নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন! ৰণবীৰ-আলিয়াৰ বিয়াৰ আগতে চহৰ এৰিলে দীপিকাই

বিশেষ বাৰ্তা, ১২ এপ্ৰিলঃ প্ৰেমৰ সম্পর্ক শেষ হৈছিল তিক্ততাৰে। সেই ক্ষোভ, যন্ত্রণা বহু দিনলৈ কঢ়িয়াইছিল দীপিকা পাডুকোনে। ৰণবীৰ কাপুৰৰ সৈতে দীঘলীয়া সম্পর্কক লৈ কথা কোৱাৰ সময়ত একাধিক সাক্ষাৎকাৰত কান্দি পেলাইছিল দীপিকাই। জনাইছিল যে ৰণবীৰে এবাৰ প্ৰতাৰণা কৰাৰ পাছত আকৌ বিশ্বাস কৰিছিল দীপিকাই। কিন্তু আকৌ প্রতাৰণা! বাৰে বাৰে একেই ঘটনাৰ পাছত এসময়ত তেওঁলোকৰ সম্পর্ক ভাঙি টুকুৰা-টুকুৰ হৈছিল। বহুদিনলৈ মুখ দেখাদেখিও হোৱা নাছিল। কিন্তু যিহেতু একেই উদ্যোগৰ মানুহ তেওঁলোক গতিকে পাছলৈ নতুনকৈ বন্ধুত্ব গঢ়িবলগীয়া হয়। তিক্ততা পাহৰি পর্দাত একেলগে কামো কৰে ৰণবীৰ-দীপিকাই।

আকৌ নতুনকৈ প্ৰেমে টুকুৰ মাৰে মোহময়ী এভিনেত্ৰীগৰাকীৰ হৃদয়ত। পাছত অভিনেতা ৰণবীৰ সিঙৰ সৈতে বিবাহতো বহিছে দীপিকাই। এতিয়া ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ বিয়াৰ খবৰত বলীউড গৰম। অহা ১৫ এপ্রিলত অর্থাৎ পহিলা বহাগতে ৰণবীৰ আৰু আলিয়া বিয়াৰ দিন ঠিক হৈছে। প্রাক্তন প্রেমিকৰ বিয়াৰ কেইদিনমান আগতে মুম্বাই এৰিলে দীপিকাই। সোমবাৰে সন্ধিয়া মুম্বাই বিমানকোঠত দেখা গৈছিল দীপিকাক। ফটোগ্ৰাফাৰৰ পিনে চাই হাঁহিও মাৰিছে। কিন্তু হঠাৎ দীপিকাই ক’লৈ গৈছে বা তেওঁৰ চহৰ এৰাৰ কাৰণ জানিব পৰা হোৱা নাই।

You might also like