নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা ৰূপত প্রাক্তন ক্রিকেটাৰ Irfan Pathan, মুক্তি হ’ল ‘Cobra’ৰ টিজাৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে যদিও ৰূপালী পৰ্দাত অভিষেক ঘটালে ভাৰতীয় দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানে। শুকুৰবাৰে ৮ জানুৱাৰীত মুক্তি পালে ইৰফান অভিনীত ছবি ‘কোবৰা’ৰ টিজাৰ। এই ছবিত তুর্কি ইন্টাৰপোলৰ এজন শীৰ্ষ বিষয়াৰ ভূমিকাত দেখা যাব ইৰফানক।

লগতে পঢ়কঃ যৌন সম্ভোগৰ সময়ত যুৱকৰ হাত-ভৰি চকীৰে বান্ধিলে মহিলাই… যুৱকৰ মৃত্যু

উল্লেখ্য যে ‘কোবৰা’ত মুখ্য ভূমিকাত অভিনয় কৰিছে দক্ষিণী অভিনেতা বিক্রমে। ছবিখনত ইৰফান পাঠানৰ চৰিত্রটোৰ নাম ইলমাজ। যিয়ে কোবৰাৰ অনুসন্ধান চলায়। আৰু এই কোবৰা হ’ল এজন গণিতজ্ঞ। কোবৰাৰ চৰিত্রটোত অভিনয় কৰিছে দক্ষিণী অভিনেতা বিক্রমে।

জনা গৈছে যে ছবিখনত মুঠ ২০ টা লুকত দেখা যাব বিক্রমক।

‘কোবৰা’ৰ মুক্তি কেতিয়া হ’ব, ,সেই বিষয়ে ছবিখনৰ নির্মাতাসকলৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই।

চাওক ‘Cobra’ৰ টিজাৰ-

You might also like