নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন বছৰত ৰং চেনেলৰ বর্ণাঢ্য নিবেদন শান্তি এপার্টমেণ্ট

বিশেষ বাৰ্তা, ১ জানুৱাৰীঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ জনপ্রিয় মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ নতুন বছৰত দর্শকৰ বাবে আগবঢ়াইছে এখন হাস্যমধুৰ ধাৰাবাহিক ‘শান্তি এপার্টমেণ্ট’৷ ‘গুৱাহাটী ৰে গুৱাহাটী’ ধাৰাবাহিকৰ অনবদ্য সাফল্যৰ পাছত ‘ৰং’–এ পুনৰ আনিছে হাঁহিৰ সঁফুৰা৷ নৱবর্ষতে ‘ৰং’–এ দর্শকলৈ আগবঢ়াব এখন অভিনৱ অগতানুগতিক মনোৰঞ্জনধর্মী ধাৰাবাহিক শান্তি এপার্টমেণ্ট৷ ধাৰাবাহিকখনত মহানগৰৰ এটা এপার্টমেণ্টত থকা ভিন্ন পৰিয়ালৰ মাজৰ হাঁহি–কান্দোন–অনুৰাগ, সৰু–বৰ ঘটনা, খুহুতীয়া সংঘাত আদি প্রতিফলিত হ’ব৷ আৰু তাৰ মাজেৰেই বন্ধুত্ববোধৰ এটি সুন্দৰ কাহিনী প্রত্যেকটো চৰিত্রৰ জৰিয়তে সুন্দৰভাৱে উপস্থাপনৰ প্রয়াস কৰা হৈছে৷ বহু বিৰতিৰ পাছত দুজনকৈ অভিনয়ৰ মহীৰূহক একেলগে দেখা পাব এই ধাৰাবাহিকৰ জৰিয়তে৷ এজন হৈছে ‘ভাড়াঘৰ’ৰ কাকতিৰূপী জয়ন্ত দাস আৰু আনজন হৈছে ‘বৰলাকাই’ খ্যাত হিৰণ্য কুমাৰ ডেকা৷ দুয়োজনৰ নিপুণ আৰু অভিজ্ঞ অভিনয়ে ধাৰাবাহিকখনক দিছে এক অনন্য মাত্রা৷ ধাৰাবাহিকখনত অভিনয় কৰা আন অভিনয় শিল্পীসকল হৈছে ক্রমে প্রণৱ দত্ত, দিলীপ ফুকন, ৰাজপ্রতিম বৰুৱা, চাজু আহমেদ, দীপ দেউৰী, নিতুল পাটোৱাৰী, অপূর্ব তালুকদাৰ, ৰবীন হালৈ, পিংকু তামুলী, নৱজ্যোতি মহন্ত, উৎপল কলিতা, কুকিল গোস্বামী, কৌশিক গোস্বামী, মালা গোস্বামী, গীতিকা জিমি মেধি, মধুস্মিতা পাটোৱাৰী, ছোনিয়া ভৰদ্বাজ, ময়ূৰী লহকৰ, জিয়া শর্মা, ঋতুৰাজ গগৈ, অংশু বৰা, শিখা শর্মা, কুমাৰেশ দত্ত আদি৷ ধাৰাবাহিকখনৰ কাহিনী হৈছে চাজু আহমেদৰ৷ আৰু এই কাহিনীক সংলাপেৰে সজাইছে জয়ন্ত কুমাৰ ডেকাই৷ প্রতিটো দৃশ্য পৰিচালকৰ সহায়ত কেমেৰাত আবদ্ধ কৰিছে মানৱ ডি জেই৷ কেমেৰাত সহকাৰী হিচাপে আছে মৃণ্ময় তালুকদাৰ৷ প্রতিটো অনুভৱক আৰু বেছি অনুভৱী কৰি তোলাৰ প্রয়াসেৰে আৱহ সংগীতৰ মায়াজাল গুঁঠিছে বিজয় শংকৰ দাসে৷ ধাৰাবাহিকখনৰ শীর্ষ গীতৰ কথা ড০ শৈলেন দাসৰ৷ শীর্ষ গীতৰ সুৰ, সংগীত আৰু কণ্ঠ চন্দন দাসৰ৷ শীর্ষ গীতটিৰ কৰি’গ্রাফ কৰিছে কৃষৰাজ গগৈয়ে৷ প্রতিটো চৰিত্রক চৰিত্র অনুযায়ী ৰূপসজ্জাৰে সজ্জিত কৰিছে পিজুমণি শর্মাই৷ ধাৰাবাহিকখনৰ সম্পাদনাৰ দায়িত্বত আছে বিপুলৰাজ৷ গ্রাফিক্ছ দীপাংকৰ চহৰীয়াৰ৷ দৃশ্যসজ্জা পাপ্পু ডেকাৰ৷ পুনঃ শব্দগ্রহণ ভৰত দাস নাথৰ আৰু এই ধাৰাবাহিকখন সুচাৰুৰূপে চলাই নিয়াত প্রযোজনা নিয়ন্ত্রক হিচাপে আছে লাচিত বৈশ্য৷ পৰিচালক সত্যৰঞ্জন শর্মাৰ সহযোগী পৰিচালক হিচাপে আছে দিব্যজ্যোতি বৰা আৰু সহকাৰী হিচাপে জোন কলিতাই দায়িত্ব লৈছে৷ নতুন বছৰৰ ‘ৰং’ৰ এই অনবদ্য নিবেদন ‘শান্তি এপার্টমেণ্ট’ ধাৰাবাহিকখনক প্রতিজন দর্শকে মৰমেৰে আদৰি ল’ব বুলি পৰিচালক, চিত্রনাট্যকাৰ, অভিনেতা–ভিনেত্রী, কলা–কুশলীৰ লগতে ‘ৰং’ পৰিয়াল আশাবাদী৷

You might also like