থত ১৬ বছৰৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যমৰ প্লেটফৰ্ম, বিশেষকৈ YouTube-ৰ ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নীতিৰ অধীনত, নতুন YouTube চেনেল সৃষ্টিৰ বাবে বয়সৰ সীমাবদ্ধতাৰ প্ৰয়োজনীয়তা (যেনে, ফোন নম্বৰ, পৰিচয় নথিপত্ৰ, বা অন্যান্য প্ৰমাণপত্ৰ) আৰু অতিৰিক্ত চৰ্ত পূৰণ কৰিব লাগিব। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে শিশুসকলক অনলাইন প্লেটফৰ্মৰ সম্ভাৱ্য ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰা, য’ত অন্তৰ্ভুক্ত আছে স্পেম, জালিয়াতি আৰু অনুপযুক্ত বিষয়বস্তুৰ সংস্পৰ্শ।

এক্সৰ শেহতীয়া পোষ্টৰ পৰা জানিব পৰা গৈছে যে, এই নিয়ম অষ্ট্ৰেলিয়াৰ Online Safety Act 2021ৰ অধীনত কাৰ্যকৰী কৰা হৈছে, যিয়ে শিশুৰ অনলাইন সুৰক্ষাৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। ২৮ জুলাই, ২০২৫ৰ এক প্ৰতিবেদন অনুসৰি, YouTube-ৰ মূল কোম্পানী গুগলে এই নিষেধাজ্ঞাৰ বিৰুদ্ধে লবী কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু অষ্ট্ৰেলিয়াৰ eSafety Commissioner-ৰ নেতৃত্বত চৰকাৰে এই নীতি কঠোৰভাৱে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিয়ম অনুসৰি, ১৬ বছৰৰ তলৰ ব্যক্তিয়ে YouTube চেনেল খোলা বা সক্ৰিয়ভাৱে ব্যৱহাৰ কৰিবলৈ পিতৃ-মাতৃৰ সম্মতি বা অভিভাৱকৰ তত্ত্বাৱধানৰ প্ৰয়োজন হ’ব পাৰে।

ইয়াৰ উপৰি অষ্ট্ৰেলিয়াৰ এই নীতিয়ে YouTube-ক বয়স-নিৰ্দিষ্ট বিষয়বস্তু ফিল্টাৰিং আৰু শিশুৰ বাবে সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰিবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰিব পাৰে। এই নিষেধাজ্ঞাৰ ফলত, যিকোনো ব্যক্তিয়ে যধেমধে YouTube চেনেল খোলাৰ পৰিৱৰ্তে কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব। এই নীতিৰ প্ৰভাৱ কেৱল অষ্ট্ৰেলিয়াৰ সীমাৰ ভিতৰত সীমাবদ্ধ হ’ব পাৰে, কিন্তু অন্য দেশতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

Niyomiya Barta Desk, 1 August, 2025

The post এলাৰ্ট : এতিয়াৰে পৰা ইউটিউব চেনেল খোলাত কঠোৰ বাধ্যবাধকতা চৰকাৰৰ first appeared on নিয়মীয়া বাৰ্তা.

প্রলয় মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন DRDO-ৰ
প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা, চমুকৈ DRDO -ই একেৰাহে দুদিন দৰি প্রলয় মিছাইলৰ সফল পৰীক্ষণেৰে দেশীয়ভাৱে নির্মিত ক্ষেপণাস্ত্রৰ ক্ষেত্রত মাইলৰ খুঁটি ৰচিলে৷

ওড়িশাৰ উপকূলৰ আব্দুল কালাম দ্বীপপুঞ্জত ২৮ জুলাইৰ পৰা একেৰাহে দুদিন ধৰি প্রলয় মিছাইলৰ সফল পৰীক্ষণ চলায়৷ ক্ষেপণাস্ত্র পদ্ধতিৰ সর্বোচ্চ আৰু নূ্যনতম দূৰত্বৰ সক্ষমতা উভয়কে প্রলয় মিছাইলৰ পৰীক্ষণত সফলতা লাভ কৰে৷

DRDOই প্রকাশ কৰা মতে সর্বোচ্চ দূৰত্বভেদী আৰু নূ্যনতম দূৰত্বভেদী উভয় মিছাইলেই নিখুঁত লক্ষ্যভেদ কৰিবলৈ সক্ষম হৈছে৷ নির্ধাৰিত লক্ষ্যত সঠিক সময়ত সঠিকভাৱে আঘাত কৰিছে এই দুয়োবিধ মিছাইলে৷ প্রলয় হৈছে হ্রস্ব দূৰত্বৰ বেলিষ্টিক মিছাইল (এছআৰবিএম)৷ ডিআৰডি’ই যুদ্ধক্ষেত্রৰ বাবে এই মিছাইলটো বিকশিত কৰিছে৷ ভাৰতীয় সেনা আৰু বায়ুসেনাৰ আৱশ্যকতাৰ প্রতি লক্ষ্য ৰাখি এই মিছাইল তৈয়াৰ কৰা হৈছে৷

অত্যাধুনিক প্রযুক্তিৰে নির্মিত এই মিছাইল ১৫০–৫০০ কিলোমিটাৰলৈ নিক্ষেপ কৰিব পৰা যাব৷ শত্রুৰ গুৰুত্বপূর্ণ স্থানত আঘাত কৰিবৰ বাবে এই মিছাইল বিকশিত কৰা হৈছে৷

Niyomiya Barta Desk, 30 July, 2025

The post প্রলয় মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন DRDO-ৰ first appeared on নিয়মীয়া বাৰ্তা.

