নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰৰ খামৰেঙা বিলত অবৈধ খনন দুষ্ট চক্রৰ

বন বিভাগৰ বিষয়াৰে গোপন বুজাবুজিৰ অভিযোগ

নিয়মীয়া বার্তা, ১৪ মার্চঃ ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ এচাম চোৰাং ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে বনজ সম্পদৰ মুকলি বেহা৷ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ চন্দ্রপুৰ খণ্ড বন বিষয়াৰ কার্যালয় এলেকাত বিগত কিছুদিন ধৰি এক দুষ্ট চক্রই কৃষিভূমি, জলাশয়, খাল–বিল, নদ–নদীৰ ভূমিত খনন চলাই এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ জানিব পৰা মতে, এক দুষ্ট চক্রই চন্দ্রপুৰৰ ঠাকুৰকুছি আৰু হাজোংবড়ী গাঁৱৰ সোঁমাজত আমচাং অভয়াৰণ্যৰ দাঁতিকাষৰীয়া ইতিহাসপ্রসিদ্ধ খামৰেঙা বিলত খনন কার্য চলাই মাটিৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ দুষ্ট চক্রটোৱে নিশা হ’লেই এক্সকেভেটৰৰ সহায়ত বিলখনৰ ভূমি খনন কৰি ডাম্পাৰে ডাম্পাৰে কঢ়িয়াই আহিছে৷ চন্দ্রপুৰ খণ্ড বন বিষয়া কার্যালয়ৰ পৰা মাত্র দুই–তিনি কিলোমিটাৰ দূৰত্বত অবাধ গতিত বিলখনত অবৈধ খনন কার্য চলাই আছে যদিও চকু মুদা কুলিৰ ভাও জুৰি আছে বন বিভাগৰ বিষয়া তথা কর্মীসকলে৷ উল্লেখনীয় কথাটো হ’ল যে বিলখনৰ যি স্থানত খনন কার্য চলি আছে, সেই স্থানেৰে আমচাং অভয়াৰণ্যৰ বন্যহস্তীৰ জাকে খাদ্য তথা পানীৰ সন্ধানত নামি আহি বিলখনত অৱস্থান কৰে৷ বিলখনত সৃষ্টি হোৱা পুখুৰীসদৃশ প্রকাণ্ড প্রকাণ্ড গাঁতবোৰে অনাগত দিনত বন্যহস্তীৰ জীৱনলৈ তীব্র ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্রকাশ কৰিছে প্রকৃতিপ্রেমী একাংশ স্থানীয় লোকে৷ তদুপৰি যি হাৰত খনন কার্য চলিছে, তাৰ প্রতি লক্ষ্য ৰাখি বিলখনৰ পৰিসৰ ক্রমাৎ সংকুচিত হৈ পৰাৰো আশংকা ব্যক্ত কৰিছে৷ সেয়েহে স্থানীয় একাংশ প্রকৃতিপ্রেমী লোকে এই অবৈধ খনন কার্য বন্ধ কৰাৰ বাবে বন বিভাগৰ ওচৰত দাবী তুলিছে৷

You might also like