নিয়মীয়া বার্তা, ১৪ মার্চঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পৌৰ নিগমৰ নীতি–নিয়ম উলংঘাৰে একাংশ লোকে ব্যৱসায় চলাই আহিছে ৷ মহানগৰীৰ পথ–উপপথ দখল কৰি অবৈধভাৱে ব্যৱসায় চলাই অহাৰ লগতে নীতি–নির্দেশনা উলংঘাৰে ব্যৱসায় কৰি অহা লোকৰ বিৰুদ্ধে বছৰৰ পিছত বছৰ ধৰি পৌৰ নিগম কর্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাছিল ৷ ফলস্বৰূপে মহানগৰীৰ বিভিন্ন স্থানত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ শেহতীয়াকৈ ন্যায়ালয়ৰ নির্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে ৷ নৱনিযুক্ত পৌৰ আয়ুক্ত দিব্যজ্যোতি হাজৰিকাৰ নির্দেশমর্মে শুকুৰবাৰে জিএমচিৰ এটা দলে আদাবাৰী–জালুকবাৰীত অভিযান চলায় ৷ এই অভিযানত পদপথ আৰু মূল পথৰ দাঁতিত গঢ়ি উঠা দোকান–পোহাৰসমূহ উচ্ছেদ কৰে ৷ তদুপৰি পৌৰ নিগমৰ বিধি অমান্য কৰি ব্যৱসায় চলাই অহা দোকান–হোটেল–ফার্মাচী আদিতো দলটোৱে অভিযান চলাই জৰিমনা বিহে ৷ শুকুৰবাৰে পুৱা ১০.৩০ বজাৰ পৰা জালুকবাৰীৰ পৰা কামাখ্যা গেটলৈকে অভিযানকাৰী দলটোৱে অভিযান চলাই অবৈধভাৱে ব্যৱসায় কৰি অহা ২২খন দোকান উচ্ছেদ কৰে ৷ ইয়াৰ উপৰি অভিযানকাৰী দলটোৱে জিএমচিৰ নীতি–নিয়ম উলংঘা কৰাৰ অপৰাধত ৫৭খন ব্যৱসায়িক প্রতিষ্ঠানক জৰিমনা বিহে ৷ অভিযানকাৰী দলটোৱে ১০,৫০০ টকা জৰিমনা সংগ্রহ কৰে ৷ ইফালে, জিএমচিৰ ভেটেনেৰী ব্রাঞ্চে কামাখ্যা গেটত অভিযান চলাই ১৬খন মাছৰ, ৭খন গাহৰি আৰু ১৬খন মুর্গীৰ মাংস বিক্রী কৰা দোকানৰ স্বত্বাধিকাৰীক জৰিমনা বিহে৷ একেদৰে জিএমচিৰ স্বাস্থ্য বিভাগৰ এটা দলে আদাবাৰীৰ ১৫খন হোটেল, ফাষ্টফুড আৰু ৰেষ্টুৰেণ্টত অভিযান চলাই বিভিন্ন বিসংগতি ধৰা পেলায় ৷ এই ব্যৱসায়িক প্রতিষ্ঠানকেইখনলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ লগতে জৰিমনা বিহে ৷ পৌৰ নিগম কর্তৃপক্ষই এসপ্তাহ ধৰি মহানগৰীৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলাব ৷ অহা ১৬ মার্চৰ পৰা ২০ মার্চলৈকে জিএমচিৰ অভিযানকাৰী দলটোৱে এই অভিযান চলাব বুলি জানিবলৈ দিছে ৷