ড্ৰোন : বিশ্বশান্তিলৈ বিপদ মাতিব নেকি অনাগত ভৱিষ্যতত!!!
ড্ৰোন বা “Unmanned Aerial Vehicle (UAV)” আধুনিক প্ৰযুক্তিৰ এটা যুগান্তৰকাৰী অৱদান হিচাপে বিবেচিত হৈছিল। আৰম্ভণিত ইয়াৰ ব্যৱহাৰ কৃষি, চলচ্চিত্ৰ নিৰ্মাণ, পৰ্যবেক্ষণ, ডেলিভাৰী, আৰু উদ্ধাৰ কাৰ্য্যত সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান সময়ত ড্ৰোন মানৱজাতিৰ বাবে এক নতুন দুৰ্যোগ হিচাপে পৰিগণিত হৈ পৰিছে, ইয়াৰ কাৰণ বিশেষকৈ সামৰিক, গুপ্তচৰবৃত্তি, আৰু উগ্ৰপন্থী কাৰ্যকলাপত ইয়াৰ অপব্যৱহাৰ।

শেহতীয়া কেইবাটাও ঘটনা পৰ্যবেক্ষণ কৰিলে এই দুৰ্যোগৰ ভয়ংকৰ পৰিণতি পোৱা যায়। পাকিস্তানে ভাৰতীয় সীমান্তত একাধিকবাৰ ড্ৰোন প্ৰেৰণ কৰি অস্ত্ৰ আৰু মাদক সৰবৰাহ কৰি আহিছে। ২০২৪-২৫ চনত জম্মু আৰু পাঞ্জাব সীমান্তত এনে বহু ঘটনাই ৰাষ্ট্ৰীয় সুৰক্ষাক আঘাত হানিছে। ২০২৫তে পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত এক ভয়ংকৰ ড্ৰোন আক্ৰমণৰ সন্মুখীন হ, য’ত বিস্ফোৰকভৰ্তি ড্ৰোনে সেনা কেম্প লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ চেষ্টা কৰে।

বিদেশতো এনে ঘটনা পৰিলক্ষিত হৈছে। ইউক্ৰেইন-ৰাছিয়া যুদ্ধত ড্ৰোনে এক মুখ্য ভূমিকা পালন কৰিছে। স্বচালিত ড্ৰোনে বিস্ফোৰণ ঘটাই শ শ মানুহৰ প্ৰাণ হৰণ কৰিছে। এই ধৰণৰ ড্ৰোন “self-destructing drone” নামেৰে পৰিচিত। ই একেবাৰে নিঃশব্দভাৱে লক্ষ্যত উপনীত হৈ বিস্ফোৰণ ঘটায়, যাৰ পৰা ৰক্ষা পোৱা প্ৰায় অসম্ভৱ। যোৱা ১২ জুলাই ২০২৫ তাৰিখে ম্যানমাৰত অৱস্থিত সংযুক্ত মুক্তি বাহিনীৰ শিবিৰত ১৫০ খন ড্ৰোনৰ আক্ৰমণত সংগঠনটোৰ তিনিজনকৈ শীৰ্ষ নেতাৰ মৃত্যু হোৱাৰ ঘটনা আলফা (স্বা) ৰ এক বিবৃতিৰ জৰিয়তে পোহৰলৈ আহিছে।

এই ড্ৰোনসমূহৰ ভৱিষ্যৎ প্ৰজন্ম “AI-powered” হ’ব বুলি অনুমান কৰা হৈছে। অৰ্থাৎ, এইবোৰ নিজেই লক্ষ্য নিৰ্ধাৰণ, পথ বাছনি, আৰু প্ৰতিক্ৰিয়া কৰিবলৈ সক্ষম হ’ব। এনে পৰিস্থিতিয়ে ড্ৰোনক সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণৰ বাহিৰত লৈ যাব পাৰে। এনে এক আশংকাজনক অৱস্থা মানৱ জাতিৰ বাবে এক ভয়ংকৰ দুৰ্যোগ হৈ উঠিব পাৰে।

ড্ৰোনৰ অপব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা অতি প্ৰয়োজন। ভাৰত চৰকাৰে ইতিমধ্যে ড্ৰোন নিয়ন্ত্ৰণ নীতি ঘোষণা কৰিছে, য’ত অনুমতি বিহীন উৰণ নিষিদ্ধ কৰা হৈছে। লগতে, ড্ৰোন চিনাক্তকৰণ, নিয়ন্ত্রণ, আৰু ধ্বংসৰ বাবে “Anti-Drone System” ৰ উন্নয়নো চলি আছে। লেজাৰ ভিত্তিক অস্ত্ৰ ব্যৱহাৰৰ উদ্যোগো গ্ৰহণ কৰা হৈছে।

ড্ৰোনৰ বিভিন্ন অপব্যৱহাৰৰ মাজতো ইয়াৰ যথেষ্ট ভাল দিশ তথা ভাল ব্যৱহাৰখিনি আমি লক্ষ্য কৰাতোও দৰকাৰ। ড্ৰোনৰ সহায়ত খেতি ক্ষেত্ৰ চোৱা, ওপৰৰ পৰা শস্যৰ অৱস্থা পৰ্যবেক্ষণ কৰা, সাৰ-ঔষধ স্প্রে কৰা সহজ হৈছে। বানপানী, ভূমিকম্প, বা অগ্নিকাণ্ডৰ সময়ত ড্ৰোন এক উল্লেখযোগ্য আহিলা হিচাপে ব্যৱহাৰ হৈছে। সেনা তথা সুৰক্ষা ব্যৱস্থাত ড্ৰোনে সীমান্তত নজৰদাৰী, গুপ্তচৰ অভিযান, বিস্ফোৰক চিনাক্তকৰণ, আকাশী আক্ৰমণৰ আগতীয়া সতৰ্কবাণী প্ৰদান ইত্যাদি কামত সহায় কৰে। চলচিত্ৰ আৰু মিডিয়াৰ ক্ষেত্ৰতো ড্ৰোনৰ ব্যৱহাৰ লক্ষণীয়। উৰ্দ্ধ-দৃশ্য (aerial shot) বা দৰ্শনীয় দৃশ্য বন্দী কৰাৰ ক্ষেত্ৰত ড্ৰোন ব্যৱহাৰ কৰা হয়। অনুষ্ঠান, বিবাহ, বা সংবাদ প্ৰতিবেদনত ইয়াৰ ব্যৱহাৰ বেছি হৈছে।

