নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ, কাটি নিলে দাঁত-শুঁৰ

বকোত উদ্ধাৰ হাতীৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত ধাৰাবাহিকভাৱে অব্যাহত থকাৰ সময়তে সংঘটিত হৈছে এক কৰুণ ঘটনা। কামৰূপৰ বকোৰ চুকুনীয়াপাৰাত উদ্ধাৰ এটা বন্যহস্তীৰ মৃতদেহ। ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈছে যদিও জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ কাৰণ। আনহাতে হাতীটোৰ মৃত্যুৰ পিছত দুৰ্বৃত্তই কাটি নিয়ে দাঁত আৰু শুঁৰ।