আমেৰিকাৰ জিপিএছলৈ প্রত্যাহ্বান চীনৰ বেইডু–৩ৰ
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ মহাকাশত ক্রমান্বয়ে এক বৃহৎ শক্তিত পৰিণত হোৱা চীনে দিক্ নির্দেশ ব্যৱস্থা সন্দর্ভত ইয়াৰ অন্তিমটো কৃত্রিম উপগ্রহ বেইডু–৩ আজি উৎক্ষেপণ কৰিছে৷ এছিয়াত পৰাক্রমী ৰাষ্ট্রখনে সফলতাৰে মহাকাশলৈ এই কৃত্রিম উপগ্রহটো প্রেৰণ কৰাৰ পিছত আমেৰিকান দিক্ নির্দেশক ব্যৱস্থা গ্ল’বেল প’জিছনিং ছিষ্টেম (জিপিএছ)ৰ ওপৰত দীর্ঘদিনলৈ দেশখন নির্ভৰশীল হৈ থাকিবলগীয়া নহ’ব বুলি চীনা বিজ্ঞানীসকলে ঘোষণা কৰিছে৷ উল্লেখনীয় যে ১০০ কোটি ডলাৰ বিনিয়োগ কৰি চীনে ৩৫টা কৃত্রিম উপগ্রহৰ এই নেটৱর্ক গঢ়ি তুলিছে৷ ইয়াৰ জৰিয়তে বিশ্বজুৰি দিক্ নির্দেশৰ সুফল লাভ কৰিব চীনে৷ উল্লেখনীয় যে সমগ্র পৃথিৱীত ক’ৰোনা ভাইৰাছ মহামাৰীয়ে সংহাৰ অব্যাহত ৰখাৰ লগতে হংকঙৰ ওপৰত চীনে বিতর্কিত নিৰাপত্তা আইন বলৱৎ কৰাৰ চেষ্টা চলোৱা বিষয়ক লৈ বেইজিং আৰু ৱাশ্বিংটনৰ মাজত সম্পর্ক তিক্ত হৈ পৰাৰ সময়তে আজি মহাকাশলৈ এই কৃত্রিম উপগ্রহটো প্রেৰণেৰে চীনে প্রযুক্তিৰ ক্ষেত্রখনত নতুন শক্তিৰ উমান দিবলৈ সক্ষম হৈছে৷ স্মর্তব্য যে যোৱা সপ্তাহত কৃত্রিম উপগ্রহটোত কাৰিকৰী বিজুতি ঘটিছিল যদিও আজি তাক সফলভাৱে উৎক্ষেপণ কৰাটো সম্ভৱ হয়৷ বেইডু নেভিগেচন ছেটেলাইট ছিষ্টেম (বিডিএছ) আমেৰিকাৰ জিপিএছৰ উপৰি ৰাছিয়াৰ গ্র’নাছ আৰু ইউৰোপৰ গেলিলি’ ব্যৱস্থাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব বিশ্ববাসীয়ে৷