Amazon, Zomato আদি প্ৰতিষ্ঠানে ড্ৰোনৰ সহায়ত খাদ্য, সামগ্ৰী তৎকালিকভাৱে কাষ্টমাৰৰ ওচৰলৈ পঠিয়াবলৈ পৰীক্ষা কৰিছে। পৰিৱেশ আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত জন্তু-জন্তুৰ গণনা, বনাঞ্চলৰ পৰ্যবেক্ষণ, অবৈধ কাৰ্যকলাপ নিৰীক্ষণ আৰু বনজ পৰিৱেশৰ পৰ্যবেক্ষণত ড্ৰোন ব্যৱহাৰ খুব ফলপ্ৰসূ।

সামগ্ৰিকভাৱে চাওঁতে, ড্ৰোন এখন সম্ভাৱনাময় প্রযুক্তি হ’লেও, ইয়াৰ অপব্যৱহাৰ সমাজ, ৰাষ্ট্ৰ, আৰু বিশ্বৰ বাবে এটা গুৰুতৰ দুৰ্যোগ হিচাপে দেখা দিছে। যি গতিত এই দুৰ্যোগ বাঢ়ি আছে, তাক ৰোখিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, কঠোৰ নীতি আৰু উন্নত প্ৰযুক্তিৰ বিকাশৰ অত্যন্ত প্ৰয়োজন। নহ’লে, ড্ৰোনে অনাগত দিনত বিশ্বশান্তিৰ বেলি অস্তমিত কৰাৰ পথ খুলি দিব।

📌 শুভ্ৰাশ্ময় কাশ্যপৰ প্ৰতিবেদন

The post ড্ৰোন : বিশ্বশান্তিলৈ বিপদ মাতিব নেকি অনাগত ভৱিষ্যতত!!! first appeared on নিয়মীয়া বাৰ্তা.

ভৱিষ্যৎ যুদ্ধৰ বাবে নির্মাণ হৈছে হত্যাকাৰী ৰবট
হত্যাকাৰী ৰবট : নিজৰ পৰাই লক্ষ্যবস্তুক বাছনি কৰি আক্রমণ চলাব পাৰে ৰবট অস্ত্রই ইয়াক ক’ব পাৰি ‘হত্যাকাৰী ৰবট’৷ কল্পবিজ্ঞানৰ কাহিনী যন্ত্রদানৱ এইবাৰ বাস্তৱলৈ আহি আছে৷ চিনেমাৰ পর্দাৰ ‘টার্মিনেটৰ’ এইবাৰ বাস্তৱ পৃথিৱীত দেখিবলৈ পোৱা যাব৷

অসম্ভৱ একোৱেই নহয়, ইতিমধ্যে গৱেষণা বহুদূৰ আগবাঢ়িছে৷ হলীউডৰ ছবিৰ দৰে এই ‘টার্মিনেটৰ’বোৰৰ হাত–ভৰি নাই আছে কৃত্রিম মেধা–যন্ত্রদানৱৰ যাক মগজু বুলি কোৱা হয়৷ এই কৃত্রিম মেধাই হৈছে টার্মিনেটৰবোৰৰ নিয়ন্ত্রক৷ অর্থাৎ হত্যাকাৰী ৰবট নিয়ন্ত্রিত হ’ব কৃত্রিম মেধাৰ জৰিয়তে৷ বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছে ‘লেথেল এটোন’মাছ ওৱেপন ছিষ্টেম’৷

অৱশ্যে হত্যাকাৰী ৰবট হিচাপেই পৰিচিত এই বিশেষ অস্ত্র৷ ভৱিষ্যৎ যুদ্ধৰ সকলো হিচাপ–নিকাচ সলনি কৰি দিব এই ৰবটে৷ স্মর্তব্য যে বিগত কেইবছৰমান ধৰি যুদ্ধত ব্যৱহাৰ হৈছে পাইলটবিহীন বিমান বা বোমাৰু ড্রোন৷ এইবোৰ মানুহে দূৰৰ পৰা নিয়ন্ত্রণ কৰি আহিছে৷ কিন্তু হত্যাকাৰী ৰবটবোৰ এবাৰ যুদ্ধত মুকলি কৰি দিলে তাৰ নিয়ন্ত্রণ মানুহৰ হাতত নাথাকিব৷ এই যন্ত্রদানৱৰ নিয়ন্ত্রণ কৰিব লাগিব কৃত্রিম মেধাই৷

