নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাক জাক দেশী-বিদেশী পক্ষীৰ কলৰৱেৰে মুখৰ দীপৰ বিল

লকডাউনৰ মাজতে স্ব-মহিমাৰে উজলি উঠিছে অসমৰ অন্যতম পৰ্যটনস্থলী

নিয়মীয়া বাৰ্তা ৪ এপ্ৰিলঃ  দেশজুৰি অব্যাহত থকা লকডাউনৰ বাবে নিমাওমাও হৈ পৰিছে পৰিৱেশ। যান-বাহনৰ চলাচল হ্ৰাস পোৱাত প্ৰাণ পাই উঠিছে প্ৰকৃতি । চৌদিশ নিৰিবিলি হৈ পৰাত চৰাই-চিৰিকটিৰ গুঞ্জনত মুখৰিত হৈ পৰিছে চৌদিশ। লকডাউনৰ বাবে সম্প্ৰতি অসমৰ একমাত্ৰ পক্ষী অভয় অভয়াৰণ্য দীপৰ বিল দেশী-বিদেশী পক্ষীৰ কলেৰৱেৰে মুখৰ হৈ পৰিছে। উল্লেখ্য যে শীতৰ আগমনৰ লগে লগে ৰামচাৰ ছাইট খ্যাত দীপৰ বিললৈ আগমন ঘটে দেশী-বিদেশী পৰিভ্ৰমণ পক্ষীৰ। ছাইবেৰিয়া, অষ্ট্ৰলিয়া, দক্ষিণ আফ্ৰিকা, ঘানা, নিউগিনি, কানাডা আদি বহিঃৰাষ্ট্ৰকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ পক্ষী আহে দীপৰ বিললৈ। সমগ্ৰ শীতকালটো দীপৰ বিলতে জলকেলি কৰি গৰমৰ আগমনৰ লগে লগে চৰাইবোৰ পুনৰ অন্য ঠাইলৈ গুচি যায় যদিও এইবাৰ ইয়াৰ ব্যতিক্ৰম ঘটিছে। এই সন্দৰ্ভত দীপৰ বিলৰ দাঁতিকাষৰীয়া চকৰ্দোৰ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক প্ৰমোদ কলিতাই কয় যে সচৰাচৰ গৰমৰ আগমন ঘটাৰ পিছলৈ দীপলৈ অহা আলহী পক্ষীবোৰৰ ওভতনি যাত্ৰা আৰম্ভ কৰে। মাৰ্চ মাহৰ পৰা পক্ষীবোৰ যাবলৈ আৰম্ভ কৰে। এইবাৰো মাৰ্চ মাহৰ আৰম্ভণিতে কিছু পক্ষী গুচি গৈছে যদিও বৰ্তমানে দীপৰ বিলত হাজাৰ হাজাৰ বিহংগই জলকেলি কৰি আছে। মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা অসমকে ধৰি দেশজুৰি লকডাউন দিয়াত দীপৰ বিলৰ চৌপাশ নিমাওমাও হৈ পৰিছে । যান-বাহনৰ চলাচল বন্ধ হৈ পৰাৰ লগতে দীপৰ বিলৰ ওচৰে-পাঁজৰে থকা উদ্যোগ-কাৰখানাসমূহ বন্ধ হৈ পৰিছে। তদুপৰি দীপৰ বিলৰ ওপৰেৰে যোৱা ৰে’লপথছোৱাৰ ৰে’ল চলাচল বন্ধ হৈ আছে। ফলত এক শান্ত পৰিৱেশে বিৰাজ কৰিছে দীপৰ বিলৰ চৌদিশে। যাৰ বাবে এতিয়া দিনে-নিশাই দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰ হৈ থাকে দীপৰ বিল। আগতে দীপৰ বিলত বহু মাছমৰীয়াই জাল লৈ মাছ মাৰিছিল যদিও লকডাউনৰ বাবে মাছৰ বজাৰ বন্ধ হৈ পৰাত হ্ৰাস পাইছে দীপৰ বিলত মাছ মৰা কাৰ্য। ফলত নিৰ্ভয়ে দীপৰ বিলত জলকেলি কৰি আছে চৰাইবোৰে।

You might also like