নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অসাধু ব্যৱসায়ীৰ ভেজাল গাখীৰৰ বেহা

নিয়মীয়া বাৰ্তা,২৭ নৱেম্বৰঃ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই একাংশ অসাধু ব্যৱসায়ীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত ভেজাল গাখীৰ বিক্ৰী কৰি আহিছে । শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰ, মাছখোৱা, কুমাৰপাৰা, শান্তিপুৰকে ধৰি কেইবাটাও স্থানত ভেজাল গাখীৰ বিক্ৰী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছিল । নিয়মীয়া বাৰ্তাত এই সন্দৰ্ভত তথ্যসহকাৰে বাতৰি প্ৰকাশিত হৈছিল । মঙলবাৰে খাদ্য সুৰক্ষা বিভাগৰ এটা দলে পুৱা ৬ বজাৰ পৰা ফাঁচীবজাৰ, মাছখোৱা, শান্তিপুৰ আৰু কুমাৰপাৰাত অভিযান চলায় । তৰুণ চন্দ্ৰ দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে উক্ত স্থানত গাখীৰ বিক্ৰী কৰি থকা ব্যৱসায়ীৰ পৰা ৫ টা গাখীৰৰ নমুনা সংগ্ৰহ কৰে । খাদ্য সুৰক্ষা বিভাগৰ দলটোক জাতীয় সেনা নামৰ সংগঠনটোৰ সদস্যসকলে সহযোগ কৰে । উল্লেখ্য যে, ভেজাল গাখীৰ খাই শিশুসহ কেইবাজনো লোক অসুস্থ হোৱাত জাতীয় সেনাৰ সদস্যসকলে স্থানীয় ৰাইজৰ সহযোগত ১০ টাকৈ গাখীৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল । এই নমুনাকেইটাৰ ভিতৰত ৯ টা নমুনাত ভেজাল গাখীৰৰ উপস্থিতি ধৰা পৰিছিল । ভেজাল গাখীৰ বিক্ৰী কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কৃষ্ণ ডায়েৰী, ব্যৱসায়ী সুৰয শৰ্মা, ৰবি শৰ্মাকে ধৰি হাজো আৰু খানাপাৰাৰ পৰা গাখীৰ ক্ৰয় কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জাতীয় সেনাৰ সদস্যসকলে ।

You might also like