অৱশ্যে বর্তমানলৈ সম্পূর্ণ স্বয়ংক্রিয় কৃত্রিম মেধাসম্পন্ন অস্ত্র কোনো দেশৰ হাতত নাই৷ তথাপি এইক্ষেত্রত গৱেষণাই নতুন মাত্রা লাভ কৰিছে৷ আমেৰিকাৰ যুদ্ধ সৰঞ্জাম নির্মাণ সংস্থা ‘এণ্ডুৰিন’–এ ইয়াক লৈ ইতিমধ্যে পৰীক্ষা–নিৰীক্ষা চলাইছে৷ বহু গৱেষণা সফল হোৱা বুলিও দাবী কৰিছে সংস্থাটোৱে৷ ইয়াৰ ভিতৰত এটা হৈছে ‘ফিউৰি’, কৃত্রিম মেধানির্ভৰ এয়া এক ৰবটিক যুদ্ধ বিমান৷ ইয়াত কোনো ককপিট নাই, নাই পাইলটো৷ কাৰো সাহায্য নোহোৱাকৈ লক্ষ্যবস্তুত আঘাত হানিব পাৰে এই যুদ্ধ বিমানে৷ ‘ৰোডৰানাৰ’ নামৰ আন এক সমৰাস্ত্রও নির্মাণ কৰিছে মার্কিন সংস্থাটোৱে৷ এই অস্ত্রবিধৰ কৃত্রিম মেধানির্ভৰ৷

এই অস্ত্রক এবাৰ মুকলি কৰি দিলে নিজে নিজে অস্ত্রবিধে লক্ষ্যবস্তুক চিনাক্ত কৰি ধ্বংস কৰিব পাৰে৷ মূলতঃ ড্রোন আক্রমণ প্রতিহত কৰিবলৈ ইয়াক নির্মাণ করা হৈছে৷ লক্ষ্যবস্তু চিহ্ণিত কৰিব নোৱাৰিলে এই অস্ত্রবিধ উভতি আহে৷ ইতিমধ্যে ফিউৰি আৰু ৰোডৰানাৰক লৈ ভৱিষ্যৎ যুদ্ধ সন্দর্ভত বিভিন্ন চর্চা চলিছে বিশেষজ্ঞসকলৰ মাজত৷

Niyomiya Barta Desk, Date of Published – 26-06-2025

The post ভৱিষ্যৎ যুদ্ধৰ বাবে নির্মাণ হৈছে হত্যাকাৰী ৰবট first appeared on নিয়মীয়া বাৰ্তা.

সস্তাৰ উৰণ আকাশত উৰিল বৈদ্যুতিক বিমান, ৭০০ টকাত ১৩০ কিলোমিটাৰ যাত্রা
সস্তাৰ উৰণ! আকাশত উৰিল বৈদ্যুতিক বিমান, ৭০০ টকাত ১৩০ কিলোমিটাৰ যাত্রা

সস্তা হ’ব বিমানৰ উৰণ ইন্ধনৰ অভাৱনীয় মূল্যৰ পৰা পৰিত্রাণ পাব উৰণ সংস্থাসমূহে এইবাৰ বিদ্যুতৰ জৰিয়তে আকাশত উৰিব যাত্রীবাহী বিমান শুনিবলৈ অবাক যেন লাগিলেও ইতিমধ্যে এয়া সম্ভৱ কৰি তুলিছে বিমান সংস্থা ‘বেটা টেকন’লজিছে’৷

সংস্থাটোৰ উদ্যোগত ইতিমধ্যে এই বিমানৰ পৰীক্ষামূলক উৰণো সম্পন্ন কৰা হৈছে৷ অনুমান কৰা হৈছে যে পৰিৱেশ বান্ধৱ হিচাপে আগন্তুক দিনত এই বিমানেই হ’ব যাত্রীসকলৰ বাবে অন্যতম ভৰসা৷

অত্যাধুনিক এই যাত্রী বিমানৰ খৰচো হ’ব অতি সামান্য৷ সংবাদ সূত্রই সদৰী কৰা অনুসৰি শেহতীয়াকৈ আমেৰিকাৰ ইষ্ট হেম্পটনৰ পৰা নিউয়র্কৰ জন এফ কেনেডী আন্তর্জাতিক বিমানবন্দৰলৈ সফলভাৱে যাত্রা কৰে ‘আলিয়া চিএক্স–৩০০’ নামৰ এই বৈদ্যুতিক বিমানখনে৷ পৰীক্ষামূলক উৰণৰ সময়ত মাত্র ৩০ মিনিটত ৭০ নটিকেল মাইল অর্থাৎ ১৩০ কিলোমিটাৰ যাত্রা কৰে বিমানখনে৷

বেটা টেকন’লজিছৰ প্রতিষ্ঠাতা তথা চিইঅ’ কাইল ক্লার্ক নিজেই উপস্থিত আছিল এই পৰীক্ষাৰ সময়ত৷ তেওঁ উল্লেখ কৰা অনুসৰি এই বিমানখন ১০০ শতাংশ বৈদ্যুতিন৷ যাত্রীসকলক লৈ ইষ্ট হেম্পটনৰ পৰা নিউয়র্কৰ জন এফ কেনেডী বিমানবন্দৰত বিমানখনে সফলতাৰে অৱতৰণ কৰে৷

লক্ষণীয়ভাৱে এই দূৰত্ব অতিক্রম কৰাৰ বাবে অতি কম খৰচৰ প্রয়োজন হৈছে৷ এবাৰ চার্জ কৰিবলৈ বিমানখনৰ খৰচ পৰে মাত্র ৭০০ টকা৷ এবাৰ চার্জত এই বিমানখনে ২৫০ নটিকেল মাইল উৰিব পাৰে৷ অর্থাৎ প্রায় ৫০০ কিলোমিটাৰ উৰণৰ বাবে খৰচ হ’ব ৭০০ টকা৷ কিন্তু এই দূৰত্ব যোৱাৰ বাবে এখন হেলিকপ্টাৰৰ ইন্ধনৰ খৰচ পৰে ১৬০ ডলাৰ৷

Niyomiya Barta Desk, Date of Published – 25-06-2025

The post সস্তাৰ উৰণ আকাশত উৰিল বৈদ্যুতিক বিমান, ৭০০ টকাত ১৩০ কিলোমিটাৰ যাত্রা first appeared on নিয়মীয়া বাৰ্তা.

