নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিৰ সন্ধানত বিনোদ কাম্বলিঃ আর্থিক সংকটত শচীনৰ বাল্যবন্ধু

বিশেষ বাৰ্তা, ১৮ আগষ্টঃ আর্থিক অনাটনত ভুগিছে প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিনোদ কাম্বলি৷ আয়ৰ বাবে ক্রিকেটীয় কার্যৰ সৈতে জড়িত হ’ব বিচাৰে তেওঁ৷ ৫০ বছৰীয়া কাম্বলিয়ে পেন্সন হিচাপে ভাৰতীয় ক্রিকেট ব’ডৰ পৰা মাহিলি ৩০ হাজাৰ টকাকৈ পায়৷ কিন্তু সেই ধনেৰে সংসাৰ চলোৱা তেওঁৰ পক্ষে অত্যন্ত কষ্টকৰ হৈ পৰিছে৷ ক’ৰোনা অতিমাৰীৰ পূর্বে তেনে কোনো সমস্যা নাছিল৷ ২০১৯ চনত টি–২০ মুম্বাই লীগত প্রশিক্ষকৰ ভূমিকাত আছিল তেওঁ৷ তদুপৰি শচীন তেণ্ডুলকাৰৰ মিডলছেক্স গ্ল’বেল একাডেমীত মেণ্টৰ হিচাপে তৰুণ ক্রিকেটাৰসকলক প্রশিক্ষণ দিছিল কাম্বলিয়ে৷ কিন্তু পৰৱর্তী সময়ত যাতায়াতৰ সমস্যাৰ বাবে সেই একাডেমীলৈ যোৱা বন্ধ কৰি দিয়ে৷ ফলত তীব্র আর্থিক সংকটে জুৰুলা কৰিছে প্রাক্তন ক্রিকেটাৰগৰাকীক৷ সেইবাবেই নতুন কামৰ সন্ধান কৰিছে কাম্বলিয়ে৷ অৱশ্যে ক্রিকেট সম্পর্কীয় কাম কৰিবলৈ তেওঁ অধিক আগ্রহী৷ প্রাক্তন অলৰাউণ্ডাৰগৰাকীয়ে কয় ‘সাহায্যৰ বাবে মই মুম্বাই ক্রিকেট সন্থাৰ মুখাপেক্ষী৷ মুম্বাইৰ ক্রিকেট সংস্থাক কিবা কাম থাকিলে দিবলৈ অনুৰোধ জনাইছোঁ৷ মোৰ জীৱনত সংস্থাটোৰ যথেষ্ট অৱদান আছে৷ সেইবাবে কোনো কাম দি পুনৰ মোক সহায় কৰিব বুলি অপেক্ষা কৰি আছোঁ৷’ বাল্যবন্ধু শচীন সম্পর্কত তেওঁ কয় যে তেওঁৰ অৱস্থাৰ বিষয়ে শচীনে সকলো জানে৷ অৱশ্যে তেওঁৰ পৰা বিশেষ আশা নকৰে বুলিও কাম্বলিয়ে কয়৷ তেওঁ এতিয়াও ভাল বন্ধু বুলি উল্লেখ কৰি কয় যে সকলো সময়তে শচীন তেওঁৰ ওচৰত আছে৷

You might also like