নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি গুৱাহাটীত আৰম্ভ সাংস্কৃতিক উৎসৱ আলচিৰিংগা

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি গুৱাহাটীত) আজিৰে পৰা আৰম্ভ হৈছে উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ বছৰৰ অন্যতম প্ৰত্যাশিত সাংস্কৃতিক উৎসৱ আলচিৰিংগা। জি-২০ৰ সমান্তৰালকৈ আই আই টি গুৱাহাটীত আলচিৰিংগাক লৈ ব্যাপক  উৎসাহ পৰিলক্ষিত হৈছে।কভিডৰ পৰিবেশৰ বাবে বিগত দুটা বছৰে অনুষ্ঠিত কৰিব পৰা নাছিল উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ সাংস্কৃতিক মহোৎসৱ আলচিৰিংগা। এইবাৰৰ আলচিৰিংগাত কেৱল ভাৰতবৰ্ষৰে নহয় বাংলাদেশৰ পৰাও নিৰ্বাচিত এশ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। অডিচনৰ পিছত বাংলাদেশৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰাৰ বাবে সুবিধা লাভ কৰিছে। শিক্ষাৰ্থীসকলে সংগীত নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইফালে সমগ্ৰ ভাৰতবৰ্ষৰ ১৫ শতাধিক শিক্ষাৰ্থীয়ে অংশ লব এইবাৰৰ আলচিৰিংগাl আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এইবাৰৰ আলচিৰিংগাত বিশিষ্ট সংগীত পৰিচালক বিশাল শেখৰকে ধৰি ভালেকেইগৰাকী বলিউডৰ সংগীত শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব। কালি সংবাদ মেলযোগে সাংস্কৃতিক মহোৎসৱখনৰ বিষয়ে সদৰি কৰে আই আই টি গুৱাহাটীৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন অনামিকা বৰুৱা আৰু ষ্টুডেণ্ট বডিৰ ভাইচ প্ৰেচিডেণ্ট সাৰ্থক চাকচেনাই। এইবাৰৰ আলচিৰিংগা উৎসৱৰ বিশাল আয়োজনে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু ওচৰৰ ৰাইজৰ মাজত বিশেষ উৎসাহ দেখা পোৱা গৈছে।
প্ৰেৰক মুনীন ডেকা
You might also like