অনিৰ্দিষ্টকাললৈ পিছুৱালে শুভাংশু শুক্লাৰ মহাকাশ অভিযান
অনিৰ্দিষ্টকাললৈ পিছুৱালে শুভাংশু শুক্লাৰ মহাকাশ অভিযান

নিউজ ডেস্ক, ১১ জুন : আজি স্পেচএক্সে লিকুইড অক্সিজেন (এল অ’ এক্স) লিক মেৰামতি কৰিবলৈ অতিৰিক্ত সময়ৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্স-৪ অভিযানৰ ফেলকন ৯ৰ উৎক্ষেপণ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে।

ইছৰ’ই এক বিবৃতিত কয় যে, ‘আই এছ এছলৈ প্ৰথম ভাৰতীয় গগনযাত্ৰী প্ৰেৰণৰ বাবে ২০২৫ চনৰ ১১ জুনত উৎক্ষেপণ হ’বলগীয়া এক্সিয়াম ০৪ অভিযান পিছুৱাই দিয়া হৈছে। ফেলকন ৯ লঞ্চ বাহনৰ বুষ্টাৰ ষ্টেজৰ কাৰ্য্যক্ষমতা বৈধ কৰাৰ বাবে লঞ্চ বাহনৰ প্ৰস্তুতিৰ অংশ হিচাপে লঞ্চ পেডত সাত ছেকেণ্ডৰ গৰম পৰীক্ষা কৰা হৈছিল। বুজা হৈছে যে প্ৰপালচন বে’ত LOX লিকেজ ধৰা পৰিছিল। এই বিষয়ত ইছৰোৰ দলে এক্সিয়াম আৰু স্পেচএক্সৰ বিশেষজ্ঞসকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত লিকটো শুধৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে আৰু উৎক্ষেপণৰ বাবে ক্লিয়াৰ কৰাৰ পূৰ্বে প্ৰয়োজনীয় বৈধকৰণ পৰীক্ষা সম্পন্ন কৰা হৈছে মহাকাশ আয়োগৰ অধ্যক্ষ।

পলম হোৱাৰ পিছতো এক্সিয়াম-৪ অভিযান উল্লেখযোগ্য হৈয়েই আছে। এক্স-৪ৰ ক্ৰুত ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ সদস্য অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ইতিহাসত প্ৰতিটো জাতিৰ মহাকাশ কেন্দ্ৰলৈ প্ৰথমটো অভিযান আৰু ৪০ বছৰতকৈও অধিক সময়ৰ ভিতৰত চৰকাৰী পৃষ্ঠপোষকতাত মানৱ মহাকাশ উৰণ অভিযানৰ দ্বিতীয়টো অভিযান বুলি এক্সিয়াম স্পেছে প্ৰকাশ কৰিছে। গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা ১৯৮৪ চনৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰীয় মহাকাশচাৰী হ’ব।গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা এক্সিয়াম স্পেচৰ চতুৰ্থ ব্যক্তিগত মহাকাশচাৰী অভিযান (এক্স-৪)ৰ অংশ, যিয়ে নাছাৰ সৈতে ভাৰতৰ মহাকাশ সহযোগিতাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত চিহ্নিত কৰে।ইউৰোপীয় মহাকাশ সংস্থাৰ (ই এছ এ) প্ৰকল্পৰ মহাকাশচাৰী স্লাওছ উজনানস্কি হ’ব দ্বিতীয়জন পোলেণ্ডৰ 1978 চনৰ পৰা মহাকাশচাৰী। টিবৰ কাপু ১৯৮০ চনৰ পিছত দ্বিতীয়জন ৰাষ্ট্ৰীয় হাংগেৰিয়ান মহাকাশচাৰী হ’ব।

পেগী হুইটছনে তেওঁৰ দ্বিতীয়টো বাণিজ্যিক মানৱ মহাকাশ উৰণ অভিযানৰ কমাণ্ড কৰিব, যিয়ে আমেৰিকাৰ মহাকাশচাৰীয়ে মহাকাশত সৰ্বাধিক ক্ৰমবৰ্ধমান সময়ৰ বাবে তেওঁৰ থিয়ৰ অভিলেখ বৃদ্ধি কৰিব।এক্সিয়াম মহাকাশৰ মতে, এক্স-৪ অভিযানে ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ বাবে মানৱ মহাকাশ যাত্ৰালৈ “প্ৰত্যাৱৰ্তন” উপলব্ধি কৰিব, যিয়ে প্ৰতিটো দেশৰ ৪০ বছৰতকৈও অধিক সময়ৰ ভিতৰত চৰকাৰী পৃষ্ঠপোষকতাত প্ৰথমবাৰৰ বাবে বিমান যাত্ৰা চিহ্নিত কৰিব এই দেশসমূহৰ বাবে ইতিহাসত মহাকাশ উৰণ অভিযান, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত তিনিওজনে প্ৰথমবাৰৰ বাবে অভিযান সম্পন্ন কৰিব। এই ঐতিহাসিক অভিযানে আলোকপাত কৰে যে কেনেকৈ এক্সিয়াম মহাকাশে নিম্ন পৃথিৱীৰ কক্ষপথৰ প্ৰৱেশ পুনৰ সংজ্ঞায়িত কৰিছে আৰু ৰাষ্ট্ৰীয় মহাকাশ কাৰ্যসূচীক বিশ্বজুৰি উন্নীত কৰিছে। Axe-4 অভিযান ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ বাবে সুযোগৰ পোহৰ হিচাপে থিয় দিছে, প্ৰত্যেকেই এই অভিযানৰ সহায় লৈ নিজৰ ৰাষ্ট্ৰীয় মহাকাশ কাৰ্যসূচী আগবঢ়াই নিবলৈ সাজু।

