নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিটীবাছত বাধ্যতামূলক হল নিৰ্ধাৰিত পথ নম্বৰৰ ফলক

জিলা উপায়ুক্তৰ কাৰ্যালয়ত আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ বৈঠক

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ কামৰূপ (ম) জিলাৰ আঞ্চলিক পৰিবহণ কর্তৃপক্ষ (আৰ টি এ)ৰ গুৰুত্বপূর্ণ সভা এখন সোমবাৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, গুৱাহাটী আৰক্ষীৰ ডিচিপি ( ট্রেফিক) ৰঞ্জন ভূঞা, কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ কর্তৃপক্ষ (আৰটিএ)ৰ সচিব তথা ভাৰপ্রাপ্ত পৰিবহণ বিষয়া বাপন কলিতাৰ লগতে গুৱাহাটী ট্রেন্সপ’ট এছ’চিয়েচন (জিটিএ), গ্রেটাৰ গুৱাহাটী ডিলাক্স এক্সপ্রেছ চিটীবাছ ছার্ভিচ অ’নার্ছ এছ’চিয়েচন, গুৱাহাটী মেট্র’ টেন্সপ’ট এছ’চিয়েচন (জিএমটিএ)ৰ কেইবাগৰাকীও প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মহানগৰীত চলাচল কৰা চিটীবাছসমূহৰ সৈতে জড়িত বিভিন্ন বিষয়, বিশেষকৈ চিটীবাছৰ বাবে নিধাৰিত ৰুট তথা পথ, টাইম কার্ডৰ ব্যৱস্থা আদিৰ বিষয়ে আলোচনা হয়৷ সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে মহানগৰীত চলাচল কৰা চিটীবাছসমূহ জিলা প্রশাসন তথা আঞ্চলিক পৰিবহণ কর্তৃপক্ষ (আৰটিএ)ই নির্দিষ্ট কৰি দিয়া পথতহে চলিব পাৰিব৷ ইতিমধ্যে আঞ্চলিক পৰিবহণ কর্তৃপক্ষ (আৰটিএ)ই আৰক্ষীকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ সৈতে আলোচনা কৰি চিটীবাছসমূহৰ বাবে পথ নির্দিষ্ট কৰি দিয়াৰ ব্যৱস্থা গ্রহণ কৰিছে৷
প্রতিখন চিটীবাছতে পথ–নম্বৰ উল্লেখ থাকিব লাগিব আৰু চিটীবাছসমূহে মহানগৰীত চলাচল কৰোঁতে এই নিয়ম উলংঘা কৰিব নোৱাৰিব বুলি তেওঁ কয়৷ পৰিবহণ বিভাগে প্রৱর্তন কৰা টাইম কার্ডৰ ব্যৱস্থা চিটীবাছসমূহে মহানগৰীত চলাচল কৰোঁতে যাতে মানি চলে তাৰ বাবেও জিলা উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষকে অনুৰোধ জনায়৷ জিলা উপায়ুক্ত পেগুৱে সভাত জানিবলৈ দিয়ে যে গুৱাহাটীত এটা চিটীবাছ ষ্টপেজৰ পৰা আনটো চিটীবাছ ষ্টপেজৰ মাজৰ দূৰত্ব হ্রাস কৰাৰ বাবেও প্রশাসনে ব্যৱস্থা গ্রহণ কৰিব৷ সভাত গুৱাহাটী আৰক্ষীৰ ডিচিপি (ট্রেফিক) ৰঞ্জন ভূঞাই কয় যে মহানগৰীৰ চিটীবাছসমূহে প্রশাসন তথা পৰিবহণ বিভাগে বান্ধি দিয়া নীতি–নিয়ম মানি চলিলে মহানগৰীৰ যান–জঁটৰ সমস্যা হ্রাস পোৱাৰ লগতে মহানগৰীৰ পৰিবহণ ব্যৱস্থাপনা ব্যৱস্থাটোও সুশৃংখলিত হ’ব৷ আৰক্ষীৰ ডিচিপিগৰাকীয়ে এইক্ষেত্রত সংশ্লিষ্ট সকলো পক্ষৰে সহযোগিতা কামনা কৰে৷ সভাত অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী আৰু আঞ্চলিক পৰিবহণ কর্তৃপক্ষ (আৰটিএ)ৰ সচিব বাপন কলিতায়ো চিটীবাছসমূহৰ ৰুট আৰু টাইম কার্ডৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পর্কত মন্তব্য আগবঢ়ায়৷

You might also like