নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ নিযুক্তি সমাৰোহত প্রধানমন্ত্রী মোদীৰ ভিডিঅ’ বার্তা

বিশেষ বাৰ্তা, ২৫ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনৰ দ্বিতীয় বর্ষপূর্তিৰ লগত সংগতি ৰাখি একেদিনাই ৪৪,৭০৩গৰাকীক বিভিন্ন বিভাগৰ খালী পদত নিযুক্তি প্রদান কৰে৷ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অংশগ্রহণ কৰে৷ নিযুক্তি সমাৰোহৰ আৰম্ভণিতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ বার্তাৰ জৰিয়তে সম্বোধন কৰি অসম চৰকাৰৰ চাকৰিৰ বাবে নিযুক্তি লাভ কৰা যুৱক–যুৱতীসকল আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে৷ যোৱা মাহত বিহুৰ সময়ত অসম ভ্রমণৰ কথা স্মৰণ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে অসমীয়া সংস্কৃতিৰ মহিমাৰ প্রতীক হৈ পৰা সেই বিশাল অনুষ্ঠানটোৰ স্মৃতি এতিয়াও তেওঁৰ মনত সজীৱ হৈ আছে৷ আজিৰ নিযুক্তি সমাৰোহ হৈছে অসমৰ যুৱ প্রজন্মৰ ভৱিষ্যতৰ প্রতি থকা দায়বদ্ধতাৰ প্রতিফলন৷ ইয়াৰ পূর্বেও নিয়োগ সমাৰোহৰ জৰিয়তে ৪০ হাজাৰৰো অধিক যুৱক–যুৱতীক চৰকাৰী চাকৰি দিয়া হৈছিল৷ আজি প্রায় ৪৫ হাজাৰ যুৱক–যুৱতীক নিযুক্তিপত্র প্রদান কৰা হৈছে৷ নিযুক্তিপ্রাপ্তসকলৰ্ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে অসমত শান্তি আৰু উন্নয়নৰ এক নতুন যুগ দেখা গৈছে আৰু উন্নয়নৰ এই গতিয়ে অসমত ইতিবাচক আৰু অনুপ্রেৰণাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ চৰকাৰী নিযুক্তিক অধিক স্বচ্ছ কৰি তুলিবলৈ অসম চৰকাৰে আৰম্ভ কৰা প্রক্রিয়াসমূহৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রী মোদীয়ে বিভিন্ন বিভাগত নিযুক্তি প্রক্রিয়া সম্পাদনৰ বাবে গঠন কৰা অসম প্রত্যক্ষ নিযুক্তি আয়োগৰ কথা উল্লেখ কৰে৷ প্রধানমন্ত্রী মোদীয়ে কয় যে পূর্বৰ প্রক্রিয়াৰ বাবে বহুতো নিযুক্তি সময় মতে সম্পন্ন কৰিব পৰা নগৈছিল৷ কাৰণ, প্রতিটো বিভাগৰ বিভিন্ন নিয়ম আছিল আৰু প্রার্থীসকলে বিভিন্ন বিভাগৰ বাবে বিভিন্ন পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া হৈছিল৷ সেই সকলোবোৰ প্রক্রিয়া এতিয়া অতি সহজ কৰি তোলা হৈছে৷ ইয়াৰ বাবে তেওঁ অসম চৰকাৰক অভিনন্দন জ্ঞাপন কৰে৷ ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে আমি সকলোৱে আজাদী কা অমৃত কালত আমাৰ দেশক এখন উন্নত ৰাষ্ট্র হিচাপে গঢ়ি তোলাৰ প্রতিশ্রুতি গ্রহণ কৰিছো৷ অমৃত কালৰ পৰৱর্তী ২৫ বছৰ সেৱা কালৰ দৰেই গুৰুত্বপূর্ণ৷ নিযুক্তিপ্রাপ্তসকলৰ্ আচৰণ, চিন্তা–ধাৰা, কামৰ প্রতি দৃষ্টিভংগী আৰু জনসাধাৰণৰ ওপৰত প্রভাৱৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে নৱনিযুক্তসকলৰ প্রতিজনে সাধাৰণ নাগৰিকৰ বাবে অসম চৰকাৰৰ মুখপাত্র হিচাপে বিবেচিত হ’ব৷ সমাজ উচ্চাকাংক্ষী হৈ উঠিছে আৰু কোনো নাগৰিকে উন্নয়নৰ বাবে অপেক্ষা কৰিব নিবিচাৰে৷ টুৱেণ্টী–২০ ক্রিকেটৰ এই যুগত দেশৰ জনসাধাৰণে দ্রুত ফলাফল বিচাৰে৷ এইক্ষেত্রত দেশৰ নাগৰিকসকলৰ আশা–আকাংক্ষা পূৰণৰ ক্ষেত্রত চৰকাৰী কর্মচাৰীসকলৰ দায়িত্ব আছে৷ ভাৰতৰ আন্তঃগাঁথনিত আধুনিকীকৰণৰ বাবে অতি দ্রুতগতিত লাখ লাখ কোটি টকা ব্যয় কৰা হৈছে৷ নতুন ঘাইপথ তথা এক্সপ্রেছ ৱে’, ৰে’ললাইন, বন্দৰ, বিমানবন্দৰ আৰু জলপথৰ প্রকল্পসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে প্রতিটো নতুন আন্তঃগাঁথনি প্রকল্পৰ সৈতে প্রতিটো খণ্ডতে নিযুক্তি আৰু স্বনিযুক্তিৰ সুযোগ বৃদ্ধি হৈছে৷ বিমানবন্দৰৰ বিকাশৰ বাবে অভিযন্তা, টেকনিচিয়ান, একাউটেণ্ট, শ্রমিক আৰু বিভিন্ন প্রকাৰৰ সঁজুলি, ষ্টীল আৰু চিমেণ্টৰ প্রয়োজনীয়তা আছে৷ ৰে’ললাইনৰ সম্প্রসাৰণ আৰু বৈদ্যুতিকৰণৰ দ্বাৰা নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে৷ মানুহৰ জীৱন ধাৰণৰ সহজাতৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ২০১৪ চনৰ পৰা চৰকাৰে শৌচালয়, গেছ সংযোগ, টেপ পানী যোগান আৰু বিদ্যুতৰ দৰে সুবিধাৰে প্রায় চাৰি কোটি পকীঘৰ নির্মাণ কৰিছে আৰু সেইবোৰ দৰিদ্র লোকলৈ হস্তান্তৰ কৰিছে৷ উৎপাদন খণ্ড, লজিষ্টিক, দক্ষ শ্রমিক আৰু অন্যান্য শ্রমিকসকলৰ অৱদানৰ প্রশংসা কৰে৷ প্রধানমন্ত্রী মোদীয়ে আয়ুস্মান ভাৰত যোজনাৰ দ্বাৰা নিযুক্তিৰ সৃষ্টিৰ ক্ষেত্রত পালন কৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰি কয় যে দেশত বহুতো নতুন চিকিৎসালয় আৰু ক্লিনিক স্থাপন কৰা হৈছে৷ কেইসপ্তাহমান পূর্বে এইমছ গুৱাহাটী আৰু তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় সেৱাৰ বাবে উৎসর্গা কৰা হৈছে৷ যোৱা কেইটামান বছৰত অসমত দন্ত মহাবিদ্যালয়সমূহো সম্প্রসাৰিত হৈছে৷ ইয়াৰ ফলত চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে৷ ভাষণত প্রধানমন্ত্রী মোদীয়ে কয়– আজি যুৱ প্রজন্ম এনে বহুতো ক্ষেত্রত আগবাঢ়িছে, যিবোৰ ১০ বছৰ পূর্বে কল্পনাতীত আছিল৷ দেশত লাখ লাখ প্রত্যক্ষ আৰু পৰোক্ষ চাকৰি সৃষ্টিত সহায় কৰা ষ্টার্টআপৰ বিষয়ে তেওঁ উল্লেখ কৰে৷ কৃষি, সামাজিক অনুষ্ঠান, জৰীপ আৰু প্রতিৰক্ষা খণ্ডত ড্রোণৰ বর্ধিত চাহিদাৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ই যুৱক–যুৱতীসকলৰ্ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে৷ ভাৰতত কোটি কোটি ম’বাইল ফোন নির্মাণ কৰি দেশখনৰ বিকাশত অৰিহণা যোগাই আত্মনির্ভৰ ভাৰত অভিযান চলাইছে৷ প্রতিখন গাঁৱত বিস্তাৰিত ব্রড বেণ্ড সংযোগৰ কথা উল্লেখ কৰি তেওঁ কয় যে ই বৃহৎ পৰিমাণে নিযুক্তি আৰু স্বনিযুক্তিক উৎসাহিত কৰিছে৷ মাত্র এটা পৰিকল্পনা বা সিদ্ধান্তই মানুহৰ জীৱনৰ ওপৰত প্রভাৱ পেলাব পাৰে৷ বর্তমানৰ চৰকাৰৰ নীতিসমূহক কৃতিত্ব প্রদান কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে উত্তৰ–পূর্বাঞ্চলৰ পৰা বৃহৎসংখ্যক যুৱক–যুৱতী উন্নয়নৰ মূলসুঁতিলৈ উভতি আহিছে৷ নিযুক্তি আৰু স্বনিযুক্তিৰ বাবে নতুন সুযোগ প্রদান কৰি যুৱক–যুৱতীসকলৰ্ সপোন পূৰণ কৰিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ৷ নতুন ভাৰত গঢ়ি তোলাৰ দিশত চৰকাৰে দ্রুত পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ভাষণ সামৰে৷

You might also like