নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন-ভাৰতৰ সংঘৰ্ষঃ হিমাচল সীমান্ত হাই এলাৰ্ট জাৰি, অতিৰিক্ত সেনা প্ৰেৰণ

নিয়মীয়া বাৰ্তা ১৭ জুনঃ  ৪৫ বছৰৰ পাছত পুনৰ উত্তপ্ত চীন-ভাৰত সীমান্ত। সোমবাৰে নিশা গলৱালত নিয়মিত টহলৰ সময়ত ভাৰতীয় ভূখণ্ডলৈ সোমাই অহা চীনৰ পিপলছ লিবাৰেচন আর্মীৰ এটা সশস্ত্র দলে অতর্কিতে আক্রমণ চলায় ভাৰতীয় সেনাৰ ওপৰত ৷

চীনা সেনাবাহিনীয়ে ই এল এয়ে পাহাৰৰ ওপৰৰ পৰাই গুলীবর্ষণ কৰাৰ বিপৰীতে ভাৰতীয় সেনাই তলৰ পৰা ইয়াৰ প্রত্যুত্তৰ দিছিল৷ মাজনিশা দুয়োপক্ষ আঁতৰি যোৱাৰ পাছত হতাহত বহু জোৱান ঘটনাস্থলীত পৰি ৰয়৷ চীনৰ ৪০জনৰো অধিক জোৱান হতাহত হোৱা বুলি চীনা সেনাৰ ৱায়াৰলেছ বার্তাৰ ইণ্টাৰছেপ্টত নিশ্চিত হোৱাৰ কথা সেনা সূত্রই সংবাদ প্রতিষ্ঠানক জনাইছে৷

‘নিয়মীয়া বার্তা’ত গ্রাউণ্ড জিৰ’ ৰিপ’ৰ্টত আশংকা কৰাৰ দৰেই সোমবাৰে নিশা দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত ভয়ানক সংঘর্ষ সৃষ্টি হয়৷ বর্তমানে লাডাখত এই সংঘর্ষক লৈ তীব্র উত্তেজনাই বিৰাজ কৰি আছে আৰু স্থানীয় সূত্রই জনোৱা মতে, যিকোনো মুহূর্ততে পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটিব পাৰে৷

এই প্ৰসংগত হিমাচলৰ এছপি কুশল শৰ্মাই জনাইছে যে,- “লাদাখত ভাৰতীয় সেনা-চীনৰ লাল ফৌজৰ মুখামুখি সংঘর্ষৰ পাছত কিন্নৰ, লাহুল-স্পিতি জিলাত সতর্কতা জাৰি কৰা হৈছে। লগতে সতর্কতামূলক একাধিক পদক্ষেপো জাৰি কৰা হৈছে। স্থানীয় বাসিন্দাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনৰ ইণ্টেলিজেন্স বিভাগো সতর্ক হৈ আছে।”

You might also like