নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰে বার্তালাপ প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ  আমেৰিকা যুক্তৰাষ্ট্রত হ’বলগীয়া জি–৭ সন্মিলনৰ বাবে মঙলবাৰে টেলিফোনযোগে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনায় দেশখনৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷

প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রপতি ট্রাম্পৰ এই টেলিফোনিক বার্তালাপৰ সময়ত চীন–ভাৰতৰ মাজত সীমান্তক লৈ চলি থকা উত্তেজনাৰ লগতে কৃষ্ণাংগ লোক এজনক আৰক্ষীয়ে হত্যা কৰাৰ বাবে বিগত ৭ দিন ধৰি উত্তপ্ত হৈ থকা আমেৰিকাৰ প্রসংগয়ো স্থান পায়৷ বার্তালাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্রত চলি থকা অশান্ত পৰিস্থিতিৰ সন্দর্ভত উদ্বিগ্নতা প্রকাশ কৰি শীঘ্রে পৰিস্থিতি শান্ত হৈ উঠিব বুলি ৰাষ্ট্রপতি ট্রাম্পৰ লগত সহমর্মিতা প্রকাশ কৰে৷

উল্লেখ্য যে জি–৭ সন্মিলন জুনত অনুষ্ঠিত হ’ব লাগিছিল যদিও ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে এই সন্মিলন পিছুৱাই দিয়া হৈছে৷ ৰাষ্ট্রপতি ট্রাম্পে জি–৭ ক জি–১০/১১লৈ ৰূপান্তৰিত কৰি এই গোটত ভাৰতক অন্তর্ভুক্ত কৰাৰ পোষকতা কৰিছিল৷ সেইমর্মে প্রধানমন্ত্রী মোদীক টেলিফোনযোগে আমেৰিকাত অনুষ্ঠিত হ’ব লগা সন্মিলনলৈ আমন্ত্রণ জনায়৷

You might also like