নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“ভাস্কৰ + বৰষা=ভৰষা”- আজি প্ৰথম বিবাহ বাৰ্ষিকী বৰষা আৰু ভাস্কৰৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ বৰষা ৰাণী বিষয়া এগৰাকী অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেত্ৰী। বৰ্তমানলৈ বহুতো অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰি দৰ্শকৰ কাষলৈ গৈছে বৰষাই। ছবিত অভিনয় কৰাৰ উপৰিও বিহু নৃত্যটো বৰষাৰ আছে যথেষ্ট সুনাম।

এইগৰাকী অসমীয়া মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱাৰ আজি প্ৰথম বিবাহ বাৰ্ষিকী। ২০২১ চনৰ আজিৰ দিনটোতেই বিবাহপাশত আবদ্ধ হৈছিল বৰষা আৰু ভাস্কৰ। প্ৰথম বিবাহ বাৰ্ষিকীৰ এই মধুৰ মুহূৰ্তত অসমীয়া ছবি জগতৰ লগতে অসমৰ সকলোৱেই বৰষা আৰু ভাস্কৰক শুভেচ্ছা আৰু মৰম জনাইছে।

ইপিনে বিবাহ বাৰ্ষিকীৰ দিনটোতে ছ’চিয়েল মিডিয়াত বৰষাই লিখিছে, “Our special 22.2.22 first wedding anniversary ❤️
জীৱন বাটৰ সুখ দুখ , হাঁহি কান্দোন, খং অভিমানবোৰ ভগাই ললোঁ আমি দুয়ো । আশীৰ্বাদ কৰিব দেই 🙏🏻
Bhaskar Boruah love to the moon n back . Thankyou for holding my hand and standing by my side ❤️”

এই বিশেষ দিনটো উদযাপন কৰিবলৈ বৰষা আৰু ভাস্কৰ উপস্থিত হৈছে গোৱাত। পুৱাই গোৱাৰ পৰা ছ’চিয়েল মিডিয়াত কেইখনমান ফটো শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে ভাগবতৰা কৰিছে বৰষাই।

উল্লেখ্য যে ১৯৯৮ চনতে যৌৱনে আমনি কৰে ছবিখনৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়া বৰষাই শেহতীয়াকৈ অভিনয় কৰা ৰত্নাকৰলৈ কেইবাখনো ছুপাৰহিট ছবিত নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ৰ ৰাণী হৈ পৰিছে।

You might also like