নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰোৱাৰ অভিযোগ কৰিঅ’গ্ৰাফাৰ গণেশৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বলিউডত যৌন নিৰ্যাতনৰ অভিযোগ পুৰণি নহয় । ইজনৰ পাছত সিজন কলা-কুশলীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ চলি থকাৰ মাজতে পুনৰ পোহৰলৈ আহিছে আন এক অভিযোগ ।

এগৰাকী মহিলা সহকাৰী কৰিঅ’গ্ৰাফাৰে বিখ্যাত কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যৰ বিৰুদ্ধে উত্থাপন কৰিছে তেওঁক যৌন নিৰ্যাতন কৰাৰ অভিযোগ । অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি মহিলা সহকাৰী কৰিঅ’গ্ৰাফাৰগৰাকীয়ে মহাৰাষ্ট্ৰৰ আম্বোলী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।

এক ৰিপৰ্টৰ মতে, গণেশ আচার্যই ভাৰতীয় চলচ্চিত্র আৰু টেলিভিচন কৰিঅ’গ্ৰাফাৰ্ছ এছোছিয়েচনৰ (আইএফটিসিএ) সচিব হোৱাৰ পাছতে প্ৰায়ে মহিলাক তেওঁৰ কাৰ্যালয়লৈ আৰু অনুশীলনথলীলৈ মাতিছিল ।

ইপিনে মহিলা কৰিঅ’গ্ৰাফাৰগৰাকীয়ে মহিলা আয়োগক জনোৱা মতে আচাৰ্যই তেওঁক বলিউডৰ কামৰ ক্ষেত্ৰত সদায়ে বঞ্চিত কৰি আহিছে আৰু কামৰ বাবদ তেওঁৰ পৰা কমিচন বিচাৰে ।

ইফালে এই সকলো অভিযোগ নস্যাৎ কৰি বিখ্যাত কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যই তেওঁৰ বিৰুদ্ধে এক ডাঙৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও কৰিঅ’গ্ৰাফাৰ আচাৰ্যৰ বিৰুদ্ধে অভিনেত্ৰী তনুশ্ৰী দত্তই এনেধৰণৰ অভিযোগ তুলিছিল ।

You might also like