‘এক্স-৪ গৱেষণা পৰিপূৰকত আমেৰিকা, ভাৰত, পোলেণ্ড, হাংগেৰী, চৌদি আৰব, ব্ৰাজিল, নাইজেৰিয়া, ইউ এ ই, আৰু সমগ্ৰ ইউৰোপৰ দেশসমূহকে ধৰি ৩১খন দেশক প্ৰতিনিধিত্ব কৰা প্ৰায় ৬০টা বৈজ্ঞানিক অধ্যয়ন আৰু কাৰ্য্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে নিম্ন-পৃথিৱী কক্ষপথ (LEO)ত মাইক্ৰ’গ্ৰেভিটি গৱেষণা, প্ৰতি স্বতন্ত্ৰ মহাকাশ।

এই অভিযানে আমেৰিকা, ভাৰত, পোলেণ্ড (ই এছ এৰ সৈতে অংশীদাৰিত্বৰে), আৰু হাংগেৰীৰ নেতৃত্বত বৈজ্ঞানিক পৰ্টফলিঅ’ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লক্ষ্য হৈছে এই দেশসমূহত বিভিন্ন অংশীদাৰক জড়িত কৰি অংশগ্ৰহণ বৃদ্ধি কৰা, মাইক্ৰ’গ্ৰেভিটি গৱেষণাৰ মূল্য প্ৰদৰ্শন কৰা, আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক লালন-পালন কৰা।

গ্ৰুপ কেপ্তেইন শুক্লাই যি দলৰ সৈতে মিছনলৈ যাব সেই দলটোৰ বিষয়ে বৰ্ণনা কৰি গ্ৰুপ কেপ্তেইন শুক্লাই কয়, “মই যিটো দলৰ সৈতে এই মিছনত উৰা মাৰিছো, সেয়া কল্পনাতীত। মই অনুভৱ কৰোঁ যে মোৰ ব্যতিক্ৰমী ক্ৰুমেট আছে। এই এখন বিমানৰ বাবে মোৰ এই ক্ৰু মেম্বাৰ থাকিব মই মাত্ৰ ক’ব পাৰো যে মই কিমান অত্যন্ত সৌভাগ্যৱান যে দেশত এটা সম্পূৰ্ণ প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ মই এই সুযোগ ব্যৱহাৰ কৰি ল’ৰা-ছোৱালীৰ মাজত কৌতুহল জগাই তুলিব বিচাৰো শুক্লা আৰু মই এক্সিয়াম ৪ মিছনৰ মিছন পাইলট।”

The post অনিৰ্দিষ্টকাললৈ পিছুৱালে শুভাংশু শুক্লাৰ মহাকাশ অভিযান first appeared on নিয়মীয়া বাৰ্তা.

কাইলৈ আবেলি ৩ ক্ৰু সতীৰ্থৰে শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰা, ISROৰ বিবৃতি
কাইলৈ আবেলি ৩ ক্ৰু সতীৰ্থৰে শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰা, ISROৰ বিবৃতি

নিউজ ডেস্ক, ১০ জুন : বেয়া বতৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ এদিনৰ বাবে পিছুৱাই দিয়া হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) নিজৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰি এই তথ্য প্ৰদান কৰিছে । ইছৰোৱে অধ্যক্ষ ড০ ভি নাৰায়ণনৰ উদ্ধৃতি দি এক্সত লিখিছে, ‘বতৰৰ পৰিস্থিতিৰ বাবে ভাৰতীয় গগনযাত্ৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণৰ বাবে এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ ১০ জুনৰ পৰিৱৰ্তে ১১ জুনলৈ পিছুৱাই দিয়া হৈছে । পৰৱৰ্তী উৎক্ষেপণৰ সময় ১১ জুনত সন্ধিয়া ৫:৩০ বজাত নিৰ্ধাৰণ কৰা হৈছে।’

ভাৰতীয় বায়ুসেনাৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা আন তিনিজন ক্ৰু সদস্যৰ সৈতে মহাকাশ অভিযান এক্সিয়াম-৪ৰ অংশ হ’বলৈ সাজু হৈছে, যিটো ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হ’ব। এক্সিয়াম-৪ অভিযানৰ ক্ৰুৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিব, য’ত তেওঁলোকে পৰীক্ষাগাৰটোক প্ৰদক্ষিণ কৰি বিজ্ঞান, প্ৰসাৰ আৰু বাণিজ্যিক প্ৰচেষ্টাক কেন্দ্ৰ কৰি অভিযান চলাব । ১০ জুনৰ পুৱা ৮:২২ বজাত আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ এল চি-৩৯এ লঞ্চ পেডৰ পৰা স্পেচএক্স ড্ৰেগন মহাকাশযানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়াম-৪ অভিযান প্ৰেৰণ কৰাৰ কথা আছিল। এতিয়া এই উৎক্ষেপণ ১১ জুনত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫:৩০ বজাত হ’ব।

এক্সিয়াম-৪ অভিযানৰ লক্ষ্য হৈছে চাৰিজনীয়া ক্ৰুৰ সৈতে ৬০টা পৰীক্ষা সম্পন্ন কৰা। ইয়াৰে ৭টা পৰীক্ষাৰ পৰিকল্পনা ইছৰোৱে কৰিছে, আনহাতে আন পাঁচটা পৰীক্ষাৰ ভিতৰত এনে পৰীক্ষা আছে য’ত নাছাৰ মানৱ গৱেষণা কাৰ্যসূচীৰ অংশ হিচাপে শুভাংশু শুক্লাই অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি শুক্লাই একেটা কাৰ্যসূচীৰ বাবে নাছাই আয়োজন কৰা পাঁচটা সহযোগিতামূলক অধ্যয়নতো অংশগ্ৰহণ কৰিব। ১৪ দিন ধৰি চলিব এই অভিযান। ‘এক্সিয়াম-৪’ৰ দলটোত ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰী আছে, যিটো প্ৰতিখন দেশৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰথম অভিযান। ক্ৰুসকলৰ ভিতৰত আছে পেগী হুইটছন, শুভাংশু শুক্লা, স্লাভোজ উজনানস্কি-উইছনিভস্কি আৰু টিবৰ কাপু।

The post কাইলৈ আবেলি ৩ ক্ৰু সতীৰ্থৰে শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰা, ISROৰ বিবৃতি first appeared on নিয়মীয়া বাৰ্তা.

