নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯০খন অবৈধ ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ

মহানগৰীৰ বিভিন্ন প্রান্তত পৌৰ নিগমৰ উচ্ছেদ অভিযান

নিয়মীয়া বার্তা, ২১ মার্চঃ গুৱাহাটী মহানগৰীত পৰিষ্কাৰ–পৰিচ্ছন্ন বজাই ৰখাৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত আৰু মাছ–মাংস বিক্রী কৰা ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে ষষ্ঠ দিনৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলায় ৷ মহানগৰীৰ ফাঁচি বজাৰত বৃহস্পতিবাৰে পৌৰ নিগমে উচ্ছেদ অভিযান চলাই শতাধিক অবৈধ ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰাৰ পিছত শুকুৰবাৰে ভঙাগড়, খ্রীষ্টানবস্তি, গণেশগুৰি, খানাপাৰা, ছয়মাইল, দিছপুৰ, হাতীগাঁও, ভেটাপাৰা আৰু লালমাটিত অভিযান চলায় ৷ ১৯০খন অবৈধ ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰাৰ বিপৰীতে ২০,৫০০ টকা জৰিমনা সংগ্রহ কৰে ৷ পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে শুকুৰবাৰে ভঙাগড়ৰ জি এম চি এইচ পথ, খ্রীষ্টানবস্তি, গণেশগুৰি, খানাপাৰাৰ ফার্ম গেট আৰু ছয়মাইলত অভিযান চলাই মুঠ ১৭০খন অবৈধ মাছ–মাংস, শাক–পাচলি আৰু পদপথৰ দোকান–পোহাৰ উচ্ছেদ কৰাৰ লগতে শতাধিক দোকানৰ পৰা ৯,৫০০ টকা জৰিমনা সংগ্রহ কৰে ৷ একেদৰে স্বাস্থ্য বিভাগে ভঙাগড়ৰ জি এম চি এইচ পথ আৰু ছয়মাইলত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰা ২০খন ফাষ্টফুডৰ দোকান আৰু ৰেষ্টুৰেণ্ট উচ্ছেদ কৰাৰ লগতে মুঠ এঘাৰ হাজাৰ টকা জৰিমনা সংগ্রহ কৰে ৷ ইপিনে, জি এম চিৰ অভিযানকাৰী দলটোৱে দিছপুৰৰ ৰাজধানী মছজিদ, হাতীগাঁও, ভেটাপাৰা আৰু লালমাটিত অভিযান চলাই অবৈধভাৱে আঁৰি থোৱা দুই শতাধিক বেনাৰ–পোষ্টাৰ আৰু হর্ডিং উচ্ছেদ কৰা বুলি জিএমচিৰ সূত্রই জানিবলৈ দিছে ৷

You might also like