নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰৰ সময়

প্রায় ছমাহ প্রতিদ্বন্দ্বিতামূলক ক্রিকেটৰ পৰা বাহিৰত মহেন্দ্র সিং ধোনী৷ যোৱা ছেপ্টেম্বৰৰ পৰাই তেওঁৰ সম্ভাব্য অৱসৰ গ্রহণক লৈ অনুৰাগী–প্রাক্তন ক্রিকেটাৰ আৰু সমালোচকৰ মাজত অন্তহীন চর্চা অব্যাহত আছে৷ মুখ্য নির্বাচক এম এছ কে প্রসাদ, প্রশিক্ষক ৰবি শাস্ত্রীৰ পৰা বি চি চি আইৰ নৱনির্বাচিত সভাপতি সৌৰভ গাংগুলীলৈকে সকলোৱে ধোনী সন্দর্ভত তীক্ষ্ণ প্রশ্ণৰ সন্মুখীন হৈছে৷ তেওঁলোকেও বিষয়টোক লৈ দিছে অতি সতর্ক মন্তব্য৷ ইয়াৰ মাজতে এইবুলিও আলোচনা হৈছে যে ৰাজনীতিৰ বলি হৈয়ে দলৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে ধোনী আৰু তেওঁ নিজৰ প্রদর্শনৰ জৰিয়তেই ইয়াৰ উত্তৰ দিব৷ অৱশ্যেই অনুৰাগীৰ মাজত সঘন আলোচিত ৰাজনীতিৰ বলি হোৱা বিষয়টো মানি ল’ব নোৱাৰি৷ কাৰণ ধোনীয়ে নিজেই যোৱা বছৰৰ বিশ্বকাপৰ পাছত বিৰতি লোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল আৰু সেনাবাহিনীত নিজৰ দায়িত্ব পালন কৰাৰ বাবে সিদ্ধান্তৰ কথা ৰাজহুৱাকৈ অৱগত কৰিছিল৷ কিন্তু প্রশ্ণ উঠিছে– সেনাবাহিনীৰ পৰা ঘূৰি অহাৰ পাছতো ধোনীয়ে দললৈ প্রত্যাৱর্তন কৰা নাই কিয়? স্বইচ্ছাই তেওঁ দলৰ বাহিৰত আছেনে? মুখ্য নির্বাচক প্রসাদৰ মতে ধোনীয়ে কেতিয়া অৱসৰ ল’ব, সেই সিদ্ধান্ত সম্পূর্ণৰূপে তেওঁৰ ব্যক্তিগত৷ ইয়াতকৈ সুস্পষ্টভাৱে পৰিস্থিতিটো বুজাই দিছে প্রশিক্ষক শাস্ত্রীয়ে৷ তেওঁ কয় যে আন্তঃৰাষ্ট্রীয় ক্রিকেটত ১৫ বছৰৰ অভিজ্ঞতাৰে ধোনীয়ে জানে তেওঁ কেতিয়া অৱসৰ লোৱা উচিত হ’ব৷ ইয়াক লৈ আলোচনা কৰাটো তেওঁৰ প্রতি অপমান৷ শাস্ত্রীৰ মতে, এদিনীয়া ক্রিকেটত ধোনীয়ে পুনৰ খেলাৰ সম্ভাৱনা নিচেই কম৷ কিন্তু তেওঁ এতিয়াও টি–২০ দলত খেলাৰ কথা ভাবিব পাৰে৷ আই পি এলত ধোনীয়ে অংশগ্রহণ কৰাটো নিশ্চিত আৰু উক্ত প্রতিযোগিতাত তেওঁ যদি নিজৰ প্রদর্শন আৰু শাৰীৰিক অৱস্থা সন্তোষজনক বুলি নিশ্চিত হয়, তেন্তে টি–২০ ভাৰতীয় দলতো খেলাৰ সিদ্ধান্ত ল’ব পাৰে৷
