নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঈদৰ সাজত মুগ্ধ অনুৰাগী! গৰমত কেনেকৈ যতন লয় ছালৰ, ক’লে মোহময়ী ছোহাই

বিশেষ বাৰ্তা, ৪ মেঃ পৰিয়ালৰ সৈতেই ঈদ-উল-ফিতৰ পালন কৰিছে অভিনেত্রী ছোহা আলী খানে। ঈদৰ সময়ত পিন্ধা ছোহাৰ ধুনীয়া পোছাকযোৰে সকলোৰে নজৰ আকৰ্ষণ কৰিছে। উজলিছে ছোহাৰ ছালখন। কেনেকৈ ৰূপচর্চা কৰে এইগৰাকী বলীউড তাৰকাই, বহুতেই জানিব বিচাৰে।

ছোহাৰ মতে ঋতু পৰিৱর্তনৰ লগে লগে ৰূপচর্চাৰ ধৰণো সলনি কৰিব লাগে। শৰীৰটো সুস্থকৈ ৰাখিব পাৰিলেই তাৰ উজ্জ্বলতা দেখা যায় ছালখনত। গৰমৰ দিনত ছালৰ জলীয় ভাৱ ধৰি ৰাখিবলৈ প্রচুৰ পৰিমাণে জল খাব লাগে। গৰমত ঘামৰ সৈতে বহু মাত্রাত খনিজ আৰু ভিটামিন শৰীৰৰ পৰা বাহিৰ হৈ যায়।
গৰমত ছালৰ যত্ন কেনেকৈ লোৱা উচিত, কি কয় ছোহাই?

প্ৰখৰ ৰ’দৰ তাপৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ ছানস্ক্ৰীম লগাবই লাগিব। নহ’লে আৰু ক্ষতি হ’ব পাৰে ছালখনৰ। ছানস্ক্ৰীম কিনাৰ সময়ত তাত এছপিএফ কিমান থাকে সেয়া চাই লোৱা উচিত। বহুতেই ভাৱে বেছি এছপিএফ মানেই বেছি সূর্যৰ ৰশ্মি ৰুধিব পাৰে। এই ধাৰণা ভুল। সাধাৰণতে, নির্দিষ্ট অঞ্চলৰ জলবায়ুৰ ওপৰত নির্ভৰ কৰিহে এছপিএফ বাছনি কৰা উচিত। তাপমাত্রা যিমানে বাঢ়িব সিমানেই কম মেকআপ কৰি বাহিৰলৈ ওলাব লাগে।

গৰমৰ দিনত খুব বেছি তেল-মছলাজাতীয় খাদ্য নোখোৱাই ভাল। এই সময়ত অত্যধিক গধুৰ আহাৰ খালে হজমৰ সমস্যা হ’ব পাৰে। হজম ভাল নহ’লে পেট পৰিষ্কাৰ নহয়। ইয়াৰ পৰাই ছালৰ নানা সমস্যা আৰম্ভ হয়। ছোহাৰ মতে, এনে সময়ত ভিটামিন ই আৰু এ সমৃদ্ধ খাদ্য ডায়েটত ৰখা উচিত। বেছিকৈ শাক-পাচলি আৰু ফল খাব পাৰে।

গৰমৰ দিনত বহু মানুহৰ ডিহাইড্রেছনৰ সমস্যা হয়। ছোহাৰ মতে,ছালখন ভালে ৰখাৰ অন্যতম দৰৱ হৈছে পানী। সেয়ে গোটেই দিন প্রচুৰ পানী খাব লাগে। তাৰ উপৰি ঘৰতে বনোৱা ঠাণ্ডা পানীয় যেনে- নেমু-জিৰাৰ চৰবত, তৰমুজৰ ৰস, দৈৰ ঘোল আৰু ডাবৰ পানী খাব পাৰে।

You might also like