নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তেজ লগা মৰম’ মঞ্চস্থ : ভেৰগাঁৱৰ তক্ষশীলা বিশ্ববিদ্যালয়ত নাট্যানুষ্ঠানৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ: ভেৰগাঁৱৰ সমীপৰ চেউনী কাকাৰামাৰীৰ তক্ষশীলা সাংস্কৃতিক বিশ্ববিদ্যালয়ে দুদিনীয়াকৈ আয়োজন কৰা নাট প্ৰদৰ্শনৰ যোৱা নিশা নাট্যনুৰাগীৰ ব্যাপক সহাঁৰিৰে সামৰণি পৰে। প্ৰথম দিনাৰ দৰে কালি অন্তিম দিনাও প্ৰতিষ্ঠান খনৰ প্ৰাংগণত নিৰ্মিত প্ৰেক্ষাগৃহ সহস্ৰাধিক দৰ্শকেৰে ভৰি পৰে। উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ নাট বিভাগে প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ধন সংগ্ৰহৰ পৰিকল্পনাৰে প্ৰথম নিশা তাৰিণী ৰঞ্জন ডেকা ৰচিত আৰু পৰিচালিত ‘জীৱন আৰু কাৰাগাৰ’ৰ লগতে যোৱানিশা যশস্বী নাট্যকাৰ মহেশ কলিতা ৰচিত আৰু তাৰিণী ৰঞ্জন ডেকা পৰিচালিত ‘তেজ লগা মৰম ‘ নামৰ দুখন পৰিয়ালৰ উপভোগ্য, মননশীল, জনপ্ৰিয় নাট তথা নৃত্য- গীতেৰে ভৰপূৰ দুখন নৃত্য নাটিকা মঞ্চস্থ কৰিছিল। প্ৰতিষ্ঠান খনৰ নাট্যদলটোৱে অপেচাদাৰী, স্থানীয় জনজাতীয় সম্প্ৰদায়ৰ শিল্পী- কুশলীৰে মঞ্চস্থ কৰা নাট দুখনে নাট্যনুৰাগী দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বিশেষকৈ সাৱলীল অভিনয়েৰে দলটোৰ কেইবাগৰাকীও নবীন শিল্পীয়ে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। ইপিনে নেছনেল পাৰফৰ্মিং আৰ্ট এছোচিয়েচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি অশোক শৰ্মাই নাট্যানুষ্ঠানত অংশগ্ৰহণ কৰি শিল্পী, কলা- কুশলীৰ লগতে তক্ষশীলা বিশ্ববিদ্যালয়ৰ নাট বিভাগক উৎসাহ উদ্দীপনা যোগায়। নাট দুখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে মাধৱ ৰাভা, কুমুদ ৰাভা, ৰত্নকান্ত ৰাভা, ৰাতুল বৰ্মন, দেৱ, জিণ্টুজিৎ বড়ো, ৰাতুল ৰাভা, জয়ন্ত ৰাভা, জনাৰাম ৰাভা, ধনেশ্বৰ ৰাভা, জৌনমছা বড়ো, সৰলা কছাৰী, পুতুলী ৰাভা, জ্যোতিষ্মা বড়ো, মনজিৎ কছাৰী, হেমলতা ৰাভা, জিতেন ৰাভা, দিবাকৰ ৰাভা, বুলু কছাৰী, তাৰিণী ৰঞ্জন ডেকা আদি ন- পুৰণি শিল্পী সকলে। নাট্য দলটোৰ মুখ্য পৃষ্ঠপোষক নাট্যাচাৰ্য পখিলা কলিতা। তদুপৰি পৃষ্ঠপোষক সকল ক্ৰমে ধৰ্মেশ্বৰ ৰাভা, প্ৰসন্ন ৰাভা, জৌনমছা বড়ো, ৰাতুল বৰ্মণ আৰু দিবাকৰ ৰাভা। সামগ্ৰিক ব্যৱস্থাপনাৰ দায়়িত্বত আছে নাৰায়ণ ৰাভা আৰু জনাৰাম ৰাভা। কণ্ঠশিল্পী হৃতি সুন্দৰ ৰাভা আৰু কৃষ্ণাপ্ৰিয়া ৰাভাই গীত পৰিৱেশন কৰে। নাটৰ সংগীত পৰিচালনা অজিৎ ৰাভা আৰু ৰাকেশ ৰোচন বড়োৰ। আনহাতে বিজয় ৰাভা, হৰিপ্ৰিয়া ৰাভা, সুমিতা ৰাভা, বনশিখা ৰাভা, তৰালী ৰাভা, যুস্মিতা ৰাভা, তৃষ্ণা ৰাভা, মধুস্মিতা ৰাভা, অপ্সৰা ডেকা, তৃষা শইকীয়া ,পঞ্চমী ৰাভা, আৰু দ্বীপান্বিতা ৰাভাই নৃত্য নাটিকা দুখনত অভিনয় কৰে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like