নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশী নাগৰিকৰ দেহত ভেকচিন টেষ্ট কৰিব চীনে; ক’ৰোনাক লৈ বেইজিঙৰ ভয়ংকৰ প্রস্তাৱত ঢাকাৰ সঁহাৰি, উদ্বিগ্ন ভাৰত

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ বাংলাদেশৰ জনতাক ‘গিনিপিগ’ কৰি ৰঙা চীনে ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষণৰ প্রস্তুতি সম্পন্ন কৰিছে৷ যোৱা সপ্তাহত ঢ়াকাই চীনৰ এই প্রস্তাৱত সঁহাৰি দিয়াত হতবাক হৈ পৰিছে ভাৰতৰ কূটনৈতিক মহল৷ নিজৰ দেশৰ জনগণৰ ওপৰত পৰীক্ষা নকৰি চীনে প্রস্তুত কৰা ভেকচিন বাংলাদেশী নাগৰিকৰ দেহত কিয় পৰীক্ষা কৰিব বিচাৰিছে তাৰ কোনো সদুত্তৰ এতিয়াও বেইজিং বা ঢ়াকাৰ পৰা অহা নাই৷

ভয়ংকৰ কথাটো হৈছে চীনৰ ছিনভেক বায়োটেক লিমিটেডে প্রস্তুত কৰা ভেকচিনৰ পৰীক্ষা যদি অসফল হয়, তেনেহ’লে বাংলাদেশৰ লাখ লাখ জনগণ মাৰণ ভাইৰাছৰ চিকাৰ হোৱাটো নিশ্চত৷ লগতে ঢ়াকাৰ এই সিদ্ধান্তই সীমান্তৱর্তী অসম, ত্রিপুৰা, মেঘালয়, মিজোৰাম আৰু পশ্চিমবংগৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ কাৰণ ভাৰত–বাংলাদেশ উন্মুক্ত সীমান্তৰে বৈধ–বৈধভাৱে প্রতিদিনে হাজাৰ হাজাৰ লোক অহা– যোৱা কৰে৷ চীনে প্রস্তুত কৰা ক’ভিড–১৯ প্রতিষেধক যদি অসফল হয়, তেনেহ’লে ভাৰতৰ বাবেও ই এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিব৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ মোকাবিলাত ভাৰতে বাংলাদেশক সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ বাৰম্বাৰ প্রতিশ্রুতি দি আহিছিল৷ কিন্তু চুবৰীয়া দেশখনে ভাৰতক এইক্ষেত্রত আস্থাত নল’লে৷ তাৰ পৰিৱর্তে বাংলাদেশে চীনৰ ওপৰত আস্থাশীল হোৱাক লৈ কার্যতঃ হতভম্ব হৈ পৰিছে ভাৰত৷ আনকি সকলো প্রট’কল ভংগ কৰি বাংলাদেশৰ বিদেশমন্ত্রী এ কে আব্দুল মোমেনে খোদ চীনৰ ১০জনীয়া চিকিৎসকৰ দল এটাক ঢ়াকা বিমানবন্দৰত আদৰিবলৈ গৈছিল৷ জানিব পৰা মতে, ইয়াৰ পিছত বাংলাদেশস্থিত ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাংগুলী দাসে বাংলাদেশৰ বিদেশমন্ত্রী মোমেনক সাক্ষাৎ কৰি ভাৰতৰ উদ্বিগ্ণতাৰ কথা ব্যক্ত কৰিছে৷

স্মর্তব্য যে চীনৰ ছিনভেক বায়োটেকে বাংলাদেশৰ জনগণৰ ওপৰত ক’ভিড–১৯ ভেকচিনৰ তৃতীয় পর্যায়ৰ পৰীক্ষণ সম্পন্ন কৰিব৷ ইয়াৰ পূর্বে চীনে ভেকচিনৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ পৰীক্ষা নিজ দেশৰ সামৰিকবাহিনীৰ ওপৰত সম্পন্ন কৰিছিল৷ কিন্তু নিজ দেশখনৰ সাধাৰণ জনতাৰ ওপৰত এতিয়াও ভেকচিনৰ কোনোধৰণৰ পৰীক্ষণ সম্পন্ন কৰা নাই চীনে৷ আনকি ক’ভিড–১৯ ভেকচিনৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ প্রয়োগৰ কিধৰণৰ ফলাফল পোৱা গৈছে, সেয়াও দেশখনৰ বাহিৰে বহিঃবিশ্বৰ আন কোনেও নাজানে৷ ইয়াৰ পিছত তৃতীয় পর্যায়ৰ সম্পৰীক্ষণৰ বাবে দেশখনে পোনে পোনে বাংলাদেশক কিয় বাছি ল’লে সেয়া ভাৰতৰ বাবে এক গভীৰ ৰহস্য হৈ পৰিছে৷ কাৰণ চীনে ভেকচিনৰ পৰীক্ষাৰ বাবে ব্রাজিল আৰু সংযুক্ত আৰব এমিৰিটাছকো প্রস্তাৱ দিছিল৷ কিন্তু দেশ দুখনে চীনক এইক্ষেত্রত কোনো সঁহাৰি নজনালে৷ লাডাখ সীমান্তত চীনৰ শেহতীয়া আগ্রাসনক লৈ ভাৰত সন্দিহান হৈ আছে৷ এনে পৰিস্থিতিত চুবৰীয়া বাংলাদেশত ভেকচিন পৰীক্ষাৰ নামত চীনৰ কিবা দুৰাভিসন্ধি থাকিব পাৰে নেকি তাক লৈ আৰু অধিক উদ্বিগ্ণ হৈ পৰিছে ভাৰত৷

