নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডৰ তাৰকাৰ মকৰ সংক্ৰান্তি-পংগল উদযাপন

বিহু, পংগল, সংক্ৰান্তি অথবা লোহৰী, নাম বিভিন্ন হ’লেও উৎসৱ একেটাই। উৎসৱ মানেই পৰিয়াল আৰু আত্মীয়ৰ সৈতে মিলিজুলি এসাঁজ খোৱা, আনন্দ-ফূৰ্তি কৰা। বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনীয়ে পংগল উদযাপন কৰিলে পৰিয়ালৰ সৈতে। ইনষ্টাগ্ৰামত এই কথা জনালে অভিনেত্ৰীগৰাকীয়ে। পাকঘৰৰ পৰা ৰন্ধাৰ ফটো শ্বেয়াৰ কৰি অনুৰাগীক আমোদ দিলে। তেওঁ নিজ হাতেৰে পংগল ৰান্ধি সকলোকে খুওৱাৰ কথাও ক’লে।


আনফালে, হেমা মালিনীৰ কন্যা ইছা দেউলেও মাকক অনুসৰণ কৰি পাকঘৰৰ পৰা পংগল ৰন্ধাৰ ভিডিঅ’ শ্বেয়াৰ কৰি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলে।


বলীউডৰ খিলাড়ী অক্ষয় কুমাৰে মকৰ সংক্রান্তিৰ পৱিত্ৰ দিনটোত চিলা উৰুৱাই তাৰে ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কেপছনত লিখে এনেদৰে- ‘মিঠে গুড় মে মিলি জায়ে তিল…উড়ী পতং খিল গয়ে দিল’।

একেদৰে, অভিনেতা মনোজ বাজপেয়ী আৰু কংগনা ৰাণাউটেও নিজৰ নিজৰ ধৰণে মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জনাইছিল।

You might also like