নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএচিএছক কম্পিউটাৰাইজৰ সিদ্ধান্তঃ লাভান্বিত হব দেশৰ ১৩ কোটি ক্ষুদ্র আৰু প্রান্তীয় কৃষকঃ অমিত শ্বাহ

বিশেষ বাৰ্তা, ২৯ জুনঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে প্রাথমিক কৃষি ক্রেডিট সমিতিসমূহ (পিএচিএছ)ক কম্পিউটাৰাইজ কৰাৰ গুৰুত্বপূর্ণ সিদ্ধান্তৰ বাবে প্রধানমন্ত্রীক ধন্যৱাদ জ্ঞাপন কৰিছে কেন্দ্রীয় গৃহ–সমবায় মন্ত্রী অমিত শ্বাহে৷ সমবায় মন্ত্রালয় স্থাপনৰ পাছত এই খণ্ডটোক সৱলীকৰণৰ কাৰণে প্রধানমন্ত্রী মোদীয়ে কেইবাটাও সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রধানমন্ত্রী মোদীৰ ‘সহকাৰ ছে প্রপার্টি’য়ে কেৱল নহয়, মোদীজীয়ে সমবায় খণ্ডটোৰ সৈতে জড়িত অনেক জনতাৰ জীৱন ইতিবাচক সলনি কৰিছে বুলি কয় কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে৷ সমবায় খণ্ডক সৱলীকৰণৰ বাবে অগ্রণী ভূমিকা লৈ থকা প্রধানমন্ত্রী মোদীয়ে আজি কেবিনেটত অতি গুৰুত্বপূর্ণ সিদ্ধান্তৰে ৬৩০০০ পিএচিএছক কম্পিউটাৰাইজ কৰাৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে সমবায় খণ্ডৰ অতি ক্ষুদ্রতম গোট পিএচিএছ৷ এই পিএচিএছক কম্পিউটাৰাইজ কৰি খণ্ডটোক উজ্জীৱিত কৰি তুলিব৷ প্রধানমন্ত্রী মোদীৰ এই দূৰদর্শী সিদ্ধান্তৰ কাৰণে ধন্যৱাদ জ্ঞাপন কৰি কেন্দ্রীয় গৃহ–সমবায় মন্ত্রী শ্বাহে কয় যে ৬৩০০০ পিএচিএছক কম্পিউটাৰাইজ কৰাৰ বাবে ব্যয় হ’ব ২৫১৬ কোটি টকা আৰু ইয়াৰ দ্বাৰা ১৩কোটি ক্ষুদ্র আৰু প্রান্তীয় কৃষক লাভাৱান্বিত হ’ব৷ ডিজিটেল যুগত পিএচিএছক কম্পিউটাৰাইজ কৰাত এই সমিতিসমূহৰ স্বচ্ছতা, দক্ষতা বৃদ্ধি পোৱাৰ লগতে পিএচিএছ বহুমুখী হৈ উঠিব৷ তদুপৰি গৃহমন্ত্রী শ্বাহে কয় যে পিএচিএছ কম্পিউটাৰাইজ কৰাৰ সময়ত স্থানীয় ভাষাৰ চফ্টৱেৰক প্রাধান্য দিয়া হ’ব৷ যাৰ জৰিয়তে সমিতিসমূহৰ সুবিধা হ’ব৷ বিভিন্ন সেৱা বিশেষকৈ ডিবিটি, আইএছএছ, পিএমএফবিৱাই আদিৰ কাৰণে পিএচিএছ মডেল চেণ্টাৰ হৈ পৰিব৷

You might also like