ধোনীৰ প্রসংগ এইবাবেই আহিছে যে তেওঁৰ অনুপস্থিতিক লৈ ব্যাপক চর্চা চলি থকাৰ মাজতে বার্ষিক চুক্তিৰ পৰা তেওঁৰ নাম বি চি চি আয়ে বাদ দিছে৷ ইয়াৰ অর্থ হ’ল তেওঁক এতিয়া ভাৰতীয় দলৰ নিয়মিত খেলুৱৈ হিচাপে গণ্য কৰা নহয়৷ অনুৰাগীসকলে ধৰি লৈছে যে ধোনী যুগৰ অৱসানৰে এয়া স্পষ্ট ইংগিত৷ কিন্তু শাস্ত্রীয়ে কোৱাৰ দৰে গোটেই পৰিস্থিতিটো ইমান জটিল নহয়৷ মুখ্য নির্বাচক প্রসাদে ইতিমধ্যে জনাইছে যে ধোনীৰ সৈতে আলোচনা কৰিয়ে উইকেট কীপাৰ হিচাপে ঋষভ পণ্ট, সঞ্জু ছেমছন আদিৰ দৰে নতুন নতুন খেলুৱৈক সুযোগ দিয়া হৈছে৷ কোনো সন্দেহ নাই যে ভাৰতীয় ক্রিকেটলৈ ধোনীয়ে যিমান অৱদান আগবঢ়াই গৈছে, তাৰ বাবে তেওঁক সন্মান সহকাৰে বিদায় দিয়াটো অত্যন্ত জৰুৰী কথা৷ এইক্ষেত্রত সৌৰভ গাংগুলী নেতৃত্বাধীন বি চি চি আয়ে সতর্ক সিদ্ধান্ত ল’ব বুলি আশা কৰিব পাৰি৷ সফল আন্তর্জাতিক কেৰিয়াৰৰ পাছত অৱসৰৰ সঠিক সময় নির্ণয় কৰি সিদ্ধান্ত গ্রহণ কৰাটো বেছিভাগ তাৰকা খেলুৱৈৰ ক্ষেত্রতে অত্যন্ত কঠিন বুলি বাৰে বাৰে প্রমাণিত হৈ আহিছে৷ ইয়াৰে শেহতীয়া দুটা উদাহৰণ হ’ল– বীৰেন্দ্র সেৱাগ আৰু যুৱৰাজ সিং৷ এই কথা সকলোৱে অনুভৱ কৰা উচিত যে ব্যক্তিতকৈ দল সদায় ওপৰত৷ সেয়ে সন্মান সহকাৰে বিদায় গ্রহণ কৰিবলৈ সকলো সফল খেলুৱৈয়ে পৰিকল্পনা কৰাটো অতি জৰুৰী কথা৷ বেছিভাগ ভাৰতীয় ক্রিকেটাৰে এইক্ষেত্রত সময়োচিত সিদ্ধান্ত লোৱা পৰিলক্ষিত নহয়৷ কিন্তু ইয়াৰ মাজত সকলোৱে ধোনীক ব্যতিক্রম বুলি মানি লৈছিল৷ কাৰণ তেওঁ সফলতাৰ শীর্ষত থকাৰ সময়তে টেষ্টৰ পৰা অব্যাহতি লৈছিল আৰু এদিনীয়া দলৰ নেতৃত্বৰ পৰাও অব্যাহতি লৈছিল৷ এই সিদ্ধান্ত আছিল অপ্রত্যাশিত৷ সেয়ে সকলোৱে আশা কৰিছে যে অহা জুলাইত ৩৮ বছৰত ভৰি দিবলগীয়া ধোনীয়ে অৱসৰক লৈ অধিক বিতর্ক হোৱাৰ পূর্বে সকলো অনিশ্চয়তা দূৰ কৰি তেওঁৰ পৰিকল্পনাৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিব৷

You might also like