ইয়াৰ মাজতেই ক’ভিড–১৯ ভেকচিন কিমান ফলপ্রসূ হ’ব পাৰে, সেই বিষয়টোক কেন্দ্র কৰি ইতিমধ্যে বিশ্বজুৰি তীব্র বিতর্ক সৃষ্টি হৈছে৷ কাৰণ যিকোনো ৰোগৰ প্রতিষেধক আৱিষ্কাৰ কৰাৰ পূর্বে ৰোগৰ গতি–প্রকৃতিৰ ওপৰত কমেও এবছৰ অধ্যয়নৰ প্রয়োজন৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও পূর্বতে এই বিষয়ত সতর্ক কৰি দিয়া হৈছিল৷ উল্লখ্য যে ক’ৰোনা ভাইৰাছৰ আজিকোপতি কোনো ধৰণৰ ভেকচিন আৱিষ্কাৰ হোৱা নাই৷ ক’ৰোনা ভাইৰাছ বহুতো প্রকাৰৰ আছে আৰু ক’ভিড–১৯ অতিমাৰীৰ ৰূপ লোৱা হেতু ভেকচিনৰ প্রয়োজন হৈ পৰিছে৷ কিন্তু ক’ভিড–১৯ বীজাণু বিশ্বব্যাপী বিয়পি পৰা মাত্র ৮ মাহৰ ভিতৰত এই ভাইৰাছৰ ভেকচিন বজাৰত আহি গ’লে সেয়া কিমান লাভজনক হ’ব তাক লৈ সমগ্র বিশ্ব এই মুহূর্তত দ্বিধাগ্রস্ত হৈ পৰিছে৷ কাৰণ এতিয়ালৈকে ক’ভিড–১৯ৰ সকলো দিশ উন্মোচিত হোৱা নাই৷ প্রতিনিয়ত এই ভাইৰাছৰ চৰিত্র সলনি হৈ আছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে প্রথমতে চীনৰ ছিনভেক বায়োটেকৰ ভেকচিন বাংলাদেশৰ ৫ হাজাৰ লোকৰ ওপৰত প্রয়োগ কৰা হ’ব৷ ইয়াৰ পিছত অহা এমাহৰ ভিতৰত মুঠ ৩০ হাজাৰ লোকৰ ওপৰত প্রয়োগ কৰা হ’ব বুলি বাংলাদেশ মেডিকেল ৰিছার্চ কাউঞ্চিলৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে৷ এইক্ষেত্রত ক’ভিড–১৯ৰ ওপৰত কৰা শেহতীয়া গৱেষণাৰ বাবে বিশ্বজুৰি সমাদৃত কানাডাৰ গুৱেল্ফ বিশ্ববিদ্যালয়ৰ ভাইৰাল ইমিউন’লজিষ্ট বাইৰাম ব্রিডলৰ এক মন্তব্য বিশেষ তাৎপর্যপূর্ণ৷ তেওঁ কৈছে যে ক’ভিড–১৯ ভেকচিন যদি কোনো কাৰণত অসফল হয়, তেনেহ’লে যিসকল লোকৰ ওপৰত ভেকচিনৰ পৰীক্ষা কৰা হৈছিল সেইসকল লোকে উপসর্গবিহীনভাৱে লক্ষ লক্ষ লোকৰ মাজত এই ভাইৰাছ বিয়পাই থাকিব৷ অসফল ভেকচিনৰ কু–ফল ইমানে যে ভাইৰাছৰ প্রতিৰোধ ক্ষমতা হাজাৰ হাজাৰ গুণ বৃদ্ধি পায়৷ তেতিয়া পৰৱর্তী সময়ত আৱিষ্কাৰ কৰা উপযুক্ত ভেকচিনেও পৰীক্ষণ পর্যায়ত সংক্রমিত ভাইৰাছৰ বিৰুদ্ধে নিষ্ক্রিয হৈপৰিব৷ বাস্তৱত ব্রিডলৰ এই সতর্কবার্তাই বাৰুকৈ সমগ্র বিশ্বক উদ্বিগ্ণ কৰি তুলিছে৷

তদুপৰি বাংলাদেশৰ জনগণৰ ওপৰত চীনে প্রস্তুত কৰা ভেকচিনৰ প্রয়োগৰ বিষয়টোত ভাৰতে ইতিমধ্যে যথেষ্ট সতর্কতা অৱলম্বন কৰিছে৷ দেশখনত ভেকচিনৰ পৰীক্ষণৰ ওপৰত প্রতিনিয়ত দৃষ্টি ৰাখিবলৈ ভাৰতীয় উচ্চায়ুক্তক নির্দেশ প্রদান কৰা হৈছে৷ লক্ষণীয়ভাৱে চীনৰ ভেকচিনৰ বিৰূপ প্রভাৱৰ সমান্তৰালকৈ ভেকচিনৰ সফলতাক লৈও উদ্বিগ্ণ হৈ পৰিছে নতুন দিল্লী৷ কাৰণ ক’ভিড–১৯ নিয়ন্ত্রণত অসহায় বাংলাদেশক চীনে যদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়, তেন্তেবাংলাদেশৰ সৈতে চীনৰ মিত্রতা যে যথেষ্ট বৃদ্ধি পাব সেয়াও ভাৰতৰ বাবে মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰিছে৷ বিশেষকৈ সামৰিক তথা কূটনৈতিক দৃষ্টিকোণৰ পৰা চীন–বাংলাদেশৰ মিত্রতাই ভাৰতৰ বাবে অশনি সংকেত কঢ়িয়াই আনিব পাৰে বুলিও দেশৰ কূটনৈতিক মহলত সমান্তৰালভাৱে চর্চা লাভ কৰিছে৷

You might also like