নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰঃ কামৰূপ(ম) জিলা প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশতে চলি আছে লকডাউন। এই সময়তে সক্ৰিয় হৈ উঠিছে একাংশ দুষ্ট চক্ৰ। দুষ্ট চক্ৰটোৱে ছ’চিয়েল মিডিয়াৰ
যোগেদি বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰি আহিছে। ভুৱা বাতৰি প্ৰচাৰ  ৰোধ কৰাৰ উদ্দেশ্যে কামৰূপ(ম) জিলা প্ৰশাসনে হেল্প লাইন মুকলি কৰিছে।
জনসাধাৰণৰ মনত যদি কিবা সন্দেহ থাকে তেন্তে 1077,0361-2733052। লগতে হুৱাটচ এপত যোগাযোগ কৰা নম্বৰটো হৈছে 9365429314

You might also like