নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ কেইগৰাকীমান গ্লেমাৰাছ মহিলা ৰাজনীতিক

সৌন্দর্য আৰু গ্লেমাৰৰ ক্ষেত্রত আন্তর্জাতিক পর্যায়ত নিজৰ পৰিচয় প্রতিষ্ঠা কৰিছে ভাৰতীয় মহিলাই। বহুবাৰ মিছ ৱর্ল্ড তথা মিছ ইউনিভাৰ্ছৰ খিতাপ জিকিছে। দেশত নাৰীৰ সৌন্দর্য মাত্ৰ এই উপাধিতেই সীমিত থকা নাই, ৰাজনীতিতো সুকীয়া অবদান আছে নাৰীৰ। এনেকুৱা কেইগৰাকীমান গ্লেমাৰাছ ভাৰতীয় মহিলা ৰাজনীতিক-
নুছৰত জাহান


নুছৰত জাহান এগৰাকী অত্যন্ত গ্লেমাৰাছ চলচ্চিত্র অভিনেত্রীৰ লগতে ৰাজনীতিক। বাংলা চলচ্চিত্রজগতত বিশেষ স্থান দখল কৰিছে তেওঁ। ২০১৯ চনত তেওঁ সক্রিয় ৰাজনীতিত ভৰি থৈ তৃণমূল কংগ্রেছৰ প্রার্থী হিচাপে বছিৰহাট সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি জয়ী হয়। নুছৰত জাহানে ২০১১ চনত ৰাজ চক্রৱর্তীৰ চলচ্চিত্র ‘শত্রু’ৰে আত্মপ্রকাশ কৰে।
দিব্যা স্পন্দনা


অপূৰ্ব সুন্দৰী দিব্যা স্পন্দনা চলচ্চিত্র জগতত ৰাম্যা নামেৰে জনপ্ৰিয়। এইগৰাকী বিখ্যাত দক্ষিণ ভাৰতীয় অভিনেত্রীয়ে কানাড়া চলচ্চিত্রৰ সমান্তৰালকৈ তামিল আৰু তেলেগু ভাষাৰ চলচ্চিত্রতো অভিনয় কৰিছে। ৰাম্যাই ২০১৩ চনত ভাৰতীয় জাতীয় কংগ্রেছৰ সদস্য হিচাপে কর্ণাটকৰ মাণ্ডা আসনৰ পৰা উপনির্বাচনত জয়ী হৈ ৰাজনীতিত প্রৱেশ কৰে।
অলকা লাম্বা


দেশৰ সক্ৰিয় মহিলা ৰাজনীতিকৰ উপৰিও অলকা লাম্বা সৌন্দর্যৰ বাবেও পৰিচিত। ১৯ বছৰ বয়সতে তেওঁ কংগ্রেছৰ ছাত্র ইউনিয়ন এন এছ ইউ আইত যোগ দিছিল। যুৱকসকলৰ ক্ষমতাৰ লক্ষ্যৰে তেওঁ এটি এনজিঅ’ ‘গো ইণ্ডিয়া ফাউণ্ডেছন’ আৰাম্ভ কৰে। 20 বছৰৰ অধিক সময় কংগ্রেছৰ সৈতে জৰিত হৈ থকাৰ পাছত আম আদমী পার্টিত যোগদান কৰি ২০১৫ চনৰ ফেব্রুৱাৰীত চান্দনী চকৰ পৰা দিল্লী বিধানসভালৈ নির্বাচিত হয়।

ডিম্পল যাদৱ


খুব ভদ্র আৰু সকলো সময়তে শাড়ীত দেখা পোৱা ডিম্পল যাদৱ এগৰাকী সুন্দৰী তথা গ্লেমাৰাছ ৰাজনীতিক। তেওঁ কনৌজৰ পৰা দুবাৰ সমাজবাদী পার্টীৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। উত্তৰপ্ৰদেশৰ ৰাজনৈতিক পৰিয়াল তথা মুলায়েম সিং যাদৱৰ বোৱাৰী ডিম্পল।

You might also like