ভাৰতত ষ্টাৰলিংকক অনুমোদন, প্ৰতি গাঁৱতেই ইণ্টাৰনেট, পিছে খৰচটো জানেনে
ভাৰতত ষ্টাৰলিংকক অনুমোদন, প্ৰতি গাঁৱতেই ইণ্টাৰনেট, পিছে খৰচটো জানেনে

নিউজ ডেস্ক, ৯ জুন : অৱশেষত ভাৰত চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰিলে ইলন মাস্কৰ চেটেলাইট ইণ্টাৰনেট কোম্পানী ষ্টাৰলিংকে। এতিয়া অতি সোনকালে দেশৰ দুৰ্গম অঞ্চল আৰু গাঁৱলৈ ইণ্টাৰনেটৰ ব্যৱহাৰ সম্ভৱ হ’ব। কিন্তু ভাৰতত ষ্টাৰলিংকৰ ইণ্টাৰনেট সস্তাতে উপলব্ধ হ’ব নেকি ৰাইজৰ মনত এটা ডাঙৰ প্ৰশ্ন ৰৈ গৈছে?

ষ্টাৰলিংকৰ খৰচ

ষ্টাৰলিংকৰ শুল্ক পৰিকল্পনাৰ বিষয়ে যি তথ্য ওলাইছে তাৰ পৰা স্পষ্ট হৈ পৰিছে যে ইয়াৰ দাম এই মুহূৰ্তত সাধাৰণ টেলিকম কোম্পানীসমূহৰ দৰে নহ’ব। ভাৰতত এই সেৱাৰ বাবে প্ৰথমে এই ডিভাইচটোৰ বাবে প্ৰায় ৩৩ হাজাৰ টকা খৰচ কৰা হ’ব। ইয়াৰ পিছত প্ৰতিমাহে প্ৰায় ৩ হাজাৰ টকাত আনলিমিটেড ডাটা দিয়া হ’ব।

কিয় সস্তা নহব?

আচলতে ষ্টাৰলিংক হৈছে এটা উপগ্ৰহ ভিত্তিক সেৱা, যিয়ে মহাকাশৰ পৰা পোনপটীয়াকৈ সংকেত প্ৰেৰণ কৰে। ইয়াৰ প্ৰযুক্তি একেবাৰে বেলেগ আৰু ব্যয়বহুল, গতিকে ইয়াৰ দামও তুলনামূলকভাৱে বেছি। বাংলাদেশ আৰু ভূটানৰ দৰে চুবুৰীয়া দেশতো একে আৰ্হি গ্ৰহণ কৰা হৈছে, ভাৰততো একেই আৰ্হি দেখা যাব।

কি বিশেষত্ব আছে ষ্টাৰলিংকত?

অৱশ্যে ষ্টাৰলিঙ্কে এমাহৰ বিনামূলীয়া ট্ৰাইলৰ সুবিধাও দিব পাৰে যাতে নতুন ব্যৱহাৰকাৰীয়ে চেষ্টা কৰিব পাৰে। আন এটা বিশেষ কথা হ’ল চৰকাৰৰ পৰা অনুমোদন পোৱাৰ পিছত ইয়াৰ ৰোলআউটত বিশেষ সময় নালাগিব। আশা কৰা হৈছে যে স্পেকট্ৰম পোৱাৰ এমাহ বা দুমাহৰ ভিতৰত এই সেৱা আৰম্ভ হ’ব পাৰে।

গাঁৱৰ বাবে এক আশীৰ্বাদ?

যিবোৰ চহৰত ইতিমধ্যে দ্ৰুত ইণ্টাৰনেটৰ সুবিধা উপলব্ধ, সেইবোৰ চহৰত ষ্টাৰলিংক বৰ আকৰ্ষণীয় বিকল্প নহ’ব, কিন্তু যিবোৰ অঞ্চলত এতিয়াও ইণ্টাৰনেট সংযোগ নাই বা ই অতি দুৰ্বল, সেইবোৰ অঞ্চলত এই প্ৰযুক্তিয়ে গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব পাৰে। ইলন মাস্কে নিজেই বাৰে বাৰে পুনৰ কৈছে যে তেওঁৰ সেৱা বিশেষকৈ সেইবোৰ অঞ্চলৰ বাবে য’ত আন কোম্পানীয়ে যাব নোৱাৰে।

গতিকে যদি আপুনি ষ্টাৰলিংকৰ কথা ভাবিছিল যে ই স্থানীয় ইণ্টাৰনেট কোম্পানীসমূহৰ দৰে সস্তা আৰু সুলভ হ’ব, তেন্তে এতিয়াই সেয়া সম্ভৱ যেন নালাগে। কিন্তু যিসকলৰ ইণ্টাৰনেটৰ অতি প্ৰয়োজন আৰু তেওঁলোকৰ হাতত আন কোনো বিকল্প নাই তেওঁলোকৰ বাবে ষ্টাৰলিংক এক আশীৰ্বাদতকৈ কম নহয়।

The post ভাৰতত ষ্টাৰলিংকক অনুমোদন, প্ৰতি গাঁৱতেই ইণ্টাৰনেট, পিছে খৰচটো জানেনে first appeared on নিয়মীয়া বাৰ্তা.

