প্রথম শ্রেণীৰ বার্ষিক মাচুল ৭৫ হাজাৰ সংগ্রহ
চৰকাৰৰ নির্দেশনা উলংঘা দিছপুৰৰ শ্রীমন্ত শংকৰ একাডেমীৰ
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ মহানগৰীত অব্যাহত আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মইমতালি৷ অলপতে ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নির্ধাৰণ কৰি দিয়াৰ পিছতো একাংশ বিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীৰ নামভর্তিৰ নামত অধিক মাচুল সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ মহানগৰীৰ দিছপুৰস্থিত শ্রীমন্ত শংকৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় কর্তৃপক্ষই প্রথম শ্রেণীৰ (ক্লাছ ৱান) শিক্ষার্থীৰ পৰা চৰকাৰৰ নির্দেশ অৱমাননা কৰি অধিক মাচুল সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্রাপ্ত অভিযোগ অনুসৰি ২০২১–২২ শিক্ষাবর্ষৰ বাবে প্রথম শ্রেণীৰ শিক্ষার্থীৰ পৰা এককালীন ২০ হাজাৰ টকা ভর্তি মাচুল সংগ্রহ কৰাৰ লগতে উক্ত শিক্ষাবর্ষৰ এপ্রিলৰ পৰা জুন মাহলৈ ১৩,৭৭৫ টকা, জুলাই মাহৰ পৰা ছেপ্ঢেম্বৰ মাহলৈ ১৩,৭৭৫ টকা, অক্টোবৰৰ পৰা ডিচেম্বৰলৈ ১৩,৭৭৫ টকা আৰু জানুৱাৰীৰ পৰা মার্চ মাহলৈ প্রতিগৰাকী শিক্ষার্থীৰ পৰা ১৩,৭৭৫ টকাসহ মুঠ ৭৫,১০০ টকা সংগ্রহ কৰাৰ যাৱতীয় প্রস্তুতি সম্পন্ন কৰিছে৷ ইতিমধ্যে বিদ্যালয় কর্তৃপক্ষই প্রথম শ্রেণীৰ নামভর্তিৰ প্রক্রিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে মাধ্যমিক শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল সম্পর্কে এক নির্দেশনা জাৰি কৰি প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে ব্যক্তিগত খণ্ড বিদ্যালয়ৰ বার্ষিক মাচুল ২৭,০০০ টকা নির্ধাৰণ কৰি দিছিল৷ একেদৰে, ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সর্বাধিক ৩২,০০০ টকা ভর্তি মাচুল নির্ধাৰণ কৰি দিয়াৰ লগতে একাদশ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে বিজ্ঞান শাখাত সর্বাধিক ৩৭,০০০ টকা, কলা শাখাত ৩২,০০০ টকা, বাণিজ্য শাখাত ৩৩,০০০ টকা আৰু অন্যান্য শাখাত সর্বাধিক ৩৫,০০০ টকা নির্ধাৰণ কৰি দিয়ে৷ উল্লেখ্য যে ৰাজ্যৰ শিক্ষা বিভাগে তেনে শ্রেণীভিত্তিক নির্ধাৰণ কৰি দিয়া এই বার্ষিক মাচুলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত টিউচন মাচুল, নামভর্তি মাচুল, ক্রীড়া আৰু সাংস্কৃতিক মাচুল আদি অন্তর্ভুক্ত হৈছে যদিও শিক্ষার্থীৰ বাছৰ ভাৰা এই মাচুলত অন্তর্ভুক্ত কৰা হোৱা নাই৷ ২০২১–২২ শিক্ষাবর্ষৰ পৰা এই মাচুল প্রযোজ্য হ’ব বুলি শিক্ষা বিভাগৰ অধিসূচনাত উল্লেখ কৰা হৈছে৷ কিন্তু ইয়াৰ পিছতো শিক্ষা বিভাগৰ নির্দেশনা উলংঘাৰে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই নিজৰ খেয়াল–খুচি মতে নামভর্তিৰ মাচুল সংগ্রহ কৰাক লৈ অভিভাৱকৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া কথা এই যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কর্মকাণ্ডত অতিষ্ঠ হৈ গাপুচ নামৰ এটা সংগঠনৰ সম্পাদক নয়ন ডিজু শর্মাই এই সন্দর্ভত ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ শুনানি গ্রহণ কৰি আদালতে এই সন্দর্ভত চৰকাৰক যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিছিল৷ আদালতৰ নির্দেশৰ পিছত ৰাজ্য চৰকাৰে আছাম নন–গৱর্নমেণ্ট এডুকেচনেল ইনষ্টিটিউচন এক্ট ২০১৮ প্রণয়ন কৰে৷ এই আইন অনুসৰি চৰকাৰে মাচুল নিৰামক কমিটী গঠন কৰি দিয়াৰ পিছত কমিটীৰ পৰামর্শাৱলীৰ ভিত্তিত চৰকাৰে অলপতে ব্যক্তিখণ্ডৰ মাচুল নির্ধাৰণ কৰি ২০২১–২২ বর্ষত এই মাচুল প্রযোজ্য হ’ব বুলি অধিসূচনা জাৰি কৰে৷