নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ নৱবিবাহিতাক ধর্ষণৰ ঘটনাক ডকাইতিৰ ৰূপ দিয়াৰ চক্রান্ত মহানগৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত যোৱা ২৬ মার্চৰ পুৱা ৪ পাষণ্ডই গাড়ীৰ ভিতৰতে বিহাৰৰ এগৰাকী নৱবিবাহিতাক দলবদ্ধভাৱে ধর্ষণ কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ এই দলবদ্ধ ধর্ষণৰ ঘটনাক মহানগৰ আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা চলোৱাক লৈ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে৷

মহানগৰ আৰক্ষীয়ে নিজৰ দুর্বলতা ঢাকিবলৈ এই দলবদ্ধ ধর্ষণ কাণ্ডক সাধাৰণ এক ডকাইতিৰ ঘটনাৰ ৰূপ দিবলৈ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জালুকবাৰী থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৯২ ধাৰাৰ অধীনত ১৮৮/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি দলবদ্ধ ধর্ষণৰ ভয়ংকৰ ঘটনাক ডকাইতিৰ ঘটনা বুলি ৰূপ দিয়াৰহে চেষ্টা কৰিছে৷ ইতিমধ্যে ঘটনা সন্দর্ভত জালুকবাৰী আৰক্ষীয়ে এজন লোকক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷

প্রাপ্ত তথ্য অনুসৰি বিহাৰৰ পৰা অহা দম্পতীটোৱে উক্ত দিনা পুৱা প্রায় ৪ বজাত কামাখ্যা ষ্টেচনত নামি বগা ৰঙৰ এখন ছুইফ্ট ডিজায়াৰ শ্বেয়াৰ টেক্সিৰে গন্তব্যস্থানলৈ যাত্রা কৰিছিল৷ উক্ত শ্বেয়াৰ টেক্সিখনত পূর্বৰে পৰা চালকসহ তিনিজন যাত্রী আছিল৷ অলপ দূৰ যোৱাৰ পাছতেই টেক্সিখনত থকা যাত্রীকেইজনে মহিলাগৰাকীৰ স্বামীক মাৰপিট কৰি চোকা অস্ত্রৰে ভয়–ভাবুকি দি ৰাস্তাত পেলাই থৈ যায় আৰু শ্বেয়াৰ টেক্সিখনৰ ভিতৰতে ৪ পাষণ্ডই মহিলাগৰাকীক দলবদ্ধভাৱে ধর্ষণ কৰাৰ লগতে টকা–পইচাকে ধৰি অন্যান্য সা–সামগ্রী লুট কৰি নিয়ে৷ পাছত ৪ দুর্বৃত্তই মুমূর্ষু অৱস্থাত মহিলাগৰাকীক পথৰ দাঁতিত পেলাই থৈ যায়৷ পাছত স্থানীয় একাংশ লোকে মহিলাগৰাকীক প্রত্যক্ষ কৰি জালুকবাৰী থানাত খবৰ দিয়াত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰে৷

উল্লেখ্য যে জালুকবাৰী আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচত ভর্তি কৰায়৷ স্বাস্থ্য পৰীক্ষাত মহিলাগৰাকীক দলবদ্ধ ধর্ষণৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহে৷ ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ প্রতিবেদন দাখিল কৰা হৈছে আৰু সেই প্রতিবেদনত বহিঃৰাজ্যৰ মহিলাগৰাকীক দলবদ্ধ ধর্ষণ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ ইয়াৰ পাছতে জালুকবাৰী আৰক্ষীয়ে তথ্য–প্রমাণৰ বাবে মহিলাগৰাকীয়ে পৰিধান কৰা কাপোৰ সংগ্রহ কৰে৷ যদিহে মহানগৰ আৰক্ষীয়ে দাবী কৰাৰ দৰে এয়া ডকাইতিৰ ঘটনা, তেন্তে জালুকবাৰী আৰক্ষীয়ে কিয় মহিলাগৰাকীয়ে পৰিধান কৰা কাপোৰ তথ্য–প্রমাণৰ বাবে সংগ্রহ কৰিলে? অৱশ্যে সেই কাপোৰ ফৰেনছিক লেবৰেটৰীলৈ পঠিওৱাৰ ব্যৱস্থা কৰিলে নে নাই, সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

মহানগৰ আৰক্ষীয়ে নিজৰ দুর্বলতা ঢাকিবলৈ দলবদ্ধ ধর্ষণৰ দৰে এটা ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱাক লৈ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ জালুকবাৰী আৰক্ষীয়ে ধর্ষণৰ বলি হোৱা ১৯ বছৰীয়া মহিলাগৰাকীক ন্যায় প্রদান কৰিবলৈ চেষ্টা কৰাৰ পৰিৱর্তে সমগ্র ঘটনাটোক ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা বিষয়টোৱে মহানগৰ আৰক্ষীৰ দুর্বলতা আৰু নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷

উল্লেখ্য যে ২ এপ্রিলত ‘নিয়মীয়া বার্তা’ কাকতত প্রকাশিত বাতৰিটোত প্রমাদবশতঃ ঘটনাটো ২৬ মার্চৰ পৰিৱর্তে ২৬ ফেব্রুৱাৰী আৰু গোচৰ নং ১৮৮/২২ৰ পৰিৱর্তে ১৮০/২২ বুলি প্রকাশ পাইছিল৷

You might also like