বাংলাদেশত সেৱা আৰম্ভ ইলন মাস্কৰ Starlink-ৰ
বাংলাদেশত সেৱা আৰম্ভ ইলন মাস্কৰ Starlink-ৰ

নিউজ ডেস্ক, ২০ মে’ : বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে আজি কয় যে ইলন মাস্কৰ স্পেচএক্সৰ মালিকানাধীন চেটেলাইট ইণ্টাৰনেট সেৱা Starlink-এ ষ্টাৰলিংকে বাংলাদেশত আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছে।

ফেচবুকত শ্বেয়াৰ কৰা এক বিবৃতিত মুখ্য উপদেষ্টাৰ বিশেষ সহায়ক ফৈজ আটাইয়েব আহমেদে লিখিছে, “ষ্টাৰলিংকে Starlink বাংলাদেশত আনুষ্ঠানিকভাৱে মুকলি কৰিছে।”

“ষ্টাৰলিংকে Starlink প্ৰথম অৱস্থাত দুটা পেকেজ মুকলি কৰিছে – ষ্টাৰলিংক ৰেচিডেন্স আৰু ৰেচিডেন্স লাইট। এটাৰ বাবে মাহিলি খৰচ ৬,০০০ টাকা (৪৭ মাৰ্কিন ডলাৰ) আৰু আনটোৰ বাবে ৪,২০০ টাকা (৩৩ মাৰ্কিন ডলাৰ)। অৱশ্যে ছেটআপ সঁজুলিৰ বাবে এককালীন খৰচ হ’ব ৪৭,০০০ টাকা (৩৭২ মাৰ্কিন ডলাৰ)”।

আহমেদে কয় যে মানুহে ৩০০ মেগাবিট প্ৰতি ছেকেণ্ড (এমবিপিএছ) পৰ্যন্ত গতিবেগেৰে আনলিমিটেড ডাটা ব্যৱহাৰ কৰিব পাৰে। এইক্ষেত্ৰত কোনো গতি বা ডাটা লিমিট নাই। ব্যক্তিয়ে ৩০০ এমবিপিএছ পৰ্যন্ত গতিবেগত আনলিমিটেড ডাটা ব্যৱহাৰ কৰিব পাৰে।বাংলাদেশৰ গ্ৰাহকে আজিৰ পৰা অৰ্ডাৰ দিব পাৰিব। ইয়াৰ ফলত ৯০ দিনৰ ভিতৰত যাত্ৰা আৰম্ভ কৰাৰ আশা পূৰণ হৈছে।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ৯ এপ্ৰিলত পৰীক্ষামূলকভাৱে ষ্টাৰলিংকক সেৱা আগবঢ়াবলৈ অনুমতি দিছিল। ষ্টাৰলিংকৰ লক্ষ্য হৈছে দেশৰ দূৰৱৰ্তী অঞ্চলতো দ্ৰুতবেগী ইণ্টাৰনেটৰ ব্যৱহাৰ। আহমেদে কয়, “যদিও ব্যয়বহুল, ইয়াৰ ফলত প্ৰিমিয়াম গ্ৰাহকসকলে উচ্চমানৰ আৰু উচ্চ গতিৰ ইণ্টাৰনেট সেৱা লাভ কৰাৰ এক বহনক্ষম বিকল্পৰ সৃষ্টি হৈছে।”

ইয়াৰ উপৰিও যিবোৰ অঞ্চলত ফাইবাৰ বা উচ্চ গতিৰ ইণ্টাৰনেট সেৱা এতিয়াও পোৱা নাই, কোম্পানীসমূহে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ পাব, আৰু এন জি অ’, ফ্ৰীলান্সাৰ, আৰু উদ্যোগীসকলক গোটেই বছৰটো নিৰৱচ্ছিন্নভাৱে দ্ৰুতবেগী ইণ্টাৰনেটৰ নিশ্চয়তা দিয়া হ’ব”, তেওঁ কয় যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে জড়িত সকলোকে অভিনন্দন জনায়।

ইউনুছে ১৯ ফেব্ৰুৱাৰীত মাস্কলৈ এখন পত্ৰ লিখিছিল। সেই সময়ত এক্সৰ ওপৰত বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে শ্বেয়াৰ কৰা বিবৃতিত কোৱা হৈছে যে, “মুখ্য উপদেষ্টাই ইলন মাস্কক বাংলাদেশ ভ্ৰমণ কৰি ৯০ কৰ্মদিনৰ ভিতৰত ষ্টাৰলিংক Starlink উৎক্ষেপণ কৰিবলৈ আমন্ত্ৰণ জনাইছে।মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে আমেৰিকাৰ শীৰ্ষ ব্যৱসায়ী তথা স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কক বাংলাদেশ ভ্ৰমণ কৰি দেশত ষ্টাৰলিংক Starlink উপগ্ৰহ সেৱা আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছে।”

১৯ ফেব্ৰুৱাৰীত মাস্কলৈ লিখা পত্ৰখনত মুখ্য উপদেষ্টাগৰাকীয়ে মাস্কক কয় যে তেওঁৰ বাংলাদেশ ভ্ৰমণে তেওঁক বাংলাদেশী যুৱক-যুৱতীসকলক লগ কৰিবলৈ অনুমতি দিব যিসকল এই অগ্ৰণী প্ৰযুক্তিৰ মূল হিতাধিকাৰীৰ ভিতৰত হ’ব।’

The post বাংলাদেশত সেৱা আৰম্ভ ইলন মাস্কৰ Starlink-ৰ first appeared on নিয়মীয়া বাৰ্তা.