নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ আগতেই মোহময়ী দীপিকাৰ প্ৰথম দৰ্শনত মুগ্ধ অনুৰাগী

বিশেষ বাৰ্তা, ১৭ মেঃ কাঁ চলচ্চিত্ৰ মহোৎসৱ এনেকুৱা এটা অনুষ্ঠান, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছবিপ্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈ থাকে। এইবাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন, ঐশ্বৰ্য ৰায় আৰু হিনা খানে। কাঁ বলীউডৰ বাবে এই বছৰটো বিশেষ, কাৰণ দীপিকাই এইবাৰ চলচ্চিত্ৰ মহোৎসৱৰ জুৰী সদস্য। গ্ৰেণ্ড হায়াট কাঁ হোটেল মাৰ্টিনেজত তেওঁ আন জুৰীৰ সদস্যসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰা যাৰ ফটোৱে ছ’চিয়েল মিডিয়াত বৰকৈ জনপ্ৰিয় হৈছে। এই অনুষ্ঠানত দীপিকাৰ ফেশ্বনক অনুৰাগীসকলে আদৰি লৈছে। ৭৫ সংখ্যক চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম দৰ্শনত মোহময়ী দীপিকাক লুইছ ভিটনৰ ফল ২০২১ সংগ্ৰহৰ পোছাক বাছি লোৱা দেখা গৈছে। পোছাকৰ লগত হেয়াৰষ্টাইল আৰু মেকআপ ভালদৰে মিলি গৈছে। অনুৰাগী মুগ্ধ হৈ পৰিছে।

You might also like