নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন

আগন্তুক নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থিত্বপ্রত্যাশীৰ দৌৰত আগবাঢ়ি আছে প্রাক্তন উপ–ৰাষ্ট্রপতি জ’ বিডেন৷ প্রার্থিত্বৰ বাবে প্রদেশবোৰত অনুষ্ঠিত হোৱা প্রাথমিক নির্বাচনত দলৰ মজিয়াত বিডেনক প্রত্যাহ্বান জনোৱাত শক্তিশালী নেতা আছিল বার্নি ছেণ্ডার্ছ৷ কিন্তু শেহতীয়াকৈ প্রায়বোৰ প্রদেশতে বিডেনৰ হাতত পৰাভূত হৈছে ছেণ্ডার্ছ৷ ফ্ল’ৰিডা, ইলিনইছ আৰু আৰিজ’নাত শেহতীয়াকৈ ছেণ্ডার্ছক পৰাভূত কৰি জ’ বিডেনে বিশেষ অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ তিনিওখন প্রদেশত জয়লাভ কৰাৰ পাছতে বিডেনে বার্নি ছেণ্ডার্ছৰ সমর্থকসকলৰো সমর্থন বিচাৰিছে৷ ছেণ্ডার্ছৰ সমর্থকসকলক বিডেনে এই আহ্বান জনোৱাৰ পাছতেই ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক দলৰ প্রার্থী হিচাপে বিডেনে জয়লাভ কৰাটো প্রায় নিশ্চিত হৈ পৰিছে৷ ফ্ল’ৰিডা প্রদেশত বিডেনে ৬২ শতাংশ ডেম’ক্রেটিক সমর্থকৰ সমর্থন লাভ কৰাৰ বিপৰীতে ২৩ শতাংশহে সমর্থন লাভ কৰিছে ছেণ্ডার্ছে৷ ভাৰমণ্টৰ ছিনেটৰ ছেণ্ডার্ছে ইলিনইছত ৩৬ শতাংশৰ সমর্থন লাভ কৰাৰ বিপৰীতে জ’ বিডেনে লাভ কৰিছে ৫৯ শতাংশ৷ সেইদৰে দেশখনৰ দক্ষিণ–পশ্চিম প্রান্তৰ প্রদেশ আৰিজ’নাতো ছেণ্ডার্ছে বিশেষ সফলতা প্রদর্শন কৰিবলৈ সক্ষম নহ’ল৷ গতিকে নেতাগৰাকীৰ বাবে এতিয়া বিডেনক প্রার্থিত্বৰ পথ এৰি দিয়াৰ বিকল্প নাই৷ অর্থাৎ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থিত্ব বিচাৰি ব্যর্থ হ’বলগা পৰিস্থিতিৰ সন্মুখীন হৈছে বার্নি ছেণ্ডার্ছ৷ বিগত ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থিত্বৰ দৌৰত ছেণ্ডার্ছ অন্তিম মুহূর্তত ডেম’ক্রেটিক নেত্রী হিলাৰী ক্লিণ্টনৰ হাতত পৰাভূত হৈছিল৷ প্রথমগৰাকী মহিলা হিচাপে আমেৰিকাৰ ৰাষ্ট্রপতিৰ পদ হিলাৰী ক্লিণ্টনে অলংকৃত কৰিব বুলি দেশখনৰ ৰাজনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছিল যদিও বিগত নির্বাচনত সকলোকে আচৰিত কৰি ৰাজনৈতিক ক্ষেত্রখনত অভিজ্ঞতাশূন্য ড’নাল্ড ট্রাম্প হৈছিল মহাপৰাক্রমী দেশখনৰ ৰাষ্ট্রপতি৷ বার্নি ছেণ্ডার্ছ হৈছে কমিউনিষ্ট মতাদর্শৰ ৰাজনৈতিক নেতা৷ গতিকে নেতাগৰাকীয়ে দেশখনৰ ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ পালেই আমেৰিকাৰ আভ্যন্তৰীণ তথা বৈদেশিক নীতিত পৰিৱর্তন আহিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল৷ কিন্তু দেশখনত ছেণ্ডার্ছৰ যথেষ্টসংখ্যক সমর্থক আছে যদিও ডেম’ক্রেটিক দলৰ প্রার্থিত্বৰ দৌৰত পূর্বৰ দৰে এইবাৰো সমর্থকসকলে ছেণ্ডার্ছক বাছনি কৰা পৰিলক্ষিত হোৱা নাই ৷

বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিভিন্ন সন্মিলন তথা বৃহৎ সমাৱেশত সৃষ্টি কৰিছে হেঙাৰ৷ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ ডেম’ক্রেটিক প্রার্থিত্বৰ বাবে অনুষ্ঠিত প্রাথমিক ভোট প্রক্রিয়াতো এইবাৰ ক’ৰোনা ভাইৰাছে প্রত্যাহ্বান সৃষ্টি কৰিছে৷ গতিকে আমেৰিকাৰ নির্বাচনক লৈ আন্তর্জাতিক সংবাদ মাধ্যমত যি চর্চা চলিব লাগিছিল, এইবাৰ তেনে চর্চা লাভ কৰা নাই৷ আনকি দেশখনৰ আভ্যন্তৰতো সংবাদ মাধ্যমে ৰাষ্ট্রপতি নির্বাচনৰ বিষয়টোক লৈ বিশেষ প্রচাৰ চলোৱা পৰিলক্ষিত হোৱা নাই৷ আমেৰিকাত ক’ৰোনা ভাইৰাছে ইতিমধ্যে আটাইবোৰ প্রদেশতে ব্যাপ্তি লাভ কৰিছে৷ অন্তিমখন প্রদেশ হিচাপে পশ্চিম ভার্জিনিয়াত কালি প্রথমগৰাকী লোক ক’ৰোনাত সংক্রমিত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ আমেৰিকাত আছে মুঠ ৫০খন প্রদেশ৷ এই সকলো প্রদেশলৈ ক’ৰোনাৰ বিস্তাৰ ঘটাৰ লগে লগে ভাইৰাছবিধৰ প্রতিৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলগীয়া হৈছে দেশখনে৷ যদি ক’ৰোনাৰ এই সংহাৰী ৰূপ দেশখনত দীর্ঘদিনলৈ চলি থাকে, তেন্তে চলিত বর্ষৰ ৰাষ্ট্রপতি নির্বাচনতো ইয়াৰ প্রভাৱ পৰিব৷ অকল সেয়াই নহয়, ক’ৰোনাক শীঘ্রে প্রতিৰোধ কৰাৰ ক্ষেত্রত হোৱাইট হাউছ প্রশাসন ব্যর্থ হ’লে সমগ্র দেশখনত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি কোষাগাৰ বিভাগে সতর্কবাণী কৰিছে৷ দেশখনৰ কোষাগাৰ সচিব ষ্টিভেন নুচিনে উল্লেখ কৰিছে যে মার্কিন কংগ্রেছে ট্রাম্প প্রশাসনক ক’ৰোনাৰ প্রতিৰোধৰ বাবে প্রয়োজনীয় ১ লাখ কোটি ডলাৰ অর্থনৈতিক সাহায্যৰ পেকেজ মুকলি কৰি নিদিলে নিবনুৱাৰ সংখ্যা ২০ শতাংশলৈ বৃদ্ধি পাব পাৰে৷ ব্যক্তিগতভাৱে ৰিপাব্লিকান ছিনেটৰসকলক এই সতর্কবাণী কৰিছে নুচিনে৷ যদি নিবনুৱাৰ সংখ্যা ২০ শতাংশলৈ বৃদ্ধি পায়, তেন্তে আমেৰিকাৰ ইতিহাসত এয়া এক নজিৰবিহীন ঘটনা হিচাপে চিহ্ণিত হ’ব৷ কর্মহীন লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব দেশখনত৷ ২০০৮ চনত দেশখনত সৃষ্টি হোৱা মহামন্দাত নিবনুৱাৰ সংখ্যা প্রায় ১০ শতাংশলৈ বৃদ্ধি পাইছিল৷ ক’ৰোনাৰ সংকটে এয়া দুগুণলৈ বৃদ্ধি কৰিব পাৰে৷ গতিকে ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে ক’ৰোনাই আমেৰিকাৰ আভ্যন্তৰীণ বিভিন্ন ক্ষেত্রত সৃষ্টি কৰিছে প্রত্যাহ্বান৷ দেশখনত এতিয়ালৈকে ৬,৩০০তকৈ অধিক লোক ক’ৰোনাৰ দ্বাৰা সংক্রমিত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ১০৮গৰাকীয়ে৷ গতিকে দেশজুৰি এতিয়া ক’ৰোনাই সৃষ্টি কৰিছে মহা আতংক ৷

You might also like