নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলমৰ প্ৰেমত উন্মাদ হৈছিল গোবিন্দা, বিয়া পাতিব বিচাৰিছিল, কিন্তু নোৱাৰিলে কিয়…

বিশেষ বাৰ্তা, ৭জুনঃ বলীউডৰ এটা বহুচৰ্চিত গোপন প্ৰেম কাহিনী, যিয়ে নিজৰ সময়ত বৰকৈ শিৰোনাম দখল কৰিছিল। অভিনেতা গোবিন্দা আৰু নীলমৰ যুটিৰ কথা মনত আছেনে, যি যুটিৱে কেৱল ডাঙৰ পৰ্দাতে নহয়, বাস্তৱ জীৱনতো হিট হৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই দুই অভিনেতা-অভিনেত্ৰীৰ প্ৰেমক লৈ এসময়ত খুব চৰ্চা চলিছিল। কিন্তু বিয়া পাতিব কিয় নোৱাৰিলে, জানেনে?

গোবিন্দ আৰু নীলামে প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছিল ১৯৮৬ চনত নিৰ্মিত ‘ইলজাম’ ছবিত। দৰ্শকে তেওঁলোকৰ যুটি বৰকৈ পছন্দ কৰিছিল আৰু তাৰ পিছত দুয়ো একেলগে ১৪খন ছবিত কাম কৰিছিল। শুনা মতে, যদিহে গোবিন্দাৰ মাকে এই সম্পৰ্কৰ বিৰোধত অৱস্থান নকৰিলেহেঁতেন তেন্তে অভিনেতাজনে নীলমকে বিয়া কৰালেহেঁতেন। কোৱা হয় যে নীলমৰ প্ৰেমত হাবুডুবু খোৱা গোবিন্দাই আনকি সুনীতাক এৰি নীলমকে বিয়া কৰাব বিচাৰিছিল। কিন্তু মাকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু মাকৰ কথা এৰাই চলা নাছিল হাস্যৰসৰ সোৱাদ দিয়া অভিনেতাজনে।

ইতিমধ্যে সম্পৰ্কত বান্ধ খোৱা সুনীতা আহুজাৰ সৈতেই তেওঁ বিয়া পতাটো বিচাৰিছিল মাকে। সেয়ে নীলমৰ আশা বাদ দি সুনীতাকে বিয়া পাতিছিল। অৱশ্যে সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে যে বিবাহৰ পূৰ্বে গোবিন্দা আৰু সুনীতাৰ মাজত প্ৰায়ে নীলমক লৈ কাজিয়া হৈছিল। আচলতে গোবিন্দাই বিচাৰিছিল সুনীতা নীলমৰ দৰে হোৱা। একে সময়তে সুনীতাৰ এটা নিজস্ব পৰিচয় আছিল আৰু নীলমক অনুকৰণ কৰিবলৈ কেতিয়াও বিচৰা নাছিল। উল্লেখনীয় যে গোবিন্দা আৰু নীলমৰ বিখ্যাত ছবিসমূহৰ ভিতৰত ‘লাভ ৮৬’, ‘খুদগৰ্জ’, ‘ইলজাম’, ‘হাজবেণ্ড’, ‘দোষ্ট গৰীব কা’ ইত্যাদি।

You might also like